অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অৰুচি, বদহজম তথা কোষ্ঠকাঠিন্যত যোগ তথা আয়ুৰ্বেদিক চিকিৎসাঃ

অৰুচি, বদহজম তথা কোষ্ঠকাঠিন্যত যোগ তথা আয়ুৰ্বেদিক চিকিৎসাঃ

 

বৰ্তমানৰ সামাজিক পৰিস্থিতিত তথা সলনি হোৱা মানুহৰ দৈনন্দিন জীৱনশৈলীত শৰীৰ-মনৰ সন্তুলন নাইকীয়া হৈ গৈছে। যাৰ ফলত শৰীৰ মনৰ নানা ৰোগ হ’বলৈ ধৰিছে। আহাৰ-বিহাৰত সংযত নোহোৱাত, অপ্ৰাকৃতিক খাদ্য গ্ৰহণত, অনিয়মিত খাদ্য গ্ৰহণত, পৰিশ্ৰমহীনতাৰ ফলত তথা অতিৰিক্ত ঔষধ প্ৰীতিৰ বাবে অৰুচি, বদহজম, কোষ্ঠকাঠিন্যৰ দৰে বেমাৰে বাহ ল’ব ধৰিছে। ইয়াৰ নিৰ্মূলৰ বাবে উচিত খাদ্য গ্ৰহণৰ লগতে নিয়মিত যোগাসনৰ অভ্যাসে এই সমস্যা নিশ্চিতভাৱে দূৰ কৰিব পাৰে।

  • যোগাসনৰ ক্ষেত্ৰত বিশেষকৈ প্ৰাণায়াম আৰু মুদ্ৰা যেনে শক্তিচালনা, উড্ডীয়ানবন্ধ আৰু মূলবন্ধ মুদ্ৰা বিশেষ উপকাৰী। পুৱা শুই উঠিয়াই সূৰ্য নমস্কাৰ ৫-৬ বাৰ কৰাৰ পাছত মুদ্ৰাকেইটা কৰি প্ৰাণায়ামকেইটা অভ্যাস কৰিব লাগে।। প্ৰাণায়ামৰ ভিতৰত- ভস্ত্ৰিকা, কপালভাটি, অনুলম-বিলম, উজ্জায়ী বিশেষভাৱে উপকাৰী। আবেলি সময়তো পেট খালী থকা অৱস্থাত মুদ্ৰাকেইটা আৰু প্ৰাণায়ামকেইটা অভ্যাস কৰিলে অতি সোনকালে সুফল পোৱা যায়।
  • আয়ুৰ্বেদৰ মতে অৰুচি, বদহজম, কোষ্ঠকাঠিন্য তথা ইয়াৰ চিকিৎসাঃ

অৰুচিঃ এই অৱস্থাত খাদ্য খাবলৈ ইচ্ছা নাইকীয়া হয়।

বদহজমঃ

খাদ্যসমূহ সঠিককৈ হজম নহয়। পেটটো ফুলি উঠে আৰু খাদ্য ৰুচি নোহোৱা হয়।

কোষ্ঠকাঠিন্যঃ

 

পেটত কষ্টকৰ বা অশান্তিকৰ ভাব হয়। শৌচ খুব কঠিন হয় আৰু কেতিয়াবা বিষ অনুভৱ কৰে আৰু শৌচ ভালদৰে খোলোচা নহয়।

চিকিৎসাঃ

 

আয়ুৰ্বেদৰ মতে বাতিক প্ৰকৃতিৰ লোকে সাধাৰণতে কোষ্ঠকাঠিন্য ৰোগত সাধাৰণতে বেছিকৈ ভোগা দেখা যায় আৰু হজমশক্তি সঠিকভাৱে ৰাখিবলৈ গৰম আহাৰ, তেল, ঘিউ আৰু মাহজাতীয় শস্যৰ সেৱন আৱশ্যক।

  • বাত প্ৰশমিত কৰা, গৰম তেলৰ বস্তিত দিয়া
  • বিৰেছন অৰ্থাৎ শৌচ পনীয়া কৰা ঔষধি যৌগ সেৱন।
  • কিছুমান উপকাৰী আয়ুৰ্বেদিক ঔষধি যৌগ সেৱন।

অৰুচিঃ অগ্নিতুণ্ডী বটি, দ্ৰাক্ষাৰিষ্ট, বৈশ্বানৰ চূৰ্ণ, নেমুৰ পানী, সৈন্ধৱ লৱণৰ সৈতে প্ৰয়োগ কৰিব লাগে।

বদহজমঃ লসুনাদি বটি, হিংগ্বাষ্টক চূৰ্ণ, শংখবটি, জীৱিকাদ্যৰিষ্ট।

কোষ্ঠকাঠিন্যঃ ত্ৰিফলাচূৰ্ণ, অভয়াৰিষ্ট, অভিপৈত্তিকৰ চূৰ্ণ, পকা বেল আৰু অমিতা।

অৰুচি বদহজম আৰু কোষ্ঠকাঠিন্যৰ বাবে দৰকাৰী বনৌষধিঃ

অৰুচিঃ আদা, চিত্ৰক, পদিনা।

বদহজমঃ আদা, চিত্ৰক, জালুক, হিং।

কোষ্ঠকাঠিন্যঃ এৰা, শিলিখা, সোণাৰু, ডাদিকদিগা, ইসবগল।

বিশেষভাৱে কি কৰিব লাগে আৰু নালাগে-

কি কৰিব লাগেঃ ঘেঁহু, মগু, পুৰণা চাউল, নহৰু, বতৰৰ ফল-মূল, আঁহযুক্ত খাদ্য, হিং, আমলখি, জালুক, আদা, সেউজীয়া শাক-পাচলি আৰু কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে।

কি কৰিব নালাগেঃ

 

  • অনিয়মিতভাৱে খাদ্য সেৱন, গুৰু আৰু বিৰুদ্ধ তেলজাতীয় মছলাযুক্ত আহাৰ।
  • শুকান বা ভজা আৰু সংৰক্ষিত খাদ্য।
  • কম আঁহযুক্ত দ্ৰব্য বা আলু।
  • নিয়মিত বেগ ধাৰণ, অত্যধিক মাত্ৰাত চাহ আৰু কফি সেৱন, মাদকদ্ৰব্য আৰু ধূমপান।
  • অনিদ্ৰা, উদ্বেগ, নিৰুৎসাহ, অধিক চিন্তা বা ব্যগ্ৰতা।
  • অলসতা আৰু পৰিশ্ৰম বিমুখীতা।

তদুপৰি অত্যধিক চৰ্বিজাতীয় খাদ্য আৰু জ্বলা-মছলাযুক্ত খাদ্য গ্ৰহণ কৰিলে যকৃত বেয়া হৈ স্থায়ী কোষ্ঠবদ্ধতা ৰোগ সৃষ্টি হয়। অপৰিণত বয়সত হস্তমৈথুনাদি বদ অভ্যাসৰ বশীভূত হ’লে আৰু দাম্পত্য জীৱনত উচ্ছৃংখল হ’লেও স্থায়ী কোষ্ঠবদ্ধতা ৰোগ সৃষ্টি হয়।

(উৎসঃ অসমীয়া খবৰ, পাৰ্থ প্ৰতিম দাস)।

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate