মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৱে যেতিয়া খাবলৈ মন নকৰে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৱে যেতিয়া খাবলৈ মন নকৰে :

শিশুৱে খাবলৈ মন নকৰাৰ বিষয়ে লিখা হৈছে ।

 

শিশুৰ বয়স বৃদ্ধিৰ লগে লগে খাদ্য প্ৰণালীতো পৰিৱৰ্তন দেখা যায়।কেতিয়াবা দেখা যায় সন্মুখত থকা কোনো খাদ্যই খাবলৈ শিশুটোৱে নিবিচাৰে।গতিকে বহু মাতৃ চিন্তাত পৰে।কিন্তু আপুনি চিন্তা নকৰি কিছুমান টিপছ অনুকৰণ কৰি এই সমস্যা নোহোৱা কৰিব পাৰে।খোজ কাঢ়িবলৈ আৰম্ভ কৰা শিশুৰ কথা কোৱা হৈছে-

১/শিশুক ভিন্ন ধৰণৰ স্বাস্থ্যকৰ খাদ্য দিব আৰু নিজে খাবলৈ দিব।তেতিয়া স্বাধীন যেন অনুভৱ কৰিব।

২/ভাবুকি দি খুৱাবলৈ চেষ্টা নকৰিব।কেতিয়াও নক’ব যে আৰু এচামুচ খোৱা,চকলেট দিম।সদায় খোৱাৰ সময় নিৰ্দিষ্ট কৰাৰ লগতে কেতিয়াও মিঠাই বা চকলেট পুৰস্কাৰ নিদিব।

৩/সদায় পৰিয়ালৰ সদস্যসকলৰ সৈতে শিশুক একেলগে খাবলৈ দিব।আপুনি অথবা সহোদৰে খোৱা দেখিলে শিশুটোৱেও অনুকৰণ কৰিব।

৪/অত্যধিক ফলৰ ৰস বা গাখীৰ নিদিব।অন্যথা ভোকৰ অনুভৱ কমি যাব।এবছৰৰ কম বয়সৰ শিশুক ফলৰ ৰস নিদিব আৰু প্ৰতিদিনে আধা কাপতকৈ বেছি গাখীৰ নিদিব।অত্যধিক ফলৰ ৰসত অত্যধিক চেনি থাকে আৰু ফলৰ ৰসত ফাইবাৰ কমকৈ থাকে।

৫/শিশুৱে বেয়া পোৱা আহাৰ একেদিনাই নাখাব।শিশুৱে নতুন সোৱাদ সহজে গ্ৰহণ নকৰে।এই সপ্তাহত বেয়া পোৱা বস্তুটো পিছৰ সপ্তাহত দি চাব।আপোনাক আচৰিত কৰি পাছৰ সপ্তাহত প্ৰিয় আহাৰৰ ৰুপত তেওঁ সেই খাদ্যকে খাব পাৰে।

৬/জাংক ফুড আৰু মিঠাইৰ অভ্যাস যাতে গঢ়ি নুঠে তাৰ প্ৰতি গুৰুত্ব দিব।কাৰণ তেওঁৰ বিকশিত শৰীৰে পুষ্টিহে বিচাৰে।

শিশুৰ ভিটামিন -

আমেৰিকাৰ শিশু বিশেষজ্ঞৰ মতে শিশুৱে মনোযোগেৰে ভাল খাদ্য খালে,সিহঁতক প্ৰতিদিনে ভিন্ন ভিটামিনৰ প্ৰয়োজন নাথাকে।যদি প্ৰয়োজনীয় মাছ আৰু মাংস নাখায়,আইৰণ থকা পাচলি নাখায় তেতিয়া শিশুক আইৰন ছাপ্লিমেণ্টৰ প্ৰয়োজন।কিন্তু ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’ব।বিশেষকৈ ভিটামিন ডি সমৃদ্ধ খাদ্য শিশুক খুৱাব।

উৎস: দেওবৰীয়া সুকন্যা

2.89743589744
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top