মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / আধুনিক বনাম বিকল্প চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আধুনিক বনাম বিকল্প চিকিৎসা

আধুনিক বনাম বিকল্প চিকিৎসা

হোমিঅ’পেথি আৰু আয়ুৰ্বেদ চিকিৎসা ভাৰতত জনপ্ৰিয় যদিও এই চিকিৎসাৰ কাৰ্যকাৰিতা সন্দৰ্ভত কোনো বিশ্বাসযোগ্য, বিজ্ঞানসন্মত প্ৰমাণ নাই। তৎসত্ত্বেও এই দুই চিকিৎসা পদ্ধতি আমাৰ ৰাজহুৱা চিকিৎসা ব্যৱস্থাৰ এৰাব নোৱাৰা অংগ। বৰং এই দুই পদ্ধতিৰ গুৰুত্ব বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰায় সকলো ৰোগৰ চিকিৎসাৰ বাবে এই ক্ষেত্ৰত চৰকাৰী অনুমোদন আছে। ১৯৯৫ চনত কেন্দ্ৰীয় চৰকাৰে বিকল্প চিকিৎসাৰ উন্নয়ন আৰু প্ৰসাৰৰ হেতু এটা সুকীয়া বিভাগ আৰম্ভ কৰে। নাম দিয়া হয় AYUSH।

আধুনিক চিকিৎসা বিজ্ঞানভিত্তিক। এই চিকিৎসা পদ্ধতিত অবিৰত গৱেষণা আৰু পৰীক্ষা নিৰীক্ষা চলি থাকে। সেইবাবেই এই চিকিৎসা পদ্ধতি ফলপ্ৰসূ আৰু জনপ্ৰিয়। বিকল্প চিকিৎসাত এই ধৰণৰ গৱেষণা তথা পৰীক্ষা-নিৰীক্ষা কৰা নহয়। তৎসত্ত্বেও এই চিকিৎসা পদ্ধতিত চলি আছে। ভাৰতৰ বিকল্প পদ্ধতিত পাঁচ প্ৰকাৰৰ চিকিৎসা ব্যৱস্থা আছে। এইকেইটা হ’ল আয়ুৰ্বেদ (A), যোগ আৰু প্ৰাকৃতিক চিকিৎসা (Y), ইউনানী (U), সিদ্ধ (S) আৰু হোমিঅ’পেথি (H)। এইবোৰক একেলগ কৰি নাম দিয়া হৈছে AYUSH। কেন্দ্ৰীয় চৰকাৰে সম্প্ৰতি AYUSH ৰ ওপৰত গুৰুত্ব দি এই নামৰ মন্ত্ৰালয় আৰম্ভ কৰিছে। এগৰাকী মন্ত্ৰীও নিয়োগ কৰিছে।

হোমিঅ’পেথি আৰু আয়ুৰ্বেদ চিকিৎসা ভাৰতত জনপ্ৰিয় যদিও এই চিকিৎসাৰ কাৰ্যকাৰিতা সন্দৰ্ভত কোনো বিশ্বাসযোগ্য, বিজ্ঞানসন্মত প্ৰমাণ নাই। তৎসত্ত্বেও এই দুই চিকিৎসা পদ্ধতি আমাৰ ৰাজহুৱা চিকিৎসা ব্যৱস্থাৰ এৰাব নোৱাৰা অংগ। বৰং এই দুই পদ্ধতিৰ গুৰুত্ব বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰায় সকলো ৰোগৰ চিকিৎসাৰ বাবে এইক্ষেত্ৰত চৰকাৰী অনুমোদন আছে। ১৯৯৫ চনত কেন্দ্ৰীয় চৰকাৰে বিকল্প চিকিৎসাৰ উন্নয়ন আৰু প্ৰসাৰৰ হেতু এটা সুকীয়া বিভাগ আৰম্ভ কৰে। নাম দিয়া হয় AYUSH। ২০১৪ চনত বৰ্তমানৰ চৰকাৰে বিভাগটো উন্নীত কৰে। ভাৰতৰ আধুনিক চিকিৎসা পদ্ধতিত চিকিৎসকৰ সংখ্যা প্ৰায় ৯ লাখ। AYUSH ৰ চিকিৎসকৰ সংখ্যা প্ৰায় ৮ লাখ। ইয়াৰে প্ৰায়ে ৯০ শতাংশ আয়ুৰ্বেদ আৰু হোমিঅ’পেথিৰ চিকিৎসক। AYUSH মন্ত্ৰালয়ৰ বাবে এই বছৰৰ বাজেটত ১২০০ কোটি টকা ধাৰ্য কৰা হৈছে।

হোমিঅ’পেথি আৰু আয়ুৰ্বেদৰ ক্ষেত্ৰত বৈজ্ঞানিক প্ৰমাণ দুশ্চিন্তাজনক। এই সন্দৰ্ভত দুটা পদ্ধতিগত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হৈছে। এটা প্ৰকাশ হৈছে Lancet আলোচনীত। Lancet ত পৰীক্ষা-নিৰীক্ষাৰ ফলাফল প্ৰৱন্ধ আকাৰে প্ৰকাশ হৈছে। আনটো হৈছে অষ্ট্ৰেলিয়াৰ Health and Medical Reseach Council ৰ মুখপত্ৰত। দুয়োটা পৰীক্ষা মতে হোমিঅ’পেথি চিকিৎসাৰ কোনো ৰোগ নিৰাময় কৰিব পৰা নাযায়। একেধৰণৰ ফলাফল পোৱা গৈছে ইংলেণ্ডৰ Commitee of Science and technology পৰীক্ষা-নিৰীক্ষাত। কমিটীয়ে আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰতো একেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে।

ভাৰতত AYUSH য়ে সামৰি লোৱা কোনো পদ্ধতিৰ ক্ষেত্ৰত পদ্ধতিগত পৰীক্ষা-নিৰীক্ষা কৰা নাই। হোমিঅ’পেথিৰ ক্ষেত্ৰত কিছু পৰিমাণে কৰা হৈছে যদিও সেয়া Lancet আৰু অষ্ট্ৰেলিয়া কমিটীয়ে মানি লোৱা নাই। AYUSH বিভাগৰ অধীনত হোমিঅ’পেথিৰ ক্ষেত্ৰত কেইবা লানিত পৰীক্ষা-নিৰীক্ষা কৰা হৈছে যদিও সেয়া বিজ্ঞানসন্মত নহয় আৰু অষ্ট্ৰেলীয় কমিটীয়ে মানি লোৱা নাই। আয়ুৰ্বেদৰ ক্ষেত্ৰতো ভালেমান পৰীক্ষা-নিৰীক্ষা কৰা হৈছে যদিও পদ্ধতিগত আৰু বিজ্ঞানসন্মত হোৱা নাই। এই ক্ষেত্ৰত যথোপযুক্ত পৰীক্ষা হোৱা নাই।

আয়ুৰ্বেদ আৰু হোমিঅ’পেথিৰ মাজত এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। আয়ুৰ্বেদে কেনেকৈ ক্ৰিয়া কৰে, সেই বিষয়ে বিজ্ঞানে প্ৰশ্ন নকৰে। হোমিঅ’পেথিৰ ক্ৰিয়াৰ বিষয়ে প্ৰশ্ন নকৰে। হোমিঅ’পেথি ঔষধি দ্ৰব্য এলক’হল বা পাতিত পানীৰ সৈতে মিহলাই অত্যন্ত তৰলীকৰণ হয়। এই কাম কৰা হয় উড়াল এটাত পিষ্টন দণ্ডৰে নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্দিষ্ট দিশত ঔষধ আৰু এলক’হল বা পানী মিহলোৱা হয়। যিমানেই বেছি তৰলীকৰণ কৰিব, সিমানেই হেনো ঔষধৰ গুণ বৃদ্ধি হয়। এই কথা বিজ্ঞানে অসম্ভৱ বুলি কয়। আনহাতে আয়ুৰ্বেদত বিজ্ঞানসন্মতভাৱে ঔষধ  তৈয়াৰ কৰা হয়। আয়ুৰ্বেদীয় ঔষধৰ ক্ৰিয়া আধুনিক ঔষধতকৈ বেছি নহয়। আয়ুৰ্বেদৰ নিচিনাকৈ কেতবোৰ আধুনিক ঔষধো উদ্ভিদ সমল লৈ তৈয়াৰ কৰা হয়। আয়ুৰ্বেদীয় আৰু আধুনিক ঔষধৰ প্ৰস্তুতকৰণৰ পাৰ্থক্য হ’ল- আধুনিক চিকিৎসা বিজ্ঞানে কৰাৰ দৰে আয়ুৰ্বেদত পৰীক্ষা-নিৰীক্ষা, পুনৰীক্ষণ আদি কৰা নহয়। গতিকে আয়ুৰ্বেদীয় ঔষধে আধুনিক চিকিৎসা বিজ্ঞানে প্ৰস্তুত কৰা ঔষধৰ নিচিনাকৈ ক্ৰিয়া কৰিবনে নাই, সেই কথা স্পষ্টকৈ জনা নাযায়। আয়ুৰ্বেদে মুখ্যত: ৰোগ প্ৰতিৰোধ কৰি ৰোগীক সুস্থ কৰাৰ প্ৰয়াস কৰে। আধুনিক চিকিৎসা বিজ্ঞানত প্ৰতিৰোধক আৰু নিৰাময়ী দুয়ো ধৰণৰ চিকিৎসা কৰা হয়। আয়ুৰ্বেদীয় ঔষধ প্ৰতিৰোধক হিচাপেই ব্যৱহাৰ কৰাটো হয়তো যুক্তিসংগত হ’ব। এই কথা AYUSH ৰ অন্যান্য চিকিৎসা পদ্ধতিতো খাটে। অৱশ্যে আধুনিক চিকিৎসা বিজ্ঞানে কৰাৰ দৰে AYUSH চিকিৎসা ব্যৱস্থাতো ঔষধৰ অবিৰত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু পুনৰীক্ষণৰ প্ৰয়োজন আছে। AYUSH ৰ চিকিৎসকসকলে ক’ব খোজে, তেওঁলোকে ৰোগীক একোজন ব্যক্তি হিচাপেহে চিকিৎসা কৰে। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানে ৰোগ নিৰাময়ত অধিক গুৰুত্ব দিয়ে। আধুনিক চিকিৎসা বিজ্ঞানো ত্ৰুটিহীন নহয়। এই চিকিৎসা ব্যৱস্থাত ভালেমান অপ্ৰয়োজনীয় ঔষধো ব্যৱহাৰ কৰা হয়। বহুতে অভিযোগ কৰে যে আধুনিক চিকিৎসা পদ্ধতি স্বচ্ছ নহয়, ঔষধৰ মূল্য আকাশলংঘী, ৰোগীৰ প্ৰতি চিকিৎসকৰ সহমৰ্মিতাৰ অভাৱ। তদুপৰি ঔষধৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া সম্পৰ্কে ৰোগীক বুজাই দিয়া নহয়। কিন্তু অবিৰত গৱেষণা, পৰীক্ষা-নিৰীক্ষা আৰু পুণৰীক্ষণ কৰি আধুনিক চিকিৎসা পদ্ধতিত প্ৰভূত উন্নতি সাধন কৰা হৈছে। বিজ্ঞানসন্মতভাৱে পৰীক্ষা-নিৰীক্ষা তথা পুনৰীক্ষণ নকৰাকৈয়ে AYUSH চিকিৎসা পদ্ধতিৰ পোষকতা কৰা উচিত হ’ব নে নাই, সেই বিষয়ে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে। সম্প্ৰতি আয়ুৰ্বেদ আৰু হোমিঅ’পেথি চিকিৎসকে এইডছ, কেন্সাৰকে ধৰি প্ৰায় সকলো ৰোগৰ চিকিৎসা কৰে। সেই চিকিৎসা বিজ্ঞানসন্মত হয় নে নহয়, সেই কথা জনাৰ উপায় নাই। হোমিঅ’পেথি চিকিৎসকে জটিল হোৱাৰ আশংকা থকা ৰোগীৰ চিকিৎসা কৰা উচিত নহয়। যিসকলে হোমিঅ’পেথিত অটল বিশ্বাস ৰাখে, তেওঁলোক বিপদত পৰাৰ সম্ভাৱনা অধিক। ‘দ্য হিন্দু কাকতে’ চেষ্টা কৰাৰ পিচতো বিশ্ব স্বাস্থ্য সংস্থাই বিশেষ সঁহাৰি নজনালে। সংস্থাই মাথো AYUSH ৰ ক্ষেত্ৰত অধিক পৰীক্ষা নিৰীক্ষা আৰু পুণৰীক্ষণ হোৱাটো বিচাৰে। ভাৰতীয় চিকিৎসা সংস্থাই আপত্তি কৰিছে যে AYUSH ৰ চিকিৎসকসকলে আধুনিক ঔষধো ব্যৱহাৰ কৰে। চৰকাৰে তেওঁলোকক এইক্ষেত্ৰত অনুমতি দিব নালাগে।

AYUSH মন্ত্ৰালয় এই চিকিৎসা ব্যৱস্থাৰ ত্ৰুটিসমূহৰ বিষয়ে জ্ঞাত কিন্তু ইয়াৰ উন্নতিৰ বাবে কোনো কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। এই মন্ত্ৰালয়ৰ মন্ত্ৰী শ্ৰীপদ নাইকৈ ক’ব খোজে যে হেজাৰ হেজাৰ বছৰ ধৰি ভাৰতত আয়ুৰ্বেদ চিকিৎসা চলি আহিছে, কিন্তু কোনেও ইয়াৰ কাৰ্যকাৰিতা সম্পৰ্কে প্ৰশ্ন কৰা নাই। সম্প্ৰতি আয়ুৰ্বেদীয় ঔষধ ৰপ্তানি কৰাৰ প্ৰচেষ্টা চলোৱাৰ সময়তহে প্ৰশ্নবোৰ উদয় হৈছে। তেওঁ এই চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত বিজ্ঞানসন্মত গৱেষণা, পৰীক্ষা-নিৰীক্ষা আৰু পুণৰীক্ষণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছে। AYUSH ৰ অন্যান্য পদ্ধতিৰ ক্ষেত্ৰতো একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে।

থোৰতে পাঁচ প্ৰকাৰৰ বিকল্প পদ্ধতিৰ চিকিৎসা ব্যৱস্থা

সিদ্ধ

ই এবিধ প্ৰাচীন চিকিৎসা প্ৰণালী। চিকিৎসা আৰম্ভ হৈছিল তামিলনাডুত। সিদ্ধ চিকিৎসা বহু পৰিমাণে আয়ুৰ্বেদ চিকিৎসাৰ নিচিনা। এই চিকিৎসা পদ্ধতি আঠোটা লক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয়। ঔষধসমূহ উদ্ভিদজ উৎসৰ। চিকিৎসা বাহ্যিক আৰু আভ্যন্তৰীণ। মাথোঁ তামিলনাডুত এই চিকিৎসা সম্পৰ্কে কিছু অধ্যয়ন কৰা হৈছে। এই ৰাজ্যতে সিদ্ধ পদ্ধতিৰ প্ৰচলন আছে। এই চিকিৎসা পদ্ধতিৰ প্ৰতিষ্ঠাতা বিজ্ঞানমনস্ক সন্তসকল বুলি কোৱা হয়।

ইউনানী

আৰব আৰু পাৰ্চীসকলে দ্বাদশ শতিকাত ভাৰতত এই চিকিৎসা প্ৰৱৰ্তন কৰে। এই চিকিৎসা পদ্ধতিৰ আয়ুৰ্বেদৰ সৈতে সামঞ্জস্য আছে। এই চিকিৎসা পদ্ধতি চাৰিবিধ ৰস আৰু মৌল পদাৰ্থৰ সংযোজন-বিয়োজনৰ দ্বাৰা মানৱ দেহ সৃষ্টি হয় বুলি ভবা হয়। এই চিকিৎসাৰ প্ৰধান অংগ নাড়ীজ্ঞান। ইউনানীত তৰু, তৃণৰ পৰা ঔষধ তৈয়াৰ কৰা হয়। জন্তুজ দ্ৰব্য, খনিজ দ্ৰব্য আদিও ব্যৱহাৰ কৰা হয়। এই চিকিৎসা উত্তৰ ভাৰতত অধিক জনপ্ৰিয়।

আয়ুৰ্বেদ

অতি প্ৰাচীন ভাৰতীয় চিকিৎসা পদ্ধতি। হিন্দু শাস্ত্ৰত, বিশেষকৈ অথৰ্ব বেদ, চৰক সংহিতা আৰু সুশ্ৰুত সংহিতাত এই পদ্ধতিৰ উল্লেখ আছে। আয়ুৰ্বেদে বিশ্বাস কৰে যে জীৱৰ সৃষ্টি হয় পাঁচটা মৌলৰ সংমিশ্ৰণ হৈ। এইকেইটা হ’ল ক্ষিতি, অপ, তেজ:, মৰুৎ আৰু ব্যোম। এইবিলাকৰ বিন্যাস আৰু সংযোজনে শৰীৰত তিনিটা ৰস-বাত, পিত্ত, কফৰ ওপৰত ক্ৰিয়া কৰে। আয়ুৰ্বেদৰ মুল তত্ত্ব হ’ল সন্তুলন। এই সন্তুলন বিনষ্ট হ’লে ৰোগৰ সৃষ্টি হয়। চিকিৎসা পদ্ধতি দুই প্ৰকাৰৰ-বিপৃত আৰু বিপৃতাৰ্থকাৰী। বিপৃত পদ্ধতিত ঔষধ আৰু খাদ্যই ৰোগ প্ৰতিহত কৰে। বিপৃতাৰ্থকাৰী ঔষধ, খাদ্য আৰু শৰীৰৰ ক্ৰিয়াকলাপ ব্যৱহাৰ কৰি ৰোগৰ সমতুল পৰিস্থিতিৰ সৃষ্টি কৰি ৰোগ নিৰাময় কৰে।

যোগ

যোগৰ অৰ্থ হ’ল সংলগ্নীকৰণ। ই শাৰীৰিক আৰু আধ্যাত্মিক। উপনিষদত যোগৰ উল্লেখ আছে। পিচলৈ পাণিনিৰ যোগসূত্ৰত লিপিবদ্ধ কৰা হয়। যোগৰ দ্বাৰা উচ্চ স্তৰৰ চৈতন্য লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। যোগ কেইবা প্ৰকাৰৰ- জপ, কৰ্ম, জ্ঞান, ভক্তি, ৰাজ, প্ৰাণায়াম। প্ৰাণায়ামৰ আঠোটা স্তৰ আছে। যোগৰ সৈতে বিভিন্ন আসনো আছে। যোগাভ্যাস কৰা ব্যক্তিসকলৰ মতে যোগৰ দ্বাৰা ৰোগ নিৰাময় কৰিব পাৰি। যোগ সম্পৰ্কে কিছু পৰিমাণৰ গৱেষণা হৈছে যদিও ই নিৰাময়ক হয় নে নহয়, সেয়া নিশ্চিত নহয়।

হোমিঅ’পেথি

এই চিকিৎসা পদ্ধতিৰ প্ৰতিষ্ঠাতা জাৰ্মানৰ চিকিৎসক ছেমুৱেল হেনিম্যান। এই পদ্ধতিত বিশ্বাস কৰা হয় যে ঔষধি দ্ৰব্যৰ তৰলীকৰণে ঔষধত নিৰাময় ক্ষমতা বৃদ্ধি কৰে। এলক’হল বা পাতিত পানীত ঔষধি দ্ৰব্যৰ তৰলীকৰণ হয়। যিমানেই ঔষধৰ নিৰাময় ক্ষমতা বৃদ্ধি হয় বুলি দাবী কৰা হয়। বিজ্ঞানীসকলে এই তত্ত্ব মানি নলয়। ৰোগ নিৰ্ণয় কৰা হয় ৰোগীৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি। ঔষধবোৰ সাধাৰণ সৰু সৰু বড়ি অথবা নিষ্ক্ৰিয় গুড়ি। এই বড়ি বা গুড়িৰ টোপাল হিচাপে তৰলীকৃত ঔষধি দ্ৰব্য মিহলি কৰি খাবলৈ দিয়া হয়।

প্ৰাকৃতিক চিকিৎসা

এই চিকিৎসাত প্ৰাকৃতিক দ্ৰব্য ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক চিকিৎসকৰ মতে দুৰ্ঘটনাৰ বাহিৰে বাকী সকলো ৰোগৰ কাৰণ হ’ল শৰীৰত অস্বাস্থ্যকৰ দ্ৰব্য জমা হোৱা। এই চিকিৎসা ব্যৱস্থাত আছে বিশেষ খাদ্য, বোকাৰ লেপন, আকুপাংচাৰ, আকুপ্ৰেছাৰ আৰু চৌম্বকীয় চিকিৎসা। প্ৰাৰ্থনা প্ৰাকৃতিক চিকিৎসাৰ প্ৰধান অংগ।

লিখক: ডা: জীৱন দত্ত বৰুৱা, সম্ভাৰ, অসমীয়া প্ৰতিদিন।

2.98360655738
দেলোৱাৰ হুছেইন Mar 19, 2017 06:02 PM

নাকত চাই নিচ

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top