অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসুখৰ সমাধান প্ৰাণায়াম

অসুখৰ সমাধান প্ৰাণায়াম

বিষ বেদনাৰ উপশম

সৰ্বশৰীৰ কেতিয়াবা বিষায়। এইমাত্ৰ যদি সোঁহাত বিষাইছে, পিছপাকতে বাঁওফালে পিঠিখন বিষায়। বিষটো বাগৰি ফুৰে। বিষনাশক ঔষধ খালে কমে, আকৌ বিষায়। তেজৰ সৈতে সম্পৰ্ক থকা এশৰো অধিক বাতবিষ আছে। তাৰে বেছ কিছুমান ৰক্তবাত।

বাতৰক্ত অসুখবোৰৰ ক্ষেত্ৰত শৰীৰৰ কিছুমান অংশ ৰঙা পৰে, ফুলে, শিৰা-উপশিৰাবোৰ ফুলে, বিষায়, ৰঙা পৰে, গাঁঠিবোৰ ফুলে, ৰঙচুৱা হয়, বিষায়। তেজৰ কিছুমান অসুখত শৰীৰৰ স্বয়ংক্ৰিয় চলমান ব্যৱস্থাটো খেলিমেলি হৈ যায়। ৰোগ প্ৰতিৰোধক শক্তি বাধাপ্ৰাপ্ত হয়। সংক্ৰামক ৰোগে য’তে ত’তে আক্ৰমণ কৰে।

হাড়বোৰ দুৰ্বল হয়, মজ্জা দুৰ্বল হয়, গাঁঠিবোৰৰ কোষবোৰত আক্ৰমণ চলে। বিষ-বেদনাই দুৰ্বিষহ কৰি তোলে জীৱন। শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা হ্ৰাস পালে, সংক্ৰামক ৰোগে আক্ৰমণ কৰে। অস্থি ক্ষয় হ’ব পাৰে, গাঁঠিবোৰ ফুলে, ৰঙা পৰে। শৰীৰৰ যিকোনো জোৰা বা গাঁঠিয়েই এই ৰোগত আক্ৰান্ত হ’ব পাৰে। ৰাসায়নিক সাৰ প্ৰয়োগ কৰা খাদ্য খোৱাৰ ফলত বহু ভাৰতীয়ৰ হাড়ৰ কাৰ্টিলেজবোৰ নষ্ট হৈছে। অষ্টিঅ’আৰ্থৰাইটিছ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বাঢ়ি আহিছে। কাৰ্টিলেজ নষ্ট হ’লে হাড়ৰ জোৰাবোৰ লৰচৰ কৰিব নোৱাৰে, ফলত বিষ হয়। গাঁঠি বিষায়, ফুলে, স্পৰ্শ কৰিলে গৰম লাগে, গাঠিবোৰ টান হৈ যায়, মাংসপেশী দুৰ্বল হয়, জোৰাবোৰ অস্থিৰ হয়, খোজকাঢ়িলে অসুবিধা পায়, জঁপিয়াব নোৱাৰে, চুলি ফণিয়াব নোৱাৰে, কাপোৰ পিন্ধিব নোৱাৰে, বহিব নোৱাৰে, বহিলে লৰচৰ কৰিবলৈ সমস্যা।

ৰোগীৰ ইতিহাস জানিব লাগিব। আয়ুৰ্বেদত নাড়ী পৰীক্ষাত ৰোগ ধৰা পৰে। আধুনিক চিকিৎসা বিজ্ঞানত ৰোগীৰ জোৰাৰ ৰস পৰীক্ষা, এক্সৰে, এম আৰ আই, তেজ পৰীক্ষা, টিছু পৰীক্ষা কৰা হয়। ধৰা পৰে-ৰস কমি গৈছে, হাড়ৰ জোৰাৰ পাৰ্থক্য হ্ৰাস, হাড় ক্ষয়।

ৰক্তবাত ৰোগত মহিলাসকল বেছিকৈ আক্ৰান্ত হয়। শিৰা-উপশিৰাবোৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা হ্ৰাস পায়। হাড়ৰ গাঁঠিৰ স্থান আকৃতি বাধাপ্ৰাপ্ত হয়। মাংসপেশী আক্ৰান্ত হয়। বহুক্ষেত্ৰত ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰি পিছত বিপদত পৰা দেখা যায়। ২০ বছৰ আগলৈকে কেৱল ঔষধ খায়েই এই ৰোগ ভাল কৰিব পৰা গৈছিল। মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ এদল বিশেষজ্ঞই বহু বাতৰক্ত ৰোগীয়ে নিয়মীয়াকৈ ঔষধ সেৱন নকৰা বাবে বিপদত পৰা কথা জানিব পাৰিছে। এতিয়া যোগ প্ৰাণায়ম, আয়ুৰ্বেদ, বনৌষধৰ দ্বাৰাহে ভাল হয়। এজন অভিজ্ঞ যোগ শিক্ষক, আয়ুৰ্বেদিক চিকিৎসক আৰু অভিজ্ঞ ৰিউমেটলজিষ্টক নিশ্চয় লগ পাওক। এই ৰোগ হ’লে চলা-ফুৰা কৰা সমস্যা কিন্তু আসন বা সূক্ষ্ম আসন বৰ জৰুৰী। চিকিৎসকৰ পৰা ঘনাই পৰামৰ্শ লোৱা দৰকাৰ। ঔষধবোৰ নিয়মীয়াকৈ খালেও পাৰ্শ্বক্ৰিয়া হয়। নাখালে বিপদ। সম্পূৰ্ণ আৰোগ্য হোৱাৰ পিছতো চিকিৎসা অব্যাহত ৰাখিব লাগিব। ফল-মূল, শাক-পাচলি, মাহ জাতীয় শস্য, অলিভ অইল ভাল। সম্পূৰ্ণ নিৰামিষ খাদ্য গ্ৰহণ কৰিব। অৱশ্যে চিকিৎসা বিজ্ঞানত মাছৰ প্ৰয়োজনীয়তাৰ কথা আছে। ফল, শাক-পাচলিত থকা এন্টি অক্সিডেন্ট সংক্ৰমণ প্ৰতিৰোধী। আচৰিত কথা যে বহু ৰোগীয়ে শেষ অৱস্থাতহে আমাৰ ওচৰলৈ আহে। আয়ুৰ্বেদ, বনৌষধ, যোগ প্ৰাণায়ামৰ দ্বাৰা বহু ৰোগী ভালো হৈছে। যোগ প্ৰাণায়াম নিয়মীয়াকৈ নকৰিলে ৰোগ সম্পুৰ্ণ নিৰ্মূল নহয়। ই এছ এল ই ও হ’ব পাৰে। বুকু বিষ আৰু উশাহ-নিশাহত পোৱা সমস্যাই ৰোগৰ লক্ষণ বুলি ড: ব্ৰিয়ান মেণ্ডেলে কৈছে। হাঁওফাঁওত সংক্ৰমণ হয় ৰোগ। পানী জমা হয়। সংযোগী টিছুবোৰ ফুলি যায়, নষ্ট হয়। শিৰাৰ সমস্যা বাঢ়ে। হাত-ভৰি দাঙিব নোৱাৰা হয়। হাৰ্ট এটেকো হ’ব পাৰে। আঙুলিৰ পাবত দাগ পৰে। চকু ৰঙা পৰে; গৰম পানী ওলাই থাকে। ঔষধ খালে পেটৰ অসুখ হয়। তীব্ৰ জ্বৰ হয়, আন ৰোগৰ প্ৰাদুৰ্ভাৱ হয়।

গাটো বেয়া লাগে, দুৰ্বল দুৰ্বল লাগে, মন উদাস, হতাশ হয়। অলপতে হাড় ভাগে। তেজৰ ৰক্তকণিকা হ্ৰাস পায়। তেজ কমে।

মন্ট্ৰিলৰ মেকগিন বিশ্ববিদ্যালয়ৰ অধ্যাপক ছুজান দ্য বেৰেটৰ মতে এই ৰোগত হাত-ভৰি লৰচৰ কৰি থাকিব লাগে। আসন ব্যায়াম কৰিলেহে জোৰাবোৰ শক্তিশালী হৈ থাকে। খোজকঢ়া, সাতোঁৰা, দৌৰা, বাইক চলোৱা, চাইকেল চলোৱাৰ তুলনাত যোগভ্যাস অধিক ফলপ্ৰসূ। তেওঁ কৈছে শক্তিযোগ, অষ্টাংগযোগ, বিক্ৰমযোগ, কুণ্ডলিনী নকৰিব ন শিকাৰুৱে। তেওঁৰ মতে যোগ প্ৰাণায়াম ধ্যানৰ মাধ্যমেৰে এজন মানুহে নিজক সন্মান কৰিবলৈ শিকে।

অধ্যাপক ছুজানৰ মতে, এজন অভিজ্ঞ চিকিৎসকৰ ওচৰত প্ৰথমতে নিজৰ অৱস্থাটো জানি লওক। তাৰ পিছত এজন অভিজ্ঞ যোগ প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ লৈ নিৰোগী হওক। ২০০৫ চনত তেওঁ পৰীক্ষামূলকভাৱে ৰোগীৰ ৮ সপ্তাহ যোগাভ্যাস কৰোৱাই ভাল ফলাফল পাইছিল।

আঠটা প্ৰাণায়াম- ভষ্ট্ৰিকা, কপালভাটি, বাই, উজ্জায়ি, অনুলোম বিলোম, ভ্ৰামৰী, উদগ্ৰীথ, প্ৰণৱ দুয়োবেলা কৰিব। ঘেঁহুৰ ঘাঁহপাতৰ ৰস ১০০ মি:লি, অমৰলতাৰ ৰস ১০০ মি:লি:, গোমূত্ৰ ৪০ মি:লি: দৈনিক সেৱন কৰক। (৫+৫) ১০ খিলা নিমপাত, তুলসী পাতখাওঁক পুৱা। বিষ হ’লে এচামুচ ভাল গৰু ঘিঁ গৰম কৰি তাত নহৰু এফুটা আৰু কালজিৰা অলপ দি খালে ভাল পাব।

ৰঙালাউ, টেঙা, দৈ গাখীৰ, মচুৰ দাইল নাখাব। বাহী খাদ্য নাখাব। জাংক ফুড, ঠাণ্ডা পানী বৰ্জনীয়।

লিখক: বিকাশ গোস্বামী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate