মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ মানসিক ব্যাধি অটিজিম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ মানসিক ব্যাধি অটিজিম

শিশুৰ মানসিক ব্যাধি অটিজিমৰ বিষয়ে লিখা হৈছে ।

 

আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যতৰ সুনাগৰিক । দেশৰ ভৱিষৎ ধৰণীস্বৰুপ শিশুসকলক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ-সবলভাৱে কিদৰে গঢ় দিব পাৰি সেই সন্দৰ্ভত পূৰ্বৰ তুলনাত এতিয়া যথেষ্ট সজাগতা বৃদ্ধি পাইছে । শিশু এটা শাৰীৰিকভাৱে সুস্থ-সবল হোৱাৰ লগতে মানসিকভাৱেও শিশুটি সকলো দিশৰ পৰা বিকাশ হ’ব লাগিব । সেয়েহে, শিশুৰ শাৰীৰিক দিশৰ সমান্তৰালকৈ মানসিক দিশৰ বিকাশ, মানসিক সুস্থঅতৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় । সাম্প্ৰতিক সময়ত শিশুৰ মানসিক স্বাস্থ্য সন্দৰ্ভত পূৰ্বৰ তুলনাত যথেষ্ট সচেতনতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

শিশুৰ বিভিন্ন ধৰণৰ মানসিক ব্যাধিৰ ভিতৰত অটিজিম এটা সচৰাচৰ ব্যাধি । অটিজিম প্ৰকৃততে শিশুৰ মগজুৰ এক ব্যাধি । শিশুৰ মগজুৰ বিকাশৰ ক্ষেত্ৰত কিছু বিসংগতি হয় । যাৰ ফলত শিশুটোৰ সামাজিক বিকাশ, সামাজিকভাৱে সংযোগ স্থাপনত সমস্যাৰ সৃষ্টি হয় । অটিজিমৰ ফলত শিশু এটাৰ সামাজিক বিকাশ সাধন নোহোৱাৰ বাবে শিশুটিৰ মানুহৰ লগত কথা-বতৰা পতাৰ সমস্যাৰ লগতে সামাজিক যোগাযোগ স্থাপন কৰাত অসুবিধা হয় । এই ৰোগ সন্দৰ্ভত জি এন আৰ চি হস্পিতালৰ মনোৰোগ বিশেষজ্ঞ চিকিৎসক ডা: নাহিদে কয়- অটিজিমত ভোগা শিশু এটাই একেটা কামকে বাৰে বাৰে কৰি থাকে । শিশুটিক নিজৰ পৃথিৱী এখনত থকা দেখা যায় । অটিজিমত বিশেষকৈ ঘূৰণীয়া বস্তুবোৰৰ প্ৰতি শিশুৰ আকৰ্ষণ খুউব বেছি দেখা যায় । এই ধৰণৰ শিশুৰ চকুৱে চকুৱে সংযোগ স্থাপন নহয়, আই কনটেক্ট এৰাই চলে । ফলত এনেধৰণৰ শিশুৱে স্কুলতো আনৰ লগত যোগাযোগ স্থাপনৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । অটিজিমত সাধাৰণতে বিভিন্ন ধৰণৰ উপাদান থাকে । ইয়াৰ ভিতৰত এটা বিশেষ উপাদান হৈছে হাই ফাংছনিং অটিষ্টিক চিলড্ৰেন ।  য’ত এই ধৰণৰ শিশুসকলৰ বুদ্ধিমত্তাৰ স্তৰ উচ্চ হয় । পঢ়া শুনাও কৰিব পাৰে । কিন্তু অস্বাভাৱিক আচৰণৰ বাবে সামাজিক দিশত শিশুটি কিছু পিছ পৰি যায় । উল্লেখ্য যে ২০১৮ বৰ্ষৰ ভাৰতবৰ্ষৰ এক সমীক্ষা অনুসৰি ভাৰতবৰ্ষত প্ৰায় ১৩ মিলিয়ন শিশু অটিজিম ৰোগত ভোগে । আনহাতে সমগ্ৰ দেশত ২ এপ্ৰিলত এই ৰোগৰ সজাগতাৰ বাবে ৱ’লৰ্ড অটিজিম দিৱস উদযাপন কৰা হয় । তদুপৰি শিশুৰ বিভিন্ন ধৰণৰ মানসিক ব্যাধি যেনে- মানসিক বাধা, ছিজাৰ, এটেচন ডেফিছিট, হাইপাৰ এক্টিভেটি ডিছঅৰ্ডাৰ চমুকৈ ( এ ডি এইচ ডি ) হোৱা দেখা যায় । এই এ ডি এইচ ডি সচৰাচৰ শিশুৰ মানসিক ব্যাধি । এই ব্যাধিত শিশুৰ মনোযোগ শক্তি, মানসিক স্থিৰতা কম হয় । শিশুটিয়ে একে জেগাত বহি থাকিব নোৱাৰে । পঢ়াশুনাত মন দিব নোৱাৰে । কোনো কামত মনটো স্থিৰ কৰিব নোৱাৰে । এই ৰোগত ভোগা শিশুৱে স্কুলৰ শ্ৰেণীকোঠাত প্ৰায়ে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । বিশেষকৈ শিশু এটি স্কুললৈ যোৱা বয়সতে এইবিধ ৰোগ ধৰা পৰা দেখা যায় । মাক-দেউতাক তথা অভিভাৱক সচেতন হ’লে এই ৰোগ সহজে ধৰা পেলাব পৰা যায় । উল্লেখ্য যে এ ডি এইচ ডি ৰোগ শিশু এটাৰ মগজুত কেমিকেলছৰ অভাৱৰ বাবে কম হয় । উল্লেখ্য যে আজিকালি শিশুৰ মানসিক স্বাস্থ্যৰ বিকাশৰ বাবে বিভিন্ন স্কুলত কাউন্সেলিং প্ৰ’গামৰ ব্যৱস্থা থাকে । ইয়াৰ উপৰি শিশুটিৰ পিতৃ-মাতৃ তথা অভিভাৱকে নিজে অধিক সচেতন হৈ শিশুটিৰ কাৰ্যকলাপ-আচৰণ নিৰীক্ষণ কৰিলে শিশুৰ মানসিক স্বাস্থ্যৰ বিভিন্ন দিশ ধৰা পেলোৱাত সহজ হয় । শিশুৰ মানসিক ব্যাধিসমূহ যিমান সোনকালে ধৰা পেলাব পৰা যায়  সিমানেই ইয়াৰ ফলাফলসমূহ ভাল হয় বুলি মনিৰোগ চিকিৎসক ডা: নাহিদ ইছলামে জানিবলৈ দিয়ে । সেয়ে শিশুৰ মানসিক স্বাস্থ্যৰ বিকাশৰ ক্ষেত্ৰত পিতৃ-মাতৃ তথা অভিভাৱকৰ সচেতনতা অধিক গুৰুত্বপূৰ্ণ কথা বুলিও মন্তব্য কৰে চিকিৎসকগৰাকীয়ে ।

লেখিকা :- জোনমণি গগৈ

উৎস :- অসমীয়া খবৰ

ভাৰতৰ খাদ্য-শস্য সংৰক্ষণ ব্যৱস্থা আৰু আমাৰ স্বাস্থ্য -

বৰ্ষাকালত ভাৰতৰ প্ৰায়বোৰ অঞ্চলতে দীৰ্ঘদিন ধৰি বৰষুণ হয় । সেই সময়ত পোক-পৰুৱা আৰু ভেঁকুৰৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি হয় । ভেঁকুৰৰ পৰা কোনো ঠায়েই সুৰক্ষিত নহয় । ৰাতিটোৰ ভিতৰতে ভেঁকুৰ গজিব পাৰে । আৰ্দ্ৰ বতাহ আৰু গ্ৰীষ্মৰ উত্তাপ বৃদ্ধি হোৱা এই সময়ছোৱাত ভেঁকুৰক লাগে মাথোঁ কিবা এটা খাব পৰা দ্ৰব্যৰ জীৱাশ্ম । বৰ্ষাকালত ভেঁকুৰৰ পৰা ৰক্ষা কৰিবলৈ খাদ্য-শস্য বায়ুৰুদ্ধ পাত্ৰত ৰাখি টানকৈ সাঁফৰ মাৰি থোৱা হয় অথবা প্লাষ্টিকৰ মোনাত বায়ুৰুদ্ধ কৰি ৰখা হয় ।

যদি কোনোবাই পৰামৰ্শ দিয়ে যে আপুনি বায়ুৰুদ্ধ পাত্ৰ অথবা প্লাষ্টিকৰ মোনাত সংৰক্ষণ কৰাৰ পৰিবৰ্তে ঘৰৰ ছাদ অথবা চোতালত পকী ভেটি কৰি তাতে আপোনাৰ প্ৰয়োজনীয় খাদ্যদ্ৰব্য, যেনে- আটা, ময়দা, পাওৰুটী, বিস্কুট, চাউল, দাইল আদি ৰাখক আৰু ত্ৰিপালেৰে ঢাকি  দিয়ক । আপোনাৰ খাদ্যদ্ৰব্যৰ কোনো হানি-বিঘিনি নহয়, ভেঁকুৰেও নধৰে, তেতিয়া আপুনি পতিয়ন যাব নে? অভিজ্ঞতাৰ পৰা আপুনি উপলব্ধি কৰে যে এনেদৰে খাদ্য সংৰক্ষণ কৰিলে পোক-পৰুৱা অথবা ভেঁকুৰৰ পৰা ৰক্ষা পাব নোৱাৰি ।

কিন্তু ভাৰতত কৃষকৰ পৰা ক্ৰয় কৰি অনা খাদ্য-শস্য তেনে ধৰণেই সংৰক্ষণ কৰা হয় । ভাৰতীয় খাদ্য নিগমে সজা গুদামবোৰ এনেকুৱাই হয় । তাত চাউল, গম, মাকৈ, যৱধান, দাইল আদি ৰখা হয় । খাদ্য নিগমৰ প্ৰয়োজনীয় গুদাম নাই বাবে ভাৰাতো লোৱা হয় ।

বিশ্বৰ অন্যান্য দেশসমূহত কিন্তু বিজ্ঞানসন্মত অত্যাধুনিক পণ্যাগাৰ সাজি তাত খাদ্য-শস্য সংৰক্ষণ কৰা হয় । পণ্যাগাৰত খাদ্যদ্ৰব্য যাতে আৰ্দ্ৰতাবিহীন হৈ থাকে আৰু  অবিৰত শুকান বতাহৰ চলাচল হয় । এনে কৰাৰ ফলত খাদ্য-শস্য পোক-পৰুৱা আৰু ভেঁকুৰে আক্ৰমণ কৰিব নোৱাৰে । ঊনবিংশ আৰু বিংশ শতিকাত উত্তৰ আমেৰিকাৰ মধ্য পশ্চিম অঞ্চলত যেতিয়া খাদ্য-শস্যৰ খেতি আৰম্ভ কৰা হয়, তেতিয়া আমেৰিকানসকলে লোৱা প্ৰথম পদক্ষেপ হ’ল বৃহৎ বৃহৎ অত্যাধুনিক পণ্যাগাৰ আৰু ৰেলৱে পদ্ধতিৰ ব্যৱস্থা কৰা হয়, যাতে উৎপাদিত খাদ্য-শস্য নিৰাপদভাৱে সংৰক্ষণ কৰিব পাৰি আৰু ৰাহিখিনি ৰপ্তানি কৰিব পাৰি । সম্প্ৰতি আমেৰিকাত যিমানখিনি খাদ্য-শস্য উৎপাদন হয়, প্ৰায় আটাইখিনি সংৰক্ষণ কৰিব পৰাকৈ বিজ্ঞানসন্মত, স্থায়ী পণ্যাগাৰ আছে । ইয়াৰ বিপৰীতে ভাৰতত আছে মাত্ৰ ৪ টা বিজ্ঞানসন্মত পণ্যাগাৰ- কলকাতা, মুম্বাই, চেন্নাই, আৰু উত্তৰ প্ৰদেশৰ হাঔৰ-গাজিয়াবাদত এটাকৈ । তাৰ ভিতৰত উত্তৰ প্ৰদেশৰ পণ্যাগাৰ অত্যাধুনিক । এই ৪ টা পণ্যাগাৰত সংৰক্ষণ কৰিব পৰাখিনিৰ বাহিৰে বাকীখিনি খাদ্য- শস্যৰ সংৰক্ষণ নিম্নমানৰ ।

কোৱা হৈছে, ভাৰতত উৎপাদন হোৱা খাদ্য-শস্যৰ শতকৰা ১০ ভাগ বিনষ্ট হয় । তাৰে ৬ শতাংশ অৰ্থাৎ প্ৰায় ১,৮০০,০০০ টন খাদ্য বিনষ্ট হয় নিম্নমানৰ সংৰক্ষণ ব্যৱস্থাৰ ফলত । ইয়াৰ অৰ্থ হ’ল যে এইখিনি খাদ্য-শস্য ইমানেই সেমেকা আৰু ভেঁকুৰ ধৰা যে এইবোৰ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ অনুপযুক্ত হৈ পৰে ।

বাচমতি চাউল ৰপ্তানিৰ বাবে পঞ্জাবত ৰাজহুৱা ব্যক্তিগত অংশীদাৰত ৫০,০০০ টন বাচমতি চাউল ৰাখিব পৰাকৈ এটা বিজ্ঞানসন্মত পণ্যাগাৰ দাজি উলিয়াইছে । অৱশ্যে ভাৰতীয়সকলৰ বাবে ৰখা চাউলখিনিৰ সংৰক্ষণ নিম্নমানৰ ।

ভেঁকুৰযুক্ত খাদ্য খালে বিভিন্ন ধৰণৰ ৰোগ হয় । বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰকাশিত তথ্যৰ পৰা জানিব পৰা গৈছে যে ভেঁকুৰযুক্ত খাদ্যত মাইক’টক্সিন থাকে । ইয়েই মানুহৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে । মাইক’টক্সিনৰ পৰা আফলাটক্সিন, ট্ৰাইক’থেনেচ , অক্ৰাটক্সিন, আৰু অন্যান্য বিষাক্ত দ্ৰব্য সৃষ্টি হয় । ইয়াৰ ভিতৰত আফলাটক্সিনে যকৃতৰ কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰে । বাকীবোৰৰ পৰা পেটৰ বিষ, বমি, যকৃতৰ প্ৰদাহ হয় । কিছু ক্ষেত্ৰত মৃত্যুও হ’ব পাৰে । দীৰ্ঘদিন ধৰি কম মাত্ৰাত আফলাটক্সিনযুক্ত খাদ্য খালে শিশুৰ বিকাশ বাধাগ্ৰস্ত হয় । এনে কাৰণ অনুমান কৰিয়েই হয়তো পৰম্পৰাগতভাৱে ভেঁকুৰযুক্ত খাদ্য পেলাই দিয়াৰ নিয়ম এটা আছে ।

বৰ্তমান ভাৰত খাদ্য-শস্য, বিশেষকৈ গম আৰু চাউল বৰ্ষাকালত সংৰক্ষণ কৰা হয় পকী ভেটিৰ ওপৰত ত্ৰিপাল ঢাকি । তাৰ পাছত গম, আটা আৰু ময়দা তথা এই দুবিধ দ্ৰব্য ব্যৱহাৰ কৰি তৈয়াৰ কৰা খাদ্য আৰু ধানৰ পৰা তৈয়াৰ কৰা চাউল ভেঁকুৰৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে বায়ৰুদ্ধ পাত্ৰ বা মোনাত ৰখা হয় । কিন্তু এই প্ৰক্ৰিয়া চোৰ গ’লে বুদ্ধি ওলোৱাৰ লেখীয়া । কিয়নো ৰোধ কৰিব খোজা মাইক’টক্সিন ইতিমধ্যে সন্নিৱিষ্ট হয় । কাৰণ আমাৰ খাদ্য সংৰক্ষণ প্ৰক্ৰিয়া বিজ্ঞানসন্মত নহয় ।

প্ৰাণঘাতী মাইক’টক্সিনৰ কুফলৰ কথা চৰকাৰে নজনা হয় । চৰকাৰী নিয়ম মতে কৃষকৰ পৰা ভেঁকুৰযুক্ত খাদ্য-শস্য ক্ৰয় কৰিব নালাগে । কিন্তু বৰ্তমানৰ খাদ্য-শস্য সংৰক্ষণ প্ৰক্ৰিয়াৰ ক্ৰুটিৰ ফলত হ’ব পৰা ভেঁকুৰ সংক্ৰমণ আৰু মাইক’টক্সিনৰ সৃষ্টি সম্পৰ্কে চৰকাৰ নিমাত । অৱশ্যে ৰাইজে এটা পৰীক্ষা কৰি চাব পাৰে । বজাৰৰ পৰা আটা-ময়দা কিনি আনি ঘৰতে ৰুটী, পাওৰুটী, বিস্কুট আদি তৈয়াৰ কৰক । সেইবোৰ উন্নত দেশৰ খাদ্য-সামগ্ৰীৰ সোৱাদৰ সৈতে মিলে নে নাই খাই চাওক । উন্নত দেশৰ আটা, ময়দাৰ পৰা তৈয়াৰ কৰা খাদ্যৰ বাদামী স্বাদ থাকে । একে ধৰণৰ ভাৰতীয় খাদ্যত তেনে সোৱাদ নাথাকে । অৱশ্যে যদি গম পোনে পোনে কৃষকৰ পৰা কিনি আনি যাঁতত পিহি গুড়ি কৰে আৰু সেই গুড়িৰে খাদ্য তৈয়াৰ কৰে তেনেহ’লে বাদামী স্বাদ পোৱা যায় ।

ৰাইজে চৰকাৰক এটা সততে প্ৰশ্ন কৰা উচিত । ভাৰতত লোহা, চিমেণ্ট আৰু অন্যান্য নিৰ্মাণ সামগ্ৰীৰ উভৈনদী হোৱা সত্ত্বেও আৰু প্ৰযুক্তিবিদ্যা তথা ব্যৱহাৰিক জ্ঞান উপলব্ধ হোৱা সত্ত্বেও কিয় বিজ্ঞানসন্মতভাৱে খাদ্য-শস্য সংৰক্ষণ নকৰে ? বৰ্ষা ঋতুত ভাৰতৰ আৱহাৱালৈ লক্ষ্য ৰাখি এই প্ৰশ্ন নিশ্চয় মনলৈ আহে কিয় চৰকাৰে ৰাইজৰ ধনেৰে ক্ৰয় কৰা খাদ্য-শস্য মুকলি ঠাইত ত্ৰিপাল ঢাকি সংৰক্ষণ কৰে ? ৩০ নিযুত টন খাদ্য-শস্য এই ব্যৱস্থাৰে সংৰক্ষণ কৰি আমি বৰ্ধিত অৰ্থনীতিক লৈ দম্ভ কৰো কিয়? অধিক খাদ্য-শস্য উৎপাদনৰ ক্ষেত্ৰত উদগনি দিয়াৰ ব্যৱস্থা কৰা হৈছে । কিন্তু বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হোৱা নাই কিয়? যিসকল বিজ্ঞ ব্যক্তিয়ে দেশৰ পৰিকল্পনা তৈয়াৰ কৰে, তেওঁলোকে ৰান্ধনি ঘৰত কি ঘটি আছে, তাৰ খবৰ ল’বলৈ আহৰি পাইনে ? জীয়াই থকাৰ বাবে আমাক পৰ্যাপ্ত খাদ্য-শস্যৰ প্ৰয়োজন হয় । কিন্তু সেইবোৰ মাইক’টক্সিনৰ দ্বাৰা বিষাক্ত নোহোৱাৰ ব্যৱস্থা কৰিব লাগে ।

লেখক :- ডা: জীৱন দত্ত বৰুৱা

উৎস:- অসমীয়া খবৰ

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top