অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ মনঃসংযোগ :

শিশুৰ মনঃসংযোগৰ বিষয়ে লিখা হৈছে ।

পঢ়া-শুনা, কাম-কাজ সকলোতে আমাক মনঃসংযোগ লাগে। যিকোনো কামতে মনঃসংযোগ নহ’লে সফলতা লভা সহজ নহয়।

মনঃসংযোগ কি?

সহজ অৰ্থত মনঃসংযোগ মানে হ’ল কাম এটা কৰাত মনোযোগ। অৰ্থাৎ আমি কাম এটা কৰোঁতে দিব পৰা মনোযোগ। মনোযোগেৰে কৰা কামতহে সফলতা সম্ভৱ। কিন্তু অনিচ্ছা সত্ত্বেও আমি কেতিয়াবা কিছুমান কামত মনঃসংযোগ বা মনোযোগ বহুৱাব নোৱাৰোঁ।

কিয় এনে হয়?

  • আধুনিক জীৱন-যাত্ৰাত যিকোনো বয়সৰ মানুহেই কোনো নহয় কোনো দুঃচিন্তাত নিমগ্ন। অৰ্থাৎ দুঃচিন্তাৰপৰা কোনো সম্পূৰ্ণ মুক্ত নহয়। দুঃচিন্তাৰপৰা মনঃসংযোগ বিঘ্নিত হ’ব পাৰে।
  • মানসিক অসুখ-বিসুখ মনঃসংযোগ বহুৱাব নোৱৰাৰ এটা প্ৰধান কাৰণ। হতাশা, অতিৰিক্ত দুঃচিন্তা বা এংজাইটি ডিজঅৰ্ডাৰ, অ চি ডি, স্কিজোফ্ৰেনিয়া আদি ইয়াৰ কাৰণ।
  • যিকোনো নিচাজাতীয় দ্ৰব্যই আমাৰ মনঃসংযোগ নষ্ট কৰেফ।
  • শাৰীৰিক অসুস্থতা মনঃসংযোগ হীনতাৰ এটা প্ৰধান কাৰণ। যিকোনো বিষ-বেদনা, দুৰাৰোগ্য ৰোগ, ডিমেন্সিয়া বা এলজেইমাৰ্ছ আদি ৰোগত মানুহৰ মনঃসংযোগ হেৰায়।

শিশুৰ ক্ষেত্ৰত মনঃসংযোগ কেনেকৈ ঘূৰাই আনিব পাৰি -

মনঃসংযোগ ঘূৰাই অনাৰ প্ৰথম পদক্ষেপ হ’ল মনঃসংযোগৰ অভাৱৰ কাৰণ নিৰ্ণয় কৰি তাৰ সঠিক চিকিৎসা কৰা। চিকিৎসকৰ পৰামৰ্শ অবিহেন যিকোনো দৰব লোৱাটো যুক্তিসংগত নহয়। অন্যান্য ফলপ্ৰসূ উপায়বোৰ হ’ল-

  • যিকোনো পঢ়া-শুনা কৰিলে সদায় ভাল লগা বিষয়েৰে পঢ়া-শুনা আৰম্ভ কৰিব লাগে। এটা ভাল গান শুনিলেও মনঃসংযোগত সহায়ক হয়।
  • শিশুৰ ক্ষেত্ৰত একেৰাহে বহু সময় পঢ়িবলৈ নিদি ২০-২৫ মিনিটৰ বিৰতিত পঢ়িবলৈ দিলে মনঃসংযোগ বিঘ্নিত নহয়।
  • অত্যধিক টিভি চোৱা, ম’বাইল ব্যৱহাৰ কৰা দুয়োটাই মনঃসংযোগ ব্যাহত কৰে। গতিকে সময় পৰিৱৰ্তন কৰক।
  • শিশুটিয়ে পঢ়া-শুনা নকৰিলে নেতিবাচক কথাৰে উত্তেজিত কৰাতকৈ ভালদৰে বুজোৱা উচিত পঢ়া-শুনাৰ লাভ কি।
  • যিমান পাৰে শিশুৱে কৰা ভাল কামৰ প্ৰশংসা কৰক।
  • কিছুমান শিশু জন্মগতভাৱে কিবা অভাৱ বিশেষকৈ ADHD আদি সমস্যা থাকিলে অভিভাৱকে শিক্ষক-শিক্ষয়ত্ৰীৰ সৈতে আগতীয়াকৈ আলোচনা কৰিব লাগে যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
  • ছবি অঁকা আদি কামে শিশুৰ মনোযোগ বৃদ্ধি কৰে।
  • শিশুক মানসিক চাপ দিয়াটো পৰিহাৰ কৰক। সম্ভৱ হ’লে সৰুৰেপৰা শিশুক যোগ, ধ্যান আদি শিকাওক, কিয়নো এইবোৰে অশান্ত মনকো সহজে শান্ত বা স্থিৰ কৰিব পাৰে।

লেখক: প্ৰসাদ দাস(দৈনিক অসম)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top