সহজবোধ্য কাৰণতে শিশুৰ অস্ত্ৰোপচাৰ বা পেডিয়াট্ৰিক ছাৰ্জাৰীৰ কাৰণে একোজন বিশেষজ্ঞ শল্য চিকিৎসকৰ প্ৰয়োজন হয়। এটি শিশুৰ শৰীৰত অস্ত্ৰোপচাৰ কৰাৰ কাৰণে, ডাঙৰক অস্ত্ৰোপচাৰ কৰা শল্য চিকিৎসক এজন দক্ষ বুলি বিবেচিত নহ’বও পাৰে। এটি শিশুৰ দেহ প্ৰাপ্তবয়ষ্ক লোকতকৈ পৃথক। কিছুমান লোকে ভাবে যে, প্ৰাপ্তবয়ষ্ক লোকৰ দেহত অস্ত্ৰোপচাৰ কৰা শল্য চিকিৎসকসকল কেঁচুৱা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ অস্ত্ৰোপচাৰ কৰা কিশোৰ-কিশোৰীসকলৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰতো দক্ষ হ’বই। কিন্তু কথাটো সম্পূৰ্ণ বেলেগ। শ্ৰীবৃদ্ধি হৈ থকা শিশুৰ শৰীৰবিলাক পূৰ্ণবয়ষ্ক লোকৰ শৰীৰতকৈ বেলেগ হয় আৰু শৈশৱকালত হোৱা ৰোগবিলাকো পূৰ্ণবয়ষ্ক লোকৰ সৈতে একে নহয়। আনকি অস্ত্ৰোপচাৰৰ প্ৰতি শিশুসকলে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া, এনাস্থেছিয়াৰ পৰা ইন্ট্ৰাভেনাছ তৰল দ্ৰব্যলৈকে পূৰ্ণ বয়ষ্ক লোকতকৈ ব্যেলেগ হয়। সেই কাৰণেই বিশেষভাৱে উৎকৃষ্ট শিক্ষানুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত পেডিয়াট্ৰিক ছাৰ্জনেহে শিশুহঁতক চিকিৎসা কৰিব লাগে।
আমি মাত্ৰ এক কেজি ওজনৰ এটি সদ্যজাত কেঁচুৱাক আমাৰ সামৰ্থৰে ইন্ট্ৰাভেনাছ লেভেল(IV) এন.আই.চি.ইউ(নিঅ’নেটেল ইন্টেনছিভ কেয়াৰ ইউনিট) বা ৭০ কেজি ওজনৰ হাইস্কুল ফুটবল খেলুৱৈকে চিকিৎসা নকৰো কিয়, শিশুটিৰ অস্ত্ৰোপচাৰৰ বাবে ঠিক কৰা চিকিৎসক আৰু পৰিচৰ্যাকাৰী সদস্যৰ দলটিত সকলো সদস্যই সকলো বয়সৰ লোকৰে চিকিৎসা বিষয়ত প্ৰশিক্ষণপ্ৰাপ্ত হোৱা উচিত।
অস্ত্ৰোপচাৰ সম্পৰ্কীয় কাৰকবিলাকৰ পৰিমাণ, যেনে- এনাস্থেছিয়া, ইন্ট্ৰাভেনাছ ফ্লইড(সিৰাত প্ৰয়োগ কৰা তৰল পদাৰ্থ) আদিৰো সুকীয়া নিৰীক্ষণ ব্যৱস্থাৰ দৰকাৰ হয় আৰু পূৰ্ণবয়ষ্ক লোকৰ শৰীৰত দ্ৰব্য প্ৰৱেশ কৰোৱা পদ্ধতি শিশুৰ ক্ষেত্ৰত সুকীয়া হ’ব লাগে। শিশুৰ অস্ত্ৰোপচাৰ কৰিবলৈ কেৱল ভালদৰে প্ৰশিক্ষণপ্ৰাপ্ত, পেডিয়াট্ৰিক শল্য চিকিৎসা বিষয়ত বিশেষভাৱে প্ৰশিক্ষণ লোৱা শল্যচিকিৎসককহে অস্ত্ৰোপচাৰ কক্ষত প্ৰৱেশ কৰিবলৈ দিয়া উচিত।
শিশুৰ অস্ত্ৰোপচাৰৰ বিষয়ে আপোনালোকৰ সমুখত এখন সম্পূৰ্ণ প্ৰতিচ্ছবি দাঙি ধৰিবৰ উল্লেখ কৰা হৈছে। এই প্ৰবন্ধটিত আমি প্ৰকাশ কৰিছো, আপোনাৰ শিশুটিৰ নিৰাপত্তাৰ প্ৰয়োজনত আৰু এই তথ্য সম্পূৰ্ণ এই উদ্দেশ্যই দাঙি ধৰা হৈছে।
শিশুৰ অস্ত্ৰোপচাৰৰ বিষয়টো শল্য চিকিৎসাৰে গেটা গুৰুত্বপূৰ্ণ শাখা। এই উপশাখাটোৰ সৈতে জড়িত আছে- ভ্ৰূণৰ অস্ত্ৰোপচাৰ, সদ্যজাত কেঁচুৱা শিশু, কিশোৰ আৰু সদ্য যৌৱনপ্ৰাপ্ত পূৰ্ণবয়ষ্ক লোকৰ অস্ত্ৰোপচাৰৰ বিষয়বোৰ। পেডিয়াট্ৰিক ছাৰ্জাৰী বিষয়টো ১৯৭৯ চনৰ মাজভাগত পোনপ্ৰথমবাৰৰ বাবে পোহৰলৈ আহিল। জন্মগত ক্ৰূটিৰ বাবে অস্ত্ৰোপচাৰজনিত যত্ন পদ্ধতি উদ্ভাৱনৰ প্ৰয়োজনীয়তা আহি পৰিল আৰু এই কৌশলবিলাক সাধাৰণভাৱে বেছিকৈ ব্যৱহৃত হ’বলৈ ধৰিলে শিশুৰ হস্পিতালবিলাকত।
উইলিয়াম ই লেড(William E. Ladd)ক পেডিয়াট্ৰিক বা শিশুৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত জনকৰূপে স্বীকৃতি দিয়া হৈছে। সদ্যজাত কেঁচুৱাৰ অস্ত্ৰোপচাৰ আৰু ভ্ৰূণৰ অস্ত্ৰোপচাৰ এই দুয়োটা শাখাই পেডিয়াট্ৰিক ছাৰ্জাৰীৰ দুটা উপ-বিশেষ জ্ঞানৰ বিভাগ।
কুৰি শতিকাত পেডিয়াট্ৰিক ছাৰ্জাৰী নামৰ বিভাগ এটাৰ উন্মেষ ঘটিল। কাৰন জ্জন্মগত ক্ৰূটিবিলাক নিৰাময় কৰাৰ কাৰণে ব্যৱহাৰ কৰাৱ শল্য চিকিৎসাত অভিনৱ প্ৰযুক্তি কৌশল উদ্ভাৱনৰ প্ৰয়োজন আহি পৰিল।
শিশু এটিৰ অস্ত্ৰোপচাৰৰ সময়ত স্থানীয় এনস্থেছিয়াৰ লগতে জেনেৰেল এনস্থেছিয়া প্ৰয়োগ কৰিব লাগে। এই ব্যৱস্থাৰে নিৰ্দিষ্ট স্থানত স্নায়ুৰ সংবেদনশীলতা বন্ধ কৰিব পৰা হয়। শিশুৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ পিছত বিষ কমোৱাৰ বাবে এই ব্যৱস্থা যথেষ্ট সহায়ক হয়। ইয়াৰ ফলত দ্ৰুত নিৰাময়ো সহজ হয়।
স্থানীয় এনাস্থেছিয়াত ব্যৱহাৰ কৰা ঔষধে স্থানীয়ভাৱে স্নায়ুৰ সংবেদশীলতা বন্ধ কৰাৰ লগতে অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজনীয়তা কমাব পাৰে বা একেবাৰে দৰকাৰ নোহোৱাও কৰিব পাৰে। এই ধৰণেৰে শিশুসকলক কাঢ়া বিষ নিৰাময়ক ঔষধ প্ৰয়োগৰ পৰা বচাব পৰা যায়।
শিশুৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত শল্য চিকিৎসকসকলৰ সমানেই শিশুৰ পিতৃ-মাতৃৰ ভূমিকাও গুৰুত্বপূৰ্ণ। শিশু এটিৰ শৰীৰত যে অস্ত্ৰোপচাৰ কৰিব, সেই বিষয়বোৰত প্ৰতি শিশুটিক মানসিকভাৱে সাজু কৰিব লাগে। অস্ত্ৰোপচাৰৰ পিছত হশিশুসকলে যাতে দ্ৰুত আৰোগ্য লাভ কৰে, সেইবাবে শিশুটিৰ পৰিচৰ্যাকাৰী দলৰ সৈতে পিতৃ-মাতৃসকলো শিশুটিৰ কাষত থাকিব লাগে।
শিশুৰ অস্ত্ৰোপচাৰৰ বাবে ‘এপিডিউৰেল এনস্থেছিয়া’ই হৈছে(পুচ্ছ অস্থি বা পৃষ্ঠভাগত বেজিৰ সহায়ত প্ৰয়োগ কৰা এনাস্থেছিয়া) আটাইতকৈ বেছি ব্যৱহৃত এনাস্থেছিয়া। শিশু এটিৰ প্ৰসৱৰ সময়ত প্ৰয়োগ কৰা এনাস্থেছিয়াৰ সৈতে এই শ্ৰেণীৰ অনাস্থেছিয়াৰ মিল আছে।
অস্ত্ৰোপচাৰৰ পিছত আপোনাৰ শিশুটিৰ আৰোগ্য লাভৰ সময়, অস্ত্ৰোপচাৰৰ শ্ৰেণী আৰু তাৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰে।
অস্ত্ৰোপচাৰৰ পিছত আৰোগ্য লাভৰ সময়ছোৱা গড়ে একৰ পৰা দুসপ্তাহ পৰ্যন্ত হ’ব পাৰে আৰু ডাঙৰ অস্ত্ৰোপচাৰৰ পিছত আৰোগ্য লাভৰ বাবে ৪ৰ পৰা ৬ সপ্তাহ পৰ্যন্ত দৰকাৰ হ’ব পাৰে।
শিশুৰ অস্ত্ৰোপচাৰৰ সময়ত ৰোগীৰ শৰীৰৰ তৰল দ্ৰব্যৰ পৰিচালনাৰ বিষয়টো মেডিকেল পৰিচৰ্যাৰ অন্তৰ্গত এক গুৰুত্বপূৰ্ণ পৰিমাপক। বিশেষভাৱে প্ৰাথমিক চিকিৎসা প্ৰদানৰ সময়ছোৱাত। ফ্লুইড ফিজিওলজিৰ বিষয়ে পৰ্যাপ্ত জ্ঞান থকাটো অতি গুৰুত্বপূৰ্ণ কথা। কাৰণ শিশুসকল ডিহাইড্ৰেচনৰ(নিৰ্জলা) ক্ষেত্ৰতে অতিশয় সংবেদনশীল হয়।
শল্যচিকিৎসক আৰু অন্য ক্লিনিকেল কৰ্মচাৰীসকল উপযুক্তভাৱে প্ৰশিক্ষণপ্ৰাপ্ত আৰু তেওঁলোকে প্ৰতিটো শিশুৰ একক অৱস্থা অনুভৱ কৰিব পৰাকৈ সু-প্ৰশিক্ষিত হ’ব লাগে। লগতে শিশু এটিক নিৰাপদে কেনেকৈ ৰাখিব লাগে, সেই কথাও ভালদৰে জানিব লাগে। মূল্যায়ন আৰু অস্থোপচাৰৰ যোগেদি ৰোগ নিৰ্ণয় কৰি পৰৱৰ্তী ব্যৱস্থা লোৱালৈকে সকলোখিনি কথা তেওঁলোকে জানিব লাগে।
শিশুৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত, বুকু, পেট আৰু শ্ৰোণী মণ্ডলৰ সকলো সমস্যাৰ বাবে সৰ্বাত্মক, যত্ন বা পৰিচৰ্যা প্ৰদান কৰিব লাগে। শেহতীয়া গৱেষণালব্ধ কৌশল আদি একত্ৰিত কৰি অত্যাধুনিক ৰোগ নিৰ্ণয় আৰু অস্ত্ৰোপচাৰৰ প্ৰযুক্তি কৌশলসহ অত্যাধুনিক সা-সৰঞ্জামৰ সুবিধা ৰোগীলৈ আগবঢ়াব লাগে। এই দলীয় ভিত্তিক পদক্ষেপক প্ৰায়ে ‘মাল্টি ডিচিপ্লিনেৰি কেয়াৰ’ বুলি কোৱা হয়। এই দলটোক কেৱল শিশু হেটিৰ ৰুগ্নাৱস্থাৰ চিকিৎসাৰ বাবেই প্ৰশিক্ষণ দিয়া নহয়, লগতে শিশুহঁতৰ পৰিচৰ্যাৰো শিক্ষা দিয়া হয়।
১)নৱজাতকৰ ক্ষেত্ৰত:
ছিদ্ৰবিহীন মলদ্বাৰ :
নৱজাতক শিশু এটিৰ শৰীৰৰ নিম্নাংশৰ(মলদ্বাৰৰ নিম্নাংশৰ অন্তিম অংশ, মলাশয় আৰু জননাংগসহ মূত্ৰ তন্ত্ৰৰ নলী) স্বাভাৱিক গঠনৰ বাবে এক দীঘলীয়া সাংগঠনিক পদক্ষেপ জড়িত হৈ থাকে। বৃদ্ধিকালৰ চতুৰ্থ সপ্তাহৰ ভ্ৰূণত ‘ক্লয়েকা’ আৰু ‘ক্ল’য়েকেল আৱৰণ’ নামৰ এক আৱৰণৰ গঠন সম্পূৰ্ণ হয়। চৰাইৰ দেহত এই ক্লায়েকা এক প্ৰকাৰৰ স্বাভাৱিক অংগ কিন্তু মানুহৰ ক্ষেত্ৰত এই অংগ মানৱ ভ্ৰূণ জন্মৰ আগত মাত্ৰ কেইদিনমানৰ বাবেহে থাকে। ক’ল’ন, প্ৰস্ৰাৱ তন্ত্ৰ আৰু জননাংশ আদি সকলো তন্ত্ৰই সকলো বৰ্জ্য দ্ৰব্য এটা মাত্ৰ ছিদ্ৰইদি শৰীৰৰ পৰা উলিয়াই পঠিয়ায়। মানৱ ভ্ৰূণে বৃদ্ধিৰ কেবাটাও স্তৰ পাৰ হৈ আহোঁতে ক্লুয়েকাৰ গাঁঠনি এৰি থৈ আহে আৰু প্ৰতিটো তন্ত্ৰই বেলেগ বেলেগ ছিদ্ৰৰ সৃষ্টি কৰে। সেয়ে খাদ্য তন্ত্ৰৰ অৱশেষ হয়গৈ ‘মলদ্বাৰ’ত। পুৰুষৰ জননাংগৰ মূৰত মূত্ৰ দ্বাৰ আৰু কন্যা সন্তানৰ জননাংগৰ শেষত গঠন হ’ল যোনি। এয়াই হৈছে মানুহৰ দেহৰ একেবাৰে অন্তিম গঠন। ‘ক্লৱেকেল আৱৰণ’ নামৰ অংশটিৰ গঠনৰ ফলত এই স্বাভাৱিক গঠনবিলাক বিভিন্ন ৰূপত প্ৰকাশ পায়। কিন্তু যদি এই আৱৰণখন স্বাভাৱিকভাৱে গঠন নহয়, তেনেহ’লে ‘ক্লৱেকা’ অংশটো জন্মৰ সময়লৈকে থাকি যায় আৰু ল’ৰায়েই হওক বা ছোৱালীয়েই হওক, দুয়ো ক্ষেত্ৰতে অস্বাভাৱিক গঠন বৃদ্ধিপ্ৰাপ্ত হ’ব আৰু তাৰ ফলত গুহ্যদ্বাৰ ছিদ্ৰহীন ৰূপে থাকি যাব।
১৭ শ শতিকাতে হাৰ্ছপ্ৰুংছ ৰোগত ভোগা শিশুৰ বৰ্ণনা পোৱা গৈছে। হলেণ্ডৰ(নেডাৰলেণ্ড) শৰীৰতত্ববিদ, ৰুইশেচ(Ruysch) ১৬৯১ চনতে লিপিবব্ধ কৰা হাৰ্ছপ্ৰুংছ ৰোগৰ লক্ষনবিলাক নৱজাত শিশুৰ গাত দেখা পোৱা যায়। এই ৰোগত ভোগা নৱজাতসকলে সচৰাচৰ অন্ত্ৰৰ বাধা বা প্ৰতিবদ্ধকতাত ভোগে আৰু মলাশয় বা মলদ্বাৰত সাধাৰণতে এই বাধা হোৱা দেখা যায়। যদিও এন্টেৰোকোলাইটিছ ঘটনা সকলো ৰোগীৰ ক্ষেত্ৰতে নহ’ব পাৰে, এই ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাগ্ৰহণ- এই দুয়োটোকে জৰুৰীকালীনৰূপে লোৱা উচিত। একেবাৰে সাধাৰণভাৱে আক্ৰান্ত হোৱা এই ৰোগত, নৱজাত শিশুৱে প্ৰথম ত্যাগ কৰিব লগা মল(Meconium) দেৰিকৈ ত্যাগ কৰাটো এই ৰোগৰ একমাত্ৰ বিসংগতি।
মেকোনিয়াম ইলিয়াছ হৈছে অন্ত্ৰৰ প্ৰতিৰোধক আৰু এই বাধা ‘চিষ্টিক ফিব্ৰ’ছিছ’ নামৰ বিকাৰৰ বাবে হয়। মেকোনিয়াম ইলিয়াছ সম্পৰ্কীয় আন্ত্ৰিক বাধা ছিষ্টিক ফিব্ৰ’চিছ থক ১৫ৰ পৰা ২০ শতাংশ কেঁচুৱাৰে থাকে। যদিও প্ৰথম অৱস্থাত এই কথা ভবা হৈছিল যে, ‘চিষ্টিক ফিব্ৰ’ছিছে’ প্ৰাথমিকভাৱে পেনক্ৰিয়াচক আক্ৰমণ কৰে, অৱশ্যে এতিয়া জনা গৈছে যে, এই বিসংগতিয়ে অন্ত্ৰৰ পৰা নিঃসৰণ হোৱা দ্ৰব্যৰ ওপৰতো প্ৰভাৱ পেলায়।
মেকোনিয়াম প্ৰাগ আৰু নৱজাতক কেচুঁৱাৰ ’ক্ষুদ্ৰ’ বাওঁকলন চিণ্ড্ৰ’মৰ মাজত ভালেমান সাদৃশ্য আছে আৰু এই দুয়োটা বিকাৰ একেলগে আলোচনা কৰিবলগা হয়। ৰোগীয়ে ক’লনত হোৱা বাধাৰ ফলত ইয়াৰ কাৰণ হ’ল ক’ল’নে ভালদৰে কাম নকৰাটো। এই ৰোগৰ চিনাক্তকৰণ আৰু চিকিৎসা ব্যৱস্থাও একে ধৰণৰ।
এই সমস্যাবিধ অতি গুৰুতৰ আৰু সঘনাই হোৱা পাকস্থলী আৰু অন্ত্ৰৰ(Gestrointestinal, GI) বিকাৰ। সাধাৰণতে এই বিকাৰ জন্মতে কম ওজনৰ কেচুঁৱাৰ হোৱা দেখা যায়।
অন্ত্ৰৰ দ্বাৰ সংকুচিত হৈ পৰাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। অন্ত্ৰৰ দ্বাৰৰ বহিৰ্ভাগত পাকস্থলীৰ তলৰ অংশ বেছি ডাঠ হৈ বৃদ্ধি হয় আৰু পাইলোৰিক দ্বাৰৰ চাৰিওফালৰ পেশীয়ে অতিৰিক্তভাৱে কাম কৰিব লগা হোৱাৰ কাৰণে এই বিসংগতিৰ আৰম্ভণি হয়। বেছি ডাঙৰ হোৱা এই পেশীয়ে পাকস্থলীৰ পৰা অন্ত্ৰদ্বাৰৰ মাজেদি নিম্নাংশৰ অন্ত্ৰলৈ যাবলগা খাদ্যৰ গতিত বাধা দিয়ে। অস্ত্ৰোপচাৰৰ পিছত অন্ত্ৰৰ পেশী সম্পূৰ্ণৰূপে স্বাভাৱিক হৈ পৰে। অন্ত্ৰৰ দ্বাৰ সংকুচিত হৈ থকা কেচুঁৱাৰ প্ৰায় ৭ শতাংশই অন্য কিছুমান স্বাস্থ্যজনিত সমস্যা লৈ জন্ম হয়।
ভ্ৰূণ গঠনৰ বৰ্জিত দ্ৰব্যৰ একোটা ছিদ্ৰ বা গাঁতত বেক্টেৰিয়া বৃদ্ধিৰ ফলত নাভিৰ সংক্ৰমণ(Umbilical infection) হয়। আটাইতকৈ বেছিকৈ হয়- নৱজাতক কেচুঁৱাৰ মূত্ৰস্থলীৰ সৈতে এসময়ত সংলগ্ন ‘ইউৰেচাছ’ নামৰ এটা গঠন।
ইউৰেচাছ ভ্ৰূণৰ মাজত বিকশিত গঠন আৰু এইডাল কেচুঁৱাৰ মূত্ৰস্থলীৰ ওপৰ অংশৰ পৰা নাভিৰ নিম্নাংশলৈ বৰ্ধিত হৈ সংযোজিত হৈ থাকে। এই গঠনটো সমগ্ৰ জীৱন জুৰি মুকলি হৈ থাকিব পাৰে। ইউৰেচাছ সাধাৰণতে বন্ধ হৈ পৰে আৰু জন্মৰ পিছত ই নিষ্ক্ৰিয় হৈ যায়। ইউৰেচাছে কিছুমান লক্ষণ দেখুৱাব পাৰে,ম যদিহে ইয়াৰ কিছু অংশ বা সমগ্ৰ গঠনটোৱেই জন্মৰ পিছত উন্মুক্ত হৈ ৰয়।
জন্মগত ডায়াফ্ৰাগমেটিক হাৰ্ণিয়া(CHD), এক প্ৰকাৰৰ যন্ত্ৰণাদায়ক অৱস্থা। যেতিয়া বক্ষগহ্বৰ আৰু উদৰগহ্বৰ বিভাজিত কৰা পাতল পেশীৰ আৱৰণত ছিদ্ৰ থাকে আৰু এই ছিদ্ৰইদি উদৰৰ পৰা কিছুমান অংশ বশগহ্বৰলৈ উঠি যায়, তেতিয়াই এই অৱস্থাটোৰ সৃষ্টি হয়। জন্মগত ডায়েফ্ৰেগামজনিত হাৰ্ণিয়াৰ বৰ্ণনা ১৮৪৮ চনতে লিপিবব্ধ হৈছিল। প্ৰথমবাৰৰ বাবে এটি শিশুৰ হদেহ অভ্যন্তৰত ১৯৪৬ চনত ৰবাৰ্ট গ্ৰছে এই বিসংগতিৰ চিকিৎসা কৰিছিল।
শৈশৱৰ বক্ষৰ(স্তন) সমস্যাবিলাক প্ৰধানকৈ দুটা শ্ৰেণীত ভগাব পাৰি। একেবাৰে পানী কেচুঁৱা অৱস্থাত দেখা দিয়া স্তনৰ্গ হসমস্যা আৰু পিছৰ ল’ৰালি কালত দেখা দিয়া সমস্যা। সেই সমস্যাবিলাক স্তনাগ্ৰইদি তৰল দ্ৰব্যৰ নিঃসৰণ, বক্ষস্থলত বাঢ়ি অহা মাংসপিণ্ড বা টেমুনা, ৰঙা পৰা বা বক্ষস্থলত অতিৰিক্ত স্তন কোষকলা বা অতিৰিক্ত উপস্থিতি বহুতো শিশুৰ ক্ষেত্ৰত দেখা পোৱাটো কোনো নতুন কথা নহয়। এই অতিৰিক্ত কোষকলাই কাচিৎহে অন্য শাৰীৰিক লক্ষণ প্ৰকাশ কৰিব পাৰে আৰু কোষকলাৰ গঠনে যদি কোনো সমস্যাৰ সৃষ্টি কৰে, তেনেহ’লে সেইবিলাক কাটি আঁতৰাই পেলাব পাৰি।
এটি স্বাভাৱিক শিশুৰ পিত্তৰস লিভাৰৰ পৰা নিঃসৰণ হৈ এলানি নলীৰ মাজেদি আহি ডিঅ’ডেনাম(ক্ষুদ্ৰান্তৰ কেবাহেজাৰো অতি সূক্ষ্ম নলী একেলগ হৈ দুডাল ডাঙৰ নলীৰ আকাৰ লয় আৰু সেইকেইডাল একেলগ হৈ এডাল হিপাটিক ডাক্ট(Hepatic duct), যকৃৎ নলী গঠন হয় আৰু এই পিত্ত নলীডাল অন্ত্ৰত লগ লাগিছে। পিত্তৰসৰ ভাণ্ডাৰ বা পিত্তাশয়, লিভাৰ আৰু ডিঅ’ডেনামৰ প্ৰায় মধ্যাংশত থাকে আৰু ই হেপাটিক ডাক্ট বা পিত্তনলীত পিত্তৰস যোগান ধৰি থাকে। গলব্লাডাৰ বা পিত্তশয়ৰ প্ৰধান নলীডালত সংলগ্ন হোৱাৰ পিছত লিভাৰৰ পৰা পিত্তৰস বোৱাই আনে আৰু তেতিয়াই এই নলীডালক কোৱা হয় সাধাৰণ বা সমূহীয়া পিত্ত নলী। কেচুঁৱা কালতে প্ৰকাশ পোৱা এটি বিসংগতি হৈছে- এই পিত্তনলীবিলাক বিলুপ্ত হৈ যায় বা ইয়াৰ সুৰুঙা বন্ধ হৈ পৰে আৰু তাৰ ফলত লিভাৰৰ পৰা পিত্তৰস ওলাই যোৱাত বাধা পৰে।
শৈশৱত পেট বিষোৱাৰ এক অন্যতম সাধাৰণ কাৰণ হ’ল- এপেণ্ডিচাইটিক। সকলো বয়সৰ লোকৰ মাজতে এই বিকাৰ হ’ব কপাৰে বুলি নিশ্চিত হ’ব পাৰি, কিন্তু এই ৰোগ চাৰি বছৰৰ পৰা পোন্ধৰ বছৰ বয়সৰ ভিতৰত ল’ৰা-ছোৱালীৰ মাজত যথেষ্ট বেছিকৈ হোৱা দেখা যায়। ‘এপেণ্ডিক্স’ৰ কাম কি, সেই বিষয়ে জনা নেযায়। অৱশ্যে শহাপহু আৰু অন্য কিছুমান প্ৰাণীৰ শৰীৰত থকা চিকামৰ(Cecum) আকাৰ আৰু আকৃতি এপেণ্ডিক্সৰ সৈতে প্ৰায়ে একেই আৰু এই অংশটোৱে সেই জন্তুবিলাকৰ খাদ্য হজম কৰাত সহায় কৰে। ইয়াৰ মধ্যাংশ, এপেণ্ডিক্সৰ অভ্যন্তৰভাগ প্ৰায় অসমান আৰু ঈষৎ ঠেক পৰিসৰৰ হ’ব পাৰে। এই অৱস্থাটো গঢ় লোৱাৰ কাৰণটো হ’ল- ইয়াৰ বেৰত লিমফ গাঁঠি থাকে।
ভালেকেইবিধ ৰোগৰ চিকিৎসা কালত গলব্লাডাৰত পাথৰ জমা হ’লে উদ্ভৱ হোৱা জটিলতাকে ‘ক’লেচিষ্টাইচিছ’ বুলি কোৱা হয়। এই বিসংগতি বেছিকৈ হোৱা দেখা যায়, অলপ ওপৰ বয়সৰ ল’ৰা-ছোৱালীৰ মাজত। ল’ৰা আৰু ছোৱালীৰ্গ মাজত এই বিকাৰ বেছিকৈ হোৱা দেখা গৈছে। লেপাৰোস্ক’পিক ক’লেচিষ্টিক্ট’মি(পেটত ক্ষুদ্ৰ ছিদ্ৰ এটা কৰি গলব্লাডাৰ উঠাই অন্য অস্ত্ৰোপচাৰ) হৈছে এই ৰোগৰ অত্যাধুনিক চিকিৎসা।
লেখক: ডাঃ ৰাজীৱ ৰায় বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)
শেহতীয়া উন্নীতকৰণ: : 2/6/2023