অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৈশৱৰ বদ-অভ্যাস

শৈশৱৰ বদ-অভ্যাসৰ বিষয়ে লিখা হৈছে ।

 

শিশু অৱস্থাৰ পৰাই ব্যক্তিত্বৰ বিকাশ ঘটিবলৈ আৰম্ভ কৰে । এজন ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু চাৰিত্ৰিক গঠনৰ ধনাত্মক আৰু ঋণাত্মক দিশবোৰ শিশু অৱস্থাৰ পৰাই আৰম্ভ হয় । শিশু কালত দেখা দিয়া মুখৰ কিছুমান বদ-অভ্যাস, যেনে- আঙুলি চোহা, ওঁঠ কামুৰি থকা, জিভা চুপি থকা, নখ বা পেঞ্চিল কামুৰি থকা অভ্যাসবোৰে প্ৰত্যক্ষভাৱে দাঁতৰ গঠন আৰু দন্ত বিন্যাসৰ গাঁথনিত প্ৰভাৱ পেলায় আৰু পৰোক্ষভাৱে দাঁত-মুখৰ ৰোগৰ সৃষ্টি কৰাৰ লগতে পেটৰ বেমাৰৰ অন্যতম কাৰক হৈ পৰে । গতিকে শিশুৰ বিকাশৰ সময়ছোৱাত মুখ-স্বাস্থ্যৰ প্ৰতি পিতৃ-মাতৃ বা  অভিভাৱক যথেষ্ট সজাগ আৰু সচেতন হ’ব লাগে । বেৰীয়া বা বেঁকা-বেঁকি দাঁত আৰু উচলা বা উজলা দাঁত, শিশুৰ ক্ষেত্ৰত সাধাৰণতে দেখা দিয়া এক গুৰুত্বপূৰ্ণ সমস্যা । যদিওবা বেৰীয়া বা উচলা দাঁত কোনো বেমাৰ নহয়, ই দন্তবিন্যাসৰ এটা ক্ৰুটীপূৰ্ণ অৱস্থাহে । কিন্তু এনে দন্তবিন্যাসে ব্যক্তিৰ সামগ্ৰিক সৌন্দৰ্য (বিশেষকৈ মুখমণ্ডলৰ) হানি কৰাৰ লগতে মুখৰ ৰোগ সৃষ্টি কৰাত অৰিহণা যোগায় । কিয়নো বেঁকা-বেঁকি বা বেৰীয়া, উচলা দাঁতৰ অৱস্থানৰ কাৰণে ব্যক্তিয়ে মুখগহ্বৰ ভালদৰে পৰিষ্কাৰ –পৰিচ্ছন্ন কৰি ৰাখিবলৈ অসুবিধা পায় আৰু অপৰিষ্কাৰ মুখগহ্বৰ দাঁত-মুখৰ ৰোগৰ এক প্ৰধান কাৰণ । বহুতো কাৰণত, যেনে-বংশগতভাৱে যদি মাক-দেউতাকৰ দাঁত উচলা বা বেৰীয়া হয়, তেন্তে সন্তানৰো দাঁত বেঁকা-বেঁকি হ’ব পাৰে । দাঁতৰ আকাৰ আৰু মুখৰ হনুৰ আকাৰৰ সামঞ্জস্য নাথাকিলে বা জন্মগত কিছুমান আসোঁৱাহ, যেনে- ফটা ওঁঠ বা তালু থাকিলে দাঁত বেৰীয়া বা উচলা হ’ব পাৰে যদিও ওপৰত উল্লেখ কৰা বদ-অভ্যাসবোৰৰ পৰা বহুক্ষেত্ৰত শিশুৰ দাঁত উচলা বা বেঁকা-বেঁকি বা অসমান হ’ব পাৰে ।

সৰু কালছোৱাত গঢ় লৈ উঠা মুখৰ বদ- অভ্যাসবোৰৰ ভিতৰত অতি সঘনাই আৰু সহজতে চকুত পৰা বদ-অভ্যাসটি হৈছে আঙুলি চোহা । এই  অভ্যাস সাধাৰণতে শিশুৰ জন্মৰ ছমাহমানৰ পিছত বিশেষকৈ যেতিয়া শিশুটিক প্ৰয়োজন সাপেক্ষে মাকৰ গাখীৰৰ উপৰি বেলেগ খাদ্য খুৱাবলৈ যত্ন কৰা হয়, সেইখিনি সময়ৰ পৰা আৰম্ভ হয় । মনোবিজ্ঞানীসকলৰ ধাৰণা মতে শিশুটিয়ে মাকৰ স্তনপান কৰি থকা  সময়ছোৱাত মাকৰ বুকুৰ উম আৰু একাত্মতাৰ যিটো নিবিড় নিৰাপত্তা অনুভৱ কৰে, হঠাতে অন্য খাদ্য খাবলগীয়া পৰিস্থিতিত সেই অনুভৱ বা আমেজ সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত কিছু পৰিমাণে দূৰত্ব অনুভৱ কৰি নিৰাপত্তাহীনতাত ভোগে আৰু এনে স্থিতিৰ পৰা সকাহ পাবলৈ মাকৰ স্তনৰ বিকল্প হিচাপে অতি সহজতে মুখৰ ওচৰত পোৱা, মুখলৈ নি চুহি খাব পৰা হাতৰ আঙুলি চুপিবলৈ অভ্যাস কৰে (অৱশ্যে কেতিয়াবা কিছুমান শিশুৱে ভৰিৰ বুঢ়া আঙুলি চোহাও দেখা যায় ) ।

সাধাৰণতে শিশুৱে সোঁ হাতেৰে হওক বা বাওঁ হাতেৰেই হওক বুঢ়া আঙুলিটো চোপে । কিন্তু কেতিয়াবা তৰ্জনী আৰু মধ্যমা নতুবা তৰ্জনী, মধ্যমা আৰু অনামিকা তিনিওটা আঙুলি একেলগে মুখত সুমুৱাই চোহা দেখা যায় । সাৰ পাই খেলা-ধূলা কৰি থকা অৱস্থাতকৈ শুই থকা সময়ত শিশুৱে বেছিকৈ আঙুলি চোহা দেখা যায় । বিভিন্ন গৱেষণামূলক অধ্যয়নৰ পৰা এইটো ঠাৱৰ কৰা হৈছে যে মাকৰ উপস্থিতি অবিহনে, অকলশৰীয়াকৈ তত্ত্বাৱধায়িকা বা পৰিচৰ্যাকাৰী বা কেঁচুৱা ৰখা বাইৰ হাতত ডাঙৰ হোৱা শিশুসকলে কিবা কাৰণত নিৰাপত্তাহীনতাত ভুগি আঙুলি চুহিবলৈ আৰম্ভ কৰে । কৰ্মৰতা বিভিন্ন কাৰণত সন্তানক সময় দিব নোৱাৰা ব্যস্ত মাতৃসকলৰ সন্তানৰ ক্ষেত্ৰত আঙুলি চোহা বদ-অভ্যাসৰ হাৰ বেছি বুলি তথ্যই সদৰী কৰিছে ।

যি কাৰণতেই নহওক কিয় আঙুলি চোহা অভ্যাসটো জন্মৰ ছমাহমান বয়সৰ পৰা শিশুৰ চাৰি বছৰ হৈ যোৱালৈকে আচলতে বদ-অভ্যাস বুলি বিবেচনা কৰা নহয় । কিন্তু শিশুটিৰ বয়স পাঁচ বছৰ অতিক্ৰম কৰি, মানে ছয় বছৰৰ ওপৰত যদি আঙুলি চোহা অভ্যাসটো একেৰাহে চলি থাকে, তেতিয়াহ’লে ইয়াক চিন্তনীয় বুলি গণ্য কৰা হয় । এনে সময়ত মাক-বাপেক তথা অভিভাৱক সচেতন হ’ব লাগে । আৰু সন্তানৰ এই অভ্যাস আঁতৰ কৰাবলৈ যত্নপৰ হ’ব লাগে । আঙুলি চোহাটো যে এটা দৃষ্টিকটু, বেয়া অভ্যাস আৰু এই অভ্যাসৰ ফলত মুখ-স্বাস্থ্যৰ লগতে সাধাৰণ স্বাস্থ্যৰো অৱনতি ঘটিব পাৰে সেই বিষয়ে বিভিন্ন মাধ্যমেৰে শিশুটিয়ে সহজে বুজিব পৰাকৈ এটি সম্যক ধাৰণা দিবলৈ পিতৃ-মাতৃ বা অভিভাৱকে চেষ্টা কৰিব লাগে । কেতিয়াও শিশুটিক ডাবি-ধমকি নতুবা আঙুলিত তিতা-জলা দ্ৰব্য বান্ধি, তিৰস্কাৰ, ভৎৰ্সনা আদি ঋণাত্মক উপায়েৰে জটিলতাৰ সৃষ্টি কৰিব নালাগে ।

আঙুলি চোহা আদি  বদ-অভ্যাসৰ ফলত শিশুৰ মুখৰ গঠন আৰু ক্ৰমবিকাশত জটিলতা আহিব পৰিব পাৰে আৰু ব্যক্তিত্ব গঠনত প্ৰভাৱ পৰিব পাৰে । বুঢ়া আঙুলি চোহা শিশুৰ আঙুলিৰ চাপত, ওপৰ পাৰি হনুৰ হাড় বাহিৰলৈ ওলাই আহে আৰু তালু বহি যায় । শিশুটিয়ে একেৰাহে তালুত হেঁচা দিয়াৰ ফলত ওপৰৰ পাৰি আগদাঁত দুটা বাহিৰলৈ ওলাই আহে বা উচলা হয় । ঠিক তেনেদৰে তৰ্জনী, মধ্যমা আৰু অনামিকা এই তিনিওটা আঙুলি চোহা শিশুৰ তলৰ পাৰি হনুৰ হাড় ভিতৰলৈ সোমাই যোৱা হয় আৰু কেন্দ্ৰীয় সম্পৰ্ক আৰু লম্বিক দৈৰ্ঘ্যৰ তাৰতম্য ঘটি মুখমণ্ডলৰ গঠন আসোঁৱাহপূৰ্ণ হৈ পৰে । সেয়েহে ৬ বছৰৰ ৯ বছৰৰ শিশুৰ ক্ষেত্ৰ্ত এনে বদ-অভ্যাস লক্ষ্য কৰিলে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই বাঞ্চনীয় । চিকিৎসাৰ শিশু বিভাগৰ দন্ত চিকিৎসক আৰু অৰ্থডণ্টিক বিভাগৰ চিকিৎসকে এনেবোৰ আসোঁৱাহৰ চিকিৎসা আগবঢ়ায় । আধুনিক দন্ত চিকিৎসা বিজ্ঞানত এনেবোৰ  বদ-অভ্যাস এৰুৱাবলৈ বিভিন্ন উন্নত উপায় আৰু সঁজুলি উপলব্ধ ।

আঙুলি চোহাৰ উপৰি ওঁঠ কামুৰি থকা, জিভা চুহি থকা, চুলি বা গাৰ নোম টানি থকা অভ্যাসবোৰে শিশুৰ মুখৰ হনুৰ গঠন আৰু মুখমণ্ডলৰ হাড়ৰ বাঢ়নাত যথেষ্ট প্ৰভাৱ পেলায় । মুখমণ্ডলৰ হাড়ৰ গঠনত তাৰতম্য ঘটিলে দন্তবিন্যাসৰ খেলিমেলি হয় আৰু দাঁত বেঁকা-বেঁকি হৈ পৰে ।

শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ৰমবিকাশৰ সময়ত যিবোৰ শিশু নিৰাপত্তাহীনতা, হীনমন্যতা নতুবা আত্মবিশ্বাসৰ অভাৱত ভোগে, সেইবোৰ শিশুৰ সাধাৰণতে ওপৰত উল্লেখ কৰা ধৰণৰ মুখৰ বদ-অভ্যাসৰো গঢ় লৈ উঠে । মানসিকভাৱে দুৰ্বল, অন্যমনস্ক শিশুসকলে নখ কামুৰি থকা বা পেঞ্চিল কামুৰি থকা সততে পৰিলক্ষিত হয় ।

নাক বা শ্বাসতন্ত্ৰৰ বেমাৰ বা শাৰীৰিক গঠনৰ বেমেজালি নতুবা ক্ৰমবিকাশৰ আসোঁৱাহৰ বাবে কেতিয়াবা শিশুৱে নাকেৰে উশাহ ল’বলৈ টান পায় । এই  অসুবিধাৰ কাৰণে শিশুৱে নাকৰ পৰিৱৰ্তে মুখেৰে উশাহ ল’বলৈ অভ্যাস কৰে । মুখেৰে উশাহ লোৱা শিশুৰ ক্ষেত্ৰত মুখমণ্ডলৰ গঠনৰ বেমেজালি আৰু দন্তবিন্যাসৰ খেলিমেলি বেছিকৈ দেখা পোৱা যায় । উপযুক্ত সময়ত প্ৰয়োজনীয় চিকিৎসা, শল্য চিকিৎসা আৰু অৰ্থডণ্টিক চিকিৎসাৰ দ্বাৰা মুখেৰে উশাহ লোৱা অভ্যাসৰ শুধৰণি কৰিব পাৰি ।

লেখিকা :- ডা: ৰুবী কটকী

উৎস :- জি এনআৰচি স্বাস্থ্য

4.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top