মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / ৰাজহুৱা স্থানত শিশুক ক’ত স্তনপান কৰাব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাজহুৱা স্থানত শিশুক ক’ত স্তনপান কৰাব?

ৰাজহুৱা স্থানত শিশুক ক’ত স্তনপান কৰাব লিখা হৈছে

স্তনপানে শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিত এক দীৰ্ঘম্যাদী উপকাৰ সাধন কৰে-

 

যাক আমি ইতিমধ্যে উল্লেখ কৰিছো। তদুপৰি লেনকেট ছিৰিজ অনুসৰি স্তনপানৰ বৃদ্ধিৰ জৰিয়তে টাইপ-২ ডায়েবেটিছ ৩৫ শতাংশ হ্রাস পোৱাৰ সম্ভাৱনা থাকে। এক হিচাপমতে ভাৰতবৰ্ষত প্রতি বছৰে ৯.৫ নিযুত টাইপ-২ ডায়েবেটিছ ৰোগী নতুনকৈ যোগ হয়। স্তনপানক এক অদ্বিতীয় প্রয়োজন হিচাপে প্রতিষ্ঠা কৰাৰ দ্বাৰা উপযুক্ত পৰিসংখ্যাৰ পৰা ৩.৩ নিযুত টাইপ-২ ডায়েবেটিছক বাধা দিব পৰা যাব।

প্রত্যেক বছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় “বিশ্ব স্তনপান দিৱস'। মাতৃদুগ্ধৰ গুণাগুণৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন ৰাষ্ট্রীয়-আন্তঃৰাষ্ট্রীয় সংগঠনৰ যুটীয়া প্রচেষ্টাত এই প্রথা প্রচলিত হৈ আহিছে যোৱা পঁচিশ বছৰৰ পৰা। বিশ্বৰ ১২০ খন দেশতে এই সপ্তাহ উদযাপন কৰা হয়। প্রথম ১৯৯২ চনত ৱৰ্ল্‌ড এলায়েন্স ফৰ ব্রেস্ত ফিডিং এক্‌চন (wABA)  সৌজন্যত ‘স্তনপান সপ্তাহ’ উদযাপন কৰা হৈছিল। বর্তমান ১২০ খন দেশত প্রতিবছৰে এই সপ্তাহৰ উদযাপনৰ জৰিয়তে মাতৃসকলৰ লগতে সমাজৰ সকলো শ্রেণীৰ মানুহৰ মাজত সফল স্তনপানৰ বিষয়ে সজাগতা সৃষ্টি কৰি থকা হৈছে। চৰকাৰী, বেচৰকাৰী বিভিন্ন সংস্থাসমূহে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে এই সপ্তাহ উদযাপন কৰে, যাতে সমাজত মাতৃদুগ্ধ পানৰ উপকাৰিতাৰ বিষয়ে এক বহুল প্ৰচাৰ আৰু প্ৰসাৰ হয়।

চলিত বৰ্ষৰ ২৫তম বিশ্ব স্তনপান সপ্তাহ ধনী-দুখীয়া সকলোবোৰ দেশতে সর্বস্তৰৰ জনসাধাৰণৰ মাজত এই তিনিটা কামক মূল স্তম্ভ হিচাপে লৈ একগোট হৈ আগুৱাই যোৱাৰ উদ্দেশ্যে সংকল্পবদ্ধ হৈছে। পৃথিৱীৰ সৰহসংখ্যক দেশে বিভিন্ন সামাজিক তথা স্বাস্থ্য আৰু পুষ্টিজনিত সমস্যা নিবাৰণৰ বাবে দীৰ্ঘম্যাদি বিকাশৰ লক্ষ্য (ছাচটেইন এবল ডেভেলপমেন্ট গ’লছ (SDGS) কিছুমান ধার্য কৰিছে আৰু ২০৩০ চনৰ ভিতৰত ইয়াত উপনীত হোৱাৰ সময়সীমা বান্ধি দিয়া হৈছে। গতিকে এই আটাইবোৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে বিভিন্ন প্ৰকল্প আৰু কাৰ্যসূচীৰ হাততো হোৱা হৈছে। দেখা গৈছে যে, এছ ডি জিব সাতোটা লক্ষ্যত উপনীত হোৱাত সফল স্তনপানে প্রত্যক্ষ আৰু পৰোক্ষভাবে সহায় কৰে। তদুপৰি লেনকেট ছিৰিজৰ মতে বছৰেকত ৮,২০,০০০ৰ জীৱন বচাব পাৰে অৰ্থাৎ পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ ১৩ শতাংশ ৰুধিব পাৰে স্তনপানে। শিশুৰ সু-বৃদ্ধি আৰু বিকাশৰ বাবে স্তনপান হ’ল নিৰাপদ আদর্শ আহাৰ। স্তনপানে শিশুক পর্যাপ্ত পুষ্টি যোগান ধৰি সঠিক বৃদ্ধি আৰু বিকাশত সহায় কৰে। বিভিন্ন ধৰণৰ অধ্যয়নত এয়া স্পষ্ট হৈ উঠিছে যে, জন্মৰ প্ৰথম এঘণ্টাৰ ভিতৰতে কৰোৱা (স্তনপানৰ আৰ্লি ইনিটিয়েচন অব্‌ ব্ৰেস্ত ফিডিং) ফলত নৱজাতকৰ মৃত্যুৰ হাৰ ২২% লৈ হ্রাস পায়। ঠিক একেদৰে, জন্মৰ প্ৰথম ছমাহলৈ কৰোৱা একমাত্ৰ স্তনপানে শিশুকালত মৃত্যু ঘটোৱা বিভিন্ন ৰোগ যেনে, ডায়েৰীয়া তথা নিউমোনীয়া আদিৰ পৰা হ’ব পৰা মৃত্যুৰ হাৰ তথা মৃত্যুৰ আশংকা প্রতিৰোধ কৰে। দুবছৰ বা ততোধিক সময়লৈ সর্বাধিক পৰিমাণৰ স্তনপানৰ অভ্যাসে (ছমাহৰ পিচত অনা গোটা আহাৰৰ লগত) পুষ্টিহীনতাৰ লগতে মেদবহুলতা তথা অতি ওজন বৃদ্ধি পোৱাটোও প্ৰতিৰোধ কৰাৰ প্ৰমাণ পোৱা হৈছে। শেহতীয়া গবেষণাত দেখা গৈছে যে, স্তনপানৰ ফলত বিভিন্ন ধৰণৰ মাৰাত্মক অসংক্রামক ৰোগৰ পৰা শিশুটিক ৰক্ষা কৰাৰ উপৰিও ইয়ে শিশুটিৰ বুদ্ধিমত্তা বৃদ্ধি পোৱা,শিক্ষাৰ ক্ষেত্ৰত সুফল প্রাপ্তিত তথা পিচৰ জীৱনকালত সফল প্রাপ্তিত সহায় কৰে। আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত প্রতিবছৰে ১৫৬,০০০ শিশুক মৃত্যুৰ পৰা বচায় কেৱল স্তনপানে, তদুপৰি কমেও ৩,৪৩৬,৫৬০টা শ্বাসজনিত সংক্রমণ আৰু ৩,৯০০,০০০ ডায়েৰীয়া আদি ৰোগৰ ঘটনা বিশেষকৈ সৰু শিশুহঁতৰ ক্ষেত্ৰত স্তনপানে নিৰসন কৰে।

লেনকেট ছিৰিজত ব্যক্ত কৰামতে দীৰ্ঘ সময়ৰ বাবে স্তনপান কৰা শিশুৰ বুদ্ধিমত্তা কম সময়ৰ বাবে স্তনপান কৰা শিশুতকৈ বেছি। এই সমীক্ষাত্মক পার্থক্যটো সকলো ধনী-দুখীয়া, আয়ৰ পৰ্যায়ভেদে দীর্ঘকালীন স্তনপানৰ ক্ষেত্ৰত ৩ পইন্ট বেছি পোৱা হৈছে। এই উন্নীত বুদ্ধিমত্তাখিনিৰে ভাৰতৰ দৰে দেশে আমেৰিকান ডলাৰৰ হিচাপত ০.৬২৮৫ বিলিয়ন যিটো ভাৰতীয় টকাৰ হিচাপত প্রায় ৪৩০০ কোটি টকা দেশৰ সামূহিক আয়ৰ অংকত যোগ দিব পাৰে। শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে, স্তনপানে শিক্ষাগত দক্ষতা উন্নীত কৰে। দীর্ঘকালিন উপাৰ্জনৰ পথ প্রশস্ত কৰে আৰু উৎপাদনশীলতা বৃদ্ধি কৰে। এনেদৰেই আমি ইতিমধ্যে কৈ অহা দীৰ্ঘম্যাদী বিকাশৰ লক্ষ্য (এছ ডি জি)ত শিক্ষা, দৰিদ্রতা নিৰ্মূল আৰু অসমতা হ্রাসৰ দফাকেইটাত স্তনপানে অতি গুৰুত্বপূর্ণ ভূমিকা আগবঢ়ায়।

উল্লেখযোগ্য যে, স্তনপান কার্যই মাকগৰাকীকো স্বাস্থ্যজনিত সুফল প্রদান কৰে-

 

স্তনপানে স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ শংকা হ্রাস কৰে। বিভিন্ন গবেষণাৰ ফলাফলৰ পৰা এই কথা সুস্পষ্ট হৈছে যে, স্তনপানে বিশ্বত প্ৰতিবছৰে ২০,০০০ টা স্তন কেন্সাৰজনিত মৃত্যুক বাধা দিব পাবিছে। ভাৰতবৰ্ষতো এই মাত্রা ৭% শতাংশলৈ বাধা দিয়াত সম্ভৱ হৈছে। ইয়াৰ জৰিয়তে এছ ডি জিৰ আন এক দফা ‘সুস্বাস্থ্য আৰু কল্যাণ’ৰ লক্ষ্যত নিশ্চয়কৈ গুৰুত্বপূর্ণ সহায়তা প্রদান কৰিছে।

স্তনপানে শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিত এক দীৰ্ঘম্যাদী উপকাৰ সাধন কৰে যাক আমি ইতিমধ্যে উল্লেখ কৰিছো। তদুপৰি লেনকেট ছিৰিজ অনুসৰি স্তনপানৰ বৃদ্ধিৰ জৰিয়তে টাইপ-২ ডায়েবেটিছ ৩৫ শতাংশ হ্রাস পোৱাৰ সম্ভাৱনা থাকে। এক হিচাপমতে ভাৰতবৰ্ষত প্রতিবছৰে ৯.৫ নিযুত টাইপ-২ ডায়েবেটিছ ৰোগী নতুনকৈ যোগ হয়। স্তনপানক এক অদ্বিতীয় প্রয়োজন হিচাপে প্রতিষ্ঠা কৰাৰ দ্বাৰা উপযুক্ত পৰিসংখ্যাৰ পৰা ৩.৩ নিযুত টাইপ-২ ডায়েবেটিছক বাধা দিব পৰা যাব।

দেখা যায় যে, স্তনপানৰ যথেষ্ট গুণাগুণৰ কথা প্ৰমাণিত হোৱাৰ পিচতো সফল স্তনপানৰ মাত্ৰা গোটেই বিশ্বতে সন্তোষজনক নহয়। নেচনেল ফেমিলি হেলথ ছাৰ্ভে (NFHS)-ৰ তথ্য অনুসৰি স্তনপানৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এতিয়া মধ্যমীয়া অৱস্থাতে আছে৷ এই ক্ষেত্ৰত সূচকসমূহ এনেধৰণৰ— স্তনপানৰ আৰম্ভণি অর্থাৎ জন্মৰ এঘন্টাৰ ভিতৰত কৰোৱা স্তনপানৰ মাত্রা কেৱল ৪১.৬% কিন্তু ইয়াৰ বিপৰীতে চিকিৎসালয়ত প্ৰসৱৰ হাৰ ৮৪.৩% কেৱল মাত্র স্তনপান (এক্সকুছিভ ব্রেস্ত ফিডিং) ৫৪.৯%। পৰিপূৰক আহাৰ খুওৱাৰ মাত্রা কমপ্লিমেণ্টৰি ফিডিং ৮২.৯%।

আমাৰ অসমৰ ক্ষেত্ৰতো এই মাত্ৰাসমূহ বিশেষ সন্তোষজনক নহয়। এঘণ্টাৰ ভিতৰত কৰোৱা স্তনপানৰ মাত্রা ৬৪.৪%,কেবলমাত্র স্তনপানৰ মাত্রা ৬৩.৫% আৰু পৰিপূৰক আহাৰ খুওৱাৰ মাত্ৰা ৫০% যদিও এই সূচককেইটা দেশৰ গড় হিচাপতকৈ ভাল, তথাপি ইয়াক উন্নত কৰিবৰ বাবে আমাৰ সকলোৰে কৰণীয় যথেষ্ট। কাৰণ সফল স্তনপানৰ মাত্রা বঢ়োৱাৰ ক্ষেত্ৰত কেবল মাকগৰাকীয়ে দায়িত্বশীল নহয়। প্ৰতিটো শিশুক সফলভাবে স্তনপান কৰোৱাৰ ক্ষেত্ৰত চৰকাৰ, স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগ, স্বাস্থ্য আৰু পুষ্টিগত মান উন্নতিকৰণৰ লগত জড়িত বিভাগ, পৰিয়ালৰ লোক, সমাজৰ অন্য লোক, চৰকাৰী-বেচৰকাৰী কর্মপ্রতিষ্ঠান তথা অন্য সংস্থানসমূহত সকলোৰে ভূমিকা যথেষ্ট।

এক শক্তিশালী স্বাস্থ্য লাভ আৰু অৰ্থনৈতিক উপকাৰ সাধন হোৱা সত্ত্বেও বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামর্শ অনুসৰি সন্তান জন্মৰ এঘন্টাৰ ভিতৰত আৰু ছমাহলৈ কেৱলমাত্র স্তনপান কৰোৱা নীতি দেশৰ সদ্যজাত শিশুৰ প্ৰায় আধা সংখ্যকৰ ক্ষেত্ৰতে পালন নোহোৱাটো এক পৰিতাপৰ বিষয়। এইক্ষেত্ৰত কিছুমান কটকটীয়া ব্যৱস্থাৰ অভাৱ আৰু বিষয়টোক দৰকাৰী গুৰুত্ব প্ৰদান নকৰাটোৱে মূল কাৰণ।

স্তনপানৰ সলনি অন্য গাখীৰজাত পানীয় আৰু শিশু আহাৰ প্ৰস্তুতকাৰী কোম্পানী কোষৰ বহুল প্ৰচাৰ আৰু বাণিজ্যই স্তনপান অভ্যাসৰ বৃদ্ধিত এক বিৰাট বাধা প্ৰদান কৰি আহিছে। যদিও ভাৰত চৰকাৰে Infant Milk Substitutes. Feeding Bottles and Infant Food (Regulation of Production, Supply and Distribution) Act, 1992 (১৯৯২) The IMS Act and Amendment Act. ২০০৩ কার্যকৰী কৰিছে, শিশু আহাৰ নিৰ্মাতা কোম্পানীবোৰে বিভিন্ন প্ৰকাৰে ইয়াক উলংঘা কৰি আহিছে আৰু শিশু আহাৰবোৰ জধেমধে প্ৰচাৰ চলাই আহিছে৷ ই গাঁৱে-ভূঞে শিপাইছে। এনেকি স্তনপানত সাধাৰণ অসুবিধাৰ সন্মুখীন হ’লেই অন্য গাখীৰ বা সহজলভ্য শিশু আহাৰ শিশুক দিয়াটো এটা ফেশ্বনত পৰিণত হৈছে। তদুপৰি প্ৰাকৃতিক দুর্যোগৰ সময়ত অস্থায়ী শিবিৰ আদিত শিশু আহাৰ এনে ধৰণৰ সাধাৰণ মানুহক জনাই ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰ এক ৰমৰমীয়া কার্যকলাপ বিনাদ্বিধাই কৰি আহিছে। সেয়েহে এই আইএম এছ আইনখন অধিক শক্তিশালীৰূপে কাৰ্যকৰী কৰাটো চৰকাৰৰ আৰু বিভাগীয় কর্তৃপক্ষৰ দায়িত্ব। তদুপৰি আন এক গুৰুত্বপূৰ্ণ কাৰণ এটা হ’ল স্তনপান কৰোৱাৰ বাবে এক আছুতীয়া স্থানৰ প্রয়োজন সকলো মহিলাই অনুভৱ কৰে। বিশেষকৈ অস্থায়ী শিবিৰবোৰত অস্থায়ীভাবে হ’লেও এক আছুতীয়া স্থানৰ ব্যবস্থা কৰোৱাটো বাধ্যতামূলক কৰিব লাগে যাতে প্ৰতিগৰাকী মাকে শিশুক সফলভাৱে স্তনপান কৰোৱাব পাৰে। ইয়াৰ অভাৱৰ বাবেই শিশু দুর্বল হৈ যায় নিজৰ টেমাৰ গাখীৰ প্ৰচাৰ কৰাত সুবিধা পায়।

ইয়াৰ উপৰি স্তনপানৰ আছুতীয়া স্থানৰ ব্রেস্ত ফিডিং কর্নাৰছৰ ব্যৱস্থা প্ৰতিটো ৰে’লৱে ষ্টেচন, বাছ ষ্টপ, ৰাজহুৱা স্থানত, থকাটো বাঞ্ছনীয়। স্তনপান কৰোৱাৰ বাবে এক সুস্থিৰ মনৰ প্ৰয়োজন। তেনেক্ষেত্ৰত আছুতীয়া স্থান এডোখৰ নাথাকিলে মাকগৰাকীয়ে লাজ-ভয়ৰ বাবে সুস্থিৰমতে শিশুটিক মাতৃদুগ্ধ পান কৰোৱাত অপাৰগ হয়। এই পদক্ষেপ শ্বপিং মল আদিতো থকাটো উচিত।

অন্য এক পদক্ষেপ হ’ল আছুতীয়া স্থান কর্মক্ষেত্ৰতো থকাটো বাঞ্ছনীয় হ’ব লাগে,যিহেতু আজিকালি সৰহসংখ্যক মহিলা কর্মচাৰী অনুষ্ঠান-প্রতিষ্ঠানবোৰত থকাটো দেখা যায়। চৰকাৰী অনুষ্ঠানবোৰত যদিও ছমাহ প্ৰসৱকালীন ছুটীৰ লগতে দুবছৰ শিশুৰ যতনৰ বাবে ছুটীৰ ব্যৱস্থা আছে, বেছিভাগ বেচৰকাৰী প্রতিষ্ঠানত এই সুবিধা নাই। তেনেক্ষেত্ৰত সকলোৱে মিলি যদি মহিলাগৰাকীক এই সুবিধাবোৰ দিয়াৰ ক্ষেত্ৰত একো পদক্ষেপ লোৱা নাযায়, ৰাজ্যৰ তথা দেশৰ স্বাস্থ্য আৰু পুষ্টিগত মানৰ উন্নতি সম্ভৱ নহয়। কর্মক্ষেত্ৰত আছুতীয়া স্থানৰ লগতে সৰু-শিশুসকলক ৰখাৰ বাবে ক্ৰেচৰ ব্যৱস্থাও দৰকাৰী। তেতিয়াহে মহিলাসকলে সফলভাবে স্তনপান কৰোৱাৰ লগতে মনপুতি নিজৰ কৰ্মও ঠিকমতে কৰিব পাৰিব আৰু ই পৰোক্ষভাবে দেশৰ আর্থিক অৱস্থাতো সহায়ক হ’ব। মুঠতে সফল স্তনপানৰ হাৰ উন্নত কৰিব পাৰিলে দেশব সর্বাংগীন উন্নতিত ই যথেষ্টখিনি অংশীদাৰ হ’ব। সেয়েহে আমি প্রত্যেকে, লগতে চৰকাৰে এই ধৰণৰ সাধাৰণ পদক্ষেপৰ দ্বাৰা এক বৃহৎ সলনি আনিবলৈ সক্ষম হ’ব পাৰো।

লেখিকা: মনীষা চৌধুৰী, জনস্বাস্থ্য আৰু পুষ্টি বিশেষজ্ঞ, সাদিন।

3.05714285714
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top