মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ যতন :-child care, দ্বিতীয় ভাগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ যতন :-child care, দ্বিতীয় ভাগ

শিশুৰ যতন :-child care, দ্বিতীয় ভাগৰ বিষয়ে লিখা হৈছে ।

 

নৱজাত শিশুৰ ৫-৬মাহ বয়সলৈ একমাত্ৰ মাতৃদুগ্ধৰ ওপৰতে নিৰ্ভৰশীল যদিও এই বয়সৰ পিচতে শিশুটিৰ কিছু লক্ষন ফুটি উঠে । যেনে:--সঘনাই আঙুলি চুহা, ইটো সিটো বস্তু মুখলৈ নিয়া, অসন্তুষ্টি বা মাজে মাজে কন্দা ,আমনি কৰা আদি । এনেবোৰ ইঙ্গিতে বুজায় মাকৰ আহাৰে ভোক পলোৱা নাই, অৰ্থাত শিশুটিয়ে অন্য আহাৰ খাব বিচাৰে । সেয়ে ৫ বা ৬ মাহ বয়সৰ পিচতে শিশুক সহজে হজম হব পৰা তৰল আহাৰৰ প্ৰয়োজন হয় । বহুতে লুঠুৰি বা ভিটামিন আৰু প্ৰটিন যুক্ত কৃত্ৰিম আহাৰ খুউৱা দেখা যায় । অৱশ্যে এনে বয়সত শিশুটিয়ে হাত ভৰিৰে খেলিব পৰা হোৱা বাবে অতিৰিক্ত পোষক আহাৰৰ প্ৰয়োজন হয় । তাৰ বাবে প্ৰাকৃতিক ভাৱে উপলব্ধ পুষ্টিকৰ ডালিম বা শিশুৰ উপযোগী অন্যান্য পকা ৰসাল ফলৰ ৰস খুৱাব পাৰে।
লক্ষ ৰাখিব:- শিশুৰ এনে বয়সত পাচন যন্ত্ৰ অতি চালুকীয়া । সেয়ে কোনো ধৰনৰ গোটা আহাৰ নুখুৱাব । ফলৰ ৰস খুৱালে কাপোৰেৰে চেকি প্ৰথমাৱস্থাত আগবেলাৰ ভাগত১ বা ২চামুচহে খুৱাব আৰু এদিনত এবিধ ফলৰ ৰসহে খুৱাব। পাচলৈ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি (পৰীক্ষামুলকভাৱে ২ বা ৩বাৰ)বিভিন্ন ৰসাল ফল , গোটা বা ফলা মুগ ভিজোৱা পানী , শাক পাচলী সিজোৱা পানী , পনীয়াকৈ নাৰিকলৰ গাখীৰ আদি খুৱাব পাৰে । মাকৰ গাখীৰ খোৱাৰ উপৰি ক্ৰম অনুসৰি খুউৱা এনেবোৰ সুষম আহাৰে শিশুটিৰ পুষ্টিসাধন কৰিব ।

সদায় মনত ৰাখিব:-শিশুৰ গতিবিধি লক্ষ ৰাখি কম মাত্ৰা আৰু নিৰ্দিষ্ট সময়মতে খুৱাব ।
শিশুক অন্নপ্ৰাসন কৰালেও এবছৰ নোহোৱালৈ নাইবা ভালদৰে দাঁত নগজালৈ সহজে হজম হব পৰা শিশুৰ ৰুচীসন্মত নৰম বা তৰল আহাৰ, পাচলি মিহলোৱা খিচিৰি আদি খুউৱাটো ভাল । তাৰ বিপৰীতে পিতৃ মাতৃ বা পৰিয়ালৰ আন সদস্যই মৰমতে বিস্কুট ,চকলেট,দোকানৰ লোভনীয় সামগ্ৰী , মাছ ,মাংস,কণী, গুৰুপাক আহাৰ বা হজম নোহোৱা ইটো সিটো বস্তু খুউৱাটো শিশুৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকৰ ।

স্বাস্থ্যৰ যতন :-- শিশুক সময়মতে সুষম আহাৰ খুউৱাৰ উপৰি প্ৰতিবিধ আহাৰে শিশুৰ দেহত কেনে প্ৰতিক্ৰিয়া হৈছে লক্ষ্য ৰাখিব । শিশুৰ স্বাভাৱিকতে হোৱা কিছুমান ৰোগ যেনে পেটৰ অসুখ, হাগনী, শৌচ কচা, চৰ্দি,জৰ,কাহ,বমি,জন্ডিচ,চালৰ ৰোগ, মুৰত ঘা,ফোহা,বা বতৰ ,পৰিৱেশ ,প্ৰদুষন জনীত কাৰনত নানা ৰোগ হব পাৰে । এনেবোৰ ৰোগত সঠিক ঘৰুৱা যতনত ভাল নহলে চিকিৎসকৰ পৰামৰ্শ লব ।
শিশুৰ ওজন আৰু উচ্চতা:-
শিশুৰ যতনত খোৱা লোৱা বা স্বাস্থ্যৰ যতন লোৱাৰ লগতে জন্মৰে পৰা সময়ে সময়ে বাঢ়ি অহা শিশুটিৰ ওজন আৰু উচ্চতাৰ প্ৰতি লক্ষ্য ৰখাতো ভাল । বিভিন্ন কাৰনত বয়স অনুসৰি বৃদ্ধিৰ হাৰ বঢ়া তুতা হোৱা দেখা যায় ।
এটি আদৰ্শ শিশুৰ স্বাভাৱিক ওজন উচ্চতাৰ তালিকা (weight& height of an ideal baby)
বয়স ওজন /কেজি উচ্চতা / চেমি
ল'ৰা ছোৱালী:  লৰা ছোৱালী:-
0 2.6 2.6 47.1 46.7
3m 5.3 5.0 59.1 58.4
6m 6.7 6.2 64.7 63.7
9m 7.4 6.9 68.2 67.0
1yr 8.4 7.8 73.9 72.5
2yr 10.1 9.6 81.6 80.1
3yr 11.8 11.2 88.9 87.2
4yr 13.5 12.9 96.0 94.5
5yr 14.8 14.5 102.1 101.4
6yr 16.3 16.0 108.6 107.4
7yr 18.o 17.6 113.9 112.8
8yr 19.7 19.4 119.3 118.2
9yr 21.8 21.3 123.7 122.9
10yr 23.5 23.6 124.4 123.4
ওপৰোক্ত তালিকাৰ সমকক্ষ জোখৰ প্ৰতি লক্ষ ৰাখি আহাৰ --চিকিৎসা আদিৰ যতন লব।

অন্যান্য দিশত:- শিশুপালনত পিতৃমাতৃৰ সথিক চোৱা চিতা:-
Right parenting of child:care:--
সুৰক্ষা- Safe :--- সুৰক্ষাৰ দিশত জন্মৰে পৰা জনা বুজা হোৱা বয়সলৈ পিতৃ মাতৃ বা পৰিয়ালে সদায়ে নজৰ দিয়াতো আৱশ্যক । বিশেষকৈ বহিব বা খোজ কাঢ়িব পৰা হোৱাৰে পৰা ৪-৫ বছৰলৈ জুই ,পানী ,ওখ ,চাপৰ,গৰম ,চেচা , বিষাক্ত সামগ্ৰী,আদিৰ পৰা বিপদ নঘটিবলৈ নজৰ দিয়াৰ উপৰি শিশুটিক ভালদৰে বুজাবলৈ চেষ্টা কৰিব ।
শিশুৰ বদভ্যাস- শিশুৱে আমনি কৰা , ভেম কৰা, বদমাচি কৰা,অকৰামি কৰা ,উৎপাত কৰা আদি স্বাভাৱিক অভ্যাস । বহুতো শিশুৱে খোৱাৰ ইচ্ছা নকৰা বা বাহিৰা ব্স্তু খোৱাৰ আগ্ৰহ বেচিকৈ দেখা যায় । এইবোৰ ক্ষেত্ৰত শিশুৰ মনপুত সুষম আহাৰ নিয়ম মতে মৰমেৰে খুৱাবলৈ চেষ্টা কৰিব ।
শিশু সদায় মৰম আকলুৱা আৰু সংগসুখ বিচাৰে । সেয়ে শিশুৱে কৰা আমনি বা দোষত অতিপাত খং ৰাগ ধমকনি মাৰধৰ আদি নকৰি অনুশাসনৰ বাবে মৰমেৰে দোষ গুণ বুজাবলৈ চেষ্টাকৰিব । সমনীয়াৰ লগত খেলা বা ফুৰাচকা ,হাঁহি ধেমালী আদিয়ে শিশুৰ মনত আনন্দ দিয়ে । এইবোৰ ৰ মাজেৰে শিশুৱে কৰা ভাল বেয়া দোষ গুণবোৰ শুধৰাবলৈ চেষ্টা কৰিব ।
শিশুৰ যতনত গুৰুত্বপূৰ্ণ দিশটো হল :-আপোনাৰ শিশুটি নিৰোগী সুস্বাস্থ্যৱান হোৱাৰ লগতে সুশিক্ষা দীক্ষাসহ ভৱিষ্যতৰ এজন সুনাগৰিকৰূপে গঢ়িবলৈ শিশুটিৰ অভিভাৱকৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব । শিশুৰ ভাৱনাত্মক কোমল মনত সৰুৰেপৰা আদিগুৰু পিতৃ মাতৃ বা পৰিয়ালৰ বাকী সদস্যই শিকোৱা সকলো কথাই ডাঠকৈ মনত ৰয় । সে্যে শাৰিৰীক যতনৰ লগতে শিশুটিৰ বৌদ্ধিক আধ্যাত্মিক সামাজিক আৰু নৈতিক চাল চলন স্বভাৱ চৰিত্ৰ গঠনৰ জ্ঞান দিয়াতো নিতান্তই প্ৰয়োজনীয় কৰ্তব্য ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top