মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ মাজত বাঢ়ি অহা হতাশা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ মাজত বাঢ়ি অহা হতাশা :

শিশুৰ মাজত বাঢ়ি অহা হতাশাৰ বিষয়ে লিখা হৈছে ।

 

হতাশা শব্দটো শুনা মাত্ৰকে এনে ভাব আহে যে ই কেৱল বয়োজ্যেষ্ঠ ব্যক্তিৰ মাজত উদ্ভৱ হোৱা এটি সমস্যা।

পিছে এইটো সত্য নহয়। এতিয়া বয়োজ্যেষ্ঠজনৰ লগতে শিশুসকলৰো অধিকাংশই হতাশা অৰ্থাৎ ‘ডিপ্ৰেচন’ৰ চিকাৰ হ’ব ধৰিছে আৰু ইয়াৰ পৰিণামস্বৰূপে শিশুৱে আত্মহত্যা পৰ্যন্ত কৰিব ধৰিছে।

সকলোতকৈ ডাঙৰ কথা হৈছে অভিভাৱকে শিশুৰ মনত উদ্ভৱ হোৱা হতাশাৰ স্থিতিৰ অনুমানেই কৰিব নোৱাৰে আৰু এই সমস্যা বহুগুণে বাঢ়ি গৈ থাকে।

শিশুৰ মাজত হতাশাৰ লক্ষণ -

হতাশা মানে হৈছে ‘চাইকেটিক ডিছঅৰ্ডাৰ’। অভিভাৱকে যেতিয়া দেখে যে শিশুটিৰ শোৱাৰ সময় ঠিক নহয় অৰ্থাৎ সি সঠিক সময়তকৈ কম শোৱে বা বহুত বেছিকৈ শোৱে, তেন্তে সেয়া হতাশা তথা ডিপ্ৰেশ্বনৰ কাৰণ হ’ব পাৰে। অন্যহাতে টোপনিৰ ৰুটিন ঠিক নথকাট্যো অন্য কিবা ৰোগৰ লক্ষণো হ’ব পাৰে।

শিশুটিৰ যদি পঢ়াত মন নবহে। স্কুলত অকলে অকলে মনে মনে বহি থাকে অথবা স্কুললৈ যাবলৈ এলাহ কৰে।

শিশুটি যদি খিংখিঙীয়া হয়।

অকাৰণতে যদি কন্দা-কটা কৰে। তৎক্ষণাৎ ভয়-ভীত হৈ পৰেফ।

পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱৰ স’তে অস্বাভাৱিক ব্যৱহাৰ কৰে।

হাঁহি উঠা কথা শুনিলেও হাঁহিব নিবিচাৰে।

স্কুলৰ পৰা শিশুটিৰ হৈ বহু অভিযোগ আহিব ধৰে।

শিশুৰ মনৰ হতাশাৰ কাৰণ -

শিশুৰ মাজলৈ হতাশা অহাৰ কাৰণ এটা নহয়, বৰং বিভিন্ন কাৰণ থাকিব পাৰে। যেনে-

অভিভাৱকে সন্তানক সময় দিব নোৱাৰা:

আজিৰ যুগত পিতৃ-মাতৃ দুয়োজনেই চাকৰি কৰাৰ হেতু ল’ৰা- ছোৱালীয়ে স্কুলৰ পৰা অহাৰ পাছত কাম কৰা মহিলাৰ লগত অকলেই ঘৰত সময় কটাই দিয়ে।

অভিভাৱকৰ সন্তানৰ লগত কথা পাতিবলৈ সময়েই নহয় আৰু এই কাৰণত সন্তানটিয়ে খুব অকলশৰীয়া অনুভৱ কৰে। এনেকৈয়ে লাহে লাহে হতাশাৰ কবলত পৰে।

পঢ়াশুনাৰ হেঁচা:

আজিকালি শিক্ষা আহৰণৰ ক্ষেত্ৰত ল’ৰা-ছোৱালীৰ ওপৰত অত্যধিক হেঁচা পৰিছে। অভিভাৱকে বিচাৰে যে তেওঁৰ সন্তানটিয়ে শ্ৰেণীটোৰ ভিতৰত সদায় প্ৰথম হওক।

সকলোতকৈ ভাল কৰিবলৈ কোৱাৰ এই হেঁচা শিশু মনে সহিব নোৱাৰা হয় আৰু এনে বোজাৰ প্ৰভাৱত উপায়ান্তৰ হৈ এটা সময়ত মন-মস্তিষ্ক হতাশাৰে ভৰি পৰে।

বিজয়ী হোৱাৰ হেতু হেঁচা:

বৰ্তমানৰ প্ৰতিযোগীতামূলক সামাজিক পৰিৱেশত প্ৰায় অভিভাৱকেই বিচাৰে যে তেওঁৰ সন্তানে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত ভাগ লওক আৰু বিজয়ী হৈ ঘৰলৈ আহক।

লগতে কেতিয়াবা আকৌ পিতৃ-মাতৃয়ে নিজৰ আধৰুৱা সপোনবোৰ সাৰ্থক কৰাৰ বাবেও সন্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। অভিভাৱকে এইটো ভাবে যে সন্তানটিয়ে তেওঁলোকৰ সপোন পূৰণ কৰিব, যি কাৰণতো সি হতাশাগ্ৰস্ত হ’বলৈ পাৰে।

পৰীক্ষাৰ হেঁচা:

কেতিয়াবা ল’ৰা-ছোৱালীৰ মনত পৰীক্ষাৰ প্ৰতি সাংঘাতিক হেঁচা অনুভৱ কৰে। পৰীক্ষাত প্ৰতি সাংঘাতিক হেঁচা অনুভৱ কৰে। পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ জোখাৰে নিজকে প্ৰস্তুত কৰিব নোৱাৰাৰ হেতু ভয় পাই হতাশাত ভোগে।

আধুনিক প্ৰযুক্তি:

এতিয়াৰ শিশুৱে অতি দ্ৰুততাৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব লগা হৈছে। বৈজ্ঞানিক যন্ত্ৰপাতিৰ ওপৰত অধিক নিৰ্ভৰতাইও সন্তানৰ হতাশা বঢ়াই তুলিছে।

শিশুৱে পৰস্পৰৰ মাজতে প্ৰতিদ্বন্দ্বী হৈ এইসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক ধৰণৰ প্ৰতিযোগিতাত নামি পৰিছে।

তুলনা কৰা:

আজিকালিৰ ল’ৰা-ছোৱালীয়ে ‘ষ্টেটাছ’ ৰক্ষাৰ ক্ষেত্ৰত অথবা উচ্চস্তৰীয় জীৱন যাপনৰ প্ৰতি ইমান আগ্ৰহী হৈছে যে সিহঁতে সদায় তেনে এটি জীৱন জীয়াবলৈ ইচ্ছা প্ৰকাশ কৰে।

অতি বেছি অত্যাধুনিক জীৱন-যাপনৰ মোহেও মনলৈ হতাশা আনে। প্ৰায়ে শিশুটিৰ মনলৈ প্ৰশ্ন আহে যে আনৰ নিচিনাকৈ ‘ষ্টেণ্ডাৰ্ড’ জীৱন যাপন কৰিব নোৱাৰো কিয়?

কেনেভাৱে দূৰ কৰিব শিশুৰ মনৰ হতাশা:

সবাতোকৈ লক্ষ্যনীয় দিশ হৈছে, সন্তানৰ সৈতে অভিভাৱকে সময় অতিবাহিত কৰিব লাগিব। সিহঁতৰ সমস্যাসমূহৰ কথা শুনিব আৰু মনৰ কথাবোৰ বুজিব লাগিব। সময় দিব নোৱাৰাৰ অপৰাধৰ হেতু সিহঁতক দামী উপহাৰ যচাৰ পৰিৱৰ্তে সিহঁতৰ কাম-কাজতহে ভাগব লওক।

সিহঁতক ক’ৰবালৈ ফুৰাবলৈ নিব বিচাৰিলে কাম কৰা মানুহৰ হাতত এৰাৰ সলনি আপুনি নিজেই সংগ দিয়ক। সিহঁতৰ ভাৱনা তথা ইচ্ছা-আকাংক্ষাৰ উপলব্ধি কৰক আৰু প্ৰশংকা কৰক।

মহত্ত্বপূৰ্ণ কথা এই যে সন্তানটি হতাশাৰ চিকাৰ হৈছে নেকি অভিভাৱকে লক্ষ্য ৰাখিব লাগে। যদি আপুনি তাৰ মাজত হতাশাৰ কিবা লক্ষন দেখিছে, তেতিয়াহ’লে কোনো শিশুৰোগ বিশেষজ্ঞ বা মনোচিকিৎসকৰ ওচৰলৈ লৈ যাওক।

আনহাতে, সিহঁতৰ ওপৰত নিজৰ আকাংক্ষা বা সপোনৰ বোজা জাপি নিদিব। কিয়নো অত্যধিক হেঁচাই ফুল কুমলীয়া শিশুটিৰ বিকাশৰ দিশত কু-প্ৰভাৱ পেলাব আৰু এনে হ’লে মন-প্ৰাণ ভাঙি পৰিব।

লেখিকা: ৰীণা দেৱী(অসম বাণী)

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top