মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শৈশৱৰ পৰাই দাঁতৰ যতন লওক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৈশৱৰ পৰাই দাঁতৰ যতন লওক :

শৈশৱৰ পৰাই দাঁতৰ যতন লওক, সেই বিষয়ে লিখা হৈছে ।

 

অভিভাৱকসকলে শিশু অৱস্থাতে ল’ৰা-ছোৱালীৰ দাঁতৰ চাফ-চিকুণতাৰ প্ৰতি সজাগ মনোভাব গঢ়ি তুলিব পাৰে । শিশুটিৰ দাঁত গজিবলৈ আৰম্ভ কৰাৰ লগে লগেই কোমল কাপোৰেৰে দাঁত চাফা কৰি দিয়াৰ অভ্যাস কৰিব লাগে । শিশুটিৰ এবছৰ বয়স হ’লে কোমল বেবী টুথব্ৰাছৰ সহায়ত দাঁত চাফা কৰি দিব লাগে । তিনি-চাৰি বছৰমান বয়সৰ পৰা শিশুটিক নিজেই ব্ৰাছ কৰিবলৈ শিকাব লাগে । শিশুটিয়ে প্ৰথম অৱস্থাত দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম-প্ৰণালী নাজানিব পাৰে, এনেক্ষেত্ৰত অভিভাৱকে মনোযোগ দিব লাগে । ৰাতি আহাৰ খোৱাৰ পিছত দাঁত ব্ৰাছ কৰি শুবলৈ যোৱাৰ অভ্যাস শিকোৱাটো মাক-দেউতাকৰ কৰ্তব্য । কাৰণ সন্তানে সদায়ে মাক-দেউতাকৰ আচাৰ-ব্যৱহাৰ, চাল-চলন, কথা-বতৰা, অভ্যাস আদি অনুসৰণ কৰে । ইয়াৰোপৰি শিশু অৱস্থাত সন্তানক শুৱাই থোৱাৰ সময়ত নাইবা মাজৰাতি সাৰ পালে শিশুটিৰ মুখত গাখীৰৰ বটল গুঁজি দিয়া বা স্তনপান কৰোৱাৰ অভ্যাস মাতৃসকলে ত্যাগ কৰিব লাগে । মিঠা বস্তু খোৱাৰ পিছত শিশুটিক অলপ পানী খাবলৈ দিয়া উচিত ।

দাঁতৰ আকাৰ আৰু গঠনৰ কাৰণে শিশুৰ দাঁত অতি সোনকালে দন্তক্ষয় ৰোগৰ দ্বাৰা আক্ৰান্ত হয় । বিশেষকৈ গাখীৰ খাই থকা শিশুৰ নাৰ্ছিং বটল কেৰিজ আৰু ৰেমপাণ্ট কেৰিজ বোলা দ্ৰুত গতিত বঢ়া একপ্ৰকাৰৰ দন্তক্ষয় ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায় । এই দন্তক্ষয় ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে গাখীৰ খোৱা দাঁতবোৰ অতি কম দিনৰ ভিতৰতে ক’লা পৰি ক্ষয় হৈ নাইকিয়া হৈ পৰে, মাথোঁ দাঁতৰ গুৰিটোহে দাঁতৰ আলুত সোমাই যায় । দিন যোৱাৰ লগে লগে এনেদৰে দাঁত মাৰিত সোমাই ৰোৱা দাঁতৰ গুৰিবোৰ কেতিয়াবা আলু ফালি বাহিৰ হৈ ওলাই আহে । বহুতো অভিভাৱকে এনেকুৱা আলু ফালি ওলাই অহা দাঁতৰ শিপাক নতুন দাঁত বুলি ভুল কৰে । এনে দাঁতৰ শিপাই আলু বা মাৰি কাটি ঘাৰ সৃষ্টি কৰিব পাৰে । এনে অৱস্থাত দন্ত চিকিৎসকৰ পৰামৰ্শ লৈ ৰৈ যোৱা গুৰিটো উঠাই পেলাব লাগে ।

শিশুটিৰ খাদ্য তালিকাত দাঁতৰ বাবে প্ৰয়োজনীয় খাদ্য, যেনে-কেলচিয়াম, ফছফৰাছ, ভিটামিন-এ , ডি আৰু চিযুক্ত খাদ্য যেনে-ফল-মূল, সেউজীয়া শাক-পাচলি, কণী, মাছ, মাংস, গাখীৰ আদি অন্তৰ্ভুক্ত কৰিব লাগে । চেনিযুক্ত আঠালেতীয়া খাদ্য, যেনে- চকলেট, মৰ্টন, টফী, আইচক্ৰীম, মিঠাই আৰু শীতল পানীয় আদি শিশুক পৰাপক্ষত নিদিয়াই ভাল আৰু দিলেও কম পৰিমাণে দিব লাগে । সৰু ল’ৰা-ছোৱালীয়ে চকলেট, মৰ্টন টফী, মিঠাই আদি খাবই, ইয়াক বাধা দি ৰাখিব নোৱাৰি, কেৱল মাক-দেউতাক এইক্ষেত্ৰত সাৱধান হ’ব লাগে । যেতিয়াই-তেতিয়াই চকলেট, মৰ্টন বা মিঠা বস্তু খোৱাটো সন্তানৰ অভ্যাসত পৰিণত নহয় আৰু এনেধৰণৰ মিঠা খাদ্য খোৱাৰ পিছত সন্তানে যাতে ভালদৰে মুখখন কুলকুলি কৰি পৰিষ্কাৰ কৰে ।

পিতৃ-মাতৃয়ে সময়ে সময়ে সন্তানৰ দাঁতবোৰ নিৰীক্ষণ কৰি থাকিব লাগে । শিশুটিৰ দাঁতৰ কিবা সমস্যা হ’লে লগে লগে দন্ত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে । সময়ত পৰামৰ্শ ল’লে বহু ক্ষেত্ৰত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।

লেখিকা: ডা: ৰুবী কটকী

উৎস:- জি এনআৰচি স্বাস্থ্য

3.07142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top