মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শীতকালীন শিশুৰ অসুখ-বিসুখ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালীন শিশুৰ অসুখ-বিসুখ :

শীতকালীন শিশুৰ অসুখ-বিসুখৰ বিষয়ে লিখা হৈছে ।

শীতকালৰ আগমনৰ লগে লগে প্ৰচণ্ড শীত, ধূলি-মাকতি আদিৰ বাবে শিশুসকল বিভিন্ন বেমাৰ-আজাৰৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এই সময়ত বায়ুমণ্ডলত ধূলি-মাকতি আদিৰ পৰিমাণ অধিক থাকে।

তদুপৰি এই সময়ত বৰষুণ কম হোৱা কাৰণে আৰু বতাহ বলি থকা বাবে শুকান পৰিৱেশে বিৰাজ কৰে।

যাৰ কাৰণে উঠি অহা শিশুসকলে-

  • ছালৰ বিভিন্ন সমস্যা,
  • ছাল ৰুক্ষ হৈ যোৱা,
  • ছাল ফাটি যোৱা ইত্যাদি নানা সমস্যাত ভুগি থাকে।

শিশুসকলৰ ছালবোৰ বৰ কোমল আৰু নমনীয় হোৱা কাৰণে এই সময়ত শিশুসকলৰ ছালৰ বিশেষ যতন নল’লে পিছলৈ গুৰুতৰ ৰূপ ধৰিব পাৰে।

তদুপৰি শীতকালত শিশুসকলে আন আন কিছু সমস্যাৰ দ্বাৰাও আক্ৰান্ত হয় আৰু সেই বেমাৰবোৰৰ সময়োচিত ব্যৱস্থা নল’লে জটিল ৰূপ ধাৰণ কৰে।

শীতকালৰ আগমনৰ লগে লগে সাধাৰণতে যিবোৰ বেমাৰ দেখা দিয়ে, সেই বেমাৰবোৰ হ’ল-

  • পানীলগা বা চৰ্দি,
  • জ্বৰ-কাহ,
  • এজমা বা হাঁপানী,
  • টনচিলাইটিছ,
  • ছাইনাইটিছ,
  • ফেৰিনজাইটিছ,
  • ছালৰ খজুৱতি বা একজিমা ইত্যাদিয়ে প্ৰধান।

নৱজাতকৰ পৰা আৰম্ভ কৰি প্ৰায়ভাগ শিশুৱে উপৰিউক্ত সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈ অভিভাৱকসকলক নানা অশান্তি দিয়া দেখা যায় যদিও এই সকলোবোৰ সমস্যাৰ ক্ষেত্ৰত মাক-দেউতাসকলে অলপ সাৱধানতা অৱলম্বন কৰিলে বহুক্ষেত্ৰত হাত সাৰি থাকিব পাৰে।

পানীলগা বা চৰ্দি -

শীতকালত অলপ ঠাণ্ডা পৰিৱেশ পালেই বা অলপ বাহিৰত ওলালেই শিশুসকলে চৰ্দিৰ দ্বাৰা আক্ৰান্ত হয়।

  • নাকেদি পানী ওলোৱা,
  • হঠাৎ নাক বন্ধ হৈ যায়,
  • মূৰৰ বিষ,
  • হাঁচি আহে,
  • চকু-নাক আদি ৰঙা পৰি যায়।

কেতিয়াবা চৰ্দিৰ লগত-

  • জ্বৰ উঠে,
  • কাহ হয়, যাৰ কাৰণে শৰীৰ দুৰ্বল হৈ যায়, ভোক কমি যায়।

চৰ্দি আচলতে একপ্ৰকাৰ ভাইৰাছৰ আক্ৰমণৰ কাৰণে হয়। সেয়েহে পানীলগা বা চৰ্দি এজনৰ পৰা আন এজনলৈ সোঁচৰিবও পাৰে।

এইধৰণৰ ভাইৰাছবোৰ সঘনাই সলনি হৈ থাকে বাবে এতিয়ালৈকে কোনোধৰণৰ সন্তোষজনক প্ৰতিষেধক ওলোৱা নাই।

ঘৰত এজনৰ চৰ্দি লাগিলে আৰু সেই অৱস্থাত শিশু বা নৱজাতক কাষত থাকিলে সেইজন পৰিয়ালৰ সদস্যৰ পৰা নৱজাতক বা শিশুসকললৈ পানী লগা বা চৰ্দি বিয়পিব পাৰে।

নাইবা পানীলগা কোনো শিশুৰ সৈতে স্কুলত একেলগে উঠা-বহা কৰিলে বা খেল-ধেমালি কৰিলেও এই বেমাৰ সোঁচৰিব পাৰে।

কি কৰিব -

চৰ্দি লাগিলে শিশুসকলক পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশত ৰাখিব লাগে। একোখন ৰুমাল বা টাৱেল সকলোৱে ব্যৱহাৰ কৰিব নালাগে। হাঁচি বা কাহ মাৰোতে মুখত ৰুমাল দিয়া উচিত।

আক্ৰান্ত শিশুৰ লগত সুস্থ শিশু থাকিব নালাগে আৰু একেলগে খেল-ধেমালি কৰিব নালাগে। ঠাণ্ডা পৰিৱেশ আৰু ধূলি-মাকতি নথকা পৰিৱেশত ৰাখিব লাগে।

বহুক্ষেত্ৰত বায়ু প্ৰদূষণৰ লগত সাধাৰণ চৰ্দিৰ পৰা-

  • ছাইনাছাইটিছ,
  • অটাইটিছ মিডিয়া(কাণৰ বেমাৰ),
  • নিউমোনিয়া আদি হ’বগৈ পাৰে।

সেয়ে চৰ্দিক সাধাৰণ বেমাৰ বুলি নাভাবি গুৰুত্বসহকাৰে ল’ব লাগে আৰু দুই-এদিনতে আৰোগ্য লাভ নকৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী।

হাঁপানী বা এজমা -

ঠাণ্ডাৰ দিনবিলাকত এলাৰ্জী সমস্যা থকা শিশুসকলে উশাহ লোৱাত কষ্ট বা হাঁপানী ৰোগত আক্ৰান্ত হ’ব পাৰে।

চিকিৎসা শাস্ত্ৰমতে শিশুসকলৰ ১৪ বছৰ বয়সলৈকে স্ব-প্ৰতিৰোধ ক্ষমতা(Immunity) কম থাকে বাবে এই সময়ত সিহঁতৰ হাঁপানীজনিত সমস্যা অধিক পৰিমাণে দেখা যায়।

আমি নাক আৰু মুখেৰে যিদৰে বতাহ গ্ৰহণ কৰোঁ, সেয়া শ্বাসনলীয়েদি হাঁওফাঁওত প্ৰৱেশ কৰে। বতাহৰ পৰা অক্সিজেন তেজৰ লগত মিহলি হৈ আৰু কাৰ্বন-ডাই অক্সাইড প্ৰশ্বাসৰ লগত আমাৰ শৰীৰৰ পৰা বাহিৰ হৈ যায়।

হাঁওফাঁওৰ ভিতৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটা থাকে। এই ফুটাবোৰ কিবা কাৰণত সংক্ৰমিত হ’লে ৰঙা হৈ ফুলি যায় আৰু এয়াৰ পেছেজবোৰ সৰু হৈ যায়।

বায়ু পথৰ চাৰিওফালে, পূঁজ আৰু কফৰ সৃষ্টি কৰি হাঁওফাঁওৰ অভ্যন্তৰত বাহিৰৰ পৰা বায়ু সোমোৱাত বাধাৰ সৃষ্টি কৰে আৰু তেতিয়াই হাঁপানী বা উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ হয়।

কাৰণ -

এলাৰজেন যেনে- ধূলি-মাকতি, ধোঁৱা, ফুলৰ ৰেণু আদি উশাহৰ লগত শিশুসকলে গ্ৰহণ কৰিলে শিশুসকলৰ উশাহ-নিশাহ লোৱাত কষ্ট হোৱা দেখা যায়।

দ্বিতীয়তে, ঠাণ্ডাৰ দিনবিলাকত ভাইৰাছৰ দ্বাৰা অধিক পৰিমাণে আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। এইবোৰ হ’ল পাৰা ইনফ্লুয়েঞ্জা আদি হয় আৰু পিছলৈ হাঁপানীলৈ ৰূপান্তৰিত হ’ব পাৰে।

তৃতীয়তে, শীতকালত ঠাণ্ডা লগা কাৰণে বুকুত কফ জমা হয় আৰু অধিক পৰিমাণে কফ জমা হ’লে তেতিয়াই শিশুসকলে উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰে।

লক্ষণ -

বেছি কাহ হ্য, উশাহ ল’বলৈ কষ্ট হয়, বুকুৰ পেশীৰ সংকোচন আৰু প্ৰসাৰণ বাঢ়ি যায়। শিশুৰ হাৰ্ট বিট বাঢ়ি গৈ ৬০-৮০ লৈকে হ’ব পাৰে।

  • শিশুৱে খোৱা-লোৱা এৰি দিয়ে,
  • দুৰ্বল হৈ যায়,
  • মন মাৰি থাকে।

মগজুত অক্সিজেন কমি যাব পাৰে বাবে ৰোগী ছটফট কৰে। বুকুত শব্দ শুনা যায়।

তেজত থকা লোহিত ৰক্ত কণিকাৰ হিম’গ্লবিনৰ লগত কাৰ্ব মন’অক্সাইড মিহলি হৈ Bio-Chemical acidiotic breathing আৰম্ভ হয় আৰু ফলস্বৰূপে উশাহ-নিশাহ লোৱাত ভীষণ কষ্ট অনুভৱ হয়।

চিকিৎসা -

শিশুসকলে এনেধৰণৰ উশাহ-নিশাহ লোৱাত কষ্ট পালে পলম নকৰি লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

যিবোৰ কাৰণৰ বাবে উশাহ-নিশাহ লোৱাত কষ্ট হয় প্ৰথমে সেই কাৰণবোৰৰ পৰা আঁতৰত থাকিব লাগিব।

খুব জৰুৰী অৱস্থাত-

  • নেবুলাইজেচন,
  • অক্সিজেনৰ ব্যৱস্থা,
  • ইনহেলাৰৰ ব্যৱস্থা কৰা জৰুৰী।

তদুপৰি লগতে এন্টি হিষ্টামিন দৰব আৰু লগতে এন্টি হিষ্টামিন দৰব আৰু লগতে হাঁওফাঁওৰ ব্ৰংকিঅন তিলবিলাক প্ৰসাৰণ হোৱা দৰব ব্যৱহাৰ কৰা হয়।

শিশুসকলক অধিক ঠাণ্ডা নলগাকৈ গৰম কাপোৰ ব্যৱহাৰ কৰিবলৈ দিয়া উচিত। হাত দীঘল চোলা, ছুৱেটাৰ, টুপী আদি পিন্ধি থাকিলে শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাই থাকিব পাৰিব।

তদুপৰি-

  • মুকলি পৰিষ্কাৰ বতাহ সেৱন কৰা,
  • পোহৰ পৰা কোঠালিত থকা,
  • গৰম পানী,

গৰম খাদ্য খুওৱা,

  • ফলৰ ৰস আদি খুৱালে সুফল পোৱা যায়।

শিশুসকলক কিছু শাৰীৰিক ব্যায়ামো কৰিবলৈ দিব লাগে।

টনছিলাইটিছ -

নানাবিধ বেক্টেৰিয়াৰ দ্বাৰা ডিঙিৰ দুয়োকাষে থকা টনছিল গ্লেড দুটা ফুলি উঠিলে তেতিয়া তাক টনছিলাইটিছ বুলি কোৱা হয়।

ঠাণ্ডাৰ দিনবিলাকত ঠাণ্ডা পানীৰে গা ধুলে নাইবা বাহিৰৰ পৰিৱেশত কিবা কাৰণত ডিঙিত ঠাণ্ডা লাগিলে এই গ্ৰন্থি দুটা ফুলি উঠে।

তেতিয়াই বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয়।

  • শিশুৰ ডিঙিটো বিষায়,
  • ফুলি উঠে,
  • খাদ্য গিলিবলৈ অসুবিধা পায়।

এই অৱস্থাত শিশুৰ-

*জ্বৰ উঠে,

  • গা দুৰ্বল হৈ যায়,
  • উশাহ-নিশাহ লোৱাতো কষ্ট পায়।
  • খাবলৈ মন নকৰে,
  • এলাহ ভাব আহে,
  • কাহ, চৰ্দি আদিও হয়।

শিশুৰ মুখখন মেলি টৰ্চ মাৰি চালে ভিতৰৰ ডিঙিৰ দুয়োফালে বগা চামনি পৰা দেখা যায়। এই অৱস্থাত সমস্যাটো সঠিকভাৱে বুজা নাযায় বা চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী।

প্ৰতিকাৰ -

এনেকুৱা অৱস্থা হ’লে শিশুসকলক ঠাণ্ডা পৰিৱেশৰ পৰা আঁতৰাই ৰাখিবলৈ ডিঙিত কাপোৰ মেৰিয়াই ৰাখিব লাগে, গৰম খোৱা আৰু গৰম পানীৰ লগত অলপ নিমখ মিহলাই গাৰগলিং কৰিবলৈ দিলে সুফল পোৱা যায়।

জ্বৰ, কাহ থাকিলে জ্বৰৰ বাবে পেৰাছিটামল ছিৰাপ, কাহৰ ছিৰাপ আদি খুৱালে সুফল পোৱা যায়। অৱশ্যে এইবোৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা অত্যন্ত জৰুৰী।

চিকিৎসকসকলে এইক্ষেত্ৰত এন্টিবায়’টিক ছিৰাপ আদি ব্যৱহাৰ কৰিব দিব। দৰব ব্যৱহাৰ কৰাৰ লগে লগে নিজক ঠাণ্ডাৰ পৰা বচাই ৰাখিব লাগিব, তেতিয়াহে সুফল পোৱা যাব।

ছাইনাছাইটিছ:

শীতকালি বতাহত ধূলিৰ লগতে আন এলাৰজেনবিলাক বেছি থকা কাৰণে সেইবোৰ সেৱন কৰাৰ লগে লগে ছাইনাছাইটিছৰ সমস্যাই শিশুসকলক পীড়া কৰা দেখা যায়।

ডাঙৰ মানুহৰ দৰে শিশুসফকলৰো তিনিযোৰ ছাইনাছ বা ফুটা থাকে। ঠাণ্ডাৰ দিনত যেতিয়া অত্যধিক ধূলি-মাকতি, গাড়ীৰ ধোঁৱা, ফুলৰ ৰেণু আদি উন্মুক্ত অৱস্থাত থাকি নাকেদি সেৱন কৰে তেতিয়াই সেই ধূলি-মাকতিবোৰে ছাইনাছ তিনিযোৰত জমা হৈ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হৈ ফুলি উঠে।

এনে অৱস্থাত-

  • নাক বন্ধ থাকে,
  • কেতিয়াবা চৰ্দি লাগে,
  • মূৰৰ বিষ,
  • চকুৰ পতাৰ কাষত বিষ অনুভৱ হয়।

শিশুসকলে উশাহ লোৱাত কষ্ট পাই ভীষণ অসুবিধা অনুভৱ কৰি থাকে। নাক বন্ধ থকা কাৰণে উশাহ ল’ব নোৱাৰি কেতিয়াবা সেয়া বেলেগ টান বেমাৰৰ লক্ষণ বুলি ভাবি পিতৃ-মাতৃসকলক দুশ্চিন্তাত ভুগি থকা দেখা যায়।

প্ৰতিকাৰ -

শিশুসকলক ধূলি, ধোঁৱাৰ পৰা আঁতৰত ৰাখিব লাগে। নাক খোল খোৱাৰ কাৰণে নাকৰ ড্ৰপ আদি ব্যৱহাৰ কৰিব পাৰে।

ঠাণ্ডা বতাহৰ পৰা আঁতৰত ৰাখিব লাগে।

এন্টি এনাৰ্জিক দৰব ব্যৱহাৰ কৰাৰ লগতে বেক্টেৰিয়াৰ দ্বাৰা হোৱা সংক্ৰমণ ৰোধ কৰিবলৈ এন্টিবায়’টিক দৰব ব্যৱহাৰ কৰা দৰকাৰ।

ছালৰ সমস্যা -

শীতকালত জলবায়ু শুকান হোৱা কাৰণে বেছি সময়ত খেলা-মেলা ঠাইত থাকিলে শিশুৰ ছাল ৰুক্ষ হৈ যায়।

কেতিয়াবা ছাল ফাটি যায়।

এই সমস্যাৰ পৰা ৰক্ষা পাবলৈ গা ঢাক খোৱা সাজ-পোছাক শিশুসকলক পিন্ধাৰ অভ্যাস কৰিব লাগে। শীতকালি প্ৰতিদিনে পানী গৰম কৰি হ’লেও শিশুসকলক গা ধুৱাব লাগে।

শীতকালি গাত তেল সানিব লাগে। আনকি ভৰি আৰু হাতত ভেছলিনযুক্ত কোনো লোচন সানিব লাগে।

বহুতো শিশুৱে শীতকালি কেইবাদিনো গা নুধোৱাকৈ থাকে বাবে এইসকল শিশুৰ গাত ছালৰ বেমাৰবোৰো শীতকালতে হয় বাবে এই সময়ত শিশুসকলক ছালৰ বেমাৰৰ পৰা হাত সাৰিবলৈ ভালকৈ গা ধুৱাব লাগে।

এই সময়ত পানী বেছি পান কৰিব লাগে। তেতিয়াহ’লে ছাল ৰুক্ষ হোৱাৰ পৰা হাত সাৰি থাকিব পৰা যায়।

লেখক: ডাঃ আশ্বৰাফুল আলম(নিয়মীয়া বাৰ্তা)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top