অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ মেদবহুলতা

শিশুৰ মেদবহুলতাৰ বিষয়ে লিখা হৈছে

আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। এক সুস্থ-সবল শিশু প্ৰত্যেক পিতৃ-মাতৃৰে কাম্য। কিন্তু বৰ্তমান সময়ত শিশুৰ মেদবহুলতাই এক গুৰুতৰ সমস্যা হৈ দেখা দিছে। পুৰণিকালত শিশুসকলৰ মাজত এই মেদবহুলতা দেখা নগৈছিল। কিন্তু বৰ্তমান সময়ত আটাইতকৈ উদ্বেগৰ কথা হৈছে যে ই অতি দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে। গতিকে শিশুৰ মেদবহুলতা এক জটিল স্বাস্থ্য সমস্যা ৰূপত দেখা দিছে।

মেদবহুলতা কি?

 

মেদবহুলতা মানে শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱা। সাধাৰণতে শৰীৰ  মাপক নিৰ্দেশকৰ(Body mass index) সহায়ত মেদবহুলতাৰ উমান পাব পাৰি। একে উচ্চতাৰ শিশুতকৈ ২০ শতাংশ বেছি শৰীৰৰ ওজন বা ল’ৰাৰ ক্ষেত্ৰত ২৫ শতাংশ আৰু ছোৱালীৰ ক্ষেত্ৰত ৩২ শতাংশ অতিৰিক্ত চৰ্বি জমা হ’লেই সেই শিশুসকলক মেদবহুলতাৰ চিকাৰ হোৱা বুলি ধৰা হয়।

মেদবহুলতাৰ কাৰণ:

 

যি শিশুৱে লগাতকৈ বেছিকৈ কেলৰি খাদ্যৰ স’তে গ্ৰহণ কৰে তেনে শিশুৰ সহজে ওজন বৃদ্ধি পায়। যদি ইয়াক বন্ধ কৰা নাযায়, তেন্তে শিশুৰ ওজন বৃদ্ধি পাই গৈ থাকে। প্ৰত্যেক দিনে ১০০ কেলৰি অতিৰিক্ত গ্ৰহণে বছৰত প্ৰায় ২৪ পাউণ্ড ওজন বৃদ্ধি কৰাব পাৰে। আন কিছুমান কাৰক ইয়াৰ লগত যুক্ত হৈ পৰিস্থিতি বিপজ্জনক অৱস্থালৈ নিয়াত সহায়ক হয়।

বংশগত কাৰণ:

 

  • পৰম্পৰা অনুসৰণ কৰি মেদবহুলতা পৰিয়ালত হোৱা দেখা যায়।
  • মাক-দেউতাক, ভাই-ভনী মেদবহুলতাত ভুগিলে পৰিয়ালৰ আন শিশুৱে মেদবহুলতাত ভোগাৰ সম্ভাৱনা থাকে।
  • বংশগত কাৰকে অকলে কেতিয়াও কাম নকৰে, অতিৰিক্ত কেলৰি গ্ৰহণো ইয়াৰ লগত সাঙোৰ খাই থাকে।

খাদ্য গ্ৰহণৰ অভ্যাস:

বৰ্তমান যুগত শিশুসকলৰ খাদ্যাভ্যাস পুষ্টিকৰ খাদ্য যেনে- ফলমূল, শাক-পাচলি বা মাহজাতীয় শস্যৰ পৰা আঁতৰি ফাষ্টফুডত, পৰিশোধিত খাদ্য আৰু শীতল পনীয় য’ত মাত্ৰাধিক চেনি থাকে তালৈ অগ্ৰসৰ হৈছে। ই মেদবহুলতা বঢ়োৱাৰ প্ৰধান কাৰক।

এই খাদ্য সম্ভাৰত উচ্চমানৰ চৰ্বি মজুত থাকে য’ত শৰীৰৰ বাবে আৱশ্যকীয় পুষ্টি নাথাকে।

ভোক নালাগিলেও অতিৰিক্তভাৱে খোৱা আৰু টেলিভিছন চাই বা স্কুলৰ হোমৱৰ্ক কৰি থাকোঁতে খাই থাকিলেও মেদবহুলতাক আদৰি অনা হয়।

পৰিশ্ৰম বিমুখতা:

 

টেলিভিছনৰ জনপ্ৰিয়তা কম্পিউটাৰ আৰু ভিডিঅ’ খেলে সৰহসংখ্যক ল’ৰা-ছোৱালীকে স্বাভাৱিক জীৱনশৈলীৰ বিপৰীতে এক পৰিশ্ৰমবিমুখ, এলেহুৱা জীৱনলৈ ঠেলি দিছে।

গড় হিচাপত আজিকালিৰ শিশুৱে দৈনিক ন্যূনতম তিনি ঘন্টাকৈ টেলিভিছনৰ সন্মুখত বহে। ইয়ে শৰীৰৰ কেলৰি ক্ষয়ত বিলম্ব ঘটায় আৰু মুখৰোচক চিপছ জাতীয় খাদ্য অধিক খোৱাত বৰঙণি যোগায়।

অতি কমসংখ্যক অভিভাৱকেহে নিজৰ ল’ৰা-ছোৱালীক নিয়মীয়াকৈ শাৰীৰিক পৰিশ্ৰম কৰিবলৈ উৎসাহ যোগায়।

অতি কমসংখ্যক বিদ্যালয়তহে শৰীৰ চৰ্চাৰ শিক্ষা দিয়া হয়।

অভিভাৱকসকলৰ কৰ্মব্যস্ততা তথা আঘাত পোৱাৰ ভয়ত বহুসংখ্যক শিশুক স্কুল ছুটীৰ পাছত খেলা-ধূলা কৰিবলৈ দিয়া নহয়।

হৰম’নৰ অসন্তুলনৰ বাবেও কেতিয়াবা সৰু ল’ৰা-ছোৱালীৰ মেদবহুলতা ঘটিব পাৰে।

কিছুমান ঔষধ গ্ৰহণৰ বাবেও শিশুৰ ওজন বাঢ়িব পাৰে।

কেতিয়া চিকিৎসা সাহায্য বিচাৰিব:

  • যদি আপুনি বা স্কুল কৰ্তৃপক্ষই আপোনাৰ সন্তানৰ ওজন অত্যধিক বুলি ভাবে।
  • যদি আপোনাৰ সন্তানে নিজ ওজন অত্যধিক বঢ়া বুলি মত আগবঢ়ায়।
  • যদি শৰীৰৰ ওজনৰ বাবে আপোনাৰ সন্তানে খেল-ধেমালি বা শাৰীৰিক যোগ্যতা লাভৰ বঞ্চিত হয়।

কৰিবলগীয়া পৰীক্ষা: ওজন-উচ্চতা মাপক:

এই পৰিমাপকে শিশুৰ ওজন আৰু উচ্চতাৰ পৰিসৰ নিৰ্ণয় কৰে। বেছিভাগ স্বাস্থ্যকৰ্মীয়েই সাধাৰণ পৰিসৰৰ ২০ শতাংশ বা তাতোকৈ ওজন বেছি বাঢ়িলেই শিশুক মেদবহুলতাৰ চিকাৰ হোৱা বুলি ধৰে। কিন্তু প্ৰত্যেক শিশুৰ ক্ষেত্ৰতেই ই কাৰ্যকৰী নহয়। স্বাস্থ্যকৰ্মীয়ে এই ওজন-উচ্চতাৰ পৰিসৰৰ সম্পৰ্কৰ লগত বয়স তথা বাঢ়নৰ প্ৰক্ৰিয়াটো অধ্যয়ন কৰা প্ৰয়োজন। উদাহৰণস্বৰূপে কিছুসংখ্যক শিশু বাঢ়নৰ আগতেই ওজন বাঢ়ে। ইয়াৰ দ্বাৰা এইটো নুবুজায় যে সেই শিশু পিছলৈ মেদবহুল হ’ব।

শৰীৰত চৰ্বিৰ শতাংশ:

 

শৰীৰৰ ওজনৰ বাবে চৰ্বিৰ শতাংশ মাপ কৰাটো এক উল্লেখযোগ্য মেদবহুলতাৰ সূচক। ল’ৰাৰ ক্ষেত্ৰত ২৫ শতাংশ চৰ্বি আৰু ছোৱালীৰ ক্ষেত্ৰত ৩২ শতাংশ চৰ্বি থাকিলে মেদবহুল হিচাপে সাধাৰণতে ধৰা হয়। শৰীৰৰ চৰ্বি জোখা কামটো নিখুটভাৱে কৰাটো খুবেই জটিল। তদুপৰি সঠিকভাৱে চৰ্বি জোখা যন্ত্ৰপাতি বেছিভাগ চিকিৎসা কেন্দ্ৰতেই উপলব্ধ নহয়। তদুপৰি প্ৰশিক্ষিত আৰু অভিজ্ঞতাপুষ্ট কুশলীৰ দ্বাৰা এই পৰীক্ষা নকৰিলে শুদ্ধ ফল পোৱাত অসুবিধা হয়।

শৰীৰ মাপক নিৰ্দেশক:

এই মাপকে শৰীৰৰ অতিৰিক্ত ওজন উচ্চতাৰ স’তে ৰিজায়। ডাঙৰৰ মেদবহুলতা জোখাৰ বাবেও এই মাপক ব্যৱহাৰ কৰা হয়।

কঁকালৰ পৰিধি:

 

কঁকালৰ পৰিধিৰ জোখতাৰ মেদবহুলতাৰ মান নিৰ্ণয় কৰে। শিশু আৰু বয়স্ক সকলো লোকৰেই এই মাপ মেদবহুলতা জোখাত সহায়ক হয়। অতিমাত্ৰা ডাঙৰ কঁকালৰ পৰিধিৰ জোখে পৰৱৰ্তী সময়ত মধুমেহ, হাৰ্ট এটেক, ষ্ট্ৰোক আদি ৰোগৰ ক্ষেত্ৰত অৰিহণা যোগায়।

শিশুৰ মেদবহুলতাৰ চিকিৎসা:

 

যেতিয়াই শিশুৰ সুস্থভাৱে ওজন পৰিচালনৰ কথা আহে তেতিয়াই পিতৃ-মাতৃৰ দায়িত্ব উল্লেখনীয় হৈ পৰে।

স্বাস্থ্যকৰ্মী, খাদ্য বিশেষজ্ঞসকল সকলো সময়ত এনেধৰণৰ অভিভাৱকক সহায় কৰিবলৈ প্ৰস্তুত হৈ থাকে। গতিকে পিতৃ-মাতৃ এইক্ষেত্ৰত সজাগ হৈ আগবাঢ়ি ওলাই আহিব লাগে।

মেদবহুলতাৰ চিকাৰ হোৱা শিশুক মাক-দেউতাকৰ আশ্বাসৰ মাজত ৰাখিব লাগে। আপোনাৰ মনৰ ধাৰণাই শিশুটোক হীনমন্যতাত ভোগাৰ পৰা ৰেহাই দিব।

শিশুটোক কেতিয়াও সমালোচনা নকৰিব।

সামাজিক সম্বন্ধ আৰু পৰিৱেশত শিশুটোক ৰক্ষণাবেক্ষণ কৰিব।

ওজন হ্ৰাসক লক্ষ্য হিচাপে লোৱাটোৱেই মেদবহুলতা কমোৱাৰ উত্তম উপায়। সময়ৰ লগে লগে লাহে লাহে ওজন হ্ৰাস কৰিব পাৰিলে মেদবহুলতাৰ পৰা হাত সাৰিব পাৰি। শিশু অৱস্থাত মেদবহুলতাৰ চিকাৰ হ’লেও পূৰ্ণবয়স্ক অৱস্থাত মেদবহুলতা নাথাকিব পাৰে, যদিহে শিশু অৱস্থাতেই ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ হয়।

ঘৰতেই শিশুৰ প্ৰতি যত্ন:

 

ওজন হ্ৰাসৰ মূলমন্ত্ৰই হৈছে শাৰীৰিক পৰিশ্ৰম আৰু খাদ্য নিয়ন্ত্ৰণ। পুৰণি অভ্যাস নিজৰ তথা শিশুৰ সলনি কৰক। যিমানেই সোনকালে ইয়াৰ বাবে আঁচনি প্ৰস্তুত কৰিব সিমানেই সোনকালে ইয়াৰ ফল লাভ কৰিব। শিশুৰ ক্ষেত্ৰত এই অভ্যাস সলনি কৰোৱাটো ডাঙৰতকৈ বেছি সহজ।

শাৰীৰিক সক্ৰিয়তা:

 

শিশুৰ টেলিভিছন চোৱা, ভিডিঅ’ গেম খেলা বা কম্পিউটাৰৰ ওচৰত বহি থকাৰ সময় নিৰ্দিষ্ট কৰি দিয়ক। কমেও ৬০ মিনিটকৈ দিনে শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিবলৈ শিশুক উৎসাহিত কৰক।

দৌৰা, সাঁতোৰা, চাইকেল চলোৱা, নৃত্য আদি শাৰীৰিক পৰিশ্ৰম হোৱা কামত শিশুক আকৃষ্ট কৰিব লাগে। কিন্তু এইটো মনত ৰাখিব লাগে যে অতিমাত্ৰা পৰিশ্ৰম শিশুৰ বাবে খুবেই অনুচিত।

শিশুক বিভিন্ন সক্ৰিয় কাৰ্যত ভাগ ল’বলৈ অনুমতি দিব লাগে আৰু চাব লাগে কোনটো বিষয়ত শিশুটো বেছি সক্ৰিয়।

মাক-দেউতাক নিজে সক্ৰিয় হৈ শিশুক আদৰ্শ দেখুওৱাক। মাক-দেউতাক সক্ৰিয় হ’লে ল’ৰা-ছোৱালীও সক্ৰিয়ভাৱে জীৱন কটাবলৈ উৎসাহিত হ’ব আৰু ডাঙৰ হোৱালৈও এই অভ্যাস অটুট থাকিব।

শিশুৰ স’তে পৰিয়ালৰ সকলোৱে শাৰীৰিক ব্যায়াম, খোজকঢ়া, নচা আদি কৰি আনন্দ লওক তথা শৰীৰ ভালে ৰাখক।

শিশুৰ স্কুলৰ খেল-ধেমালিত ভাগ ল’বলৈ উৎসাহিত কৰক।

শিশুৱে কৰি ভাল নোপোৱা কাৰ্য কৰিবলৈ শিশুক বাধ্য নকৰাব।

যি সক্ৰিয় কাৰ্যত শিশুক ভাগ ল’বলৈ দিয়া হয়, চাব লাগে যাতে শিশুৰ বয়স আৰু বাঢ়নৰ লগত সামঞ্জস্য ৰক্ষা কৰে। শিশুক নিৰাপদ হৈ থকাৰ সম্যক জ্ঞান দিব লাগে। লগতে তেওঁলোকক পৰ্যাপ্ত বিশুদ্ধ খোৱাপানী খাবলৈ দিব লাগে, যাতে শাৰীৰিক সক্ৰিয়তা কাৰ্যত ভাগ লওঁতে ওলোৱা ঘামৰ বাবে শৰীৰ অসুস্থ হৈ নাযায়।

খাদ্য পৰিচলন:

 

প্ৰথমতে প্ৰত্যেক পিতৃ-মাতৃয়েই তেওঁলোকৰ ল’ৰা-ছোৱালীক দিব লগা খাদ্যৰ গুণাগুণ সম্পৰ্কে শিক্ষিত হৈ ল’ব লাগে। নিজে জনা কথাখিনি শিশুৰ ক্ষেত্ৰত প্ৰয়োগ কৰি শিশুক স্বাস্থকৰ খাদ্য গ্ৰহণৰ কথা অৱগত কৰাব লাগে।

যদি আপোনাৰ স্বাস্থ্যসন্মত খাদ্য চিনাক্তকৰণ আৰু প্ৰস্তুতকৰণৰ অভাৱ ঘটিছে তেন্তে তৎক্ষণাত কোনো স্বাস্থ্যকৰ্মীৰ যোগেৰে এজন খাদ্য বিশেষজ্ঞক লগ ধৰক আৰু জানিবলগীয়া কথাখিনি তেওঁৰ পৰা গম লওক।

শিশুক ভিন্ন ভিন্ন স্বাদৰ আহাৰ যাচক। খাদ্যত মিঠা আৰু লুণীয়া স্বাদৰ আহাৰো অন্তৰ্ভুক্ত কৰক। চৰ্বিযুক্ত তথা বেছি কেলৰি থকা আহাৰৰ পৰা শিশুক একেবাৰে বঞ্চিত নকৰি মাজে-মধ্যে তেনে-আহাৰো শিশুক কম পৰিমাণে দিয়ক। শিশুক লাহে লাহে খাবলৈ শিকাওক। এই অভ্যাসে খাদ্য গ্ৰহণত শিশুক আনন্দ লভাত সহায় কৰিব তথা পেটভৰা কথাটো শিশুৱে অনুভৱ কৰিব। পৰিয়ালৰ সকলো সদস্যই পাৰিলে একেলগে খাদ্য গ্ৰহণ কৰিব লাগে। খোৱাৰ সময়ত শান্ত পৰিৱেশ সৃষ্টি তথা দিনটোত পাৰ কৰা কাৰ্যৰ বিষয়ে পৰস্পৰক অৱগত কৰাব লাগে। শিশুক নিমখীয়া আহাৰ দিয়া বাৰণ কৰিব লাগে। ধাৰাবাহিকভাৱে নিমখীয়া বস্তু গ্ৰহণে ওজন বঢ়ায়। কিন্তু কম পৰিমাণে স্কুলৰ পৰা অহা শিশুক নিমখীয়া বস্তু দিলে ই শৰীৰত শক্তি যোগায় আৰু শিশুক ‘হোমৱৰ্ক’, খেল আদিত ই সহায়ক হয়। খোৱাৰ সময়ত টেলিভিছন বন্ধ কৰিব, কিয়নো বহুতো শিশুৰ খাদ্যৰ সম্যক পৰিমাণৰ আন্দাজ নোহোৱাকৈ গ্ৰহণ কৰে, ফলত শিশুৰ ওজন বাঢ়ে। সামাজিক পৰিৱেশত শিশুক মাজে সময়ে চিপছ, কেক, আইচক্ৰীম আদি খাবলৈ বাৰণ নকৰিব। মেদবহুলতাৰ লগত শিশুৰ স্বাস্থ্য সম্পৰ্কীয় বহুতো অসুবিধা যিহেতু সাঙোৰ খাই থাকে, সেয়ে প্ৰত্যেক পিতৃ-মাতৃয়েই শিশুটোক সুস্থ-সবল হৈ থকাত অৰিহণা যোগাব লাগে। ওপৰত দুবছৰৰ ওপৰৰ শিশুৰ কথাই ঘাইকৈ আলোচনা কৰা হৈছে। যিহেতু আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক, গতিকে সুস্থ শিশুৱেই এক সুস্থ সবল দেশ গঢ়াত আগভাগ ল’ব পাৰে।

লেখক: ডাঃ বীৰেন্দ্ৰ নাৰায়াণ শৰ্মা(সুকন্যা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top