মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শীতকালত হোৱা শিশুৰ ৰোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালত হোৱা শিশুৰ ৰোগ

শীতকালত হোৱা শিশুৰ ৰোগসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

এটা বছৰক দুভাগত বিভক্ত কৰা হৈছে, উত্তৰায়ণ বা আদান কাল আৰু দক্ষিণায়ন বা বিসর্গ কাল। দক্ষিণায়নৰ শেষৰ সময় আৰু উত্তৰায়ণৰ আৰম্ভণি সময়ত আমাৰ দেশত ঠাণ্ডা পৰে। হেমন্ত ঋতুত ঠাণ্ডা আৰম্ভ হয় আৰু শীত ঋতুত ঠাণ্ডাৰ প্ৰকোপ বাঢ়ে। অসমৰ জলবায়ু নাতিশীতোষ্ণ যদিও শীতকালত শিশুসকলৰ শ্বাস-প্রশ্বাস সম্বন্ধীয় ৰোগ বেছিকৈ হোৱা দেখা যায়। আয়ুর্বেদিক সূত্রানুযায়ী শিশু কালত কফ দোষৰ প্ৰাধান্য থাকে। তদুপৰি ঠাণ্ডা দিনত কফ প্রকোপিত হয় বাবে শিশুসকল কফ ৰোগত বেছিকৈ আক্রান্ত হয়। সচৰাচৰ শিশুসকলে শাক-পাচলি, ফল-মূল আদি কমকৈ খায় আৰু এই সময়খিনিত শাৰীৰিক বিকাশ হৈ থাকে। এই দুটা কাৰণত কেলচিয়াম, ভিটামিন ডি, ভিটামিন চি ইত্যাদি শৰীৰত অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম থাকে। সেয়েহে শীতকালত শিশুৰ শ্বাস-প্রশ্বাস সম্বন্ধীয় ৰোগ বেছিকৈ হয়।

ৰোগৰ কাৰণসমূহ

(১) বিভিন্ন প্রকাৰ ভাইৰাছ সংক্রমণ।

(২) ফুলৰ ৰেণুৰ পৰা হোৱা এলাৰ্জি।

(৩) নিউম'কক্কাছ, ষ্ট্ৰেপ্ট'কক্কাছ, ষ্টেফাইল'কক্কাছ ইত্যাদি বেক্টেৰিয়াৰ সংক্ৰমণ। সাধাৰণতে এই বীজাণুসমূহৰ উপ্তিকাল প্ৰায় চাৰিদিন।

ৰোগৰ লক্ষণসমূহ

  • প্ৰতিশ্যয়: নাকৰ পৰা পানী ওলোৱা আয়ুর্বেদিক গ্ৰন্থত প্রতিশ্যয় বোলা হয়। সংক্ৰমণৰ কাৰণে নাকৰ ভিতৰত থকা শ্লেষ্মিক কলা ফুলি বিষাবলৈ ধৰে, নাক চমচমাই সোপা মাৰি ধৰে, উশাহ লোৱাত কষ্ট পাই, নাকৰ পৰা পানী ওলাবলৈ ধৰে আৰু ক্ৰমে সেঙুন ওলায়। কেতিয়াবা নাকৰ পৰা তেজ ওলাই কাৰণে ৰঙচুৱা বৰণৰ সেঙুন ওলাবলৈ ধৰে। বহি বা থিয় হৈ থকা সময়ত নাকৰ পানী পাকস্থলীলৈ সহজে বৈ যায় বাবে নাক কমকৈ সোপা মাৰি ধৰে। ৰাতি সমান্তৰালকৈ শুই থকা সময়ত নাকৰ পানী পাকস্থলীলৈ বৈ যাব নোৱাৰে কাৰণে নাকটো বেছিকৈ সোপা মাৰি ধৰে। সেয়েহে শুই থকা সময়ত ৰোগটো বেছি হোৱা যেন লাগে। এই লক্ষণ দেখা পালে শিশু শোৱা বিছনাখন শিতানৰ দিশত ছয় ইঞ্চিমান ওখ কৰি পতানৰ দিশত হেলনীয়া কৰি দিব, যাতে শ্বাস-প্রশ্বাস লওঁতে কষ্ট নাপায়।
  • হাচি: চর্দি লগা কাৰণে নাক আৰু কণ্ঠত সুৰসুৰণি উঠাৰ লগতে প্ৰায়েই হাচি আহে। সাধাৰণতে এলাৰ্জি সংক্ৰমণ হ’লে হাচি বেছিকৈ হয়।
  • কণ্ঠনলীৰ শ্লেষ্মিক কলা ফুলাৰ উপৰি প্রায়ে আলজিভা বাঢ়ি দীঘল হয়। দীঘলীয়া আলজিভাৰ কাৰণে সুৰসুৰণি উঠে আৰু প্ৰায়েই শুকান কাহ আহে। ৰাতি শুকান কাহ বেছি হয়। শুকান কাহ সঘনাই মাৰোঁতে বুকু আৰু পিঠি বিষাবলৈ ধৰে। কাহোঁতে অকণমান ডাঠ কফ বাহিৰ হয়।
  • শ্বাসনলী আৰু হাঁওফাঁওৰ সংক্ৰমণৰ কাৰণে শোথ হয়। শ্বাস-প্রশ্বাস ল’লে বুকুত বাঁহী মাতৰ দৰে শব্দ শুনা যায় আৰু ইয়াক হুইজিং ছাউণ্ড বোলে। কাহ মাৰোঁতে কফ বাহিৰ হয়। স্বাভাৱিকতে শিশুৰ হাড় আৰু মাংসপেশী কোমল। বিছনাত শোৱাৰ লগে লগেই বুকু আৰু পিঠিত চাপ পৰে কাৰণে বুকু খন সামান্য বহল আৰু চেপেটা হয়। ইয়াৰ ফলত হাঁওফাওৰ ওপৰতো চাপ পৰে, সেয়েহে শিশু শোৱাৰ কিছু সময়ৰ পাছত হুইজিং ছাউণ্ড বেছিকৈ হয় কাৰণে হঠাতে বেমাৰটো বঢ়া যেন লাগে। কিন্তু এই সময়ত শিশুক বহুৱাই দিলে শব্দটো কমি যায়।
  • শ্বাসকষ্ট: নাক সোপা মৰা, শ্বাসনলীৰ শোথ আৰু হাঁওফঁওত কফৰ আধিক্যৰ কাৰণে শিশুৱে কেতিয়াবা শ্বাসকষ্ট পায়।
  • চর্দি লগা কাৰণে শিশুৰ জ্বৰ উঠে। ১০২ ডিগ্রী ফাৰেনহাইট জ্বৰ প্ৰায়েই থাকে, কেতিয়াবা কম-বেছি জ্বৰ উঠে।
  • চকু ৰঙা পৰা: ঠাণ্ডা দিনত চৰ্দি হ’লে চকু ৰঙা পৰে। চকুৰ মণিৰ শ্বেতমণ্ডলত ৰক্তাধিক্য হোৱাৰ কাৰণে ৰঙা পৰে। চকু ৰঙা পৰিলে ভয় খাব নালাগে। দুদিনমান ৰঙা হৈ থকা পাছত নিজে নিজেই কমিবলৈ ধৰে। কিন্তু চকুত ঠাণ্ডা পানী মাৰিলে বেছিকৈ ৰঙা পৰিব, সেয়েহে ঠাণ্ডা পানী নামাৰিব আৰু ঠাণ্ডাও নলগাব।
  • কেতিয়াবা টনচিল গ্রন্থি দুটা ফুল বিষাবলৈ ধৰে আৰু ইয়াকে টনছিলাইটিছ বোলা হয়।
  • শীতকালত শিশুৰ চৰ্দি, জ্বৰ হোৱাৰ কাৰণে হজম শক্তি কমি যায়। সেয়েহে বদহজমৰ কাৰণ শিশুৱে পাতল শৌচ আৰু বমি কৰে। শীতকালীন ৰোগত আক্রান্ত শিশুক পাতলীয়া আৰু সহজে হজম হোৱা আহাৰ খুৱাব লাগে।

শিশুকালত শিশুৰ যতন

  • শীতকালত আমি শিশুৰ প্ৰতি কিছুমান যতন ল’লে ৰোগৰ পৰা ৰক্ষা কৰিব পাৰি।
  • শিশুৰ দৈহিক বিকাশ হৈ থকা সময়ত বিশেষকৈ কেলচিয়ামৰ অভাৱত সঘনাই চর্দি, জ্বৰত আক্ৰান্ত হয়। সেয়েহে শিশুক কেলচিয়াম বিশিষ্ট খাদ্য গাখীৰ, মাছ, ফল, শাক-পাচলিৰ ৰস খুৱাব। তদুপৰি প্রয়োজন অনুযায়ী কেলচিয়াম, ঔষধ মাজে-সময়ে খুৱাব লাগে। কেলচিয়ামে শিশুৰ হাড়ৰ গঠন সুদৃঢ় কৰাৰ উপৰি শৰীৰটো গৰম কৰি ৰাখি শীতকালীন ৰোগৰ পৰা ৰক্ষা কৰে।
  • শিশুৰ কাৰণে ভিটামিন-ডি প্রয়োজন আৰু শীতকালীন ৰোগৰ পৰা শিশুক ৰক্ষা কৰে। প্ৰাকৃতিক অৱস্থাত সূৰ্যৰ বেঙুনীয়া ৰশ্মিৰ পৰা এই ভিটামিন পোৱা যায়। সেয়েহে শিশুক জলফাই তেলেৰে ভালদৰে মালিচ কৰি এদিনত কমপক্ষেও দহ মিনিট সময় ৰ’দ লগাব লাগে।
  • ভিটামিন-চি থকা ফল-মূল বা ফলৰ ৰস শিশুক খুৱালে শীতকালীন ৰোগৰ পৰা ৰক্ষা পৰে। কমলা, মৌচুমী, আমলখি, মধুৰিআম, নেমুটেঙা আদিত ভিটামিন-চি বা এচকর্বিক এচিড প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন-চিয়ে এন্টিঅক্সিডেণ্ট হিচাপে কাম কৰি শিশুক চর্দি, জ্বৰ, শ্বাস-প্রশ্বাস সম্বন্ধীয় ৰোগৰ পৰা ৰক্ষা কৰাৰ উপৰি শৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। উল্লেখযোগ্য যে প্রায় দহ হাজাৰ বছৰৰ আগতে প্ৰখ্যাত চ্যৱন মুনিয়ে আৱিষ্কাৰ কৰা আয়ুর্বেদিক ঔষধ চ্যৱনপ্ৰাছ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰসায়ন। চ্যৱনপ্ৰাছত আমলখি আছে আৰু ই এবিধ সর্বশ্রেষ্ঠ এন্টি-অক্সিডেণ্ট আৰু ৰসায়ন। সেয়েহে শিশুক চ্যৱনছ খুৱালে শীতকালীন ৰোগৰ পৰা সুৰক্ষা পায়। শিশুৰ কাহ হৈ থকা সময়ত কমলা বা মৌচুমীৰ ৰস, নেমু চর্বর্ত খুৱালে কফবোৰ সোনকালে বাহিৰ হয় আৰু নাকৰ পৰা হাঁওফঁওলৈ পৰিষ্কাৰ কৰে। কফবোৰ বাহিৰ হোৱাৰ সময়ত কাহ আৰু কফ বাঢ়িবলৈ ধৰে। যদিও প্রকৃতপক্ষে ৰোগ নাবাঢ়ে। শিশুক সদায় ভালদৰে তেল মালিচ কৰাৰ পাছত কুহুমীয়া গৰম পানীৰে গা ধুৱাব, যাতে শৰীৰত ঠাণ্ডা নালাগে। শৰীৰত ঠাণ্ডা নলগাবৰ কাৰণে সদায় গৰম কাপোৰ আৰু মোজা পিন্ধাই ৰাখিব। বজাৰৰ পৰা নতুন গৰম কাপোৰ কিনি আনিলে এবাৰ ভালকৈ ধুই ল’ব। গৰম কাপোৰৰ ৰং আৰু কাপোৰৰ লগতে অহা বীজাণু সংক্ৰমণৰ কাৰণে শিশুৰ চৰ্মৰোগ হোৱাৰ সম্ভাৱনা থাকে। ঠাণ্ডা আৰু বিজলুৱা খাদ্য শিশুক খাবলৈ নিদিব। কিচমিচ আৰু খেজুৰ উপকাৰী, খালে শৰীৰলৈ গৰম ভাব আহে বাবে শীতকালীন ৰোগৰ পৰা সুৰক্ষা পোৱা যায়।

চিকিৎসা

শীতকালত শিশুৰ ৰোগ অধিকাংশই ভাইৰাছ সংক্ৰমণ তথা পূর্বসঞ্চিত কাৰণত হয় আৰু ইয়াত এণ্টিবায়টিক ঔষধ প্রয়োজন নহয়। কেৱল বেক্টেৰিয়া সংক্ৰমণৰ কাৰণে হোৱা শিশু ৰোগৰ ক্ষেত্ৰত এণ্টিবায়টিক প্রয়োগ কৰিব লাগে। কিন্তু অধিক এণ্টিবায়টিক ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ অশেষ ক্ষতি হোৱাৰ উপৰি বেক্টেৰিয়া অধিক পৰিমাণে শক্তিশালী হৈ উঠে আৰু পাছলৈ ঔষধৰ দ্বাৰা সাধাৰণ বেমাৰো ভাল নহ’বগৈ। কিন্তু শীতকালীন শিশু ৰোগৰ বাবে আয়ুর্বেদিক ঔষধ ফলপ্রসূ আৰু ইয়াৰ কোনো ধৰণৰ পার্শ্বক্ৰিয়া নাই।

আয়ুর্বেদিক শাস্ত্রীয় ঔষধ খদিৰাদি বটী, লৱঙ্গাদি বটী, চন্দ্ৰামৃত ৰস, লক্ষ্মীবিলাস ৰস, তালিশ্যাদি চূৰ্ণ, দ্রাক্ষাৰিষ্ট আদি বহুতো আছে। ইয়াৰ উপৰি আয়ুর্বেদিক পেটেণ্ট ঔষধ Zecuf, Honours, Tulsi, Septilin syrup চিকিৎসকৰ পৰামৰ্শমতে বয়স অনুযায়ী খুৱালে সোনকালে আৰোগ্য হয়। উল্লেখযোগ্য যে এণ্টিবায়টিকৰ দৰে আয়ুর্বেদিক ঔষধৰ কোনোধৰণৰ পাৰ্শ্বক্রিয়া নাই। আয়ুর্বেদিক ঔষধে তাৎক্ষণিকভাৱে ৰোগৰ বিপৰীতে শিশুক অধিক শক্তিশালী কৰি তোলাৰ পৰিপ্ৰেক্ষিতত সোনকালে আৰোগ্য হৈ উঠে।

লিখক: ডা: মনোজ কুমাৰ শইকীয়া, দৈনিক জনমভূমি।

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top