অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ শৌচ কঁচা :

শিশুৰ শৌচ কঁচাৰ বিষয়ে লিখা হৈছে ।

শিশুৰ বহুতো বেমাৰৰ ভিতৰত শৌচকঁচা বেমাৰ আজিকালি বেচিকৈ দেখা যায় । বিভিন্ন পিতৃমাতৃয়েে ইয়াক সাধাৰন কথা বুলি ভাবে যদিও ইয়ে শিশুটোৰ দেহলৈ অন্য বহু বেমাৰ মাতি আনে যাৰ বাবে মাকবাপেকে হাৰশাস্তি খাব লগা হয় ! নৱজাত শিশুৰ ক্ষেত্ৰতো বহুতো শিশুৱে কেবা দিনো শৌচ নকৰা লক্ষন দেখা যায়।

কাৰণ:-

১। বটলেৰে গাখীৰ খুউৱা ।
২। মাতৃ দুগ্ধ এৰি কৃত্ৰিম গাখীৰ খোৱা
৩। পানী কম মাত্রাত খুউৱা।
৪। খাদ্য খাওতে বহু ওজৰ আপত্তি কৰা
৫। শাক পাচলি বা সুষম খাদ্য , ফল আদি নোখোৱা=।
৬। ভজা পোৰা বস্তু বা দোকানত পোৱা চকলেত ,বিস্কুট ,মেগী ,চিপ্ চ বা লোভনীয় যিকোনো বস্তু কিনি খোৱা
৭। টি ভি , কাৰ্টুন,মবাইল গেমৰ নিচাত শৌচৰ ভাৱ আহিলেও জোৰকৈ ৰখাই থোৱা অভ্যাস
৮। খেলাধুলা বা পৰিশ্ৰম কম হলে ।

ইয়াৰ উপৰি বিভিন্ন কাৰনত শৌচকঁচা বা টান শৌচৰ লগত তেজো পৰিব পাৰে ।
অভিভাৱকে মন কৰিবলগীয়া :-
১। কৃত্ৰিম গাখীৰ খুৱাবলগীয়া হলে বা গৰু ছাগলীr
গাখীৰ খুৱালে অধিক পনীয়াকৈ খুৱাব
২। এবছৰ ওপৰৰ বা মাতৃদুগ্ধ এৰা শিশুক বিশুদ্ধ পানী কম কমকৈ বাৰে বাৰে খুৱাব । ৰাতিপুৱা কুহুমীয়া গৰম
পানীত এবছৰৰ ওপৰৰ শিশুক নেমু ৰস ¼ চামুচৰ পৰা ১চামুচ(বয়স অনুসৰি ) আৰু আন্দাজ মতে নিমখ মিহলাই খুৱাব পাৰে । ঠাণ্ডাপানীয়ে শৌচ কচা কৰে সেয়ে শিশুক কোনোপধ্যে ঠাণ্ডাপানী, ফ্ৰীজৰ পানী ,বৰফ,কোলড্ৰিংক আদি নুখুৱাব ।
৩। ভজা জলা মচলা যুক্ত বস্তু বেচিকৈ নুখুৱাব
৪। অধিক ফল, শাক পাচলি, দাইল আদি খোৱাৰ প্ৰতি হেপাহ বঢ়াব।
৫। যিমান পাৰে চকলেত বিস্কুত বা দোকানত বেচা লোভনীয় বস্তু খোৱাৰ পৰা বিৰত ৰাখিব।
৬। নৱজাতৰ শিশুৰ শৌচ কচা হ’লে  সময়মতে পৰ্যাপ্ত পানী খোৱাৰ লগতে শৌচ খোলোচা হব পৰা শাক পাচলী ৰসাল ফল আদি খাব । শিশুক শৌচ কৰাবলৈ চেষ্টা কৰিব:আৱশ্যক হলে পাণৰ ঠাৰিত সৰিয়হ তেল দি শোচদ্বাৰত লগাই থলে সোনকালে শৌচৰ ভাৱ আহিব ।
৭। ব্যায়াম বা যথোচিত পৰিশ্ৰম হোৱাৰ প্ৰতি লক্ষ্য দিব ।
৮। সময় বুজি শৌচ প্ৰস্ৰাব কৰা কথাটো সোৱৰাই দিব ।

অভিভাৱকৰ ওপৰোক্ত যত্নৰ পিচতো উপসম নহলে চিকিৎসকৰ পৰামৰ্শ লব ।
মনত ৰাখিব:-শৌচকঁচা বা কৌষ্ঠকাঠিন্য ৰোগ শিশু বা বয়সীয়াল যাৰেই নহওক ইয়াক সৰু সুৰা ৰোগ বুলি নাভাবিব । ইয়ে ভৱিষ্যতে অন্য ভীষন মাৰাত্মক ৰোগৰ বাহক হব পাৰে ।

লেখক :- যতীন দাস , উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

 

2.875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top