মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / আধ্যাত্মিক স্বাস্থ্য সজাগতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আধ্যাত্মিক স্বাস্থ্য সজাগতা :

আধ্যাত্মিক স্বাস্থ্য সজাগতাৰ বিষয়ে লিখা হৈছে ।

 

আধ্যাত্মিক স্বাস্থ্য সজাগতা নহ’লে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষা কৰাটো অসম্ভৱ কথা।আধ্যাত্মিক স্বাস্থ্য মানে আত্মাৰ স্বাস্থ্য সুস্থ ৰখা।আত্মাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ কাৰণে মন সুস্থ ৰখাৰ প্ৰয়োজন।আত্মাৰ গুণসমুহ হ’ল-পৱিত্ৰতা,শান্তি,ভালপোৱা বা প্ৰেম,শক্তি,জ্ঞান,সত্য আৰু আনন্দ-এই সাতটা গুণ।আত্মাৰ জ্ঞান নাথাকিলে আমি সেই গুণবোৰ হেৰাই পেলাওঁ।অশান্তি,ঘৃণা,দুৰ্বলতা,অজ্ঞান-আন্ধাৰ,অসত্যতা আৰু নিৰানন্দই আত্মাক লেতেৰা কৰি পেলায়।অজ্ঞানতাৰ কাৰণে মানুহৰ অহ্ংকাৰ বা গৰ্ব আহে।অহংকাৰ আহিলে।দেহটোক মই বুলি ভাবে আৰু আত্মাৰ কথা পাহৰি যাওঁ।অহ্ংকাৰেই মানুহৰ সকলো ক্ষেত্ৰত পৰম শত্ৰু।ফলত মানুহ সকলো ক্ষেত্ৰতে আসক্ত হৈ পৰে।

আত্মাৰ এই গুণবোৰ ৰক্ষা কৰিবৰ কাৰণে ধ্যানৰ অত্যন্ত দৰকাৰ।ধ্যান মানে মনক কোনো এঠাইত ধৰি ৰখা।মন হ’ল ঘোঁৰা।সি সদায় অনবৰত দৌৰি থাকে।মনক নিয়ন্ত্ৰণ  কৰিব নোৱাৰিলে ধ্যান কৰা অসম্ভৱ।ধ্যান কৰিবলৈ নিৰ্জন ঠাইত বহি ব্ৰহ্মমুহুৰ্তত উঠি আজ্ঞাচক্ৰ (দুই চকুৰ মাজৰ)ঠাইখিনিত মনটো স্থিৰ কৰিব লাগিব।সেই সময়ত আন চিন্তা ত্যাগ কৰি আৰামত পদ্ম আসনত বহি নিৰ্জনতা আৰু পৰিৱেশটো অনুভৱ কৰি শান্তমনে বহি থাকিব লাগিব।লাহে লাহে যি এটা অনুভৱ হ’ব সেইটো কেৱল নিজেহে বুজিব পাৰি,আনক বুজাব নোৱাৰি।এই অভ্যাসৰ দ্বাৰা মানুহৰ শৰীৰত যি সাতটা চক্ৰ আছে সেইবোৰ জাগ্ৰত হ’ব।আজ্ঞাচক্ৰত ধ্যান কৰিলে মগজুৰ?ওচৰত থকা পিটুইতাৰী আৰু পাইনেল গ্ৰন্থিৰ সঞ্চালন হয় আৰু Melatonin নামৰ এটা হৰম’নৰ সৃষ্টি হয়।সেই হৰম’নটোৱে শৰীৰত থকা আন গ্ৰন্থিবিলাকক নিয়ন্ত্ৰণ কৰে।সেই কাৰণে Pituitary Gland ক Band Master of the orchestra বুলি কয়। Pituitary Gland ৰ ওচৰতে pituitary plexus বুলি সোঁ আৰু বাঁওফালে অলপ ঠাই আছে।বাওঁফালৰ টো অতি প্ৰয়োজনীয়।বাওঁফালৰ plexus যদি বেছি উন্নত হয় আৰু যদি অকল ধ্যানৰ দ্বাৰাহে pituitary plexus  সক্ৰিয় কৰিব পৰা যায়,যদি pituitary plexus ৰ দুই ফাল?দ্বাৰা সক্ৰিয় কৰিব পাৰে,তেতিয়া মানুহ ত্ৰিকালদৰ্শী হ’ব পাৰে।অৰ্থাৎ বৰ্তমান,ভুত,ভৱিষ্যৎ সকলো কথা ক’ব পাৰে। Pituitary Gland ক ত্ৰিনয়ন বুলিও কোৱা হয়।ধ্যান মানে হ’ল এনেকুৱা এটা অৱস্থা,যিয়ে আমাক আত্মাৰ ওচৰত পাবলৈ সহায় কৰে বা আত্মপৰিচয়ত সহায় কৰে।

ধ্যান কৰাৰ বহুতো নিয়ম আছে।আটাইতকৈ সহজ উপায়টো হ’ল পদ্ম আসনত বহি,নিৰ্জন ঠাইত চাৰিওফালৰ পৰিৱেশ আৰু মনটো নিয়ন্ত্ৰণ কৰি অনুভৱ কৰি বহি থাকি নিজৰ সংগকে অনুভৱ কৰিব লাগে।মনটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে নিজৰ উশাহ-নিশাহ ১০৮ বাৰ গণি থাকিব লাগে,যাতে মনটো স্থিৰ হৈ থাকে।এনেকৈ দহ মিনিট থাকিলে শৰীৰত এটা অনুভৱ কৰিব পাৰি,যিটো কেৱল কৰাজনেহে বুজিব পাৰে।এই নিয়মটো নিতৌ কৰি অভ্যাসত পৰিণত কৰিব লাগে।কিন্তু কেতিয়াও জোৰকৈ উশাহ-নিশাহ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব নালাগে।কিছুদিন কৰাৰ পিছত নিজকে বহুত শক্তিমান বুলি অনুভৱ কৰিব পাৰিব।

আমাৰ চিন্তাধাৰাৰ শক্তি আছে আৰু চিন্তা তৈয়াৰ কৰিব পাৰো।কিন্তু আমি গোটেই জীৱন সেই শক্তি ব্যৱহাৰ নকৰো আৰু নাভাবো।আমি যিবোৰ চিন্তা কৰা বুলি কওঁ সেইবোৰ আচলতে চিন্তা নহয়।সেইবোৰ আগৰ পৰাই আছে,কেৱল বিভিন্ন সময়ত মনলৈ আহে।মানুহ সচেতন হোৱা আৱশ্যক।মানুহে কেনেকৈ চিন্তা কৰিব লাগে আৰু কি চিন্তা কৰিব লাগে এইটো সম্ভৱ হ’ব কেৱল ধ্যানৰ দ্বাৰা।

কাছই পানীত গলটো উলিয়াই উশাহ লৈ আৰু ১০-১৫ মিনিট পানীৰ তলত থাকে,তাৰ পিছত আৰু এবাৰ গলটো উলিয়াই উশাহ লয়।এইদৰে চলি ফুৰে,অৰ্থাৎ ১০-১৫ মিনিটৰ মুৰতহে এবাৰ উশাহ লয়।ফলত কমকৈ উশাহ লয়।সেই কাৰণে কাছৰ আয়ুস বহুত বেছি।১২০ বছৰ বুলি শুনা যায়।কিন্তু মানুহে ২৪ ঘণ্টাত ২২,৬০০ বাৰ উশাহ-নিশাহ লয়।২২,৬০০ বাৰৰ পৰা যিমানে উশাহ কমকৈ আনিব পাৰে সিমানে আয়ুস বৃদ্ধি হয়।কাছৰ আৰু এটা শক্তি আছে-কাছই আঘোণ-কাতি মাহত বালিত কণী পাৰে।অন্য চৰাই বা জীৱৰ দৰে কাছই উমনি দিব নোৱাৰে।সেই কাৰণে কাছই পানীৰ পৰা গলটো উলিয়াই কণীখিনিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি থাকে।দৃষ্টি দি থাকোতে সুৰ্যৰ ৰশ্মিৰ পৰা Cosmic Ray  আহি কাছৰ চকুত পৰে আৰু কাছই সেই Cosmic Ray  বা Cosmic Dance  কণিবোৰৰ ওপৰত নিক্ষেপ কৰে।এইদৰে কেইদিনমান কৰাৰ পিছত কণী ফাটি পোৱালি ওলাই পানীত আহি মাকৰ লগ লাগে।সেই দৃষ্টিশক্তি আমাৰো আছিল,কিন্তু সেইবোৰ আমি হেৰাই পেলাইছোঁ।সেই শক্তি ঘুৰাই পাবলৈ আমি চকুৰ দৃষ্টিশক্তিৰ প্ৰতি যত্ন ল’ব লাগিব।ৰাতিপুৱা উঠি আঙুলিৰ সুৰুঙাৰে সুৰ্য প্ৰণাম কৰিব লাগিব।

ইয়াৰ বাহিৰেও মানুহৰ বাকশক্তি এনেকুৱা হ’ব লাগে,যাতে কোনো শব্দব্ৰহ্মই কাকো আঘাত নকৰে।এটি সৰু উদাহৰণেৰে সহজে বুজিব পাৰি-তিনিজন মানুহে তিনি ঠাইত বহি এটা মন্দিৰৰ কাৰণে শিল ভাঙি আছিল।এজন বাটৰুৱাই প্ৰথম দুজনক সুধিলে-‘কি কৰিছা’।সি উত্তৰ দিলে-দেখা নাই শিল ভাঙি আছোঁ।দ্বিতীয়জনক সুধিলে-কি কৰৈছা’।সি উত্তৰ দিলে-শিল ভাঙিছোঁ।তৃতীয়জনক সুধিলে-‘কি কৰিছা’।সি উত্তৰ দিলে-ইয়াতে এটা মন্দিৰ হ’ব,সেইবাবে প্ৰভুৰ মন্দিৰৰ কিআৰণে সামান্য যোগান ধৰিবৰ কাৰণে শিল ভাঙি আছোঁ।যদিও তিনিওজনে শুদ্ধ উত্তৰ দিছে তথাপি তৃতীয়জনৰ বাক্যটো শুনিবলৈ শুৱলা।অৰ্থাৎ তৃতীয়জনে আনন্দেৰে পজিটিভ ভাবত কাম কৰি আছে।এইদৰে আৰু আমাৰ অনেক শক্তি আছে,সেইবোৰ যাতে সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰি সেই চেষ্টা কৰিব লাগে।

এইবোৰ জ্ঞান অকল ধ্যানৰ দ্বাৰাহে পাব পাৰি।ধ্যানৰ দ্বাৰা যি অনুভুতি আহে তাৰ পৰাই মানুহে অজ্ঞান-আন্ধাৰৰ পৰা জ্ঞানৰ পোহৰ পাব পাৰে।গান পালে মানুহৰ কৰ্মকৌশল বাঢ়ে আৰু ? মজবুত হয়।কৰ্ম যদি ঠিক হয়,শাৰীৰিক স্নায়ু,মানসিক স্বাস্থ্য সকলোবোৰতে সুখ-শান্তি আৰু প্ৰগতি আহিব পাৰে।

লেখক: ডা: বসন্ত কুমাৰ চৌধুৰী (জি এনআৰ চি স্বাস্থ্য)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top