সকলো প্রাণীৰে শাৰীৰিক আৰু মানসিক বৃদ্ধি আৰু বিকাশ, ক্ৰমবৰ্ধমান আৰু অবিৰতভাৱে চলি অহা এটা প্রক্রিয়া। এই বৃদ্ধি আৰু বিকাশ বয়স অনুপাতে কেতিয়াবা খৰতকীয়া আৰু কেতিয়াবা লেহেমীয়া গতিৰে হোৱা দেখা যায়। মাতৃ গৰ্ভত ভ্ৰূণ এটা থিতাপি লোৱাৰ পৰা পূর্ণ বিকশিত মানৱ শিশু এটা ভূমিষ্ঠ হোৱালৈকে ভ্ৰূণটোৰ বিকাশ কিছু দ্ৰুত গতিত হোৱা দেখা যায়। মাতৃ গৰ্ভত ভ্ৰূণ এটা থিতাপি লোৱাৰ পৰা পূৰ্ণ বিকশিত মানৱ শিশু এটা ভূমিষ্ঠ হোৱালৈকে ভ্ৰূণটোৰ বিকাশ কিছু দ্ৰুত গতিত হোৱা দেখা যায় আৰু বয়স বাঢ়ি অহাৰ লগে লগে এই বিকাশৰ গতি কমি আহে। শিশু এটাৰ অংগ-প্রত্যংগ, মাংসপেশী, তেজ, হাড় আদি অহাক শাৰিৰীক বৃদ্ধি আৰু মন, মগজু আদিৰ বিকাশক মানসিক বিকাশ বুলি কোৱা হয়। শিশু কালছোৱাত শাৰীৰিক আৰু মানসিক বিকাশ একেলগে হৈ থাকে। এটা নির্দিষ্ট বয়সলৈ এই বৃদ্ধি আৰু বিকাশ হয় যদিও শিশুটো প্রাপ্তবয়স্ক হোৱাৰ লগে লগে শাৰীৰিক বৃদ্ধি একেবাৰে বন্ধ হৈ যায়। আনহাতে মানসিক বিকাশ আমৃত্যু চলি থাকে আৰু ই পৰিবৰ্তনশীল। বৃদ্ধি আৰু বিকাশ সকলো প্রাণীৰে এটা প্রধান বৈশিষ্ট্য। বয়স অনুপাতে শিশু একোটিৰ শাৰীৰিক গঠন আৰু মানসিক বিকাশৰ গতি বিভিন্ন ভাগত বিভক্ত কৰিব পাৰি।
মাতৃগৰ্ভত ভ্ৰূণ এটাৰ অৱস্থিতিৰ পৰা সন্তানটো ভূমিষ্ঠ হোৱালৈ সুদীর্ঘ প্রায় ৪০ সপ্তাহৰা ২৮০ দিনৰ সময়ছোৱা ইয়াৰ অন্তর্ভুক্ত। এই সময়ত ভ্ৰূণটাৰ অংগ-প্রত্যংগ, মগজু আদিৰ বিকাশ হৈ পূর্ণ অবয়ৱৰ শিশু এটাহে জন্ম লাভ কৰে। এইখিনি সময়ত ভ্ৰূণৰ বিকাশ খৰতকীয়া হয় আৰু প্রায় ৩৫ সপ্তাহ মানতে পূর্ণ অৱয়ব প্রাপ্ত শিশুলৈ ৰূপান্তৰিত হৈ জন্মৰ বাবে সাজু হৈ পৰে।
জন্মৰ সময়ৰ পৰা ১০ৰ পৰা ১৫ দিনলৈ এইভাগত ধৰা হয়। জন্মৰ পিচতে শিশু এটাই সম্পূর্ণ নতুন পৰিবেশত নিজকে খাপ খুৱাই ল’বলগা হয়। মাতৃগৰ্ভত এন্ধাৰৰ মাজত গৰম পৰিবেশ এটাৰ পৰা বাহিৰৰ তাপমাত্ৰাৰ লগত মিলি যাবলৈ কিছু অসুবিধা পায় যদিও লাহে লাহে মাতৃ আৰু পৰিয়ালৰ আন মানুহৰ সহযোগত শিশুটিয়ে নতুন পৰিবেশত অভ্যস্ত হৈ পৰে।
দুই সপ্তাহৰ পৰা প্রায় দুবছৰ বয়সলৈ শিশু এটাক এই সময়ছোৱাৰ অন্তৰ্ভুক্ত কৰিব পাৰি। জন্মৰ পিচৰ প্রথম ছয় সপ্তাহমান শিশুসকলে একেবাৰে নিঃসহায় অৱস্থাত থাকে। দিনটোৰ বেছিভাগ সময় শিশু এটিয়ে শুই শুয়ে পাৰ কৰে। ভোক, পিয়াহ আৰু শৌচ-প্ৰস্ৰাৱ কৰাৰ সময়তহে শিশুটোৱে সাৰে থাকে। অৱশ্যে টোপনি অহা অৱস্থাটো শিশুটোৱে শৌচ-প্ৰস্ৰাৱ কৰে। কাৰণ শিশুটোৰ এইবোৰত কোনো নিয়ন্ত্রণ নাথাকে। এইখিনি সময়ত মাকৰ গাখীৰেই একমাত্র প্রধান আহাৰ। ছয় সপ্তাহমান পাৰ হোৱাৰ পিচত সাৰে থকা অৱস্থাত শিশুটোৱে নিজৰ ভিতৰতে হাত-ভৰি লৰাই খেলি থাকে আৰু কিবা অসুবিধা পালেই কান্দোনৰ জৰিয়তে সেয়া প্রকাশ কৰে। কাৰণ আন উপায়েৰে নিজৰ মনৰ ভাব প্রকাশ কৰাৰ ক্ষমতা সিহঁতৰ নাথাকে। দিন যোৱাৰ লগে লগে ঘৰুৱা পৰিবেশত পৰিয়ালৰ মানুহখিনিৰ লগত হাঁহিৰে, ভৰি-হাত জোকাৰি আৰু কেতিয়াবা কিবা বস্তু আদি আগত ধৰিলে হাতখন আগুৱাই দি ধৰিবলৈ চেষ্টা কৰে। এই সময়খিনিত কিছু পৰিমাণে শিশুৰ মানসিক বিকাশ হ’বলৈ আৰম্ভ কৰে। লাহে লাহে মাংসপেশীবোৰ আটিল হৈ নিজৰ আয়ত্তলৈ আনিব পৰা হয় আৰু মূৰ আদি ঘূৰাব পৰা হয়, দুই-এটা কথা ক’বলৈও আৰম্ভ কৰে। কলকলাই, চিঞৰ-বাখৰ আৰু কিবাকিবি অবুজ শব্দ কৰি শিশুসকলে মনৰ ভাব প্রকাশ কৰে। এবছৰমান হোৱাৰ লগে লগে শিশুৱে দুই-এখোজ পেলাবলৈ যত্ন কৰে আৰু পিচলৈ ভালদৰে খোজকাঢ়িব পৰা হয়। পাঁচ, ছয়মাহৰ পৰা শিশুসকলক গোটা আহাৰ দিয়া হয় আৰু এবছৰৰ পৰা লাহে লাহে সকলোবোৰ খাদ্য খাব পৰা হয়। দুবছৰ বয়সৰ পৰা ছয় বছৰৰ এই সময়ছোৱা ইয়াৰ অন্তর্গত। এইখিনি সময়তে শিশু এটাক প্রাক প্রাথমিক স্কুলত ভর্তি কৰা হয় আৰু খেলা-ধূলাৰ জৰিয়তে পঢ়া-শুনাৰ প্ৰতি মনটো আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা হয়। জীৱনত প্রথমবাৰৰ বাবে শিশু এটাই সামাজিকভাৱে লগৰ সমনীয়াৰ লগত নিজকে খাপ খুৱাই ল’বলৈ শিকে। প্রথম অৱস্থাত কিছুমান শিশুৱে মাক-দেউতাক আৰু ভায়েক বা ভনীয়েকৰ পৰা কিছুসময়ৰ বাবে আঁতৰি স্কুললৈ যাবলৈ ভয় খায়, অসহায়বোধ কৰি কন্দাকটা কৰা দেখা যায়। লাহে লাহে সমনীয়া আৰু শিক্ষকসকলৰ লগত নিজকে খাপ খুৱাই ল’ব পৰা হয়। দুবছৰমানৰপৰা শিশু একোটাই সৰু সৰু বাক্য একোটা কৈ মনৰ ভাব প্রকাশ কৰে আৰু অলপ দিন যোৱাৰ লগে লগে সম্পূৰ্ণভাবে কথা ক’ব পৰা হয়। এই কালছোৱাত শিশুসকল অতি অনুসন্ধিৎসু মনৰ হয় আৰু প্ৰায়ে নানা ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰি সকলোবোৰ বস্তুৰ বিষয়ে জানিবলৈ ইচ্ছুক হৈ পৰে। এই ক্ষেত্ৰত অভিভাৱকসকলে উত্তৰ দিওঁতে কিছু সাৱধানতা অবলম্বন কৰিব লাগে আৰু মিছা বা চলাহী কথা কৈ শিশুসকলৰ মনত ভুল ধাৰণা কিছুমানৰ অৱতাৰণা কৰিব নালাগে। সহজ-সৰলভাবে কিছু কৌশলেৰে প্ৰশ্নসমূহৰ উত্তৰ দিয়া উচিত। এই সময়ছোৱাত শিশুসকলে কিছু বন্ধু-বান্ধবো গোটোৱা দেখা যায়।
ছয় বছৰৰ পৰা ১২ বা ১৩ বছৰ বয়সৰ কালছোৱাক প্রকৃত শৈশৱকাল বোলা হয়। প্রাথমিক স্কুলত নামভৰ্তি কৰাৰ পৰা শিশু একোটাৰ পঢ়া জীৱনৰ আনুষ্ঠানিকতা আৰম্ভ হয়। এই সময়তে শিশু একোটাৰ মানসিক আৰু সামাজিক বিকাশ হ’বলৈ আৰম্ভ কৰাৰ লগতে শাৰীৰিক পৰিবর্তনো হ’বলৈ আৰম্ভ কৰে।
তেৰ বছৰৰ পৰা ১৮ বছৰ বয়সৰ সময়খিনিক সাধাৰণতে বয়ঃসন্ধিকাল বোলা হয়। এইসময়খিনিত অভিভাৱকে নিজৰ সন্তানক ভালদৰে চকু দিব লাগে।
এই সময়ছোৱাত শৰীৰৰ যৌনাংগৰ লগতে আন অংগ-প্ৰত্যংগৰ পৰিবৰ্তন হয় আৰু হঠাতে এনেকুৱা পৰিবর্তন দেখি বিশেষকৈ কন্যা শিশুসকলে কেতিয়াবা ভীতিগ্রস্ত হয় বা লজ্জাবোধ কৰাও দেখা যায়। আনহাতে, কন্যা শিশুসকলৰ ঋতুস্ৰাৱৰ আৰম্ভণি হোৱাৰ ফলত বহুতো অসুবিধাৰ সন্মুখীন হয়, এই ক্ষেত্ৰত মাতৃগৰাকীৰ ভূমিকা অপৰিহাৰ্য হৈ পৰে। তেখেতে কন্যা শিশুটিৰ লগত বন্ধুত্বপূর্ণভাবে সকলোবোৰ কথা সুন্দৰকৈ বুজাই দি এইবোৰ যে প্রাকৃতিক ঘটনা, তাক পতিয়ন নিয়াব লাগে আৰু লগতে বিপৰীত লিংগৰ পৰা বচাই ৰাখিবলৈ উপদেশ দিব লাগে। জীয়ৰী বা কন্যাৰ যিকোনো সমস্যা হ’লেই মাতৃৰ লগত আলোচনা কৰি সমাধা কৰিব লাগে। পুত্র সন্তানৰ ক্ষেত্ৰতো পিতৃ-মাতৃ দুয়োজনেই সকলোবোৰ বুজাই দিয়া উচিত। এই সময়ছোৱাত বেছিভাগ ল’ৰা-ছোৱালীয়ে বন্ধু-বান্ধৱৰ সংগৰ লগতে বিপৰীত লিংগৰ প্ৰতি কিছু আকৰ্ষিত হোৱা দেখা যায় আৰু নিজকে আকৰ্ষণীয় কৰি ৰাখিবলৈ যত্ন কৰে।
কৈশোৰ পাৰ হৈ ১৯ বছৰৰ পিচত ল’ৰা- ছোৱালীবোৰক প্রাপ্তবয়স্ক হোৱা বুলি ধৰা হয়। এই সময়ছোৱাত শাৰীৰিক বৃদ্ধি কমি আহে যদিও মানসিক বিকাশ পূৰ্ণগতিত চলি থাকে। এইখিনি সময়ত সন্তান একোটি পূর্ণ বিকশিত মানৱ হোৱা বুলি ক’ব পাৰি আৰু পঢ়া-শুনা শেষ কৰি চাকৰি বা ব্যৱসায় আদি কৰি বিয়া বাৰু কৰাই পৰিয়াল একোটা গঠন কৰিব পৰাকৈ উপযুক্ত হৈ পৰে।
এনেদৰে শিশু একোটাই দিন যোৱাৰ লগে লগে শাৰীৰিক আৰু মানসিকভাৱে বিকশিত হৈ প্ৰাপ্তবয়স্ক ব্যক্তিলৈ ৰূপান্তৰিত হয়।
লেখিকা: ৰূপলেখা দেৱী, সাদিন।
শেহতীয়া উন্নীতকৰণ: : 5/23/2023