অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ হাপানি :

শিশুৰ হাপানিৰ বিষয়ে লিখা হৈছে ।

 

শিশুৰ হাপানি বা এজমা (Asthma) আজিকালি যথেষ্ট হোৱা দেখা যায়। বয়স্থসকলৰ ক্ষেত্ৰতো এই ৰোগ দেখা যায়। গোটেই পৃথিৱীত ৩০০ মিলয়নমান (বয়সস্থ) এজমা ৰোগী আছে। যিসকল শিশুৰ এজমা হয়, সেইসকলৰ নিচেই সৰু কালৰপৰাই আৰম্ভ হয়। শতকৰা প্ৰায় ১৪ ভাগ শিশু এজমা ৰোগত ভোগে। একাধিক কাৰণত শিশুৰ এজমা হ’ব পাৰে। অৱশ্যে সতৰ্ক হ’লে কিছু শিশু এজমা ৰোগত আক্ৰান্ত নহয়।

এজমা হ’ব পৰা কেইটামান কাৰণ উল্লেখ কৰা হ’ল -

১) বংশগত: প্ৰায় ৫০ ৰ পৰা ৭০ ভাগ শিশু এই ৰোগত আক্ৰান্ত হয় বংশগত কাৰণত। গতিকে বংশগত কাৰোবাৰ থাকিলে, বিশেষকৈ পিতৃ-মাতৃৰ, তেন্তে সজাগ হোৱাৰ খুবেই প্ৰয়োজন।

২) পৰিৱেশ: ধুলি, বোকা, জন্তুৰ পায়খানা আদিয়ে পৰিৱেশ বিনষ্ট কৰে। বতাহত কাৰ্বন-ম’ন’ক্সাইড (Carbon Monoxide), নাইট্ৰজেন ডি’ক্সাইড (Nitrogen Dioxide)থাকিলেও এজমা হ’ব পাৰে। পকাৰ ওপৰত দিয়া   PLASTIC FLOORING ৰ পৰা এজমা হ’ব পাৰে বুলি এক সমীক্ষাত প্ৰকাশ।

৩)গৰ্ভাৱস্থাত ধুমপান: গৰ্ভৱতী মহিলাই ধুমপান কৰিলেও শিশুৰ এজমা হোৱা সম্ভৱ। গৰ্ভৱতী অৱস্থাত ধুমপান কৰিলে PLACENTA-ত CYTOKINE উৎপন্ন হয় আৰু তেনে ক্ষেত্ৰত শিশুৰ ৬ বছৰমান বয়সত এজমা হোৱা দেখা যায়। ধুমপানত থকা নিক’টিনৰ (NICOTINE) পৰা শ্বাস-প্ৰশ্বাস যন্ত্ৰত ব্যাঘাত জন্মে। দেখা গৈছে শিশু অৱস্থাত ধুমপানৰ ধোঁৱাই এজমা কৰিব পাৰে।

৪) মানসিক চাপ: মাতৃগৰাকীৰ গৰ্ভৱতী অৱস্থাত মানসিক উদ্বেগ- উত্তেজনা বৃদ্ধি হ’লে এজমা হ’ব পাৰে। উদ্বেগ বৃদ্ধি হ’ল CORTISOL উৎপাদন বাঢ়ি শ্বাস-প্ৰশ্বাসত ব্যাঘাত জন্মায়।

৫)গৰ্ভাৱস্থাত মেদবহুলতা: গৰ্ভাৱস্থাত মেদবহুল হ’লে (Obesity) কেঁচুৱাৰ এজমা হোৱাৰ সম্ভাৱনা বেছি। মেদবহুলতাই এজমা হোৱাৰ সম্ভাৱনা প্ৰায় ২০ গুণ বৃদ্ধি কৰে। BASAL METABOLIC RATE বৃদ্ধি হ’লেও এই সম্ভাৱনা বৃদ্ধি হয়।

৬) প্ৰসৱ : যদি চি এছ ছিজাৰিয়ান চেকচন কৰি কৰা হয়, তেন্তে শিশুৰ এজমা হোৱা সম্ভাৱনা বৃদ্ধি পায়। এই সম্ভাৱনা সাধাৰণ প্ৰসৱতকৈ প্ৰায় ২০ গুণ বেছি।

৭) শিশুৰ হাঁওফাঁও কাৰ্যদক্ষতা: হাঁওফাঁওৰ কাৰ্যদক্ষতা বহু কাৰণে কম হয়। যেনে- গৰ্ভৱতী অৱস্থাত যদি মাতৃগৰাকী ধুমপায়ী হয়। প্ৰদুষণমুক্ত পৰিৱেশত থাকে তেন্তে এজমা হোৱাৰ সম্ভাৱনা বেছি।

৮) শিশুৰ শ্বাস-প্ৰশ্বাস ৰোগ: শিশুৰ শ্বাস-প্ৰশ্বাস ৰোগ বিশেষকৈ এল আৰ টি আই (Lower Respiratory Tract Infection) হ’লে এজমা হোৱাৰ সম্ভাৱনা বেছি। ৰাইন’ ভাইৰাছ আৰু আৰ এছ ভিৰ(Respiratory Syncytial Virus) দ্বাৰা অন্যান্য শিশুৰ এজমা হোৱাৰ সম্ভাৱনা বেছি

৯)শিশুৰ ভিটামিন ‘ডি’ কম হ’লে: ভিটামিন ‘ডি’ কম হ’লে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হয়। এই ক্ষেত্ৰত অধিক এজমা হোৱাৰ সম্ভাৱনা বেছি।

শিশুৰ এজমা নহ’বৰ বাবে মাতৃসকল সচেতন হ’ব লাগে। মানসিক চাপ, ধুমপান ত্যাগ কৰিবলৈ চাব লাগে। পৰিৱেশত উন্নত হ’ব লাগে। দেহৰ চৰ্বি কমাবলৈ শাৰীৰিক শ্ৰম কৰিব লাগে। খোজ কঢ়া ভাল। চৰ্বিজাতীয় আহাৰ- ঘিউ, বাটাৰ কমাই খাব লাগে। শিশুৰ শ্বাস- প্ৰশ্বাস ৰোগ হ’লে চিকিৎসা কৰাব লাগে। পৰ্যাপ্ত ভিটামিন ‘ডি’ খুৱাব লাগে। সময়ে সময়ে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। এনে কৰিলে বহুতো শিশুৰ এজমা হোৱাৰ পৰা ৰক্ষা পৰিব আৰু সুস্থ-সবলভাৱে জীৱন-যাপন কৰিব পাৰিব।

লেখক: ডা: দুৰ্লভ বৰুৱা (দৈনিক জনমভুমি)

3.02702702703
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top