অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস

ইতিহাসে ঢুকি পোৱাৰে দিনৰে পৰা ভাৰতবৰ্ষত যোগ সাধনা-ধ্যানৰ অভ্যাস চলি অহাৰ কথা আমি জানো। ঋষি মুনি সকলে গছৰ আকাৰ,জীৱ-জন্তুৰ আকৃতি অনুসৰণ কৰি অভ্যাস কৰিছিল। প্ৰকৃতিৰ সৈতে প্ৰকৃতিৰ কোলাত বহি ঈশ্বৰৰ উপাসনা কৰিছিল। যোগ ধ্যান এয়াই।উশাহ-নিশাহৰ বিষয়ে ধ্যান-চৰ্চা কৰিছিল সেয়া প্ৰাণায়াম। শ্ৰুতি অনুসৰি শিৱ হৈছে যোগৰ আদি গুৰু।

১১ ডিচেম্বৰত (২০১৪) ৰাষ্ট্ৰস্ংঘই ‘আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস’ পালনৰ বাবে ২১ জুন দিনটো ঘোষোণা কৰি কৈছিল-‘যোগে মানুহৰ স্বাস্থ্য আৰু কল্যাণ সাধনৰ বাবে সম্পূৰ্ণৰুপে সহায় কৰে। যোগে মানুহৰ স্বাস্থ্যৰ উন্নতি আৰু উপকাৰৰ বাবে বিস্তৃতভাৱে সহায় কৰিব।যোগে জীৱনৰ সকলো স্তৰৰ সামঞ্জস্য ৰক্ষা কৰে আৰু সেইবাবে ৰোগ নিৰোধ,স্বাস্থ্য প্ৰোতসাহন আৰু জীৱনশৈলী সম্বন্ধিত বহু বেমাৰৰ নিৰাময়ৰ বাবে সহায় কৰে।’

যোগ কি

মন আৰু শৰীৰৰ মাজত সামঞ্জস্য ৰাখিব পৰা অত্যন্ত সুক্ষ্ম বিজ্ঞানৰ ওপৰত আধাৰিত জ্ঞানেই হ’ল যোগ। ই এক আধ্যাত্মিক অনুশাসন।ই মানুহৰ স্বাস্থ্যৰ কলা আৰু বিজ্ঞান। যোগ প্ৰতিদিনেই বিকসিত আৰু সমৃদ্ধ হৈ গৈ আছে। যোগৰ তত্ব: যোগে ব্যক্তিৰ মন,শৰীৰ,ভাৱন আৰু শক্তিৰ শীৰ্ষতম স্তৰত কাৰ্য কৰে। ইয়াক ব্যাপক ৰুপত চাৰিটা ভাগত ভাগ কৰা হৈছে। কৰ্মযোগত শৰীৰৰ প্ৰয়োগ,জ্ঞানযোগত মনৰ প্ৰয়োগ,ভক্তিযোগত ভাৱৰ প্ৰয়োগ আৰু ক্ৰিয়া যোগত শৌৰ্য শক্তিৰ প্ৰয়োগ কৰা হয়। ইটো-সিটোৰ মাজত সমহিত হৈ থাকে। ব্যক্তি এই চাৰিটা যোগৰ অদ্বিতীয় স্ংযোগ হয়। বিভিন্ন ব্যক্তি,সমষ্টি,পন্থ,পৰম্পৰাৰ মাজত যোগ ভিন্ন ৰুপত বিস্তৃত আৰু প্ৰসাৰতা লাভ কৰি আছে।

যোগ সাধনাত ম,নিয়ম,আসন,প্ৰাণায়ম,প্ৰত্যাহাৰ,ধাৰণা,ধ্যান,সমাধি,বন্ধ,মুদ্ৰা।ষঠকৰ্ম,যুক্তাহাৰ,মন্ত্ৰ,জপ যুক্ত কৰ্ম আদি অভ্যাস কৰা হয়।

লাভ

যোগ শাৰীৰিক সুস্থতা, স্নায়ুতন্ত্ৰ, কংকালতন্ত্ৰক সুষম ভাৱে কাৰ্য কৰাত,হৃদয় আৰু নাড়িৰ স্বাস্থ্যৰ বাবে হিতকৰ অভ্যাস হয়। মধুমেহ,শ্বাস সম্বন্ধিত  বিকাৰ, ৰক্তচাপ,জীৱনশৈলী সম্বন্ধিত বিকাৰ যোগে নিৰাময় কৰে। যোগ অভ্যাসে অৱসাদ ভাগৰ, চিন্তা সম্বন্ধীয় বিকাৰ আৰু মানসিক দু:চিন্তা দূৰ কৰাত সহায় কৰে। যোগে মাহেকীয়া ধৰ্ম নিয়মীয়া কৰে। একে কথাতে ক’বলৈ গ’লে, যোগে শৰীৰ আৰু মনৰ নিৰ্মাণ এনে সাৱলীলভাৱে কৰে যে,ফলত মন আৰু শৰীৰ সমৃদ্ধ হয়। পৰিপূৰ্ণ জীৱনৰ উন্নতিৰ বাবে যোগেই মূল শ্ৰোত। ই আমাৰ মনক সদয় সন্তুলিত কৰি ৰখে। ইয়াৰ মাজতে আমাৰ আত্ম বিকাশ সমাহিত হৈ আছে।

বিকাশ গোস্বামী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate