অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অৱসাদৰ যৌগিক তথা আয়ুৰ্বেদিক চিকিৎসাঃ

চমু বিৱৰণ

যোগাসনৰ দ্বাৰা যিদৰে শাৰীৰিক সুস্থতা সম্ভৱ, ঠিক তেনেদৰে মানসিক তথা আধ্যাত্মিক সুস্থতাও পোৱা যায়। প্ৰকৃতাৰ্থত মানুহ এজনৰ সম্পূৰ্ণ সু-স্বাস্থ্যৰ মূল্যাংকণ কৰা যায় তেওঁৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক, আধ্যাত্মিক তথা সামাজিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি।

অৱসাদত ভোগা ব্যক্তি এজনৰ যিদৰে মানসিক সুস্থতাৰ অভাৱ, ঠিক তেনেদৰে শাৰীৰিকভাৱেও তেওঁ অসুস্থ। যোগাসনত শৰীৰ আৰু মনৰ মিলনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

যোগবিদ্যাৰ আলোচনাত দেখা গৈছে যে এই বিদ্যা সুদূৰ অতীতৰ পৰায়েই মানৱ জীৱণৰ সৰ্বাংগীণ উন্নতি বা উত্কৰ্ষতা সম্বন্ধে বিশেষভাৱে সচেতন আছিল। মানুহৰ অস্তিত্ব যে কেৱল শাৰীৰিক ভিত্তি নহয়, সেই কথা শাস্ত্ৰই বাৰুকৈয়ে অনুভৱ কৰিছিল। এজন মানুহৰ পৰিপূৰ্ণ বিকাশৰ বাবে মানসিক বিকাশ অপৰিহাৰ্য। শৰীৰ আৰু মনৰ এক একাংগী সম্পৰ্কও বৰ্তমান। শৰীৰ অসুস্থ হ’লে মনৰ ওপৰত তাৰ প্ৰভাৱ পৰে আৰু মন বেয়া হ’লে শৰীৰৰ ওপৰত তাৰ চিহ্ন লক্ষ্য কৰা যায়। মানসিক সুস্থতাৰ ওপৰতে আমাৰ আধ্যাত্মিক স্বাস্থ্য বা উন্নতি-অৱনতি নিৰ্ভৰ কৰে। পৃথিৱীৰ বিভিন্ন ধৰ্মশাস্ত্ৰত, বিভিন্ন সাধন পন্থা, বিবিধ নীতি-নিয়ম আৰু অনুশাসনৰ অভ্যাসৰ মাধ্যমত মানুহৰ আধ্যাত্মিক উন্নতিৰ পথ সুগম কৰে। কিন্তু কেৱল ভাৰতীয় যোগ বিদ্যায়েই আধ্যাত্মিকতাৰ লগে লগে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰো উন্নতিৰ ব্যৱস্থা কৰে।

যৌগিক চিকিৎসাঃ

পুৱাঃ (মাহত এবাৰ বস্তিক্ৰিয়া, বমন ধৌতি, নাসাপান) আৰু প্ৰত্যেকদিনেই- ভস্ত্ৰিকা প্ৰাণায়াম, অনুলম-বিলম প্ৰাণায়াম, ভ্ৰামৰী প্ৰাণায়াম, উজ্জায়ী প্ৰাণায়াম, অউম (প্ৰণৱ প্ৰাণায়াম), সূৰ্য নমস্কাৰ, পদহস্তাসন, টাডাসন, কতি-চক্ৰাসন।

আবেলিঃ ওপৰত উল্লেখ কৰা প্ৰাণায়ামকেইটা আৰু সৰ্বাংগাসন, পৱনমুক্তাসন, উষ্ট্ৰাসন, মাৰ্জাসন আৰু যোগনিদ্ৰা।

আয়ুৰ্বেদিক চিকিৎসাঃ

মন মাৰি থকা বা নিৰুত্সাহ হৈছে মনৰ এক অৱস্থা। ইয়াৰ বাবে কোনোৱে দুখ আৰু সুখ কিছু সময় ধৰি অনুভৱ কৰে আৰু ক্ষন্তেক সময়ৰ বাবে শোকত ম্ৰিয়মাণ আৰু শক্তিহীন হৈ পৰে।

এই মনৰ অৱসাদ তথা নিৰুত্সাহৰ ফলতে মানুহৰ আনন্দময় জীৱন, কৰ্ম জীৱন, স্বাস্থ্য তথা নিজৰ ৰক্ষণা-বেক্ষণৰ ওপৰত প্ৰভাৱ বাৰুকৈয়ে পৰে।

এই মনৰ অৱসাদৰ প্ৰভাৱ কি কি ?

  • মনৰ নিৰুত্সাহৰ অৱস্থা।
  • দিনটোৰ ভিতৰত মনৰ বিভিন্ন অৱস্থাৰ পৰিৱৰ্তন, বিশেষকৈ দিনৰ পিছবেলাতকৈ পুৱা সময়ত মনৰ অৱস্থা অধিক বেয়া হয়।
  • আনন্দৰ মাজেদি কাম কৰাৰ অপাৰগতা।
  • ভোক-পিয়াহ তথা খাদ্যাভ্যাসৰ পৰিৱৰ্তন।
  • ওজন বাঢ়ি য়োৱা বা কমি যোৱা।
  • নিদ্ৰা বা টোপনিৰ অভ্যাসৰ পৰিৱৰ্তন হোৱা
  • শক্তিহীন হৈ পৰে আৰু কাম কৰাৰ ক্ষমতা হেৰাই যায় আৰু দায়িত্ববোধৰ অভাৱ হয়।
  • নিৰাশাবাদী মন, দুখী ভাব হয় আৰু জীয়াই থকাৰ আকাংক্ষা হেৰুৱাই পেলায়।
  • কথা কোৱা ভাব-ধাৰণা আৰু চলন-ফুৰণত লেহেমীয়া হয়।
  • মনত মৃত্যু তথা আত্মহত্যাৰ পূৰ্ব নিৰূপণ ভাব হয়।
  • শাৰীৰিক অসুস্থতাৰ যেনে- মূৰৰ বিষ, পেটৰ বিষ অনুভৱ কৰে।
  • টোপনি বা নিদ্ৰাৰ অসুবিধা হয়। সাধাৰণতে সোনকালে সাৰ পায় আৰু বহুত দেৰিলৈকে টোপনি নাহে।
  • মনৰ উদ্বেগ ভাব হয়।
  • কোনো কাৰণ নোহোৱাকৈ দুখ অনুভৱ কৰে।
  • কম সময়তে উত্তেজিত হৈ পৰে।
  • শক্তিহীন হয় আৰু অধিক ভাগৰুৱা হৈ পৰে।
  • মনোযোগ নোহোৱা হয়।
  • কোনো সিদ্ধান্ত ল’বলৈ অসুবিধাত পৰে।
  • ভৱিষ্যত জীৱনক লৈ সন্দিহান হৈ পৰে।
  • নিজৰ পৰিচয়ৰ অজ্ঞতা প্ৰকাশ কৰে।
  • নিজকে দোষী বুলি ভাবে আৰু সৰু সৰু ভাব-ধাৰণাই মূল্যৱান বুলি বিবেচনা কৰে।
  • অবাস্তৱ বিফল ইন্দ্ৰিয়বোধ।
  • জুমৰ মাজতো অকলশৰীয়া অনুভৱ কৰে।
  • যৌন কৰ্মশক্তি লোপ পায়।

আয়ুৰ্বেদৰ দ্বাৰা ইয়াৰ কেনেকৈ চিকিৎসা কৰিব পাৰিঃ

ঔষধিযুক্ত তেলৰ দ্বাৰা শিৰোধাৰা তক্ৰধাৰা আৰু মূৰৰ মালিচ কিছুমান বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা কৰিব লাগে।

কিছুমান উপকাৰী আয়ুৰ্বেদিক ঔষধি যৌগঃ

  • সাৰস্বতা ৰিষ্ট
  • কুচমান্দ অৱলেহ
  • ব্ৰাহ্মী ঘি
  • চন্দনা সব

কি কি উপকাৰী বনৌষধি মন অৱসাদৰ বাবে ব্যৱহাৰ কৰিব পাৰি-

  • অশ্বগন্ধা
  • শতাবৰী
  • ব্ৰাহ্মী
  • জটামাংসী
  • তগৰ
  • চন্দন
  • যষ্ঠি মধু
  • তুলসী

বিশেষকৈ কি কৰিব লাগে আৰু নালাগেঃ

কি কৰিব লাগেঃ

  • আমলখি, ডালিম আৰু বতৰৰ ফলমূল খাব।
  • ৰাতি লঘু আহাৰ সেৱন।
  • আহাৰ দ্ৰব্য যেনে-মাহজাতীয় আৰু ফলমূলজাতীয় ইত্যাদি।
  • সতেজ শাক-পাচলি।
  • ধ্যান।
  • প্ৰাণায়াম।
  • সামাজিক কাম।

কি কৰিব নালাগেঃ

  • আমিষ আহাৰ।
  • অতি উচ্চ কেলৰীসম্পন্ন খাদ্য আৰু সঘনাই খোৱা খাদ্য।
  • অত্যধিক চিন্তা ভাব।
  • টিন ফুড।
  • ৰাগিয়াল তথা মাদক দ্ৰব্য একেবাৰেই বৰ্জন।

লেখকঃ পাৰ্থপ্ৰতিম দাস

উৎসঃ অসমীয়া খবৰ,

শেহতীয়া উন্নীতকৰণ: : 1/11/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate