অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ মূৰত ওকণি-

ওকণি নামৰ পৰজীৱী পোকবোৰে মূৰৰ ছালত লাগি ধৰি কেৱল শিশুৰেই নহয় প্ৰাপ্তবয়স্ক লোকৰো তেজ শুহি খায়। ওকণিৰ পৰা তেনে মাৰাত্মক ৰোগৰ আশংকা নাথাকিলেও মূৰৰ আমনিদায়ক খজুৱতী, নিজকে লেতেৰা বুলি অনুভৱ কৰা যায়।

ওকনি কি?

 

ওকণি নামৰ পৰজীৱী পোকবোৰে মূৰৰ ছালত লাগি ধৰি কেৱল শিশুৰেই নহয় প্ৰাপ্তবয়স্ক লোকৰো তেজ শুহি খায়। ওকণিৰ পৰা তেনে মাৰাত্মক ৰোগৰ আশংকা নাথাকিলেও মূৰৰ আমনিদায়ক খজুৱতী, নিজকে লেতেৰা বুলি অনুভৱ কৰা যায়।

আপোনাৰ শিশুটিক ওকণিৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ কেইটামান উপায় দিয়া হ’ল:

 

ক) শিশুটিৰ চুলিবোৰ নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি থাকক। ওকণিবোৰৰ কণী ফুটি পোৱালি জন্ম হ’বলৈ মুঠতে সাত বা দহ দিন লাগে আৰু এই পোৱালিবোৰে নিজে কণী পাৰিবৰ কাৰণে ছয় বা দহ দিনৰ ভিতৰতে প্ৰাপ্তবয়স্ক হৈ পৰে, এক সমীক্ষাত দেখা গৈছে-দহজনৰ ভিতৰত নজন ফাৰ্মাচিষ্টে মত পোষণ কৰে যে, অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ চুলিবোৰ সঘনে পৰীক্ষা নকৰে।

খ) শিশুৰ মূৰৰ চুলিৰ ভিতৰৰ পৰা ওকণি বিচাৰি উলিওৱাটো বেছ কঠিন কাম। কাৰণ নতুনকৈ ওপজা ওকণিৰ পোৱালিবোৰ (পিজলা ওকণি) নিচেই ক্ষুদ্ৰ আৰু কণীবোৰ (লেখী) বৰ স্বচ্ছ হয়। ওকণি গুচাবলৈ বিশেষ ধৰণৰ ঘন ফণী ব্যৱহাৰ কৰক, যাৰ কাঠিবোৰৰ দূৰত্ব ০.৩ মিলিমিটাৰৰ বেছি নহয়। আমেৰিকা যুক্তৰাজ্যৰ মেডিকেল এন্টোমোলজি চেন্টাৰৰ মুখ্য লাইচ্‌ (ওকণি) বিশেষজ্ঞ ক্ৰিষ্টিন ব্ৰাউনৰ মতে-‘ওকণি একোটাৰ ছখন ঠেং আছে। অৰণ্যৰ মাজত থকা বান্দৰবোৰে ডাল-পাতৰ মাজত যেনেকৈ লুকাই থাকে, ঠিক তেনেকৈ ওকণিয়ে চুলিৰ মাজত পলাই ফুৰে। সেয়েহে যেতিয়াই ফণীৰে মূৰ আঁচোৰা যায়, ওকণিবোৰে মূৰটোৰ বিপৰীত অংশলৈ গুচি যায়। ওকণি সৰোৱাৰ পূৰ্বে চুলিবোৰত অলপ পৰিমাণৰ তেল সানি ল’ব লাগে। মূৰৰ চুলিবোৰক সৰু সৰু অংশত ভাগ কৰি ফণীৰে আঁচোৰক।

গ) ওকণি আঁতৰাবলৈ ওকণিনাশক চেম্পুৰে চুলিবোৰ ধুলেও ওকণিক আঁতৰ কৰিব পৰা যায়। আপোনআৰ ছোৱালীজনীৰ যদি চুলিবোৰ দীঘল, তেন্তে স্কুললৈ যাবৰ সময়ত মূৰৰ চুলিত ‘পনিটেইল’ অথবা বেণী বান্ধি পঠাওক।

ঘ) ওকণি থকা লোকৰ ওচৰৰ পৰা আঁতৰি থাকক। আপোনাৰ সন্তানকো স্কুলত বা খেলাৰ পৰত ওকণি থকা শিশুৰ পৰা আঁতৰত থাকিবলৈ ক’ব। পিচে এই উপায়টো সিহঁতে মানি চলাটো কঠিন হৈ পৰে।

ঙ) আনে ব্যৱহাৰ কৰা ফণী, চুলিৰ কাঁটা, ক্লিপ, বেণ্ড আদি ব্যৱহাৰ নকৰিব, কাৰণ এইবোৰত ওকণি লাগি থাকিব পাৰে।

চ) লোকৰ হেলমেট, স্কাৰ্ফ, টাৱেল, কেপ বা টুপী আপুনি বা আপোনাৰ শিশুটিয়ে যেন ব্যৱহাৰ নকৰে। আনকি আনৰ বিছনাৰ চাদৰতো ওকণি লাগি থাকিব পাৰে। বিশেষজ্ঞ ক্ৰিষ্টিন ব্ৰাউনৰ মতে মানুহৰ মূৰত বাহিৰত ওকণিয়ে আন স্থানত ডেৰঘন্টা সময় জীয়াই থাকিব পাৰে।

ছ) আপোনাৰ শিশুটিৰ চোলা-পেন্টবোৰৰ লগতে তেওঁ ব্যৱহাৰ কৰা ফণী আদি পৃথকে ৰাখিব। কাপোৰ-কানিৰ মাজত ওকণি লুকাই থাকিব পাৰে। যদিহে শিশুটিৰ মূৰত ওকণি আছে, তেন্তে সি ব্যৱহাৰ কৰা সকলো বস্তু নিলগাই ৰাখিব।

জ) আপোনাৰ শিশুটিয়ে যদি হঠাতে মূৰটো খজুৱাবলৈ ধৰে, তেন্তে লগে লগে ঘন ফণীৰে চুলিবোৰ আঁচুৰি দিব। তাৰ স্কুল ছুটীৰ দিনটোলৈ অপেক্ষা কৰি নাথাকে যেন।

উৎস: সাদিন।

3.05555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top