মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৱে ব্ৰাচ কৰাৰ নিয়ম :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৱে ব্ৰাচ কৰাৰ নিয়ম :

শিশুৱে ব্ৰাচ কৰাৰ নিয়মৰ বিষয়ে লিখা হৈছে ।

 

এটি সুস্বাস্থ্যৱান শিশুৱে ঘৰখন আনন্দময় কৰি ৰাখে। শিশুৰ প্ৰতি পিতৃ-মাতৃয়ে অশেষ যত্ন লয় যদিও অজানিতে মুখখন পৰিস্কাৰ কৰি ৰাখিব লাগে বুলি নাজানে। মুখখন পৰিস্কাৰ কৰি ৰাখিব পৰাটোৰ ওপৰত শিশুৰ সুস্বাস্হ্য নিৰ্ভৰ কৰে।ইয়াৰ বাবে অভিভাৱক সকল সচেতন হোৱা উচিত।সচৰাচৰ শিশুৱে মিঠা আৰু সোৱাদযুক্ত আহাৰ খাই ভাল পাই।বিশেষকৈ শিশুৰ চকলেট অতি প্ৰিয় বাবে মৰমতে সকলোৱে চকলেট দিয়ে। চকলেট খালে দাঁতৰ গুৰিত এঠাখাই লাগি ধৰে। এইদৰেই অন্য খোৱা বস্তুও দাঁতৰ ফাকঁত জমা হৈ নানান ৰোগৰ উৎপত্তি কৰে।মুখখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে সঠিক ভাবে ব্ৰাচ কৰাটো অতি প্ৰয়োজনীয় । শিশুৱে নিজে ব্ৰাছ কৰিব নাজানে কাৰণে পিতৃ-মাতৃয়ে ব্ৰাছ কৰি ভালদৰে মুখখন ধুৱাই দিব লাগে। অন্যথা খোৱা বস্তুবোৰ পচি স্বাস্থ্যৰ খতিসাধন কৰে।

ব্ৰাছ কৰাৰ প্ৰাৰম্ভিক শিক্ষা -

বহুলোকৰ প্ৰশ্ন হয় শিশুৱে ব্ৰাছ কৰাৰ কেতিয়াৰ পৰা আৰম্ভ কৰিব লাগে।এই হ্মেত্ৰত এগৰাকী দন্ত চিকিৎসক হিচাপে মই কব বিচাৰো যে দাতঁ আৰু মুখৰ যত্ন জণ্মৰ পিছৰ পৰাই লোৱা উচিত।

১)নবজন্মৰ হ্মেত্ৰত প্ৰত‍্যেকবাৰ মাকৰ গাখীৰ বা বটলৰ গাখীৰ খুওৱাৰ পিছত অলপ কঁপাহ কুহুমীয়া পানীত তিয়াই ভালদৰে মুখৰ ভিতৰখন মুচি দিব লাগে।নহলে মুখত থকা লেলাৱতি আৰু গাখীৰৰ সংমিশ্ৰণত গজিবলগীয়া দাতঁত পোকেখোৱা(বেক্টেৰিয়া) বেমাৰৰ সৃষ্টি হয়।

২) প্ৰথমতে দাতঁ গজাৰ পিছত ব্ৰাছ কৰিবলৈ আৰম্ভ কৰি দিয়া উচিত।

৩)ব্ৰাছৰ ধৰণ- সদায় এডাল কোমল ব্ৰাছৰে ব্ৰাছ কৰিব লাগে(ultrasoft)।

(৪) শিশুৰ ব্ৰাছত টুঠপেস্ট লগোৱাৰ নিয়ম-

ক)সামান্য প্ৰলেপ(smear layer) -2 বছৰৰ তলৰ শিশুক

খ)বুটমাহৰ সমান(pea size)- ২-৫বছৰৰ ওপৰৰ শিশুক

ব্ৰাচ কৰাওতে সাৱধান হ'ব যাতে টুঠপেস্ট পেটলৈ নাজায় বা গিলি নিদিয়ে।

গ)৬ বছৰৰ পিছত শিশুটিয়ে নিজে ব্ৰাচ কৰিব পৰা হয় যদিও অভিভাৱকৰ নজৰত ৰাখিব যাতে বেছিজোৰ দি ব্ৰাচ নকৰে। নহলে শিশুটিৰ কোমল দঁন্ত ক্ষয় যোৱাৰ সম্ভাৱনা থাকে।

৫)শিশুক দুবাৰ(পুৱা আৰু ৰাতি) ব্ৰাছ কৰিবলৈ শিকাব লাগে।

৬) শিশুটিৰ ব্ৰাদডাল প্ৰতি ৩ মাহৰ অন্তৰত সলনি কৰিব।(sooner if it's frayed) ৭)জ্বৰ, পানীলগা ,কাহঁ হোৱাৰ পিছত শিশুৰ ব্ৰাছডাল সলনি কৰিব লাগে ।অন্যথা পুণৰ বীজাণু সংক্ৰমণৰ সম্ভাৱনা থাকে।

৮)শিশুক আহাৰ খোৱাৰ পিছত কুলি কুলি কৰিবলৈ শিকাব।

৯) ব্ৰাচ কেনেকৈ কৰিব-

ব্ৰাছডাল পানীত তিয়াই লৈ টুঠপেস্ট লগাই বৃত্তাকাৰত দাতঁত ঘহা উচিত। জিভাখন ঘহিৱলৈ শিকাব, জিভাত ৫০%-৮০% বেক্টেৰিয়া থাকে।

১০) স্থায়ী দাঁত গজাৰ সময়ত কিছুমান শিশুৰ বেৰিয়া দাঁত গজা দেখা যায়। তেনে দাঁত গজিলে দন্ত চিকিৎসকৰ পৰামৰ্শ লব।

ভালদৰে ব্ৰাছ কৰাৰ অভ‍্যাসে সকলোকে মুখ আৰু দাতঁৰ বেমাৰৰ পৰা ৰহ্মা কৰিব।শিশুৱে ব‍্যবহাৰ কৰা টুঠপেস্ট দঁন্ত চিকিৎসকৰ পৰামৰ্শ মতে কিনিব।

ডঃ প্ৰণামী শৰ্মা (মুখ আৰু দাতঁৰ বিশেষজ্ঞ)

মবাইল-৮৮৭৬৪৭২১০৩

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.92307692308
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top