মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন

শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই মাকৰ বুকুৰ গাখীৰ খুউৱা আৰম্ভ কৰিব লাগে। সন্তানৰ বাবে মাকৰ প্ৰথম গাখীৰ অলপ ঘন আৰু হালধীয়া ৰঙৰ হয়। এই গাখীৰত প্ৰকৃতিয়ে শিশুৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে এবিধ জীৱনদায়িকা শক্তিৰ বস্তু দিয়ে। ই কেৱল শিশুটিৰ বাবে খোৱা খাদ্যই নহয় ইয়াত কল’ষ্ট্ৰাম বুলি বস্তু থাকে, যিয়ে শিশুটিক মাতৃৰ গৰ্ভৰ পৰা ওলাই ধৰিত্ৰী মাতৃৰ পৰিৱেশত উন্মুক্ত হৈ পৰাত হ’ব পৰা কোনো ৰোগৰ আক্ৰমণৰ পৰাও বচাই ৰাখে। শিশুক জন্মা দিনৰ পৰাই ২-৩ ঘণ্টা অন্তৰে অন্তৰে মাকৰ বুকুৰ গাখীৰ দিব লাগে। যেতিয়াই কান্দে তেতিয়াই বুকুৰ গাখীৰ খাবলৈ দিব লাগে।

প্ৰথম ২-৩ মাহৰ কেঁচুৱাই মাকৰ গাখীৰ খাই কেতিয়াবা বমি কৰে। ইয়াতে চিন্তা কৰিবৰ একো নাই অথবা ঔষধ, গ্ৰাইপ ওৱাটাৰ আদি খুৱাবৰো দৰকাৰ নাই। কেৱল মাকে আহাৰ (ভাতাদি) খোৱাৰ পাছত পানী নাখাব। কেঁচুৱাক গাখীৰ খুৱাবৰ সময়ৰ ১০-১৫ মিনিট আগত সেই পানী খাব, তেতিয়া আৰু কেঁচুৱাই বমি নকৰে। অন্ততঃ এক গিলাচ পানী খাব লাগে। মাতৃয়ে খং-ৰাগ কৰি গাখীৰ নিদিব। আনন্দেৰে খুৱাব, কাৰণ এইয়া আপোনাক অপৰিসীম শক্তি ভগৱানে দিছে এটি সন্তান গৰ্ভধাৰণ কৰি জন্ম দি ডাঙৰ কৰিবলৈ। যাৰ বাবে মানৱ জাতিয়ে নাৰীৰ ওচৰত চিৰ ঋণী বুলি ভাবে আৰু মাতৃজাতিক চিৰনমস্য বুলি গণ্য কৰে। ৪ মাহমান হ’লে ৪ ঘণ্টাৰ মূৰে মূৰে গাখীৰ খুৱাব লাগে। গা ধুই তিতা মূৰে সন্তানক গাখীৰ নুখুৱাব। গাখীৰ খুৱাই কেঁচুৱাক কান্ধত মূৰ থৈ শুৱাই দিব পাৰি আৰু তেনেকৈ লৈ পিঠিত লাহে লাহে চপৰিয়াই দিলে কেঁচুৱাৰ পেটত সোমোৱা বতাহ ওলাই যায়। ২-৪ সপ্তাহমানৰ পৰাই কেঁচুৱাক দিনে ৪ টোপমান দিনে এবাৰ কডলিভাৰ অইল ডাক্তৰৰ পৰামৰ্শ লৈ, দিব পাৰি। দিনত এবাৰকৈ ৪-৬ টোপ কমলাৰ ৰসো দিব পাৰি। কিন্তু সমান পৰিমাণৰ পানীৰে দিব লাগে।

৪ মাহত কেঁচুৱাক মৌ ৪ টোপমান এটোপ দি খোৱা হ’লে আকৌ এটোপ দি খোৱাৰ অভ্যাসলৈ আনিব। ইয়াৰ ফলত কেঁচুৱাৰ ওজন বাঢ়িব, দাঁত সময়তে গজিব আৰু নানা ৰোগৰ সংক্ৰমণৰ পৰাও ৰক্ষা পৰিব।

ভাল ধৰণৰ বাদাম এটা মাত্ৰ, ৰাতি কাপত ভাল পানীত ভিজাই থ’ব আৰু ৰাতিপুৱা ৯-১০ বজাৰ সময়ত বাদামটো, শিলত ঘঁহি, চন্দনৰ নিচিনা হ’লে, আপোনাৰ (মাকৰ) আঙুলিৰে আনি কেঁচুৱাৰ জিভাত লগাই খুৱাওক। ইয়াৰ ফলত কেঁচুৱাৰ মন আৰু মস্তিষ্ক পুষ্ট হ’ব। চাব যাতে ঢিলা, তিতা বা বেয়া বাদাম খুউৱা নহয়। মৌ, বাদাম, উপৰন্তু খাদ্য, মাকৰ গাখীৰ ৩ ঘণ্টাৰ মূৰে মূৰে খুৱাই থাকিব লাগিব। অথবা কেঁচুৱাই কান্দিলে মাকৰ গাখীৰ খুৱাব লাগিব। ৰাতি কেঁচুৱা টোপনি গৈ থাকিলে ৰাতি ২ টা বজাৰ খোৱাটো নিদিয়াই ভাল।

৪ সপ্তাহৰ কেঁচুৱাক কমলাৰ ৰস খুৱাব পাৰি। কিন্তু ৰসখিনি ছেকি ল’লে ভাল হয়। তেনেকৈ এটা বিলাহী (পকা) বা এটা গাজৰৰ ৰসো খুৱাব পাৰি। এইবোৰ ৰস খুৱালে প্ৰথম অৱস্থাত সম পৰিমাণৰ উতলাই চেঁচা কৰা পানীৰে দিব লাগে। পাছলৈ পানীৰ পৰিমাণ কমাই ৰসৰ পৰিমাণ বঢ়াই নিব লাগে। ৰস উলিয়াই খুউৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি নজৰ ৰাখিব লাগিব। কাম কৰা হাত, বাচন-বৰ্তন, বীজাণুমুক্ত হ’ব লাগিব।

তিনিমাহ হোৱাৰ পাছত (চাৰিমাহত) কেঁচুৱাক আধা জুলীয়া ধৰণৰ বস্তু, পকা ফল পিটিকি, শাক-পাচলিৰ চুপ, কণীৰ হালধীয়া কুহুমৰ অংশ খুৱাব পাৰি। সকলো বস্তুৱে প্ৰথমতে অলপ চেলেকাইহে দিব লাগে আৰু লাহে লাহে কণী আদিৰ মাত্ৰা বঢ়াই নিব পাৰি। এইবোৰ বস্তু দুধদানিত ভৰাই, খুৱাব পাৰি। কেঁচুৱাৰ দাঁত নগজালৈকে গোটা বস্তু দিব নালাগে।

তিনিমাহৰ কেঁচুৱাক অন্তত

দিনে এবাৰ উবুৰি কৰি শুৱাই দিব লাগে। ৩ মিনিটমান ৰাখি আকৌ পিঠিত লৈ শুৱাই দিব লাগে। কেঁচুৱা যিমানেই ডাঙৰ হ’ব সিমানেই উবুৰি হৈ থকা সময়ো বঢ়াব। ইয়াৰ ফলত কেঁচুৱাৰ হজমশক্তি বাঢ়িব। বুকু ওখ হৈ আহিব।

শিশুক গা ধুউৱাৰ আগতে গাত খাটি সৰিয়হৰ তেল বা কোনো ভাল বডি অইল মালিছ কৰি দিব। সপ্তাহত ২-৩ দিন দিলেও হ’ব। ইয়াৰ ফলত কেঁচুৱাৰ হাড় পুষ্ট হ’ব।

সাধাৰণতে শিশুৰ জন্মৰ সময়ত ওজন ২৫০০ গ্ৰামমান থাকে। ৪ মাহ মানত ওজন ইয়াৰ দুগুণ হয় অৰ্থাত্ ৫ কিল’ হ’ব লাগে। এবছৰীয়া কেঁচুৱাৰ ওজন জন্মৰ সময়ৰ তিনিগুণ হয়।

৫-৬ মাহত আৰু অলপ গোটা খাদ্য, কণীৰ কুহুম, এসপ্তাহমান দিয়াৰ পাছত বগা অংশও দিব পাৰি। যদি একো অপকাৰ কৰা দেখা নাযায় তেনেহ’লে একোটাকৈ সম্পূৰ্ণ কণী খুৱাব পাৰি। সপ্তাহত ২ বা ৩ বাৰ দিব লাগে।

৬-৭ মাহত মাকৰ গাখীৰৰ লগতে গৰুৰ গাখীৰ (মাকৰ গাখীৰ মাজে মাজে) খুৱাবলৈ আৰম্ভ কৰিব লাগে। কাৰণ তেতিয়া মাকৰ স্তনত গাখীৰ কমি আহে। যদি কোনো অসুখ নাথাকে, অসুখ থাকিলে নতুন খাদ্য (প্ৰথমে) নিদিয়াই ভাল। ৬ মাহৰ পাছত পকা কল, চকলিয়াই চকলিয়াই দিব পাৰি। কেঁচুৱাৰ ই বৰ পুষ্টিকৰ খাদ্য। এই কলৰ লগত এচামুচমান এলাচিৰ গুড়ি দিব পাৰি। তেতিয়া কল সহজে হজম হ’ব, শৌচ কচা নহয়। গৰুৰ গাখীৰ দিলে প্ৰথমতে সম পৰিমাণৰ গৰম কৰি চেঁচা কৰা পানীত মিহলাব লাগে। যেতিয়া দেখিব গৰুৰ গাখীৰ খোৱাত অসুবিধা (অসুখ) হোৱা নাই তেতিয়া পানীৰ পৰিমাণ কমাই আনিব। পাৰিলে গাখীৰত ৪-৫ টা মান গুৱা-মৰি অথবা এটা লং দি উতলাব পাৰে। তেতিয়া গাখীৰ হজম হোৱাত সহজ হয়। গাখীৰ কেৱল বটলতে দিব লাগে বুলি তেনে কথা নাই। বাটি চামুচেৰেও খুৱাব পাৰে। যদি বটলত সুবিধা বেছি বুলি ভাবে, বটল কিন্তু পৰিষ্কাৰ হ’ব লাগিব। বটল চাবোন পানীৰে ধুব নালাগে। উতলা গৰম পানীৰে চাফ কৰিব লাগে।

৭ মাহ হলে কেঁচুৱাক আধা গোটা খাদ্য ভাত, গাখীৰ ভাত (পিটিকি-পিটিকি মিহি কৰি দিয়া), আলু, পাচলি, গাজৰ সিদ্ধ আদি দিয়া আৰম্ভ কৰিব লাগে। মাকৰ বুকুৰ গাখীৰো খায়ে থাকিব। ৭ মাহ হৈ গ’লে কেঁচুৱাৰ দাঁত গজিবলৈ আৰম্ভ কৰে। ৭-৯ মাহত দাঁত দেখা দিয়ে। এই সময়ত কিছু কিছু টান খাদ্য, খিচিৰি, দাইল, তৰকাৰি, ভাত, চুজি আদি খুৱাবলৈ আৰম্ভ কৰিব লাগে। আমাৰ সমাজত ল’ৰা-ছোৱালীক সাত মাহত ভাত মুখত দিয়াৰ (অন্নপ্ৰাশন) প্ৰথা প্ৰচলিত হৈ আছে। ৯ মাহৰ পাছত ভাত, দাইল, তৰকাৰি আদি গোটা বস্তু দিব লাগে। কিন্তু কেঁচুৱাৰ ভালকৈ দাঁত গজি নুঠালৈকে বাদাম, মূলা, তিঁয়হ, বেছি ভজা-পোৰা বস্তু, মাংস বা মাংসৰ জোল আদি দিব নালাগে। মছলা আৰু জলকীয়া এইবোৰৰ ৰস কেঁচুৱাৰ পাকস্থলীৰ বাবে অপকাৰী। এবছৰলৈ কেঁচুৱাই গৰুৰ গাখীৰ খোৱাৰ উপৰিও মাকৰ গাখীৰ সদায় খাই থাকিব। কাৰণ মাকৰ গাখীৰত ৰোগ প্ৰতিষেধক ঔষধি বস্তুও থাকে। যদি শিশুই এই বয়সত গাখীৰ ঠিকমতে খাবলৈ নাপায়, তেনেহ’লে দাইলৰ লগত শাক-পাচলি দিব লাগে যাতে শিশুই প্ৰোটিন খাদ্য পাই থাকে।

১-৩ বছৰৰ শিশুৰ বাবে সুষম আহাৰ অতি আৱশ্যক। কাৰণ ৪ বছৰৰ ভিতৰতে শিশুৰ মস্তিষ্ক সংগঠিত হয়। এই সময়ত খাদ্যৰ বেমেজালি হ’ব নালাগে। তাৰোপৰি প্ৰথম দুই বছৰমানত শিশু যিমান ক্ষিপ্ৰতাৰে বাঢ়ে পাছলৈ তেনেকৈ নাবাঢ়ে। এই সময়লৈ ক্ষুধা অত্যন্ত বেছি থাকে। তাৰ পাছলৈ ক্ষুধাৰ মাত্ৰাও কমি গৈ থাকে। ৪ মাহৰ কেঁচুৱাই যদি ২৪ ঘণ্টাত ২০০ মিলিলিটাৰ গাখীৰ খায় এবছৰৰ শিশুক ৩৫০ মিলিলিটাৰৰ পৰা ১ লিটাৰমানলৈ দিব পাৰি। ১৫ মাহৰ শিশুক ভাত-ৰুটি, দাইল, শাক-পাচলি ফল আদি ঘৰৰ অন্য সদস্যৰ নিচিনাকৈয়ে দিব লাগে। কিন্তু চকলেট্, টফি, আইচক্ৰীম, ভজা ভুজিয়া, আলু চিপ্ছ আদি একেবাৰে নিদিব। এই কথাবোৰ মানি চলিলেহে শিশুৰ লালন-পালন ঠিক হয়।

শিশুৰ বাবে কৃত্ৰিম গাখীৰঃ

কেঁচুৱাক কেতিয়াবা কৃত্ৰিম গাখীৰ খুৱাব লগাও হ’ব পাৰে। যদি কোনো কাৰণত নৱজাতকে মাকৰ গাখীৰ খাবলৈ নাপায়, তেতিয়া গাখীৰ তৈয়াৰ কৰি দুধদানিত ভৰাই খুৱাব লাগে। দুৰ্বল শিশুক জীয়াই ৰখাৰ বাবে, অন্য স্বাস্থ্যৱতী মাতৃয়ে, নিজৰ সন্তানক খুউৱাৰ উপৰিও এনে দুৰ্বল সন্তানক বুকুৰ গাখীৰ খুৱাব পাৰে। সেই কেঁচুৱাৰো কল্যাণ সাধন হয়। কেতিয়াবা সন্তান বৰ দুৰ্বল হয় আৰু মাকৰ গাখীৰ যথেষ্ট ওলায় কিন্তু শিশুই খাব নোৱাৰে। তেনে ক্ষেত্ৰত মাকে ভাল পাত্ৰত গাখীৰ উলিয়াই থৈ দি পাছতো খুৱাব পাৰে। কাৰণ শিশুৰ বাবে মাকৰ গাখীৰেই উত্তম খাদ্য। এনে কৰিলে মাকে স্তনৰ টানি ধৰা আদি অসুখ অনুভৱ নকৰে।

সন্তানৰ বাবে মাকৰ গাখীৰৰ অভাৱ হ’লে আজিকালি শিশুক খুৱাবৰ বাবে উপযোগীকৈ তৈয়াৰ কৰা পাউডাৰ গাখীৰো বজাৰত পোৱা যায়। সেইবোৰ তাত থকা নিয়মানুসাৰে পানী মিহলাই খুৱাব পাৰি। ম’হৰ গাখীৰ, ছাগলীৰ গাখীৰ বৰ সোনকালে (কম বয়সত) নিদিয়াই ভাল। যদি দিব লগা হয়, গৰম কৰি চেঁচা কৰা পানী বেছিকৈ মিহলাই মাকৰ গাখীৰৰ দৰে পাতল কৰি খুৱাব লাগে। ম’হৰ গাখীৰত বহুত চৰ্বীজাতীয় বস্তু থাকে। গতিকে পানী মিহলাই উতলাই তাৰ ওপৰত পৰা সৰ কাঢ়ি শিশুক খুৱাব পাৰি। তেতিয়া সেয়া প্ৰায় মাকৰ গাখীৰৰ দৰেই হয়। ছাগলীৰ গাখীৰো একেই নিয়মেৰে আধামান পানী মিহলাই তাৰ লগত শতকৰা ৬-৮ ভাগ চেনি দি খুৱালে মাকৰ গাখীৰৰ দৰে হয় আৰু খুৱাব পাৰি।

কৃত্ৰিম পাউডাৰ গাখীৰত গ্লুক’জ বা লেক্ট’জ মিহলাই খুৱাব পাৰি। এইবোৰ নাথাকিলে সামান্য চেনিও দিব পাৰি।

টিনত থকা কনডেন্সড্ মিল্ক শিশুক খুউৱাৰ উপযোগী নহয়। কাৰণ ইয়াক শতকৰা ৪৫ ভাগ চেনি দি তৈয়াৰ কৰা হয়, গতিকে প্ৰোটিন কম থাকে। এই গাখীৰ খুৱালে শিশু দেখাত শকত হৈ আহিব পাৰে। কিন্তু সিহঁতৰ মাংসপেশীবোৰ শিথিল হয়, নিস্তেজ হৈ পৰে আৰু গ্ৰহণী ৰোগ প্ৰতিৰোধ কৰাৰ শক্তি শিশুৰ কম হয়। শিশুক আহাৰ (গাখীৰ আদি) খুৱাই শুৱাই দিব লাগে আৰু পেট বা পিঠিত ঠেলি বা চপৰিয়াই মৰম কৰিব নালাগে। তেনে কৰিলে বমি হ’ব পাৰে।

শিশুৰ দৈহিক আৰু মানসিক বিকাশৰ লক্ষণঃ

৬ সপ্তাহত কেঁচুৱাই হাঁহিবলৈ আৰম্ভ কৰে।

৩-৪ মাহত কান্ধৰ হাড় কঠিন হ’বলৈ ধৰে। ইফালে-সিফালে মূৰ ঘূৰাব খোজে।

৪ মাহত উবুৰি হ’বলৈ চেষ্টা কৰে।

৬ মাহত তলৰ পাৰিৰ দুটা দাঁত ওলায়।

৭-৮ মাহত কিহবাত ধৰি বহিবলৈ চেষ্টা কৰে। কোনো বস্তু এখন হাতত থাকিলে অন্যখন হাতলৈ নিয়ে।

৯ মাহত কাৰো সাহায্য নোহোৱাকৈ বহিব পাৰে। অ’ত ত’ত নধৰাকৈয়ে বহিব পৰা হয়। মুখেৰে কথা ক’ব বিচাৰে, কিবা-কিবি কয়ো।

১০-১১ মাহত থিয় হ’বলৈ চেষ্টা কৰে। হামখুৰি খাই পৰে।

১২ মাহত দুই-এটা কথা ক’বলৈ আৰম্ভ কৰে। শব্দ উচ্চাৰণ কৰিব পাৰে। আনৰ কথাও বুজিবলৈ ধৰে। সচেতন হৈ আহে।

১ বছৰৰ পৰা ১৩ মাহৰ ভিতৰত ইটো-সিটোত ধৰি খোজ কাঢ়িবলৈ ধৰে। কাৰোবাৰ হাতত ধৰি, খাট পালেং আদিৰ কাষত ধৰি ধৰি খোজ কাঢ়িবলৈ ধৰে।

১৫ মাহৰ পৰা শিশুই নিজৰ কাপ বা পাত্ৰত ধৰি গাখীৰ খাবলৈ আৰম্ভ কৰে। যদি তেনেকৈ নিজৰ পনীয়া খোৱা খাদ্য নিজেই খাবলৈ সক্ষম হয় তেতিয়া বুজিব লাগিব যে শিশুটিৰ দৈহিক আৰু মানসিক বিকাশ স্বাভাৱিকভাৱেই হৈছে। অন্যথা শিশুটিৰ স্বাস্থ্যৰ প্ৰতি চকু দিয়াৰ আৱশ্যক হয়। এক-ডেৰ বছৰত শিশুই মা মা পা পা আদি শব্দ উচ্চাৰণ নকৰিলে শিশুক কাণৰ ডাক্তৰক দেখুৱাব। কাণেৰে নুশুনিলেও নিমাত হৈ থাকিব পাৰে।

শিশুৰ যত্ন কেনেকৈ ল’ব

জন্মৰ পাছত কে’বাসপ্তাহো শিশু সুস্থ থাকিলে শিশুৱে বেছিভাগ সময়েই শুই থাকে। কেঁচুৱাক শুৱাবৰ কাৰণে কোমল আৰামদায়ক বিছনা তৈয়াৰ কৰিব লাগে। এটা বাঁহৰ বা বেতৰ পাচিত এই বিছনা কৰা ভাল। এখন সৰু আঁঠুৱা তৰি ৰাখিব লাগে যাতে কেঁচুৱাৰ মুখ আৰু চকুত মাখি পৰিব নোৱাৰে। মাখি পৰিলে কেঁচুৱাৰ ছালত ফোঁহা হ’ব পাৰে আৰু চকুত পৰিলেও ফেচকুৰি হ’ব। মহৰ উপদ্ৰৱৰ কথটো আছেই। শুই থাকোতে কেঁচুৱাক মূৰ ঢাকি কাপোৰ দিব নালাগে। উশাহ লোৱাত অসুবিধা পাব পাৰে। শিশুক যথেষ্ট মুকলি বতাহ লাগে। গতিকে কোঠাৰ দুৱাৰ-খিড়ীকি বন্ধ কৰি ৰাখিব নালাগে। কেঁচুৱাক বাহিৰতো ৰাখিব পাৰি কিন্তু ঠাণ্ডা যাতে নাপায় তালৈ চাব লাগিব। শিশুক সদায় গা ধুৱাব লাগে আৰু গা ধোৱা পানী কুহুমীয়া গৰম হ’লে ভাল। কিন্তু গৰমৰ দিনত শেষত অলপ চেঁচা পানীৰে ধুৱাব লাগে। ইয়াৰ কাৰণ হৈছে গৰম পানী পৰি শিশুৰ ছালত থকা ছিদ্ৰ (নোমৰ গুৰি) অলপ বহল হয় আৰু চেঁচা পানী দিলে সংকোচন হৈ যায়। চেঁচা পানী নিদিলে গা ধোৱাৰ পাছত শিশুই ঠাণ্ডা পাব পাৰে ছিদ্ৰবোৰ বেছি মেল খাই থকাৰ বাবে। পানীৰ উত্তাপ জুখি চাবলৈ মাকে শিশুৰ গাত ঢালিবলৈ লোৱা পানীৰ বাল্টি বা চৰিয়াত নিজৰ হাতৰ কিলাকুটিটো সুমুৱাই দিব লাগে। যদি কিলাকুটিৰ ছালত বেছি গৰম নালাগে তেনেহ’লে সেই পানীৰে গা ধুৱাব পাৰি। তেনেকৈ চেঁচা পানীও জুখি চাব লাগে। যদি ছালত বেছি শীত অনুভৱ নহয় সেই পানী ব্যৱহাৰ কৰিব পাৰিব।

কেঁচুৱাক কেতিয়াও খালী মাটিত নথব। কাৰণ মাটিৰ পৰা অনিষ্টকাৰী বস্তু শিশুৰ গালৈ যাব পাৰে। আনকি মাটিত পৰি থকা লেতেৰা বস্তু শিশুই চুই সেই হাত মুখত দিবও পাৰে। যদি শিশুই চুঁচৰি-বাগৰি অলপ খেলিব বুলি ভাবে তেনেহ’লে এখন পাটী পাৰি তাৰ ওপৰত থ’ব। কেঁচুৱা ডাঙৰ নোহোৱালৈকে খুব যত্ন ল’ব লাগে। অন্যথা কোনো ৰোগৰ সংক্ৰমণে শিশুক চিৰদিনৰ বাবে ৰুগীয়া কৰিব পাৰে।

কেঁচুৱাৰ কটি অংশ এখন চাফা কাপোৰেৰে বান্ধি থ’ব লাগে। শৌচ-প্ৰস্ৰাৱ কৰাৰ পাছত সেইখন সলাই দিব লাগে। নহ’লে কেঁচুৱা গোন্ধাব আৰু প্ৰস্ৰাৱত তিতা কাপোৰ গাত লাগি থাকিলে গা খজুৱাব পাৰে।

গা ধুৱাওঁতে ল’ৰাৰ লিংগৰ আগৰ ছালখন ভালদৰে চাফাকৈ ধুব আৰু ছোৱালীৰো তেনেকৈ যৌনাংগৰ বাহিৰাংশ ভালকৈ চাফ কৰি ৰাখিব।

ল’ৰা-ছোৱালীক কেতিয়াও কাপোৰ নিপিন্ধোৱাকৈ উলংগ কৰি নাৰাখিব। যৌনাংগৰ আৱৰণ নাথাকিলে পাছলৈ নৈতিক চৰিত্ৰত বিৰূপ প্ৰতিক্ৰিয়া হ’ব পাৰে।

কেঁচুৱাক কেনেকৈ খুৱাব

আমি আগতে কেঁচুৱাক মাকৰ গাখীৰ আদি খুউৱাৰ বিষয়ে কিছু কথা উল্লেখ কৰি আহিছোঁ। কিন্তু খুৱাওঁতে কি ধৰণৰ যত্নৰ দৰকাৰ সেই সম্পৰ্কে দুই-এটি কথা ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ। আমি আগতেও কৈছোঁ যে শিশুৰ বাবে মাকৰ গাখীৰেই উত্তম খাদ্য। সেই বাবে শিশুই মাকৰ গাখীৰ খোৱাটো নিশ্চিত হোৱাৰ আৱশ্যক। তাৰ বাবে সন্তানৰ মাকৰ স্বাস্থ্য ভাল হ’ব লাগে। গতিকে গৰ্ভধাৰণ কৰাৰ পৰা সন্তানৰ মাকৰ স্বাস্থ্যৰ প্ৰতিও মাকে নিজে আৰু পৰিয়ালৰ লোকে যত্ন লোৱা উচিত। গৰ্ভাৱস্থাত মাকে নিয়মিত ৰূপে (সদায়) কিছু বিশ্ৰাম ল’ব লাগে। যথেষ্ট পৰিমাণে পানী খাব লাগে আৰু মুকলি ঠাইত অলপ ফুৰিব লাগে।

খোৱা খাদ্যৰ প্ৰতি বিশেষ চকু দিব লাগে। দাইল আদিৰ লগত শাক-পাচলি আৰু প্ৰোটিনযুক্ত খাদ্য থাকিব লাগে যাতে সন্তানৰ বাবে আৱশ্যকীয় প্ৰোটিনৰ অভাৱ নহয়। অভাৱ হ’লে সন্তানৰ গালৈ পাৰ্যমানে প্ৰোটিন যাব আৰু মাক দুৰ্বল হৈ পৰিব। তাৰ বাবেই গৰ্ভৱতী মাতৃ প্ৰায়েই ৰক্তহীনতা ৰোগত ভোগে। গতিকে গৰ্ভৱতীক সকলো বস্তুৱে অলপ বেছি পৰিমাণে দিব লাগে। সেইভাৱে থাকিলে মাতৃৰ স্বাস্থ্য ভালে থাকিব আৰু প্ৰসৱৰ পাছত বুকুৰ গাখীৰৰ অভাৱ নহয়।

কেঁচুৱাক গাখীৰ খুউৱা মাকে, কেতিয়াও তামোল-পাণ, বিড়ি, চিগাৰেট বা আন ধৰণৰ মাদক দ্ৰব্য নাখাব। কাৰণ এই অনিষ্টকাৰী বস্তুবোৰৰ একাংশ মাকৰ গাখীৰৰ লগত শিশুৰ শৰীৰলৈ যায়। ধঁপাতত নিকোটিন নামৰ বিষ থাকে। সেই বিষে কেঁচুৱাৰ হৃত্পিণ্ড আৰু মস্তিষ্ক দুৰ্বল কৰি ইয়াৰ বিকাশত বাধা দিয়ে। মদ স্নায়ুমণ্ডলীৰ বাবে বিশেষভাৱে ক্ষতিকৰ। আনকি চাহ আৰু কফিতো বিষাক্ত পদাৰ্থ থাকে আৰু এইবোৰো কেঁচুৱাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

নৱজাত শিশুক প্ৰতি ৪ ঘণ্টাৰ মূৰে মূৰে মাকৰ গাখীৰ দিব লাগে। কেঁচুৱাক গাখীৰ খুৱাওঁতে প্ৰত্যক স্তনত ১০ মিনিটকৈ খাব দিব লাগে আৰু প্ৰতিবাৰ খুৱাওঁতেই স্তনৰ গাখীৰ শেষ কৰি খুৱাব লাগে। যদিহে কেঁচুৱাই সেই সময়ত খাই শেষ কৰিব নোৱাৰে তেনেহ’লে স্তনৰ পৰা গাখীৰ হাতেৰে চেপি হ’লেও উলিয়াই পেলোৱা উচিত। কাৰণ যদি স্তনত গাখীৰ ৰৈ যায় তেনেহ’লে আকৌ নতুন গাখীৰ স্তনত উত্পাদন হোৱাত বাধা হয়। উপযুক্ত সময়ৰ আগতে জন্ম হোৱা কেঁচুৱাক ২ ঘণ্টাৰ মূৰে মূৰে প্ৰথমতে গাখীৰ খুৱাব পাৰি আৰু অতি দুৰ্বল শিশুক ৩ ঘণ্টাৰ মূৰে মূৰে খুৱাব লাগে। যদি কেঁচুৱা নিয়মিত ৰূপে বাঢ়ি থাকে তেনেহ’লে ৩ মাহলৈ ৪ ঘণ্টাৰ মূৰে মূৰে খুৱাব পাৰি। যদি ৰাতিপুৱা ৬ বজাৰ পৰা গাখীৰ খুৱাবলৈ লোৱা হয় তেনেহ’লে ৰাতি ৰাতি ২ বজাত গাখীৰ খুউৱাৰ সময় হয় যদিও শিশু আৰু মাকৰ টোপনি ভাঙি ২ বজাত নুখুৱালেও হ’ব। একো ক্ষতি নহয়। ৮ মাহৰ পৰা এবছৰৰ বয়সৰ কেঁচুৱাক ৰাতি ১০ বজাত খাবলৈ দিব নালাগে আৰু দুবছৰ পূৰ হোৱালৈকে দিনে কেৱল ৪ বাৰকৈহে গাখীৰ খুৱাব লাগে। গাখীৰ খোৱাৰ সময়ত গাখীৰৰ লগত অলপ বতাহ কেঁচুৱাৰ পেটলৈ যায় আৰু সেই বতাহ পেটৰ ভিতৰত থকাত কেঁচুৱাৰ পেট অলপ কামুৰিব পাৰে। সেইবাবে কেঁচুৱাক প্ৰত্যেকবাৰ গাখীৰ খুউৱাৰ পাছত মাকৰ কান্ধত মূৰ থৈ অলপ থিয়কৈ ল’ব লাগে। পিঠিত অলপ চপৰিয়াই দিব পাৰিলে বায়ু ওলাই যায়।

খুউৱাৰ নিৰ্দিষ্ট সময়ৰ বাহিৰে শিশুক উতলাই ঠাণ্ডা কৰা পানী খুৱাব লাগে। পানী বটল বা চামুচেৰে খুৱাব পাৰি। ইয়াৰ লগত কেতিয়াবা কমলাৰ ৰসো খুৱাব পাৰি।

২ সপ্তাহ বয়সৰ পৰা কেঁচুৱাক কডলিভাৰ অইল খুৱাব লাগে। ৪ টোপমান এবাৰত প্ৰতিদিনে খুৱাব পাৰি। এই সময়তো পানীৰ লগত কমলাৰ ৰস ৪ টোপমান খুৱাব পাৰি। প্ৰথম ৩ মাহত ৩০ গ্ৰামমান আৰু ইয়াৰ পাছত ৬০-৯০ গ্ৰামমান প্ৰতিদিনে খুৱাব আৰু বয়স বাঢ়ি গ’লে ইয়াৰ মাত্ৰাও বঢ়াব লাগে। শিশুৰ যাতে গ্ৰহণী নহয় তাৰ বাবে খুব সতৰ্ক হ’ব লাগে আৰু টেঙা, টেঙা চেপা হাত বা সঁজুলি ভালকৈ পৰিষ্কাৰ কৰিব লাগে।

কেঁচুৱাই যদি কান্দি থাকে, ভোক লাগিব পাৰে। সাধাৰণতে ভোক লাগিলে কান্দে। যিখিনি গাখীৰ কেঁচুৱাই খাব লাগে সেইখিনি খোৱাৰ পাছতো যদি কান্দে বা খাবলৈ বিচাৰে তেনেহ’লে অন্য খাদ্য দিব লাগে। ভাল পকা ফল ভাঙি মিহি কৰি খুৱাব লাগে। কল এমাহ বয়স হোৱাৰ পাছৰ পৰাই দিব পাৰি। যদি কেঁচুৱাৰ শৌচ ঠিকমতে হয়, তেনেহ’লে মিহি কৰি চুচি চুচি আপেল বা কমলাৰ ৰস দিব পাৰি। তিনিমাহ হোৱাৰ পাছত শাক-পাচলিৰ চুপ (জোল) দিব পাৰি। ছয় মাহ হোৱাৰ পাছত কণী দিব পাৰি। কণী ভালকৈ সিজাই তাৰ হালধীয়া কুহুমটো পানীৰ লগত মিহলাই সপ্তাহত তিনি দিন (দিনত এবাৰ) দিব পাৰি। প্ৰথম দিনা অলপ চেলেকাইহে খুৱাব। তাৰ পাছৰ দিনা অলপ বঢ়াব আৰু তেনেকৈ বঢ়াই নিব। শেষলৈ বগা অংশটোও দিব পাৰিব।

কেঁচুৱাক নিয়মিত সময়ত নিয়মিতভাৱে খুৱাব। সাধাৰণ কেঁচুৱাক প্ৰথমতে ৩ ঘণ্টাৰ মূৰে মূৰে, তাৰ পাছত ৪ ঘণ্টাৰ মূৰে মূৰে খুৱাব আৰু যেতিয়া গাখীৰৰ বাহিৰে ফল-মূল দিয়ে, গাখীৰ দিনত তিনি বাৰ দিলেই হয়। কিন্তু ৰাতিপুৱা, আবেলি আৰু ৰাতি শোৱাৰ আগত কমলাৰ ৰস বা গাখীৰ এবটল খুৱাব।

কেঁচুৱাক দাঁত নগজালৈ গোটা বস্তু দিব নালাগে। এই বিষয়ে আমি আগতেও উল্লেখ কৰিছোঁ। দাঁত গজিবলৈ ধৰিলে সামান্য গোটা বস্তু যেনে বিস্কুট, পাওৰুটি আদি কামুৰি খাবলৈ দিব লাগে।

বয়স অনুপাতে শিশুৰ শাৰীৰিক বৃদ্ধি

নিয়মিতৰূপে শিশুৰ শাৰীৰিক বৃদ্ধি হোৱা উচিত আৰু তালৈ লক্ষ্য ৰাখিব লাগে। সাধাৰণতে শিশুৰ শৰীৰ মাহে মাহে ক্ৰমাগতভাৱে, কোনো নিৰিখত বৃদ্ধি নহয়। কেইমাহমান হয়তো খুব বেছিকৈ শৰীৰৰ ওজন বাঢ়ি যায়, আকৌ তাৰ পাছত কেইমাহমান কমকৈ বাঢ়ে। তথাপি শিশু অৱস্থাৰ পৰা যৌৱন অৱস্থা পোৱালৈ ক্ষিপ্ৰতৰভাৱে বাঢ়ে আৰু স্বাস্থ্য ভালে থাকিলে ওজন ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। একেদৰে উচ্চতাৰো বৃদ্ধি হয়।

যৌৱনপ্ৰাপ্ত হ’বৰ সময়ত ল’ৰা-ছোৱালীৰ উচ্চতা আৰু ওজন খুব বেছিকৈ বাঢ়ে। ছোৱালীয়ে ল’ৰাতকৈ সোনকালে যৌৱনত ভৰি দিয়ে। সেইবাবে ১১-১২ বছৰীয়া এজনী ছোৱালী সমবয়সীয়া বা তাতকৈ দুই এক বছৰে ডাঙৰ ল’ৰাতকৈ, সকলো ফালৰ পৰাই, আনকি জ্ঞান বুদ্ধিৰেও, বেছি ডাঙৰ-দীঘল হয়। এয়া এক স্বাভাৱিক বিধান, ইয়াত উদ্বিগ্ন হোৱাৰ কাৰণ নাই। এনে পৰিস্থিতিত মাক-দেউতাকে, তেনে ল’ৰাক বুজাই দিব লাগে যে তেওঁৰ ভনীয়েক এই বয়সত তেনেকৈ ডাঙৰ হ’ব পাৰে।

ল’ৰা-ছোৱালী বঢ়াৰ কালছোৱাত উপযুক্ত খাদ্য খাবলৈ নাপালে ওজন আৰু উচ্চতাৰ বৃদ্ধিত বাধা হয়। গতিকে ল’ৰা-ছোৱালীয়ে কি খাদ্য খায়, সেই খাদ্যৰ পৰা তেওঁলোকৰ শৰীৰৰ বৃদ্ধিৰ সম্ভাৱনা আছে নে নাই, বিচাৰ কৰিব লাগে। প্ৰোটিন জাতীয় খাদ্য যাতে খাবলৈ পায় তাৰ প্ৰতি চকু দিব লাগে।

কেঁচুৱাৰ জন্মৰ এবছৰৰ পাছৰ ওজন জন্মৰ সময়ৰ ওজনৰ প্ৰায় তিনি গুণ বাঢ়ে। এবছৰত প্ৰায় ৫ কিল’ বাঢ়ে। কিন্তু দ্বিতীয় বছৰত আঢ়ৈ কিল’মানহে বাঢ়ে। ৩ বছৰৰ পৰা ১২-১৩ বছৰলৈ বছৰি প্ৰায় আঢ়ৈৰ পৰা তিনি কিল’মান বাঢ়ে। ১০ বছৰৰ পৰা ১২ বছৰ বয়সলৈ ল’ৰাতকৈ ছোৱালীৰ ওজন বাঢ়ে আৰু ১৮ বছৰ বয়সত সম্পূৰ্ণৰূপে শৰীৰৰ বৃদ্ধি হয়। ল’ৰাৰ শৰীৰৰ বৃদ্ধি ছোৱালীৰ নিচিনা নহয়। ১০-ৰ পৰা ১৩ বছৰলৈ ল’ৰা- ছোৱালীতকৈ কমকৈ বাঢ়ে। আকৌ ১৩ বছৰৰ পৰা ল’ৰা- ছোৱালীতকৈ বেছিকৈ বাঢ়িব ধৰে। ১৮ বছৰৰ পৰা বৃদ্ধিৰ গতি আকৌ লেহেম হৈ যায়। এইবোৰলৈ লক্ষ্য ৰাখি সন্তানৰ ওজনৰ বৃদ্ধি বিচাৰ কৰিব লাগে।

শিশুৰ দাঁত গজাৰ চিন্তা

আমি আগতে উল্লেখ কৰিছোঁ যে শিশুৰ ৬ মাহত ওপৰৰ পাৰিৰ দুটা দাঁত ওলায়। কিন্তু প্ৰকৃত ক্ষেত্ৰত এইবোৰ কথা একেবাৰে খাটাংকৈ নিৰ্ধাৰণ হ’ব নোৱাৰে। কিছুমানৰ হয়তো ৫ মাহতে আৰু কাৰোবাৰ হয়তো সাত মাহমানতো ওলাব পাৰে। দাঁত সোনকালে ওলোৱা বা পলমকৈ ওলোৱাৰ বাবে বিশেষ ভয় কৰিব লগা কথা নাই। আনহাতে দাঁত যে গজিবই তাত সন্দেহ নাই। অৱশ্যে সম্ভাৱ্য সময় জনা থাকিলে বেছি পলম হ’লে চিকিৎসাৰ সহায় ল’ব পাৰি।

আকৌ দাঁতৰ ধৰণো তিনি প্ৰকাৰৰ। আগদাঁত পাতল (বেছি চেপেটা) অলপ বহল (ওপৰ পাৰিৰ)। গুৰি দাঁত আহল-বহল সমান, ডাঙৰ আৰু মজবুত দাঁত। কামোৰা দাঁত এই দুয়োবিধ দাঁতৰ মাজত থাকে, আকাৰত কিছু সৰু, আগবোৰ বৰ জোঙাল। ইয়াক কুকুৰ দাঁত (কুকুৰৰ দাঁতৰ দৰে জোঙাল বাবে) আৰু কামৰ দাঁত বুলিও জনা যায়। তলৰ পাৰিৰ আগদাঁতবোৰ আকৌ বেছি চেপেটা বা বহল নহয়। সৰু সৰু গোল গোল দেখিবলৈ ধুনীয়া দাঁত। দাঁত ওপৰ পাৰিত ১৬ আৰু তলৰ পাৰিত ১৬ টা মুঠ ৩২ টা থাকিলে জ্যোতিষশাস্ত্ৰমতে ভাগ্যবান লোক হয়। দাঁতবোৰ বৰ পৰিপাটিকৈ গজে। ওপৰ পাৰিৰ সোঁমাজৰ আগদাঁত দুটা অলপ বহল আৰু চেপেটা। এই দুটা খোৱাৰ কামত অলপ কমকৈয়ে লাগে, কিন্তু সৌন্দৰ্যৰ বাবে অতি আৱশ্যকীয়। কোনো লোকৰ ইয়াৰ মাজত অলপ বেছি ফাক থাকে বাবে দেখাত কিছু আপচু হয়। তাৰ দুয়ো কাষৰ আগ দাঁত কিছু পৰিমাণে গোল, দীঘল আৰু জোঙাল। তাৰ পাছৰ দুয়ো কাষৰ দাঁত দুটা গুৰি দাঁতৰ সংযোগৰ দাঁত বাবে অলপ ডাঙৰ, জোঙাল ভাবো কম। তাৰ পাছত জামিদাঁত বা গুৰি দাঁত আৰু অলপ ডাঙৰ, তাৰ পাছত প্ৰধান গুৰি দাঁত দুটা, দুটা (দুয়ো ফালে) শকত আৰু মজবুত। তাৰ কাষত দুয়োফালে ওপৰৰ গুৰি দাঁত, আকাৰত অলপ সৰু কিন্তু মজবুত। এনেধৰণে এটাৰ পাছত এটাকৈ নিয়াৰিকৈ গজা দাঁত দেখিবলৈ শুৱনি হয় আৰু মুখখন মেলিলে মুকুতাৰ দৰে জিলিকি উঠে। কিন্তু সকলো মানুহৰে দাঁতৰ গঢ় একে নহয়। দাঁত বেঁকা-বেকিকৈ গজিব পাৰে, দাঁত বেৰিয়া হয়, আকৌ কিছুমানৰ আগদাঁত বেছি দীঘল হয়। মুখ বন্ধ কৰিলেও অলপ ওলায়ে থাকে। আকৌ বহু মানুহৰ দাঁত ৩২ টা নাথাকে। কিছুমানৰ ২৬ টা মানহে থাকে। দাঁত ৩২ টা থাকিলে ভাগ্যবান হয়। মহিলাৰ থাকিলে স্বামীৰ অতি প্ৰিয় হয়, ভাগ্যশীলা হয়। দাঁত ৩১ টা থাকিলে প্ৰেম-প্ৰীতিত মত্ত হয়। ৩০ টা থাকিলে ধনৰ চিন্তাত থাকে। দাঁত তাতকৈ কম থাকিলে ধনহীন হয় বুলি জ্যোতিষশাস্ত্ৰত আছে।

আগ দাঁত গুৰি দাঁত আদি দাঁতবোৰ একেলগে বা এটাৰ পাছত এটাকৈ গজি নাহে। ভিন ভিন দাঁত ভিন ভিন সময়ত ওলায়। প্ৰথমে গজি ওলোৱা দাঁতবোৰ সৰি যায়। সেইবাবে এইবোৰ অস্থায়ী দাঁত বা পিয়াহ খোৱা দাঁত বা গাখীৰ খোৱা দাঁত বুলিও জনা যায়। ইয়াৰ পাছত আকৌ গজে। সেইবোৰ স্থায়ী দাঁত। সেইবোৰ মানুহজন একেবাৰে বুঢ়া হ’লেহে সৰে। তলত স্থায়ী, অস্থায়ী দাঁতবোৰ কেতিয়া গজে তাৰ এখন তালিকা দিয়া হ’ল। তালিকাখন সম্ভাৱ্য সময়ৰ তালিকা, গতিকে দাঁত দেখা দিয়াত অলপ আগ বা পিছ হ’ব পাৰে। কিন্তু বেছি পলম হ’লে চিকিত্সকৰ পৰামৰ্শ ল’ব লাগে।

অস্থায়ী দাঁত গজাৰ আৰু সৰাৰ সময়

অস্থায়ী দাঁত

গজাৰ সময়

সৰাৰ সময়

তলৰ পাৰি

ওপৰ পাৰি

তলৰ পাৰি

ওপৰ পাৰি

মাজৰ আগদাঁত দুটা

কাষৰ আগদাঁত

কুকুৰ দাঁত

প্ৰথম গুৰি দাঁত

দ্বিতীয় গুৰি দাঁত

৬ মাহ

৭ মাহ

১৬ মাহ

১২ মাহ

২০ মাহ

৭ মাহ ১৫ দিন

৯ মাহ

১৮ মাহ

১৪ মাহ

২৪ মাহ

৬ বছৰ

৭ বছৰ

৯ বছৰ ৬ মাহ

১০ বছৰ

১১ বছৰ

৭ বছৰ ৬ মাহ

৮ বছৰ

১১ বছৰ ৬ মাহ

১০ বছৰ ৬ মাহ

১০ বছৰ ৬ মাহ

বি.দ্ৰ.ঃ আগদাঁত দুমাহ আগত বা পাছত গজিব পাৰে আৰু গুড়ি দাঁত চাৰি পাঁচমাহৰ পাছতো গজিব পাৰে।

স্থায়ী দাঁত গজাৰ সময়ঃ

দাঁত

তলৰ পাৰি

ওপৰ পাৰি

মাজৰ আগদাঁত দুটা

কাষৰ আগদাঁত

কুকুৰ দাঁত

গুৰিদাঁত-কুকুৰ দাঁতৰ মাজৰ দাঁত

প্ৰথম গুৰি দাঁত

দ্বিতীয় গুৰি দাঁত

তৃতীয় গুৰি দাঁত

 

৬-৭ বছৰ

৭-৮ বছৰ

৯-১০ বছৰ

১০-১২ বছৰ

৬-৭ বছৰ

১১-১৩ বছৰ

১৭-২১ বছৰ

৭-৮ বছৰ

৮-৯ বছৰ

১১-১২ বছৰ

১০-১২ বছৰ

৬-৭ বছৰ

১২-১৩ বছৰ

১৭-২১ বছৰ

একেবাৰে ওপৰৰ জামিদাঁত (৩য়) ২০ বছৰমানত গজে, তেতিয়া দাঁত ২০ টা মাত্ৰ গজে। এইবোৰ ৬-ৰ পৰা ১২ বছৰৰ ভিতৰত গজে।

শিশুৰ ৰোগ

গাখীৰ হজম নহয়

বহু সময়ত দেখা যায় কেঁচুৱাৰ বা সৰু শিশুৰ গাখীৰ হজম নহয় আৰু খুৱালে বমি কৰি উলিয়াই পেলায়। ইয়াৰ ফলত শিশুৰ ক্ষতি হয়। পুষ্টিহীনতাত ভোগে, ক্ষীণাই যায়।

প্ৰতিকাৰ

২০০ মিলিলিটাৰ গাখীৰ উতলাই তাত সৰু পিপলি ২-৩ টা পেলাই দি আৰু ২-৩ বাৰ উতলিবলৈ দিয়ক। তাৰ পাছত জুইৰ পৰা নমাই থৈ চেঁচা হ’লে ছেকি পিপলিবোৰ আঁতৰাওক আৰু সেই গাখীৰ কেঁচুৱাক খাবলৈ দিয়ক। ইয়াৰ ফলত গাখীৰ সহজপাচ্য হৈ পৰে আৰু সহজে হজম কৰিব পাৰে। বমি আৰু নকৰে। লিভাৰ আৰু প্লীহাও সবল হৈ পৰে।

মাকে কন্দা-কটা কৰি থাকিলে বা মাকৰ খং উঠিলে কেঁচুৱাক মাকৰ বুকুৰ গাখীৰ খুৱাব নালাগে। তেতিয়া সেই গাখীৰ হজম নহ’ব পাৰে।

যদি কেঁচুৱাই মাকৰ গাখীৰ খাই বমি কৰে, তেনেহ’লে কেঁচুৱাক গাখীৰ খুউৱাৰ আগে আগে এগিলাছ পানী খাই ল’ব। কেঁচুৱাই আৰু বমি নকৰে।

গৰুৰ গাখীৰ একাপত আধা চামুচ গুৱা-মৰি সিজালেও গাখীৰ সুপাচ্য হৈ পৰে আৰু সহজে হজম হয়।

কেঁচুৱাৰ যদি গাখীৰ হজম হোৱা নাই, পেটে গুৰ গুৰ কৈ মাতি আছে, তেনেহ’লে কেঁচুৱাৰ হজম শক্তি কমিছে বুলি বুজিব লাগে আৰু কেইদিনমান ৰাতিপুৱা পৰিষ্কাৰ পানীত নেমুটেঙাৰ ৰস ৩-৪ ফোটা পেলাই খুৱাব লাগে। হজম শক্তি বাঢ়ে।

কেঁচুৱাৰ পনীয়া শৌচ

শিশুসকলৰ শৌচ পনীয়া হোৱা প্ৰায়ে দেখা যায় আৰু ই এটা গতানুগতিক ৰোগ বুলিয়েই ক’ব পাৰি। ইয়াৰ ফলত শিশুৰ স্বাস্থ্য দুৰ্বল হয় আৰু শৰীৰ ক্ষীণ হৈ থাকে।

প্ৰতিকাৰ

ইয়াৰ বাবে গাখীৰ খুউৱাটো বন্ধ কৰিব নালাগে। খুউৱা অন্য খাদ্যৰ অলপ পৰিৱৰ্তন আনি সহজে হজম হোৱাকৈ দিব লাগে। পাতল খিচিৰি, দাইলৰ পানী, দৈ খুৱাব পাৰি। পকাকল সানি-পিটিকি (কল সিদ্ধও) দিব পাৰি। এই সময়ত লোণ-চেনিৰ পানী খুউৱাটো অত্যন্ত প্ৰয়োজন।

দিনত ৩-৪ বাৰ বা তাতকৈ বেছি, খুব পনীয়া শৌচ কৰিলে তাক ডায়েৰিয়া হোৱা বুলিও ক’ব পাৰি। ডায়েৰিয়া হ’লে শৰীৰৰ পানী আৰু লোণ কমি যায়। পানী ইমান কমি যায় যে গাৰ ছাল শোটোৰা পৰি যাব পাৰে। তেতিয়া ডিহাইড্ৰেছন হোৱা বুলি কোৱা হয়। ৰোগীৰ অৱস্থা সংকটজনক হয়। তেতিয়া লুণীয়া পানী বনাই খুউৱা অত্যন্ত আৱশ্যক হয়।

ডিহাইড্ৰেছন হ’লে চকু-মুখ-জিভা শুকাই যায়, উশাহ-নিশাহ অনিয়মিত হয়। শৌচৰ লগত তেজ বা শাঁও পৰিবও পাৰে । বমি হয়। প্ৰস্ৰাৱ কম পৰিমাণে ওলোৱা হয়। এনে অৱস্থাত অ’ৰেল ৰিহাইড্ৰেছন ছলুছন খুৱাব লাগে। অ’ৰেল ৰিহাইড্ৰেছন ছলুছনক অ’.আৰ.এছ. বোলে। গ্লুক’জ, লোণ, খোৱা চৌডা আৰু পটাছিয়াম ক্ল’ৰাইড মিহলাই অ’.আৰ.এছ. তৈয়াৰ কৰা হয়। শিশুৰ এই ধৰণৰ কঠিন অৱস্থা দেখিলে ওচৰৰ কোনো চৰকাৰী হাস্পতাললৈ ততাতৈয়াকৈ নিব লাগে। কিন্তু অলপ-চলপ পনীয়া শৌচ হৈ থকা অৱস্থাতে লোণ-পানী খুৱালে কঠিন অৱস্থালৈ যোৱাৰ পৰা বচাব পাৰি।

লুণীয়া পানী কেনেকৈ বনাব

এগিলাচ বা ২০০ মিলিলিটাৰ পানী উতলাওক। তাত এক চিকুট (বুঢ়া বা তৰ্জনী বা মধ্যমা আঙুলিৰ আগেৰে টিপা মাৰি ধৰিলে যিমান আহে) লোণ আৰু থাকিলে খোৱা চৌডা এক চিকুট আৰু এক চামু চেনি (গ্লুক’জ পালে চেনিৰ আধা আৰু গুৰ দিব লগা হ’লে এটা সৰু তামোলৰ মান) পেলাই দিয়ক। অলপ উতলিলে নমাই চেঁচা কৰি আইনাৰ বটল বা পাত্ৰত থওক। এই ঘোল ১-২ চামুচ কৰি প্ৰতি আধা ঘণ্টা অন্তৰে অন্তৰে খুৱাই থাকক। এই লুণীয়া পানীৰ ঘোল ১২ ঘণ্টাৰ মূৰে মূৰে নতুনকৈ বনাব লাগিব। পুৰণি থাকিলে পেলাই দিব লাগে। ই পনীয়া শৌচ হৈ শৰীৰৰ পৰা ওলাই যোৱা পানী পূৰাই দিব আৰু ৰোগীক কঠিন অৱস্থালৈ (ডিহাইড্ৰেছনলৈ) যোৱাৰ পৰা বচাব।

কেঁচুৱাৰ পনীয়া শৌচ হ’লে মাকৰ বুকুৰ গাখীৰ খুউৱাটো বন্ধ কৰিব নালাগে। পানী আদিও খাবলৈ দিব। অলপ অলপকৈ পানী, ডাবৰ পানী, দৈৰ ঘোল বা তেনে পনীয়া বস্তু দিব পাৰি। শৌচ পনীয়া হোৱা বাবে পনীয়া বস্তু খাবলৈ নিদিয়াটো ভুল। তাতে ৰোগীৰ ক্ষতি হ’ব। এই সময়ত দুই বছৰৰ তলৰ কেঁচুৱাক কল পিটিকি সানি খুৱাব পাৰি। দুই বছৰৰ বা ওপৰৰ শিশুক দৈ-ভাত পিটিকি মোহাৰি খুৱাব পাৰি। শিশুৰ যেতিয়া পনীয়া শৌচ হোৱাটো বন্ধ হয় বা বমি হোৱাটো বন্ধ হয় তেতিয়াও কিছু সময়লৈ এই ধৰণৰ ঢিলা খাদ্যই খুৱাই থাকিব লাগে। ঘপহকৈ টান খাদ্য দিব নালাগে। শিশু আৰোগ্য হৈ আহিব।

শিশুৰ বিছনাত মুতা অসুখ

শিশুসকলৰ বিছনাত প্ৰস্ৰাৱ কৰাটোও এটা গতানুগতিক ৰোগ। ১-২ বছৰৰ শিশুৱে বিছনাত প্ৰস্ৰাৱ কৰেই। ই কোনো ৰোগ নহয়। কিন্তু ইয়াতকৈ অলপ বেছি ডাঙৰ শিশুয়ো বিছনাত প্ৰস্ৰাৱ কৰে। কেতিয়াবা মাক আৰু শিশুৰ সচেতনতাৰ অভাৱতো শিশুই বিছনাত প্ৰস্ৰাৱ কৰে। কিন্তু কোনো ক্ষেত্ৰত সকলো যত্ন লোৱাৰ পাছতো শিশুই অজ্ঞাতসাৰেই হওক বা অলপ-চলপ জানিয়েই হওক বিছনাতে প্ৰস্ৰাৱ কৰে। তেনে অৱস্থাত ইয়াক ৰোগ বুলিয়ে বুজিব লাগিব।

প্ৰতিকাৰ

এটা আখৰোটৰ (এবিধ ফল) শাহটো, ৫ গ্ৰাম কিটমিচৰ সৈতে নিতৌ ৰাতিপুৱা খালী পেটতে ৭-১০ দিন খাবলৈ দিয়ক, শিশুই বিছনাত প্ৰস্ৰাৱ কৰা এৰিব।

৩-৪ বছৰৰ শিশু হ’লে ১ চামুচ মৌ আৰু ৬ বছৰৰ বেছি বয়সৰ শিশু হ’লে ২ চামুচ মৌ আধা কাপ পানীত গুলি ৰাতি শোৱাৰ আগত ৩-১৫ দিন খাবলৈ দিয়ক, শিশুৰ বিছনাত প্ৰস্ৰাৱ কৰা বন্ধ হ’ব।

১ গ্ৰাম তিলৰ লগত ১০০ গ্ৰাম ক’লা জিৰা আৰু অলপ মিছিৰি গুড়ি কৰি কেইদিনমান খালেই শিশুৰ ৰাতি বিছনাত প্ৰস্ৰাৱ কৰা বন্ধ হ’ব।

১০০ গ্ৰাম তিলৰ লগত ১০০ গ্ৰাম গুৰ মিহলি কৰি (তিল গুড়ি কৰি ল’ব) দিনে ২ বাৰকৈ এসপ্তাহ খালে, ডাঙৰ ল’ৰা-ছোৱালীয়ে বিছনাত প্ৰস্ৰাৱ কৰিলে বন্ধ হৈ যাব। সৰু ল’ৰা-ছোৱালীক ইয়াৰ আধা পৰিমাণত দিব লাগিব।

শিশুৰ হঠাত্ শৌচ-বমি হ’লে

চিকিৎসা

তুলসীৰ গুটি ৮-১০ টা মান খুন্দি গাখীৰৰ লগত খুৱালে শৌচ-বমি বন্ধ হ’ব।

শিশুৰ পেট বিষালে

চিকিৎসা

তুলসী পাতৰ ৰস আৰু সমপৰিমাণৰ আদাৰ ৰস (২ চামুচকৈ) মিহলি কৰি শিশুক খুৱালে পেটৰ বিষ কমি যাব।

শেৱালি ফুলৰ গুড়ি, এক-ডেৰ চামুচ, মৌৰ লগত খুৱালে পেটৰ বিষ কমিব। শিশুৰ জ্বৰো ভাল হয়।

শিশুৰ পেট ফুলিলে

চিকিৎসা

তুলসী পাতৰ ৰস আৰু আৰু পাণৰ ৰস ২০ মিলিলিটাৰ বা ৪ চামুচকৈ খুৱালে শিশুৰ অজীৰ্ণ আৰু পেট ফুলা ৰোগ যাব।

শিশুৰ শৌচ ক’লা হলে

চিকিৎসা

চিৰতা বা তিতা কালমেঘৰ পাতৰ ৪ টা পাতৰ ৰসত সামান্য চেনি মিহলাই খুৱালে শৌচ স্বাভাৱিক হ’ব।

শিশুৰ পেট গৰম, ভোক নাই

চিকিত্সাঃ কেঁচা ডালিম জুইত পুৰি (৩-৪ চামুচ গুড়ি) সামান্য চেনিৰ লগত খালে ভোক লাগিব।

শিশুৰ শৌচ বন্ধ হৈ গ’লে

চিকিৎসা

পাণৰ ঠাৰি এডাল অলপ থেতেলিয়াই নাৰিকলৰ তেল লগাই গুহ্যদ্বাৰত সুমুৱাই দিলে শৌচ হ’ব। পাণৰ ঠাৰিও ওলাই আহিব।

শিশুৰ কৃমিৰ ৰোগ

কৃমি হৈছে পেটত থকা পোক জাতীয় উপজীৱী। সৰু বৰ হিচাপে কৃমি কেবাবিধো আছে। কেঁচুপেলু, সূতাপেলু, হাকোটা পেলু আৰু গিনি পেলু বা গিনি ওৱাৰ্ম। সাধাৰণতে আমাৰ ঠাইত দেখা পেলুৰ অসুখবোৰ হৈছে দীঘল কেঁচুপেলু, সূতাপেলু আৰু হাকোটা পেলুৰ অসুখ। পায়খানাবোৰ চাৰিও ফালে হ’ব ধৰাত হাকোটা পেলুৰ প্ৰভাৱো কমি আহিছে। কিছু পৰিমাণ ৰাউণ্ড ওৱাৰ্ম বা কেঁচুপেলু আৰু বেছিকৈ সূতাপেলুৰ (থ্ৰেড ওৱাৰ্ম) প্ৰভাৱ হৈ থকা দেখা যায়। ৰাউণ্ড ওৱাৰ্ম থাকিলে ল’ৰা-ছোৱালী ক্ষীণাই যায় আৰু পেট ওলায়। পেটৰ হাগনি আদি অসুখ থাকে। পেটত বৰ বেছি কৃমি থাকিলে কেঁচু কৃমি কেতিয়াবা শিশুৰ শৌচৰ লগত জীয়াই জীয়াই বা মৰি ওলাই অহাও দেখা যায়। কেঁচুপেলুৰ ৰং বগা।

সূতাপেলু পাতল সূতাৰ দৰে পেটত থাকে আৰু শৌচৰ লগত বাহিৰলৈও আহে। ৰাতি শুই থাকোঁতে সূতা পেলু গুহ্যদ্বাৰলৈ ওলাই আহে আৰু তাত কণী পাৰে। সেইবাবে গুহ্যদ্বাৰ খুব খজুৱায়। ডাঙৰ মানুহৰো হয় যদিও ল’ৰা-ছোৱালীৰ মাজত বেছিকৈ হয় আৰু শিশুৰ স্বাস্থ্য বিশেষভাৱে ক্ষতি কৰে। শিশুৰ নাক খজুৱায় আৰু শিশুৱে আঙুলিৰে নাক খুচৰি থাকিব খোজে। মুখেৰে পানী পৰিব খোজে বা পিক পেলাই থাকে। দাঁত কিড় কিড় কৰে। গুহ্যদ্বাৰ খজুৱায় আৰু হাতেৰে গুহ্যদ্বাৰ লাৰি, খজুৱাই থাকে আৰু তাৰ বাবে বাৰে বাৰে সংক্ৰমণ হৈ থাকে।

চিকিৎসা

প্ৰায় সকলোবোৰ কৃমিৰ বাবেই একেধৰণৰ ঔষধ ব্যৱহাৰ কৰিব পাৰি।

যনী ৩-৪ টা মান পাণৰ লগত চোবাই খালে পেলু মৰি যায়।

গুৱা-মৰি চূৰ্ণ (কাপোৰ বা প্লাষ্টিকৰ চালনীৰে ছালি ল’ব) এক চতুৰ্থাংশ পৰিমাণ চামুচ মৌৰ লগত ৰাতিপুৱা আৰু আবেলি দুবাৰ খালে কৃমি মৰে।

১২০-২৫০ মিলিগ্ৰাম বচ বটি গাখীৰৰ লগত ৩-৪ দিন একেৰাহে খুৱালে কৃমি মৰি যায়।

ক’লা জিৰাৰ গুড়ি, মৌৰ লগত খালেও পেলু মৰি যায়।

কল গছৰ শিপা শুকাই গুড়ি কৰি ল’ব লাগে। তাৰ পৰা দুটা মাটিমাহৰ সমান লৈ গৰম পানীৰ লগত খালে পেটৰ সকলো ধৰণৰ কৃমি বাহিৰ হৈ যাব আৰু ভৱিষ্যতে কোনো দিনে নহয়।

শিশুৰ ন্যাপকিন ৰেছ

শিশুৰ জন্মৰ পাছৰ পৰা এবছৰ বয়সলৈ এই ৰোগ হোৱা দেখা যায়। শিশুই শৌচ-প্ৰস্ৰাৱ কৰিলে বা গা ধোৱাৰ পাছত সকলো ঠাই ভালকৈ নুশুকালে ভিজা কোনো কোনো ঠাইত সৰু সৰু ঘামচিৰ দৰে উদ্ভেদ ওলায়। এইবোৰে বৰকৈ খজুৱায়। কেতিয়াবা জ্বালা-পোৰাও কৰে। খজুৱাওঁতে খজুৱাওঁতে কেতিয়াবা ক’ৰবাত ঘাও হৈ যায়।

চিকিৎসা

তুলসীৰ পাত বা তুলসীৰ পাত বটা ৰোগ হোৱা ঠাইত লগালে ন্যাপকিন ৰেছ আৰোগ্য হয়।

৮-১০ কোঁহ নহৰুৰ ৰস উলিয়াই তাৰ ৪ গুণ পানীৰ সৈতে মিহলাই আক্ৰান্ত ঠাইবোৰত লগাই ধুলে অলপ দিনৰ ভিতৰতে আৰোগ্য হ’ব।

আজিকালি বজাৰত বহুত বেবি পাউডাৰ ওলাইছে। সেইবোৰ ঠাইত লগালেও এইবোৰ আৰোগ্য হয়।

শিশুৰ পেটৰ গেছ

পেটলৈ খাদ্য, পানীয় আদি খাওতে বতাহ সোমায় আৰু খাদ্যৰ পৰাও গেছ উত্পন্ন হৈ শিশুৰ পেট কেতিয়াবা ফুলে, পেটৰ বিষ হয়, শিশুৱে কান্দে, ছট্-ফট্ কৰে।

চিকিৎসা

যনী গুড়ি কৰি পেটত প্ৰলেপ দিলে পেটৰ ভিতৰত আবদ্ধ হোৱা বায়ু ওলাই যায়। শিশুৱে আৰোম বোধ কৰে।

১ চামুচ নহৰুৰ ৰস আৰু আধা চামুচ ঘিউ মিহলাই খুৱাই দিলে, লগে লগে গেছ দূৰ হ’ব, শিশু শান্ত হ’ব।

এটা সৰিয়হৰ সমান পৰিমাণৰ হিং শুকানে শুকানে ভাজি চূৰ্ণ কৰি অলপমান ঘিউৰ লগত খুৱাই দিলে গেছ দূৰ হৈ যায় আৰু শিশুই আৰাম পাব।

শিশুৰ শৌচ কচা

ভাল স্বাস্থ্যৰ কেঁচুৱাই সাধাৰণতে দিনত ১ বাৰৰ পৰা ৪ বাৰলৈ শৌচ কৰে। ২-৩ মাহ বয়সত ২ বাৰকৈ শৌচ কৰা উচিত। কিন্তু যদি শৌচ এবাৰো নকৰে বা শৌচ খুব টান হয় শিশুৰ কোষ্ঠকাঠিন্য হোৱা বুলি বুজিব লাগে। তেনে অৱস্থাত তলৰ ব্যৱস্থাবোৰ ল’ব লাগে।

(১)শিশুৰ খাদ্যত চৰ্বীজাতীয় খাদ্য বঢ়াব লাগে।

(২)যথেষ্ট পৰিমাণে পানী খাবলৈ দিব লাগে।

(৩)কমলা টেঙাৰ ৰস, বিলাহীৰ ৰস, নেমুটেঙাৰ ৰস খাব দিব লাগে। খাদ্যত অমিতা থাকিব লাগে। পকা কল আৰু আপেল মিহি কৰি খুৱাব লাগে।

(৪)যদি এইবোৰ ব্যৱস্থা লোৱাটো শৌচ হোৱা নাই তেনেহ’লে পাণৰ ঠাৰি এডাল থেতেলাই, নাৰিকলৰ তেল বা এৰাৰ তেল লগাই গুহ্যদ্বাৰত সুমুৱাই দিব লাগে। ঠাৰিডাল গুহ্যদ্বাৰৰ ভিতৰত ৰৈ গলেও চিন্তাৰ কাৰণ নাই, ভালহে হ’ব আৰু শৌচ হৈ যোৱাৰ লগতে পাণৰ ঠাৰিও ওলাই আহিব।

এই ক্ষেত্ৰত মাকে জুলাপ ল’ব লগা কথা নাই। শৌচ হোৱাত স্বাভাৱিকতা আনিবলৈ তলৰ চিকিৎসা ব্যৱস্থা ল’ব।

চিকিৎসা

শিলিখা এটা (ডাঙৰ) বটি চন্দনৰ দৰে কৰি তাত এটা মুগ মাহৰ সমান পৰিমাণৰ বিট লোণ মিহলাই অলপ গৰম কৰি (সামান্য পানী দিব) দিনে ২-৩ বাৰ খাব দিয়ক, শিশুৱে আৰাম পাব। শৌচ স্বাভাৱিক হ’ব।

ৰাতি খেজুৰিৰ গুটি বাহিৰ কৰি (১ টা) অলপ পানীত ভিজাই থওক। ৰাতিপুৱা ভালকৈ মোহাৰি মোহাৰি খেজুৰিটো গুড়ি কৰি দিয়ক। খেজুৰিৰ আঁহ, জাবৰ কিবা থাকিলে পেলাই দিয়ক আৰু দিনে ৩-৪ বাৰকৈ শিশুক এই পানী খুৱাই দিয়ক। শিশুৰ শৌচ স্বাভাৱিক হৈ পৰিব।

শিশুৰ হিকটি

শিশুৰ হিকটি প্ৰায়ে হয় আৰু ই এটা শুভ লক্ষণ (শিশুৰ ক্ষেত্ৰত)। কাৰণ এই হিকটি শিশুৰ বাবে দৈহিক বিকাশৰ লক্ষণ। ইয়াৰ ফলত অন্ত্ৰ সবল হয় আৰু বাঢ়ে। তথাপি বৰকৈ হিকটিয়াই থাকিলে শিশুৰ বাবে অলপ আমনিদায়ক হয়। বেছিকৈ হিকটি হৈ থাকিলে তলৰ ব্যৱস্থাবোৰ ল’ব।

চিকিৎসা

কেঁচা আদাৰ ৰস ৪-৫ চামুচত শুকান আদাৰ গুড়ি (শুঁঠ) অলপ, জালুক এটাৰ গুড়ি আৰু ২ টোপমান নেমুটেঙাৰ ৰস সকলোটি মিহলাই চেলেকি চেলেকি খাবলৈ দিয়ক। লগে লগে হিকটিৰ আমনি বন্ধ হ’ব।

নাৰিকলৰ ওপৰৰ বাকলি (জাবৰ) পুৰি তাৰ ছাই অলপমান ৩ চামুচ পানীৰ লগত গুলি পাতল কাপোৰ বা পৰিষ্কাৰ কোনো চালনীৰে ছেকি খাবলৈ দিয়ক। শিশুৰ হিকটি নাইকিয়া হ’ব।

শিশুৰ বমি, দাঁত গজাৰ সময়ত হোৱা বমিঃ

শিশুৰ হজম কৰা ক্ষমতা কম হ’লে, কেতিয়াবা মুখেৰে টেঙাপানী ওলাই আহে। টেঙা, পচা দুৰ্গন্ধও মুখেৰে ওলায়। শিশু দাঁত গজিবৰ সময়তো ঘনাই শৌচ, বমি হ’ব খোজে। তেতিয়া তলৰ ব্যৱস্থাবোৰ ল’ব পাৰি।

চিকিৎসা

তুলসী পাতৰ গুড়িৰ লগত কমলা টেঙাৰ ৰস মিহলাই পানীৰে চৰ্বত কৰি খালে ভাল পাব।

আদাৰ ৰস ১ চামুচ, নেমুটেঙাৰ ৰস ১ চামুচ, মৌ ১ চামুচ লগ লগাই খুৱালে বমি বমি ভাব দূৰ হয়।

এলাচিৰ বাকলি পুৰি চেলেকি চেলেকি খালে গা-বমি বা বমি বমি ভাব দূৰ হয়। যনী আৰু লং গুড়ি কৰি (অলপ অলপ) মৌৰ লগত মিহলাই চেলেকি চেলেকি খাই থাকিলে ভাল পাব।

নাৰিকলৰ বাকলিৰ জাবৰ পুৰি তাৰ ছাই ১ চামুচ মৌৰ লগত খালে বমি বমি ভাব বন্ধ হৈ যাব।

দূবৰিৰ ৰস ১ চামুচ মিছিৰিৰ লগত খালেও বমি দূৰ হ’ব।

আদা আৰু পিঁয়াজৰ ৰস আধা চামুচকৈ লৈ খালেও বমি বমি ভাব নাথাকে।

দাঁত গজাৰ সময়ত এনে অসুখ হ’লে ইয়াৰ যিকোনো এবিধ ঔষধ খোৱাৰ উপৰিও দাঁতৰ আলুত মৌ ঘঁহি দিলে সোনকালে দাঁত গজি আহে।

শিশুৱে টোপনিত ভয় খাই উঠাঃ

পেটৰ গোলমাল থাকিলে তাৰ প্ৰভাৱতে মস্তিষ্ক প্ৰভাৱিত হয় আৰু শিশুই টোপনিতে ভয় খাই জঁপিয়াই উঠে। ভয়ত উঠি বহিবও পাৰে বা ডাঙৰ ডাঙৰকৈ চিঞৰি কান্দিবও পাৰে।

চিকিৎসা

শীতৰ দিনত ১-২ গ্ৰাম গুৱা-মৰি অলপ গৰম পানীত সিজাওক আৰু ছেকি লৈ সেই পানীখিনি শোৱাৰ আগতে শিশুক খাবলৈ দিয়ক। টোপনিত ভয় খোৱা ৰোগ দূৰ হ’ব।

গৰমৰ দিনত হ’লে এলাচি ১ গ্ৰামমান ওপৰত কোৱা গুৱা-মৰি পানীৰ লগত সিজাওক আৰু আগৰ দৰে খাবলৈ দিয়ক। টোপনিত চক খাই উঠা অসুখ দূৰ হ’ব।

ৰাতি শোৱাৰ ২ ঘণ্টামান আগতে শিশুক খাবলৈ দিয়ক। ইয়াৰ ফলত শিশুৰ হজম ক্ৰিয়া উন্নত হয়।

শিশুৰ মুখত বা জিভাত ঘাঃ

শিশুৰ কেতিয়াবা মুখত বা জিভাত ৰঙা ৰঙা গুটি ওলায়। মুখেৰে লালটি বৈ থাকে, ঘা হয়। মুখৰ বিষ, যন্ত্ৰণা থাকে। শিশুৱে এই ৰোগৰ পৰা কষ্ট পায়।

চিকিৎসা

মুখ তললৈ কৰি আমলখিৰ ৰস বা আমলখিকে ভাঙি এই গুটিবোৰত ঘঁহিবলৈ দিয়ক। লালটি ওলাবলৈ এৰিব। এনেকৈ ৩ বাৰ লালটি উলিয়ালে মুখৰ ঘা বা জিভাৰ ঘা দূৰ হ’ব।

সুৱগা আখৈ কৰি গুড়ি কৰি লৈ মৌ বা গ্লিচাৰিনৰ লগত মিহলাই মুখৰ ঘা বা গুটি গুটিবোৰত ঘঁহি দিয়ক। সোনকালেই আৰোগ্য হৈ যাব।

শিশুৰ দাঁত গজাৰ সময়ৰ সমস্যাঃ

শিশুৰ দাঁত গজিবৰ সময়ত শৌচ-বমি, কেতিয়াবা আকৌ শৌচ কচা, কাণৰ বিষ, হাত-ভৰিৰ টনাটনি, জ্বৰ আদি বিভিন্ন ধৰণৰ অসুখে আগুৰি ধৰে। গতিকে শিশুৱে বহু কষ্ট পায়।

চিকিৎসা

২৫০ মিলিলিটাৰ গৰুৰ গাখীৰৰ লগত ৫০ গ্ৰাম গুৱা-মৰি সিজাই দিনে ৩ বাৰকৈ খুৱালে দাঁত সহজে ওলায়।

সুৱগা আখৈ কৰি গুড়ি কৰি লৈ মৌ লগত মিহলাই দাঁতৰ পাৰিত, দাঁত গজিব ধৰা সময়ত মালিছ কৰি দিলে দাঁত সোনকালে ওলাই আহিব আৰু কষ্ট দূৰ হ’ব।

সুৱগাৰ গুড়ি মাকৰ গাখীৰৰ লগত মিহলি কৰি দাঁতৰ পাৰিত মালিছ কৰিলেও সোনকালে দাঁত ওলাই আহিব।

যেতিয়া দেখা যায় দাঁত গজি ওলাব খোজা নাই, কিন্তু সময় হৈছে, শিশুই অসুখ-বিসুখত কষ্টও পাইছে তেতিয়া, সুৱগা ২ গ্ৰাম আৰু মূলহাটি ২ গ্ৰাম একেলগে বটি মিহি কৰি দাঁত ওলাব লগা ঠাইত মালিছ কৰি থাকক। এইভাৱে ১ সপ্তাহমান মালিছ কৰিলে দাঁত ওলাই আহিব।

কেঁচা আমলখি আৰু কেঁচা হালধি একেলগে বটি মালিছ কৰিলেও বিনা কষ্টে দাঁত গজি আহে।

বেদানাৰ ৰস আৰু তুলসীৰ ৰস মিহলাই চেলেকি থাকিবলৈ দিলে পেটৰ গোলমাল বন্ধ হয় আৰু দাঁতো সহজে গজি আহে। বেদানাৰ বাকলি পৰিষ্কাৰকৈ ধুই লৈ শিশুক চোবাই থাকিবলৈ দিয়ক, দাঁত গজাত সহজ হ’ব। দাঁত গজাত পলম হ’লে এনে ব্যৱস্থা ল’ব লাগে।

সৰু পিপলি বটি মিহি কৰি চালি লৈ অলপ মৌৰ লগত মিহলাই দাঁতৰ পাৰিত মালিছ কৰি দিলে দাঁত সহজে ওলাই আহে।

শিশুৰ অস্থিৰ কোমলতাঃ

শিশুৱে পৰ্যাপ্ত পৰিমাণে গাখীৰ খাবলৈ নাপালে বা প্ৰয়োজনীয় মাত্ৰাত পুষ্টিপ্ৰাপ্ত নহ’লে, ভিটামিন আদিৰ ঘাটি হ’লে শিশুৰ হাড় আৱশ্যকীয়ভাৱে টান নহয়। ভিটামিন ডি-ৰ অভাৱ, কেলচিয়ামৰ অভাৱত হাড়বিলাক ঢিলা হয়। মাকৰ গাখীৰ ঠিকমতে নাপালে, গাত ৰ’দ নপৰিলে এনে হয়।

ৰোগৰ লক্ষণ

হাড় কোমল হ’লে গাৰ গঠনত বিকৃত অৱস্থা বিশেষকৈ ভৰিত ভাজ লাগিব পাৰে। দাঁত সোনকালে নগজে। দাঁত বৰ কোমল হয়। হাত-ভৰি বিকলাংগৰ দৰে হ’ব পাৰে আৰু ৰোগগ্ৰস্ত হয়। স্বভাৱতো খিটখিটিয়া হয়। শিশুৰ এই অৱস্থা নহ’বৰ বাবে তলৰ প্ৰতিকাৰৰ ব্যৱস্থাবোৰ লওক। ৰোগ হ’লেও ইয়াৰ দ্বাৰই আৰোগ্য হ’ব।

প্ৰতিকাৰ

ৰাতিপুৱা ৰ’দ উঠাৰ লগে লগে শিশুৰ গাৰ কাপোৰ খুলি ৰদত শুৱাই দিয়ক (মনত ৰাখিব, ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ৰ ৰ’দ- দিনৰ যিকোনো সময়ৰ টান ৰ’দ নহয়)। ইয়াৰ ফলত ভিটামিন ‘ডি’ উত্পন্ন হ’ব আৰু শিশুৰ হাড় টান হ’ব।

মাকৰ গাখীৰ, মাখন, পনীৰ, কণী, সেউজীয়া পাচলি খাবলৈ দিয়ক, শিশুৰ অস্থি দৃঢ় হ’ব।

মাছৰ তেল বা কডলিভাৰ অইল, ১৫ দিনৰ কেঁচুৱাক ৫-১০ টোপ, এমাহৰ কেঁচুৱাক ৩০ টোপ, ডেৰ মাহৰ কেঁচুৱাক ৪ মিলিলিটাৰ কৈ প্ৰতিদিনে গাখীৰত মিহলাই খুৱালে কেঁচুৱাৰ হাড় কঠিন হ’ব আৰু মজবুত হ’ব। শিশু স্বাভাৱিকভাৱে বাঢ়ি থাকিব।

শিশুৰ পয়ালগা ৰোগঃ

শিশুৰ ই এক গুৰুতৰ পুষ্টিহীনতাৰ ফলত হোৱা ৰোগ। খাদ্যৰ অভাৱত যেতিয়া শিশুৰ ওজন বয়স অনুপাতে হ’ব লগাতকৈ ৭৫% শতাংশ কমি যায় সেই অৱস্থাকে শিশুৰ পয়ালগা বা মাৰাছমাছ ৰোগ হোৱা বুলি কোৱা হয়। শিশুক বেছি বয়সিয়াল লোক যেন দেখায়। ছালত চৰ্বী নাথাকে। গাৰ উত্তাপো স্বাভাৱিকতকৈ কম থাকে। দেখাতেই বেমাৰী শিশু যেন লাগে। তুলনাত মূৰটো বহুত ডাঙৰ হয়।

ৰোগ হোৱাৰ কাৰণ

প্ৰোটিনৰ অভাৱতে এই ধৰণৰ অৱস্থা হয় যদিও লগত অন্যান্য কাৰণো থাকে। খোৱা খাদ্য অনুপযুক্ত, শৰীৰৰ কামত সমুচিতভাৱে নলগা, ঘনাই শৌচ বমি হৈ থকা, হৃত্পিণ্ড, হাঁওফাঁও, বৃক্ক গ্ৰন্থি, প্ৰস্ৰাৱ নিৰ্গমন পথত জড়িত অংগ-প্ৰত্যংগৰ ৰোগ বা পেৰাছাইট, বেক্টেৰিয়া আদিয়ে কৰা ৰোগৰ ফলতো শৰীৰৰ এই অৱস্থা হয়। মাতৃস্নেহৰ পৰা বিচ্ছিন্ন হোৱা শিশুৰ মাকৰবুকুৰ গাখীৰৰ অভাৱতো এই ৰোগ হয় আৰু বহু দিন এনে অৱস্থাত ভুগি থাকিলে সেই শিশুৰ মৃত্যু হয়।

চিকিৎসা

অতি স্নেহময় প্ৰতিপাল আৰু উপযুক্ত খাদ্য খুৱালেই ৰোগ আৰোগ্য হয়। ভীমকল এটা ভালদৰে চকলিয়াই, গুটিবিলাক আঁতৰ কৰি, শাহখিনি গৰু বা ছাগলীৰ গাখীৰৰ লগত (১০০ মিলিলিটাৰ) ৩ দিনমান একোবাৰকৈ খুৱালে শৰীৰলৈ জীপ আহিব।

আমলখিৰ ৰস (৩-৪ টাৰ) উলিয়াই দিনে ২ বাৰকৈ একেৰাহে ৮-১০ দিনমান খুৱালে পয়ালগা ৰোগ দূৰ হয়।

পকা ভীমকল এটাৰ লগত ভেঁটফুল ৫-৬ টামান একেলগে বটি ১০০ মিলিলিটাৰ ছাগলীৰ গাখীৰৰ লগত মিহলাই তাক দুভাগ কৰি দিনে ২ বাৰকৈ একেৰাহে কেইদিনমান খুৱালে শিশু সুস্থ হৈ উঠিব।

২-৩ টা কেঁচা আলুৰ ৰস উলিয়াই দিনে ৩ বাৰকৈ খুৱালে উপকাৰ হয়।

গোলনেমুৰ ৰস ২ চামুচকৈ দিনে ২ বাৰকৈ একেৰাহে ১৫-২০ দিন খুৱালে বহু উপকাৰ হয়।

শিশুৰ নাড়ী পকা ৰোগ

বিভিন্ন কাৰণত কেঁচুৱাৰ নাড়ী কটাৰ পাছত লগে লগে শুকাই নগ’লে নাড়ী পকি যায়।

চিকিৎসা

জন্মৰ বহুদিনলৈকে নাড়ী নুশুকালে ৫-৬ টামান জালুক পুৰি তাৰ ছাইখিনি নাড়ীত দি বুঢ়া আঙুলিৰে টিপি ধৰিলে (কিছুসময়) পিছদিনাই নাড়ী শুকাই যায়।

বগা চন্দন উলিয়াই নাড়ীত প্ৰলেপ দিলে নাড়ী শুকাই যায়।

শিশুৰ কাণ পকিলে

চিকিৎসা

তুলসী পাতৰ ৰস, মহানিমৰ পাতৰ ৰস আৰু মৌ অলপ মিহলি কৰি কাণত টোপ টোপকৈ ২-৩ টোপ দিলে কাণেদি পূজ ওলোৱা বন্ধ হ’ব।

শিশুৱে দাঁত কামুৰিলে

চিকিৎসা

ডালিমৰ ছাল আৰু শিপাৰ ৰস ১০ মিলিলিটাৰকৈ একেৰাহে ৩ দিন খালে শিশুৰ দাঁত কামোৰা বন্ধ হ’ব।

শিশুৰ খোনা মাত

কথা কোৱাত ব্যৱহাৰ হোৱা অংগ-প্ৰত্যংগৰ সমন্বয়ৰ অভাৱ হোৱাৰ বাবে শিশুৰ মাত খোনা হয়। কথা ক’ব খোজোঁতে বাধাপ্ৰাপ্ত হয়।

চিকিৎসা

প্ৰতিদিনে এটাকৈ কেঁচা আমলখি চোবাই খালে কথা বজা দূৰ হয়। জিভা পাতল হয় আৰু কথা পৰিষ্কাৰ হয়।

৫ গ্ৰাম গুৱা-মৰি অলপ ভাঙি ৩০০ মিলিলিটাৰ পানীত উতলাই পানী যেতিয়া ১০০ মিলিলিটাৰমান থাকিব তাত ৫০ গ্ৰাম মিছিৰি আৰু ২৫০ মিলিলিটাৰ গৰুৰ গাখীৰ মিহলাই প্ৰতিদিনে শোৱাৰ সময়ত খাবলৈ দিয়ক। শিশুৰ খোনা মাত বা কথা ক’বলৈ গৈ বন্ধ হৈ পৰা অৱস্থা দূৰ হ’ব।

১২ টা বাদাম পানীত তিয়াই বটি লৈ ২০ গ্ৰাম মাখনৰ লগত এমাহলৈ খালে খোনা মাত নোহোৱা হ’ব।

১০ টা বাদাম আৰু ১০ টা জালুক খুন্দি মিছিৰিৰে মিহলাই খালে খোনা মাত নাথাকে।

মাতত খোনা খোনা ভাব আৰম্ভণিতে দেখিলে থুঁতৰিত ধৰি জোকাৰি দিব লাগে। কিতাপ ডাঙৰকৈ, খৰকৈ পঢ়িবলৈ দিব লাগে। গান গাবলৈ অভ্যাস কৰিব লাগে।

শিশুৰ প্ৰস্ৰাৱ বন্ধ হলে

জন্ম হোৱাৰ পাছত কেঁচুৱাৰ প্ৰস্ৰাৱ সোনকালে নহয়। কিছুমানৰ দ্বিতীয় দিনাহে হয়। কিন্তু যিমান সোনকালে হয়, সিমানেই শুভ লক্ষণ। মাকৰ গাখীৰ খাবলৈ ধৰিলে প্ৰস্ৰাৱ হয় বা হ’ব লাগে। প্ৰস্ৰাৱ হ’লে নিয়মিতভাৱে সঘনে হৈ থাকে। কেতিয়াবা কোনো কাৰণত প্ৰস্ৰাৱ বন্ধ হ’লে কেঁচুৱাৰ যন্ত্ৰণা হয়।

চিকিৎসা

১ বছৰৰ শিশুৰ প্ৰস্ৰাৱ বন্ধ হ’লে পাতেগজাৰ (দুপৰীয়া টেঙাৰ) পাত এটা খুন্দি তাৰ ৰসত সামান্য পানী মিহলাই খালে প্ৰস্ৰাৱ হ’ব।

এই পাতেগজাৰ পাত এটা খুন্দি তাৰ ৰস তল পেটত অলপ সময় মালিছ কৰিলে (যিকোনো বয়সৰ কেঁচুৱাৰে) প্ৰস্ৰাৱ হ’ব। তল পেটৰ নাভিৰ ওচৰত মালিছ কৰিব লাগে।

সিজুৰ পাত ২-৩ টামান থেতেলাই পেটত (নাভিৰ ওচৰত) মালিছ কৰিলেও প্ৰস্ৰাৱ হয়।

দুটা বাটিৰ এটাত কুহুমীয়া গৰম পানী আৰু আনটোত চেঁচা পানী লৈ দুটুকুৰা কাপোৰ তাত ভিজাই, এবাৰ গৰম পানী, তাৰ পাছৰবাৰ চেঁচা পানীৰে আৰু তেনেকৈ ৩ বাৰমান তলপেটৰ নাভিৰ ওচৰত ভিজা কাপোৰ মোহাৰি দিলে প্ৰস্ৰাৱ হ’ব।

শিশুৰ ঘামোৰুকীয়া

এই ৰোগ শিশুৰেই নহয় ডাঙৰৰো হয়। এই ৰোগত উশাহ-নিশাহ লোৱাত কষ্ট হয়। ডিঙিৰ পৰা শব্দও ওলায়। ঘেৰঘেৰণি শব্দ হয়, শৰীৰ দুৰ্বল হয়।

চিকিৎসা

১০০ মিলিলিটাৰ ভীমকলৰ পাতৰ ৰস ৫০ মিলিলিটাৰ একেবৰণীয়া গাই-দামুৰীৰ গৰুৰ গাখীৰ মিহলাই দিনে এগিলাচ বা একাপকৈ তিনি দিন খালে এই ৰোগ দূৰ হ’ব।

সিজুৰ শাহ, নিমখ, জালুক, পিপলি, আহু চাউল সকলোটি একেলগে খুন্দি ভাজি খালে ভাল হয়।

ছালকুঁৱৰীৰ পাত এটা খুন্দি তাৰ ৰস উলিয়াই অলপ গৰুৰ গাখীৰৰ লগত খুৱালে ঘোমোৰুকীয়া ৰোগ ভাল হয়।

শিশুৰ মুখেৰে লালটি ওলাই থাকিলে

চিকিৎসা

বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে লালটি ওলোৱা বন্ধ হয়। বহু সময়ত বয়সস্থ মানুহৰো এনে অসুবিধা থকা দেখা যায়। বয়সিয়াল লোকেও ইয়াৰ দ্বাৰা উপকাৰ পাব।

শিশুৰ জ্বৰ

শিশুৰ সাধাৰণ জ্বৰ হ’লে তলত উল্লেখ কৰা ঔষধ ব্যৱহাৰ কৰিব পাৰে।

চিকিৎসা

জালুকৰ গুড়ি ১২৫ গ্ৰাম, তুলসীৰ ৰস আৰু মৌ মিহলাই দিনে ৩ বাৰকৈ খাবলৈ দিয়ক। জ্বৰ এৰিব।

জ্বৰৰ কাৰণে যদি খুব ঘাম ওলায়, হাত-ভৰি ঠাণ্ডা লাগে তেনেহ’লে শুকান আদাৰ গুড়ি (শুঁঠ চূৰ্ণ) মিহি কৰি চালি লৈ হাতত লগাওক। শিশুৱে আৰাম পাব।

জ্বৰৰ বাবে যদি মূৰ খুব বিষায় তেনেহ’লে গাখীৰৰ লগত শুকান আদাৰ চূৰ্ণ মিহলাই মূৰত প্ৰলেপ দিয়ক, মূৰৰ বিষ কমিব।

জ্বৰ যদি বেছি হয় তেনেহ’লে পিঁয়াজ বটি মূৰ আৰু পেটত মালিছ কৰক। জ্বৰ কমি যাবলৈ ধৰিব।

জ্বৰ যদি মূৰলৈ উঠে ছাঁলকুৱৰীৰ পাত এটা থেতেলাই মূৰত ভৰণ (প্ৰলেপ) দিয়ক। জ্বৰ কমিব।

লাইজাবৰি এমুঠি খুন্দি মূৰত প্ৰলেপ দিলেও জ্বৰ এৰে।

কৰঞ্জাৰ (কৰমচা গছ- বঙলা) পাত ১১ গ্ৰাম, জালুক ৩ গ্ৰাম গুড়ি কৰি তাত কিছু তুলসীৰ পাতৰ ৰস মিহলাই একোটা মুগ মাহৰ সমান ডাঙৰ কৰি বড়ি বনাই লওক। এই বড়ি ১ টা দিনে ৩ বাৰ (পুৱা, দুপৰীয়া আৰু গধূলি) অলপ গৰম পানীৰ সৈতে খাবলৈ দিয়ক। যি কোনো জ্বৰ এৰিব।

আজিকালি বজাৰত জ্বৰ এৰুৱাবলৈ বিভিন্ন এল’পেথিক ঔষধ পোৱা যায়। এইবোৰ খুৱালে জ্বৰ বন্ধ হৈ যায়।

শিশুৰ হুপিং কাহ

ৰোগৰ লক্ষণ

হুপিং কাহ হ’লে ল’ৰা-ছোৱালীৰ বৰ কষ্ট হয়। হুপ্ হুপ্ কৈ উশাহ টানি টানি কাহে। কাহি কাহি কেঁচুৱাই লাল-কাল দিয়ে। বমিও কৰিব পাৰে। ই এবিধ বীজাণুৰ পৰা হয় আৰু ৰোগৰ বীজাণু মুখেৰে বা নাকেৰে সোমাই শ্বাস নলীৰ ভিতৰলৈ যায়। ডিঙিৰ ভিতৰৰ পৰা হাঁওফাঁওলৈ আটাইবোৰ অংগ উখহি ৰঙা হৈ যায় আৰু ঘা হয়। আৰম্ভণিতে কেঁচুৱাৰ পানী লগাৰ দৰে হয়। কিন্তু পানী লগা ভাল নহয় বৰং বেয়াৰ ফালে গৈ এইবোৰ হয়। লেঠাৰি নিচিগাকৈ কাহে আৰু বমিও কৰিব পাৰে। এই ৰোগ ভাল নোহোৱাকৈ প্ৰায় ডেৰ মাহ বা বেছিও থাকে।

চিকিৎসা

১ ৰতি বা ০.১২৯৬ গ্ৰাম ভজা ফিটকিৰিৰ লগত ১ ৰতি চেনি মিহলাই দিনে ২ বাৰকৈ খাবলৈ দিয়ক। কেঁচুৱাই আৰাম পাব। এই ঔষধত ৫ দিনতে হুপিং কাহ ভাল হ’ব বুলি কোৱা হয়। পানী নহ’লে খাবলৈ অসুবিধা পালে অলপ পানী লৈ খাব লাগে। এই ঔষধত ডাঙৰ মানুহৰ কাহো ভাল হয়। দুগুণ মাত্ৰাত খাব লাগে।

এই ৰোগৰ নিশ্চিত প্ৰতিষেধক ঔষধ ওলাইছে আৰু চৰকাৰী আঁচনি চলাই ৰোগ নিৰ্মূল কৰিবলৈ চেষ্টা চলাই থকা হৈছে। হুপিং কাহ এবাৰ হ’লে পুনৰ হোৱাৰ সম্ভাৱনা কম থাকে।

ধনুষ্টংকাৰ

ৰোগৰ লক্ষণ

ধনুষ্টংকাৰ ৰোগৰ বীজাণু ঘোঁৰাৰ গোবৰ আৰু গৰুৰ গোবৰত থাকে। অম্লজান বায়ু কম থকা ঠাইত এই বীজাণু বেছিদিন জীয়াই থাকে। ই শৰীৰৰ সিৰ-উপসিৰ আক্ৰমণ কৰি কোঁচ খুৱাই দিয়ে। মানুহৰ শৰীৰ ভাঁজ লাগি যায়। ৰোগ হ’লে মৃত্যু হোৱাৰ সম্ভাৱনাই বেছি। প্ৰথমতে দাঁতৰ পাৰি টানি ধৰে, তাৰ পাছত গল বেঁকা কৰি দিয়ে আৰু পাছত পিঠিত ভাঁজ লাগি যায়। মাংসপেশীবোৰ কঠিন হৈ পৰে। তেনেকৈ বুকু, তলপেট, অন্যান্য অংগ-প্ৰত্যংগ সকলো সংকুচিত হৈ টান হৈ যায়। উশাহ-নিশাহ লোৱা অংগ-প্ৰত্যংগ আক্ৰান্ত হ’লে উশাহ বন্ধ হৈ বা শৰীৰৰ তীব্ৰ জোকাৰণিত মৃত্যু হয়। ইয়াৰ বীজাণু কটা-ছিঙা, হুলে বিন্ধা আদি তেজ ওলাই থকা জখমেৰে শৰীৰৰ ভিতৰলৈ সোমায় যায় আৰু বীজাণু শৰীৰলৈ সোমোৱাৰ ৪-২৫ দিনৰ ভিতৰত ৰোগৰ লক্ষণে দেখা দিয়ে। প্ৰথমতে জ্বৰ হয় আৰু গা ভীষণ বিষায়। তাৰ পাছত ওপৰত কোৱা প্ৰতিক্ৰিয়াবোৰ আৰম্ভ হয়। খুব ততাতৈয়াকৈ আৰু খুব শক্তিশালী ঔষধেৰে (পেনিচিলিন আদিৰে) চিকিৎসা নকৰিলে ৰোগীক বচোৱা সম্ভৱ নহয়।

চিকিৎসা

ওপৰত কোৱা ধৰণেৰে খুব ততাতৈয়াকৈ আৰু শক্তিশালী ঔষধেৰে অতি অভিজ্ঞ চিকিত্সকেহে ৰোগীক বচাব পাৰে। তেনে সংযোগ সহজে সম্ভৱ নহয় বাবে বহু ৰোগীৰ মৃত্যু হৈছিল।

কিন্তু ইয়াৰ প্ৰতিষেধক বেজি, ৰোগক বাধা দিবলৈ সম্পূৰ্ণ সক্ষম। গতিকে ২৪ ঘণ্টাৰ ভিতৰত এণ্টিটিটেনাছ বেজি ল’লে এই ৰোগ হ’ব নোৱাৰে। আজিকালি কটা-ছিঙা হ’লেই মানুহে এণ্টিটিটেনাছ বেজি ল’বলৈ ধৰাৰ ফলত এই ৰোগৰ প্ৰভাৱ শাম কাটি আহিছে।

ল’ৰা-ছোৱালীবোৰক জন্মৰ পাছৰ পৰাই নিয়মিতভাৱে ধনুষ্টংকাৰ ৰোগৰ প্ৰতিষেধক বেজি দিয়া হয়। এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষেধক বেজিৰ আঁচনিৰে হুপিং কাহ, ধনুষ্টংকাৰ আৰু ঘোঁৰাশলখা ৰোগৰ পৰা শিশুসকলক সুৰক্ষা দিবলৈ কৰি থকা চেষ্টা এতিয়া পূৰ্ণ গতিত চলি আছে। অকল আমাৰ দেশতে নহয় গোটেই পৃথিৱীত বিশ্বস্বাস্থ্য সংস্থাৰ সাহায্য আৰু পৰামৰ্শও চলি আছে। গতিকে ইয়াৰ (ৰোগৰ) প্ৰভাৱো সীমিত হৈ আহিছে।

ঘোঁৰাশলখা

এই ৰোগো এবিধ বেক্টেৰিয়াৰ পৰা হয়। ইয়াৰ বীজাণুই গল নলী আক্ৰান্ত কৰে আৰু উশাহ-নিশাহ লোৱা বাট হেঁচা মাৰি ধৰিব খোজে। গলৰ বাহিৰে শ্লেষ্মা থকা অন্য স্থানতো হ’ব পাৰে কিন্তু প্ৰধানকৈ গলৰ নলীত হোৱাই দেখা যায়। ৰোগীৰ সৈতে সংশ্ৰৱ থাকিলে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ভয় থাকে। ৰোগৰ বীজাণুৰ দ্বাৰা সংক্ৰমিত হ’লে ২-৬ দিনৰ ভিতৰতে ৰোগৰ লক্ষণে দেখা দিয়ে। গল চেৰচেৰাই থাকে, শ্বাসনলী ফুলি যায় আৰু উশাহ-নিশাহ লোৱাত কষ্ট হ’বলৈ ধৰে। বেক্টেৰিয়া অতিমাত্ৰাত বাঢ়ি যায় আৰু প্ৰৱাহিত ৰক্তধাৰাত বিষ ঢালি দিয়ে আৰু এইবোৰে সিৰ আৰু হৃত্পিণ্ড ধ্বংস কৰি দিয়ে। ৰোগীৰ সৰ্বাংগ অৱশ হৈ বা হাৰ্ট এটাক হৈ মৃত্যু হয়। মৃত্যু প্ৰায় ৪ দিনৰ ভিতৰতে হয়। কেৱল ততাতৈয়াকৈ এণ্টিটক্সিন ড্ৰাগছ্ আৰু পেনিচিলিন আদি অতি শক্তিশালী ঔষধেৰে চিকিৎসা কৰি ৰোগীক বচাব পাৰি। কিন্তু বহু সময় লয়। সেয়েহে আগৰ দিনত বেছি ভাগ ৰোগীৰে মৃত্যু হৈছিল। ৰোগীৰ ৪ দিনৰ আগতে চিকিৎসা আৰম্ভ নহ’লে বচাই ৰখা টান হয়।

চিকিৎসা

ডিপথেৰিয়া এণ্টিটক্সিন নামৰ প্ৰতিষেধক বেজি ৰোগৰ প্ৰথম দিনাই দিব পাৰিলে শতকৰা ৯৯ ভাগ ৰোগীকে বচাব পাৰি।

ঘৰুৱা চিকিৎসা

ঘোঁৰাশলখা হোৱা বুলি সন্দেহ হ’লে প্ৰকৃত চিকিৎসা পোৱাৰ আগতে পিঁয়াজ এটা থেতেলিয়াই ৰস বাহিৰ কৰি ৰোগীক খাবলৈ দিব লাগে। উপকাৰ হয়।

৩-৪ টোপ নহৰুৰ ৰসো খুৱাব পাৰি।

নিয়মীয়াকৈ পিঁয়াজ আৰু নহৰু খোৱা লোকৰ এই ৰোগ নহয় বুলি বিশ্বাস এটা আছে।

প্ৰতিষেধক ব্যৱস্থা

ঘোঁৰাৰ গাত ডিপথেৰিয়াৰ বীজাণু সুমুৱাই দি তাৰ তেজৰ পৰা ডিপথেৰিয়াৰ এণ্টিটক্সিন বাহিৰ কৰা হৈছে। এই ঔষধৰ ডিপথেৰিয়াৰ বীজাণু ধ্বংস কৰিব পৰা শক্তি আছে।

শিশুৰ বাবে ঘোঁৰাশলখা, ধনুষ্টংকাৰ অতি মাৰাত্মক ৰোগ, যাৰ বাবে বছৰি বহু হাজাৰ শিশুৰ মৃত্যু হৈছিল। আনফালে হুপিং কাহৰ বাবে শিশুৰ অতিমাত্ৰাই যন্ত্ৰণা ভোগ হয়। আকৌ দেখা গ’ল যে- প্ৰতিষেধক ব্যৱস্থাৰে এইবোৰ ৰোগ হোৱাটোকে বন্ধ কৰিব পাৰি। গতিকে তিনিওটা ৰোগৰে প্ৰতিষেধক বেজি ত্ৰিপোল এণ্টিজেন ভেকচিন প্ৰস্তুত কৰা হ’ল আৰু কুৰি শতিকাৰ ষষ্ঠ দশকমানৰ পৰা আমাৰ দেশত, গোটেই দেশজুৰি শিশুৰ বাবে ইমুনাইজেছন প্ৰ’গ্ৰেম প্ৰৱৰ্তন কৰা হ’ল। এই আঁচনিৰে দেশৰ সকলো নৱজাত শিশুকে তিনি মাহ বয়স হোৱাৰ লগে লগে  এই ত্ৰিপোল এণ্টিজেন ভেকচিন চমুকৈ ত্ৰিপোল ভেকচিন বেজি দিব লাগে। ইয়াৰ পাছত এমাহৰ মূৰে মূৰে এনেকুৱা তিনিটা বেজি দিব লাগে। আকৌ এবছৰৰ মূৰত আৰু এটা আৰু পাঁচ বছৰৰ মূৰত আৰু এটা দিব লাগে। তেতিয়া শিশুৱে সম্পূৰ্ণ সুৰক্ষা পায় আৰু এই ৰোগ নহয়।

সম্প্ৰসাৰিত প্ৰতিষেধক আঁচনিঃ আনহাতে দেশৰ ভয়াবহ জনসংখ্যা বৃদ্ধিৰ হাৰ কমাবলৈ গোটেই দেশতে পৰিয়াল কল্যাণ আঁচনি প্ৰৱৰ্তন কৰা হ’ল আৰু জন্ম পোৱা শিশুক মৃত্যুৰ বিৰুদ্ধে সুৰক্ষা দিবলৈ ত্ৰিপোল ভেকচিন দিয়াৰ কাম পৰিয়াল কল্যাণ আঁচনিৰ অন্তৰ্ভুক্ত কৰি জোৰদাৰ প্ৰচেষ্টাৰে আগবঢ়াই নিবলৈ চেষ্টা কৰা হয়। কাৰণ সেই সময়ত এই ঘোঁৰাশলখা আৰু ধনুষ্টংকাৰ ৰোগৰ বাবেই অতি উচ্চ হাৰত শিশুৰ মৃত্যু হৈ আছিল। হুপিং কাহৰ বাবে মৃত্যু কম হৈছিল যদিও শিশুৰ যাতনা অভাৱনীয় আৰু হৃদয় বিদাৰক আছিল। বিশ্বস্বাস্থ্য সংস্থাই এই আঁচনিত ধন, কাৰিকৰী আৰু প্ৰায়োগিক পৰামৰ্শ আৰু সাহায্য আগবঢ়াইছিল আৰু এতিয়াও (একৈশ শতিকাৰ আৰম্ভণিতো) আগবঢ়াই আছে। ফলস্বৰূপে শিশুৰ মৃত্যুৰ হাৰ উল্লেখনীয়ভাৱে কমি গৈছে। হাস্পতালত এতিয়া আৰু এই ৰোগৰ শিশু ৰোগী দেখিবলৈ পোৱা নাযায়। ই এক অতি সুখকৰ পৰিৱৰ্তন বুলি ক’ব পাৰি। পৰিয়াল কল্যাণ আঁচনিৰে ত্ৰিপোল ভেকচিন, বসন্তৰ প্ৰতিষেধক ছিটা আৰু পলিঅ’ ৰোগৰ বিৰুদ্ধে খোৱা প্ৰতিষেধক, ঔষধ আদি অতি বিস্তৃতভাৱে আৰু ক্ষিপ্ৰগতিৰে গাঁৱে-ভূঁঞে, চুকে-কোণে প্ৰতিটো সন্তানেই যাতে ইয়াৰ সুযোগ পায় তাৰ ব্যৱস্থা কৰা হৈছিল।

প্ৰশাসনিক দিশৰ পৰা গাঁওবোৰ নিৰ্দিষ্ট জনসংখ্যাৰ ভিত্তিত (১ লাখমান) এক অঞ্চলত ভাগ কৰা আছিল। এজন আঞ্চলিক সভাপতি আৰু আঞ্চলিক সমিতিৰ সদস্যসকলে সেই অঞ্চলৰ উন্নয়নৰ কাম চোৱা-চিতা কৰিছিল। ৰাজ্যৰ স্বাস্থ্য বিভাগবোৰে এনে সকলো অঞ্চলতে একোখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিছিল। একোখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত কেবাখনো উপ স্বাস্থ্য কেন্দ্ৰ স্থাপন হৈছিল আৰু এই স্বাস্থ্য কেন্দ্ৰবোৰত শিশুৰ ৰোগ প্ৰতিষেধক আঁচনি প্ৰৱৰ্তনৰ দায়িত্ব সম্পূৰ্ণ ৰূপে ন্যস্ত কৰা হৈছিল। পৰ্যাপ্ত পৰিমাণে ডাক্তৰ, নাৰ্ছ আৰু পেৰামেডিকেল ষ্টাফ নিয়োগ কৰা হৈছিল। ডাক্তৰ, নাৰ্ছ আৰু পেৰামেডিকেল ষ্টাফবোৰক অতি সঘনে শিশুৰ ৰোগ প্ৰতিষেধক আঁচনি আৰু জনস্বাস্থ্য সেৱা সম্পৰ্কীয় প্ৰশিক্ষণ দি নতুন নতুন উদ্ভাৱিত বুদ্ধি কৌশল, তথ্য আৰু জ্ঞান অৱগত কৰোৱাৰ বাবে দেশ-বিদেশৰ উন্নত প্ৰতিষ্ঠানবোৰত নিয়মিতভাৱে প্ৰশিক্ষণ দি থকা হৈছিল।

সপ্ত দশকত এই আঁচনিৰ (শিশুৰ ৰোগ প্ৰতিষেধক) কাৰ্যাৱলী অতি বিস্তৃতভাৱে সম্প্ৰসাৰৰিত হয়। কৰ্মীসকলৰ কাৰিকৰী জ্ঞান থকাৰ উপৰিও জনগণৰ উপলব্ধি, আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে অতি আৱশ্যক হৈ পৰে। গতিকে সকলো প্ৰচাৰ মাধ্যমকে স্বাস্থ্য শিক্ষা আৰু পৰিয়াল কল্যাণ, জন্ম নিয়ন্ত্ৰণ বিষয়ক শিক্ষা সম্প্ৰসাৰণৰ বাবে নিয়োজিত কৰা হয়। সেই সময়ত টি.ভি. আজিৰ দৰে ব্যাপক হৈ পৰা নাছিল। ৰেডিঅ’ আৰু দেশৰ সকলো আকাশবাণীৰ কেন্দ্ৰতে একোজনকৈ সম্প্ৰসাৰণ বিষয়া নিয়োজিত কৰা হৈছিল।

পলিঅ‘ বা পলিঅ’মাইলেটিছঃ

এবিধ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ হোৱা ৰোগ। ই এক প্ৰকাৰ পক্ষাঘাত ৰোগ। ইয়াৰ ভাইৰাছে স্নায়ুমণ্ডলী আক্ৰমণ কৰে। আক্ৰান্ত স্থান অনুসৰি এই ৰোগক তলত দেখুৱা ধৰণে চিনাক্ত কৰা হৈছে।

এব’ৰ্টিভ পলিঅ’মাইলেটিছ- এই ৰোগত গল আৰু খাদ্যনলী আক্ৰান্ত হয়। ইয়াৰ বাবে পেটৰ গোলমাল হয়, হজম নহয় আৰু ইনফ্লুৱেঞ্জা হয়।

ন’ন-পেৰালাইটিক পলিঅ’মাইলেটিছ- আক্ৰান্ত অঞ্চলৰ মাংসপেশী কঠিন হৈ পৰে, বিশেষকৈ গল আৰু পিঠিৰ মাংসপেশী জঠৰ হৈ পৰে।

পেৰালাইটিক পলিঅ’মাইলেটিছ- ইয়াত আক্ৰান্ত অংগ-প্ৰত্যংগ দুৰ্বল হয় আৰু পক্ষাঘাত বা পেৰালাইজড্ হৈ যায়।

বাল্বাৰ পলিঅ’মাইলেটিছ- ইয়াত শ্বাস-প্ৰশ্বাসৰ অংগ-প্ৰত্যংগৰ মাংসপেশীবোৰ আক্ৰান্ত হয় আৰু উশাহ ল’বলৈ কষ্টকৰ হয় বা উশাহ ল’ব নোৱৰা হয়।

এই পলিঅ’ ৰোগৰ বীজাণু ৰোগীৰ শৌচৰ লগত, থুই আৰু খেকাৰত বাহিৰ ওলাই আহে। সেইবাবে ভাল ছেনিটেছন ব্যৱস্থা নথকা ঠাইত ইয়াৰ প্ৰভাৱ বেছি হয়। আক্ৰান্ত হোৱা লোকৰ ৰোগৰ বীজাণু শৰীৰত প্ৰৱেশ কৰাৰ ৭-১২ দিনৰ ভিতৰত ৰোগৰ লক্ষণে দেখা দিয়ে। ৰোগ ক্ষিপ্ৰ গতিত বাঢ়িব পাৰে আৰু ইয়াৰ পৰিণাম অতি ভয়াবহ হ’ব পাৰে।

সাধাৰণতে পলিঅ’ ৰোগ ল’ৰা-ছোৱালীৰে হয় যদিও ডাঙৰৰো হ’ব পাৰে আৰু একেবাৰে সৰু কেঁচুৱাতকৈ দহ বা তাতকৈ বেছি বয়সৰ ল’ৰা-ছোৱালীৰ বেছিকৈ হোৱা দেখা যায়।

এই ৰোগত মেৰুমজ্জাৰ আগ ফালৰ অংশ আক্ৰান্ত হয়। অৰ্থাত্ মেৰুমজ্জাৰ যি অংশৰ পৰা হাত-ভৰি, ডিঙি, পিঠি আৰু চকুৰ মাংসপেশীলৈ যোৱা স্নায়ুবোৰ ওলাই আহে আৰু সেই স্নায়ুৰ গুৰিৰ অংশতে আক্ৰমণ কৰে। ফলত এখন হাত বা এখন ভৰি অলৰ-অচৰ হয়। যেতিয়া বুকুৰ মাংসপেশী আক্ৰান্ত হয় তেতিয়া উশাহ ল’ব নোৱাৰি ৰোগীৰ মৃত্যু হয়। যেতিয়া ডিঙিৰ ভিতৰৰ পেশীৰ পক্ষাঘাত হয়, যিবিলাক পেশী আহাৰ গিলাৰ বাবে আৱশ্যক, তেতিয়াও ৰোগীৰ জীৱনৰ আশংকা থাকে। কাৰণ এই পেশীবিলাকক নিয়ন্ত্ৰণ কৰা স্নায়ুৰ গুৰিত য’ত স্নায়ু আৰু মগজুৰ সংযোগস্থল বা বাল্বটো আছে পলিঅ’ৰ ভাইৰাছে তাতে আক্ৰমণ কৰে। গতিকে শ্বাস-প্ৰশ্বাস লোৱা পেশীবোৰৰ পক্ষাঘাত হয়, অলৰ-অচৰ হয় আৰু তেনেকৈ জীৱন ধাৰণৰ অত্যাৱশ্যকীয় অংগ-প্ৰত্যংগত পক্ষাঘাত হ’লে ৰোগীৰ জীৱনৰ শংকা উপস্থিত হয়। কিন্তু স্পাইনেল কৰ্ডৰ যি অংশৰ পৰা হাত, ভৰি আদিলৈ স্নায়ু ওলাই আহে সেইবোৰ আক্ৰান্ত হ’লে বেছিভাগৰেই এখন হাত বা ভৰিত পক্ষাঘাত হয়। তেতিয়া সেই হাত বা ভৰিৰ পেশীবোৰে তেজৰ যোগান নাপায় আৰু সেই অংগৰ বৃদ্ধি বন্ধ হৈ যায় আৰু অক্ষম হৈ পৰে। ৰোগীৰ মৃত্যু নহ’লেও গোটেই জীৱনলৈ শাৰীৰিকভাৱে বাধাগ্ৰস্ত হৈ পৰে।

প্ৰাথমিক ৰোগৰ লক্ষণ

ৰোগ আৰম্ভ হোৱাৰ লগে লগে তলৰ যোকোনো লক্ষণে দেখা দিব পাৰে।

(১) সাধাৰণ পানী লগা অসুখ হয়, ডিঙি সুৰ-সুৰাই থাকে, নাকেদি পানী ওলায় আৰু মাত ভাগে।

(২) বমি হয় বা বমি বমি ভাব হয়। উদৰাময় অথবা শৌচ কচা হয়।

(৩)ইনফ্লুয়েঞ্জাৰ নিচিনাকৈ আৰম্ভ হ’ব পাৰে। গাৰ বিষ আদি হয়।

কেতিয়াবা আকৌ এইবোৰৰ কোনো লক্ষণ দেখা নিদিয়াকৈয়ে হাত বা বৰিত বিষ হ’ব পাৰে আৰু লাহে লাহে পক্ষাঘাত হ’ব পাৰে অৰ্থাত্ হাত বা ভৰি ইচ্ছা কৰিলে লৰাব-চৰাব নোৱৰা হয়। কেতিয়াবা আকৌ পিঠি বা ডিঙি জঠৰ হৈ পৰে। শৌচ-বমিৰ সমস্যা নহ’লেও কিন্তু সাধাৰণতে মূৰৰ বিষ, জ্বৰ আৰু কাহ হৈয়ে আৰম্ভ হয়।

কেতিয়াবা মূৰৰ বিষ বেছি হয় আৰু তাৰ পাছত গল আৰু পিঠি জঠৰ হৈ পৰে। এনে অৱস্থাত যদি ৰোগীক চিতকৈ শুৱাই মূৰটো ওপৰলৈ দাঙিব খোজা হয় তেতিয়াহ’লে গোটেই মানুহটোৱে দাং খাই উঠিব খোজে, গলত ভাঁজ নালাগে।

শতকৰা ৫০ ভাগ ৰোগীৰ ওপৰত উল্লেখ কৰা ৰোগৰ লক্ষণবোৰ আৰু বেছলৈ নাবাঢ়ে। ৰোগীৰ অৱস্থা ভালৰ ফালে আহিবলৈ ধৰে আৰু ৰোগী আৰোগ্য হয়। কিন্তু কিছুমান ক্ষেত্ৰত ৰোগীৰ মাংসপেশী দুৰ্বল হৈ যায় আৰু পক্ষাঘাত হয়।

চিকিৎসা

ৰোগীক ঔষধ খুৱাই আৰোগ্য কৰিব পৰা তেনে চিকিৎসা নাই। ছিষ্টাৰ কেনী নামে এগৰাকী নাৰ্ছে ৰোগীৰ বিষোৱা মাংসপেশীত গৰম সেক দি চিকিৎসা কৰিছিল। সেইবাবে ইয়াক কেনী পদ্ধতি বুলি জনা যায় আৰু তেনেকৈ কেনীৰ পদ্ধতিৰে চিকিৎসা কৰা হয়। গৰম সেক দিলে পেশীৰ বন্ধ হ’ব ধৰা ৰক্ত চলাচল উন্নত হয় আৰু মাংসপেশীৰ বল ঘূৰি আহে, পেশীবিলাক শুকাই নাযায়। পেশীৰ স্বাভাৱিক ক্ৰিয়া পুনৰ ঘূৰি আহে। পেশীবিলাক যেতিয়া বিষায়, এইটোৱে ৰোগৰ চৰম অৱস্থা নহয়। কিন্তু এই অৱস্থাতে পেশীবিলাক সংকুচিত হৈ যাবলৈ ধৰে আৰু ৰোগৰ বীজাণুৰ আক্ৰমণ চলি থাকিলে পেশীবিলাক সংকুচিত হৈ যায়, তেজৰ চলাচল বন্ধ হৈ যায় আৰু সেই মাংসপেশীৰ পক্ষাঘাত হয়। গৰম সেক দি ৰোগীক আৰোগ্য কৰিবলৈ হ’লে যথেষ্ট কষ্ট আৰু যত্নৰ আৱশ্যক, গতিকে ই নিৰ্ভৰশীল চিকিৎসা নহয়। অৰ্থাত্ সেক দিলেই ভাল হ’ব বুলি নিশ্চিত হ’ব নোৱাৰি। কিন্তু আনুষংগিক কষ্ট দূৰ কৰিবলৈ এই চিকিৎসা কৰা হয়।

পলিঅ’ৰ প্ৰতিষেধক ছিটাঃ প্ৰথমতে ডাঃ চাল্ক নামৰ এজন বৈজ্ঞানিকে ইয়াৰ প্ৰতিষেধক বেজি আৱিষ্কাৰ কৰিছিল। আমাৰ দেশত ইয়াৰ ব্যাপক ব্যৱহাৰ হৈছিল আৰু হাজাৰ হাজাৰ শিশুক এই ৰোগৰ বিৰুদ্ধে সুৰক্ষা দিয়া হৈছিল। আজিকালি ডাঃ চেবিন নামৰ আন এজন বৈজ্ঞানিকে আৱিষ্কাৰ কৰা পলিঅ’ৰ প্ৰতিষেধক ভেকচিন ব্যৱহাৰ কৰা হয়। এই প্ৰতিষেধক ছিটা মুখেৰে খুৱাই দিব লাগে। শিশুৰ জন্মৰ পাছৰ পৰাই পলিঅ’ ভেকচিন খুওৱা হয়। বৰ্তমান চৰকাৰে দেশৰ পৰা পলিঅ’ নিৰ্মূল কৰিবলৈ আঁচনি লৈছে আৰু প্ৰতিবছৰে নৱেম্বৰ মাহ আৰু তাৰ পাছত জানুৱাৰী মাহত পাঁচ বছৰৰ তলৰ সকলো শিশুক দুপালিকৈ ভেকচিন খুৱাই বিশেষ অভিযান চলাই আছে।

এইডছ্ ৰোগঃ

এই ৰোগ ভাইৰাছৰ পৰা হয়। যৌন সম্পৰ্কৰ মাধ্যমেৰে বা ৰক্ত এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লে বা এইডছ্ ৰোগ থকা মাতৃয়ে সন্তান জন্ম দিলে এই ৰোগৰ বীজাণু এজনৰ পৰা আন এজনলৈ সংক্ৰমিত হয়। এইডছ্ মাৰাত্মক ৰোগ। এই ৰোগ হ’লে মৃত্যু অনিবাৰ্য।

এইডছ্-ৰ অৰ্থ হৈছে- “এক্যুয়াৰ্ড ইম্যুনো ডেফিচিয়েঞ্চি চিণ্ড্ৰম।“ অৰ্থাত্ মানুহৰ প্ৰকৃতিপ্ৰদত্ত যি ৰোগ প্ৰতিষেধক শক্তি থাকে সি কম হৈ যায়। ফলত এইডছৰ ভাইৰাছে আক্ৰমণ কৰাৰ পাছত যি ৰোগেই হয়, সেই ৰোগৰ পৰা আৰু আৰোগ্য হ’ব নোৱাৰে। ৰোগ হ’লে মানুহে কেৱল ঔষধ খাই আৰোগ্য নহয়। শল্য চিকিত্সকে মাংসপেশী কাটি, ৰোগৰ দ্বাৰা আক্ৰান্ত মাংসপেশী উলিয়াই আনি ঔষধ লগাই দিয়ে, ঔষধ খুৱাই, ইঞ্জেকছন দিয়ে। ৰোগৰ বীজাণু শৰীৰত নাথাকে। শৰীৰৰ নিজস্ব প্ৰকৃতিদত্ত আৰোগ্য লাভৰ শক্তিৰ বলতে ৰোগী আৰোগ্য হয়। ঔষধবোৰে এই সময়ত যাতে অন্য ৰোগৰ দ্বাৰা (অন্য বীজাণুৰ দ্বাৰা) আক্ৰান্ত হ’ব নোৱাৰে তাৰ সুৰক্ষা দিয়ে। ৰোগী নিজে নিজে ভাল হৈ আহে। এইডছৰ ভাইৰাছে এই শক্তি বিনাশ কৰি দিয়ে। গতিকে ৰোগী আৰোগ্য হোৱাৰ কোনো উপায় নাথাকে। ৰোগীৰ মৃত্যু হয়। কাৰণ মানুহ কম বা বেছি পৰিমাণে ৰোগৰ পৰিৱেশতে থাকে। উন্নত দেশত ৰোগৰ পৰিৱেশ কম অনুন্নত ঠাইত ৰোগৰ পৰিৱেশ বেছি। গতিকে সোনকালেই যিকোনো ৰোগত আক্ৰান্ত হয় আৰু মৃত্যুৰ মুখত পৰে।

এইডছৰ ভাইৰাছ এইচ.আই.ভি.। ই মানুহৰ তেজত থাকে। তেজ পৰীক্ষা কৰিলে ধৰা পৰে। পুৰুষৰ বীৰ্যত, নাৰীৰ যোনিৰ ভিতৰত থকা বিজলুৱা পদাৰ্থত আনকি গুহ্যদ্বাৰৰ ভিতৰত থকা জেলেম সদৃশ ৰসতো থাকে। গতিকে এইডছ্ ৰোগীৰ এইবোৰৰ সৈতে কোনো সুস্থ ব্যক্তিৰ কিবা সংযোগ ঘটিলে এই ব্যক্তিজনৰো এইডছ্ ৰোগ হ’ব পাৰে। গতিকে ই তিনি প্ৰকাৰে ৰোগীৰ পৰা অন্য মানুহলৈ সংক্ৰমিত হয়।

(১)স্ত্ৰী আৰু পুৰুষৰ ৰতিক্ৰিয়া বা যৌন সংযোগৰ জৰিয়তে তিৰোতাৰ পৰা পুৰুষলৈ অথবা কোনো পুৰুষৰ পৰা তিৰোতাৰ শৰীৰলৈ সংক্ৰমণ হয়। গতিকে অবৈধ যৌন মিলনৰ ফলতে মানুহ এইডছৰ দ্বাৰা আক্ৰান্ত হয়। পুৰুষৰ লিংগ অন্য পুৰুষৰ (ল’ৰাৰ) গুহ্যদ্বাৰত সুমুৱাই দি ৰতিতৃপ্তি ল’লেও যদি সেই পুৰুষৰ গাত এইডছৰ বীজাণু থাকে সেই ল’ৰালৈ সংক্ৰমণ হ’ব। অথবা সেই ল’ৰা যদি পূৰ্বৰ তেনে কৰ্মৰ ফলত এইডছৰ দ্বাৰা সংক্ৰমিত হৈ আছে তেনেহ’লে এই পুৰুষৰো এইডছ্ হ’ব।

(২)এইডছ্ ৰোগী মাতৃয়ে যদি সন্তান জন্ম দিয়ে সেই সন্তানৰো জন্মৰ পৰাই এইডছ্ ৰোগ হ’ব আৰু এই সন্তানৰ তিনি বছৰৰ ভিতৰতে মৃত্যু হ’ব।

(৩)তেজৰ সংস্পৰ্শলৈ আহিলেও এইডছ্ হয়। গতিকে এইডছ্ আক্ৰান্ত ৰোগীৰ তেজ অন্য এজনক কোনো ৰোগৰ চিকিৎসাৰ সময়ত দিলে তেওঁৰো এইডছ্ হ’ব। একেটা বেজিৰে এইডছ্ ৰোগী আৰু অন্য মানুহক বেজি দি কোনো চিকিৎসা কৰিলে আনজন মানুহৰো এইডছ্ হ’ব। কাৰণ বেজিটো দুয়োজনৰে তেজৰ সংস্পৰ্শলৈ আহে। এইডছ্ ৰোগীয়ে ড্ৰাগছ্ লোৱা বেজিৰে আনে ড্ৰাগছ্ ল’লেও সিজনৰো এই ৰোগ হ’ব পাৰে।

গতিকে খুব চমুকৈ ক’বলৈ হ’লে

(১) যৌন ক্ৰিয়া,

(২) ৰোগাক্ৰান্ত মাতৃৰ দ্বাৰা জন্ম দিয়া সন্তান আৰু

(৩) তেজৰ সংস্পৰ্শলৈ আহিলে এইডছ্ ৰোগ এজনৰ পৰা আন এজনলৈ সংক্ৰমিত হয়।

স্ত্ৰী-পুৰুষৰ যৌন সংযোগৰ বাহিৰে অন্যান্য চুম্বনাদি প্ৰীতি লাভৰ কাৰ্যাৱলীৰ ফলত, একে কাপোৰ ব্যৱহাৰ কৰা, একে বাচন-বৰ্তন আদিত খোৱাৰ বাবে এইডছ্ সংক্ৰমিত নহয়।

একেখন ব্লেডেৰে ডাঢ়ি কাটিলে এয়া হোৱাৰ সম্ভাৱনা কম কাৰণ ডাঢ়ি কাটোঁতে তেজৰ সংস্পৰ্শৰ সম্ভাৱনা থকা অনুচিত।

চিকিৎসা

আমি আগতেই উল্লেখ কৰিছোঁ যে এতিয়ালৈ এই ৰোগৰ পৰা আৰোগ্য কৰিব পৰা কোনো চিকিৎসা পদ্ধতি ওলাৱা নাই আৰু ৰোগীৰ মৃত্যুৱে হয়। এতিয়ালৈ ইয়াৰ বিৰুদ্ধে কোনো প্ৰতিষেধক ব্যৱস্থাও ওলোৱা নাই।

কিন্তু ই সংক্ৰমিত হোৱাৰ কথাবোৰ জনাৰ পিছত এই ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ। গতিকে এই কথাবোৰ সকলোৱে পৰিষ্কাৰকৈ জনাটো অতি আৱশ্যকীয় কথা। বিশেষকৈ তলত উল্লেখ কৰা পাঁচটি বিষয়ত সকলো মানুহ সজাগ হ’লে এই ৰোগৰ সংক্ৰমণ বন্ধ হ’ব। উত্তৰ পুৰুষসকললৈ এই ৰোগৰ ভয় আৰু নাথাকিব।

(১)এইডছ্ এবিধ দুৰাৰোগ্য ৰোগ। ই ৰতিক্ৰিয়া, সংক্ৰমিত ৰক্ত আৰু আক্ৰান্ত মাতৃয়ে জন্ম দিয়া সম্তানৰ জৰিয়তে ৰোগীৰ পৰা আন এজনলৈ সংক্ৰমিত হয়। আক্ৰান্ত ৰোগীৰ শৰীৰৰ ৰোগৰ বিৰুদ্ধে যুঁজা জন্মগত শক্তি নাশ হয় আৰু যিকোনো ৰোগত আক্ৰান্ত হ’লে সেই ৰোগত মৃত্যু হয়। কিন্তু মন কৰিবলগীয়া কথা হ’ল এই যে মানুহ এজনৰ গালৈ এইডছৰ ভাইৰাছ আহিলে কিছুমানৰ কোনো ৰোগ ভোগ আৰম্ভ হয় যদিও সকলো মানুহৰ শৰীৰলৈ এইডছৰ ভাইৰাছ আহিলেও ইয়াৰ দ্বাৰা প্ৰভাৱিত নহ’বও পাৰে। কিন্তু তেওঁৰ শৰীৰত থকা ভাইৰাছ আনলৈ সংক্ৰমিত হৈ যাব পাৰে। তেওঁ ভালেই থাকিব কিন্তু সিজন এইডছৰ দ্বাৰা আক্ৰান্ত হৈ মত্যুৰ মুখত পৰিব পাৰে। এইচ.আই.ভি. ভাইৰাছ শৰীৰত সোমোৱাৰ ১০ (দহ) বছৰমানৰ ভিতৰতে প্ৰকট হৈ উঠে আৰু ৰোগৰ লক্ষণে দেখা দিয়ে।

(২) নিৰাপদ যৌন সম্পৰ্কই এইডছৰ পৰা সুৰক্ষা লাভৰ প্ৰধান উপায়। যিয়ে যৌন সুখৰ সহযোগী হয় (পুৰুষেই হওক বা তিৰোতাই হওক) তেওঁ এইডছ্ আক্ৰান্ত নহয় বুলি নিশ্চিত হ’ব লাগে আৰু আৱশ্যক হ’লে কণ্ড’ম ব্যৱহাৰ কৰিব লাগে।

যৌনক্ৰিয়া মানুহৰ এক অবিচ্ছেদ্য স্বভাৱজাত কৰ্ম। মহান ত্যাগী, যোগী সন্ন্যাসী আৰু কোনো বিৰূপ পৰিৱেশৰ ফলশ্ৰুতি হিচাপে সম্ভোগ তৃপ্তি পৰিত্যাগ কৰা লোকৰ বাহিৰে প্ৰায় সকলো লোকেই এই কৰ্মত প্ৰবৃত্ত হয়। মানুহৰ সমাজৰ সৌজন্য ৰক্ষাৰ বাবে তাৰেই স্বীকৃতি হিচাপে বিবাহ পদ্ধতিৰ প্ৰচলন হৈ আহিছে। এই নিয়মৰ মাজেৰে শুদ্ধভাৱে চলিলে এইডছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা কম থাকে। কিন্তু মানুহ প্ৰায় সকলো ক্ষেত্ৰতে স্বাৰ্থপৰ হ’ব খোজে আৰু নিজৰ কামনা, বাসনা, মনোবাঞ্ছা পূৰণৰ কৰ্মত অগ্ৰাধিকাৰ দিয়ে। গতিকে অবৈধ যৌনমিলন, ব্যাপক যৌন সম্ভোগৰ ক্ষেত্ৰত ব্যভিচাৰ যিমানেই বেছি, সেই সমাজত এইডছৰ ব্যাপকতাও সিমানেই বেছি হয়। কেৱল যৌন সম্ভোগত মানুহ সজাগ হৈ পৰিলেই এইডছ্ ৰোগ নিয়ন্ত্ৰণলৈ আহিব।

(৩) যিকোনো বেজি ল’লে ছিৰিঞ্জ বিশুদ্ধ হ’ব লাগে। আজিকালি ডিছপ’জেবল ছিৰিঞ্জ ব্যৱহাৰ হয়। ই এক অতি আৱশ্যকীয় ব্যৱস্থা।

(৪) এইডছ্ আক্ৰান্ত মহিলাই গৰ্ভধাৰণ কৰিব নালাগে।

(৫) স্কুল বা কলেজীয়া ল’ৰা-ছোৱালীক এইডছ্ সম্পৰ্কে পিতা-মাতাই সজাগ কৰি দিয়া দৰকাৰ। কোমলমতীয়া সৰু ল’ৰাও বহু সময়ত বিকৃতমনা যুৱকৰ যৌন সম্ভোগৰ বলি হৈ পৰে। যোনিৰ পৰিৱৰ্তে গুহ্যদ্বাৰ ব্যৱহাৰ কৰে। তাৰ ফলতো এইডছ্ হয় বুলি আমি আগতে উল্লেখ কৰিছোঁ। আপোনজন হ’লেও কুচৰিত্ৰৰ, কুপ্ৰভাৱৰ অন্ত নাই। গতিকে ৮-১২ বছৰীয়া ল’ৰা-ছোৱালীক যুৱকৰ সৈতে একেলগে শুবলৈ দিব নালাগে।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা

3.175
শ্বৰাজ Dec 05, 2018 08:17 PM

মহাশয় আপোনাৰ লিখনিটো পঢ়ি ভাল লাগিল।মোৰ এটা সমস‍্যা আছে মোৰ মাতটো বৰ কৰ্কশ আৰু নাকেৰে মাত যায় কিবা উপায় আছেনে বাৰু ?

মিতু Oct 10, 2015 12:01 PM

ভাল লাগিল পঢ়ি।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top