অংশিদাৰী

আয়ুসঃ

আয়ুৰ্বেদিক, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, ইউনানি, সিদ্ধা আৰু হোমিঅ’পেথিকৰ

আয়ুৰ্বেদিক, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, ইউনানি, সিদ্ধা আৰু হোমিঅ’পেথিকৰ আদ্যাক্ষৰকেইটা লগ লগাই ‘আয়ুস’ নামটো লোৱা হৈছে। ১৯৯৫ চনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ইণ্ডিয়ান মেডিচিন এণ্ড হোমিঅ’পেথী বিভাগ মুকলি কৰে। পৰৱৰ্তী সময়ত ২০০৩ চনত এই বিভাগটোকেই আয়ুস হিচাপে নামকৰণ কৰা হয়। এই চিকিত্সা পদ্ধতিসমূহৰ জৰিয়তে চিকিত্সা দৰ্শন আৰু সু-স্বাস্থ্যৰ বা ৰোগ প্ৰতিৰোধ কৰিব পৰাকৈ এটা জীৱন-ধাৰণ শৈলী গ্ৰহণ কৰা হয়।

অতীজৰে পৰা চিকিত্সাবিদসকলৰ মাজত আয়ুৰ্বেদ, যোগ, ইউনানি, সিদ্ধাৰ লগতে হোমিঅ’পেথিক চিকিত্সাৰ প্ৰচলন আছিল। এই অতি প্ৰাচীন চিকিত্সা পদ্ধতিৰ নাই কোনো পাৰ্শ্বক্ৰিয়া আৰু ই অতি ফলপ্ৰসূ। সম্প্ৰতি আয়ুসৰ প্ৰতি বিশ্বৰ সৰ্বত্ৰতে আকৰ্ষণ বৃদ্ধি পাইছে। জীৱন ধাৰণ শৈলীৰ বৰ্ধিত জটিলতা, বহুদিনীয়া দৰব গ্ৰহণৰ বাবে হোৱা শাৰীৰিক বিসংগতি নতুবা ৰোগৰ প্ৰাদুৰ্ভাৱ, অসংক্ৰামক ৰোগৰ বৃদ্ধিয়ে আৱৰি ধৰা সমাজখনক এনেবোৰ জটিল সমস্যাৰ পৰা ৰক্ষা কৰাৰ বাবেও ই ফলপ্ৰসূ। সম্প্ৰতি যোগ বিশ্ব স্বাস্থ্য ৰক্ষাৰ বাবে মুখ্য আকৰ্ষণ হৈ পৰিছে আৰু মানৱৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছে।

চাৰি বেদৰ অন্যতম অথৰ্ৱ বেদত চিকিত্সা বিজ্ঞানৰ কথা সন্নিবিষ্ট হৈ আছে। প্ৰাচীনকালৰ ঋষি-মুনিসকলে পৰৱৰ্তী সময়ত ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ জৰিয়তে সিদ্ধা আৰু আয়ুৰ্বেদৰ চৰ্চা কৰিছিল। ভাৰতত খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাৰ চিকিত্সকসকলে ইউনানিৰ প্ৰচলন কৰিছিল। ওঠৰ শতিকাত জাৰ্মানীত হোমিঅ’পেথিকৰ উদ্ভৱ হয় আৰু জনপ্ৰিয় হৈ পৰে। আনহাতে আমাৰ দেশত জনপ্ৰিয়তা লাভ কৰা প্ৰাকৃতিক চিকিত্সা হ’ল ঔষধবিহীনভাৱে স্বাস্থ্য ৰক্ষাৰ এটি বিশেষ পদ্ধতি।

আয়ুৰ্বেদঃ

আয়ুৰ্বেদ শব্দটো ‘আয়ু’ আৰু ‘বেদ’ৰ পৰা অহা। আয়ু মানে জীৱন আৰু বেদ মানে জ্ঞান। আয়ুৰ্বেদৰ অৰ্থ হ’ল জীৱনৰ বিজ্ঞান। মহান পণ্ডিত চৰকে কৈছিল- ‘আয়ুৰ্বেদ নামৰ এই বিজ্ঞান হ’ল মানুহৰ হিত-অহিতৰ লগতে সুখ-দুখ আৰু শাৰীৰিক সুস্থতা-অসুস্থতাৰ বিষয়ে আলোচনা কৰা এক বিশেষ বিজ্ঞান।‘ আয়ুৰ্বেদে মানুহ বা আন সকলো জীৱকে সামৰি লয়। ইয়াত মূলতঃ তিনিটা খণ্ড আছে- মানুহ শাৰীৰিক অৱস্থাৰ পৰ্যালোচনাৰে নৰ আয়ুৰ্বেদ, জীৱ-জন্তুৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ সত্ত্ব আয়ুৰ্বেদ আৰু গছ-গছনিৰ অসুখ-বিসুখৰ কথা পৰ্যালোচনা কৰিবলৈ বৃক্ষ আয়ুৰ্বেদ। ইয়াৰ জৰিয়তে শাৰীৰিকভাৱে যোগাত্মক আৰু আধ্যাত্মিকভাৱে জীয়াই থকাৰ উপায় পোৱা যায়।

আয়ুৰ্বেদ মতে প্ৰতিজন লোকেই পাঁচবিধ বিশেষ উপাদানেৰে সৃষ্টি হয়- আকাশ, বায়ু, অগ্নি, পানী আৰু মাটি। এই পাঁচবিধ উপাদানে মানৱ শৰীৰৰ জীৱনী শক্তি বা দশাৰ সৃষ্টি কৰে নিৰ্ণয় কৰে। এই উপাদানকেইটাই আমাৰ মানৱ শৰীৰৰ কৰ্ম নিয়ন্ত্ৰণ কৰে।

আয়ুৰ্বেদ মতে এই বিশ্বৰ সকলো বস্তুৱেই সেয়া জীৱই হওক বা জড়ই হওক সকলোকে সামৰি লোৱা হয়। যেতিয়া মানুহৰ মন, শৰীৰ আৰু আত্মা বিশ্বব্ৰহ্মাণ্ডৰ সৈতে আপোন সংযোগ বিচ্ছিন্ন হয় তেতিয়া শাৰীৰিক বিপত্তি উত্পন্ন হয়। এনেধৰণৰ বিসংগতিৰ কেইটামান উদাহৰণ হ’ল- জিনগত বা জন্মগত বিসংগতি, বয়স, আৱেগ, আঘাত, বতৰ বা ঋতু পৰিৱৰ্তন।

আয়ুৰ্বেদত স্বাস্থ্যৱান কৰি ৰখা আৰু শাৰীৰিক-মানসিকভাৱে উত্কৃষ্ট পৰ্যায়ত ৰাখি শৰীৰৰ গঠন বা প্ৰকৃতি গঠনত কিদৰে সহায় কৰে বা কৰিব পাৰে তাৰ কথা সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। মানুহৰ প্ৰকৃতি গোটেই জীৱনজুৰি একেই থাকে। কিন্তু খাদ্যাভ্যাস আৰু বতৰ পৰিৱৰ্তনে ইয়াত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

দোষ তিনি প্ৰকাৰৰ, সেয়া হ’ল- বাত দোষ (আকাশ আৰু বায়ু), পিত্ত দোষ (অগ্নি আৰু পানী), কফ দোষ (পানী আৰু মাটি)।

বাত শক্তি বায়ু আৰু মহাকাশৰ সৈতে জড়িত আৰু শ্বাস-প্ৰশ্বাস, ৰক্ত সঞ্চালনকে ধৰি মানুহৰ শাৰীৰিক চাল-চলন নিয়ন্ত্ৰণ কৰে। উত্ফুল্লিত, সৃষ্টিশীল মানুহৰ শৰীৰত ই সুন্দৰকৈ কাম কৰে। বাতৰ বিসংগতি হলেই মানুহৰ গাঁঠিৰ বিষ, কোষ্ঠকাঠিন্য, শুষ্ক ছাল, উদ্বেগ বৃদ্ধিকে ধৰি নানা শাৰীৰিক সমস্যাই দেখা দিয়ে।

পিত্ত শক্তি অগ্নিৰ সৈতে জড়িত আৰু ই মানুহৰ পাচন আৰু পাকস্থলী নিয়ন্ত্ৰণ কৰে। পিত্ত শক্তিৰ অধিকাৰী লোকসকল অতি প্ৰত্যুত্পন্নমতি, বুধিয়ক আৰু সকলোৰে প্ৰিয় হয়। পিত্ত শক্তি দুৰ্বল হ’লে আলচাৰ, জ্বলা-পোৰা কৰা, বদহজম, খিংখিঙীয়া, হৃদপিণ্ডত জ্বলন অনুভৱ বা আৰ্থ্ৰাইটিছ হ’ব পাৰে।

কফ শক্তি মাটি আৰু পানীৰ সৈতে জড়িত আৰু ই শাৰীৰিক বিকাশ আৰু শক্তি নিয়ন্ত্ৰণ কৰে। কফৰ গঠন অতি শক্তিশালী আৰু ই অতি শান্ত বুলি ধৰা হয়। ই বুকু, গা আৰু পিঠিৰ সৈতে জড়িত। কফৰ বিসংগতি হ’লে ডায়েবেটিছ, মেদবহুলতা, গল ব্লাডাৰ, ছাইনাছৰ অসুবিধাৰ দৰে ৰোগত আক্ৰান্ত হয়।

আয়ুৰ্বেদিক চিকিৎসা:

দেহৰ প্ৰকৃতি, দোষ আৰু এই সকলোবোৰৰ মাজত থকা সম্পৰ্কৰ ওপৰত ভিত্তি কৰি আয়ুৰ্বেদিক চিকিত্সা কৰা হয়। আয়ুৰ্বেদিক চিকিত্সা পদ্ধতিৰ এটা মূল উদ্দেশ্য হ’ল শৰীৰত হজম নোহোৱাকৈ থাকি ৰোগৰ সৃষ্টি কৰিব পৰা খাদ্য শৰীৰৰ পৰা বাহিৰ কৰা। এই ব্যৱস্থাক পঞ্চ কৰ্ম বোলা হয়। ৰোগৰ লক্ষণ মষিমূৰ কৰি শৰীৰৰ সুস্থতা ওভতাই আনিবলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়।

পঞ্চ কৰ্ম হ’ল- তেজ বিশুদ্ধিকৰণ, মালিচ, নাকেৰে ঔষধি তেল ঢালি দিয়া, কৃত্ৰিমভাৱে বমি কৰোৱা,জুলাপ বা ৰেচক ব্যৱহাৰ কৰি পাচন তন্ত্ৰ চাফা কৰা।

আন চিকিত্সা পদ্ধতিৰ ভিতৰত- সমন্বয় ৰক্ষা, আধ্যাত্মিক চিকিত্সাৰ উন্নতি, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি, ৰোগৰ লক্ষণ কমোৱা।

এই চিকিত্সা পদ্ধতিয়ে সামৰিব- এৰ’মা থেৰাপী, শ্বাস-প্ৰশ্বাসৰ অনুশীলন, খাদ্যাভ্যাস সলনি, জীৱন শৈলী সলনি, শস্যভিত্তিক তেল আৰু মছলা, বনৌষধি, ভিটামিন, মিনাৰেল আৰু ধাতু, ধ্যান, শৰীৰ সঞ্চালন যোগ।

আয়ুৰ্বেদ হ’ল এনে এবিধ বিজ্ঞান যিয়ে ৰোগ হিচাপে নহয়, ৰোগীগৰাকীৰহে চিকিত্সাৰ ব্যৱস্থা কৰে। ৰোগীগৰাকী শাৰীৰিকভাৱে সম্পূৰ্ণৰূপে সুস্থ কৰিব পৰাকৈ চিকিত্সাৰ ব্যৱস্থা কৰা হয়।

প্ৰকৃতি অবিহনে আৰু মাত্ৰ কেইদশকমানৰ ভিতৰতে মানুহ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব। আয়ুৰ্বেদৰ মতে মানৱ শৰীৰটো ক্ষুদ্ৰ বিশ্বব্ৰহ্মাণ্ড। মানৱ শৰীৰৰ জীৱনৰ ছন্দ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ ছন্দ একেটাই। আয়ুৰ্বেদৰ মতে ৰোগৰ কাৰণ হ’ল শাৰীৰিক অৱয়ৱ, বয়স আৰু পৰিৱেশক অৱজ্ঞা কৰি জধে-মধে খোৱা-বোৱা কৰা বা জীৱন নিৰ্বাহ কৰা।

আয়ুৰ্বেদৰ কেইটামান বৈশিষ্ট্যঃ

ই এবিধ প্ৰাকৃতিকভাৱে আগবঢ়োৱা স্বাস্থ্য সেৱা, আয়ুৰ্বেদৰ দ্বাৰা তৈয়াৰী দ্ৰব্যসমূহ সম্পূৰ্ণভাৱে সুৰক্ষিত, ই প্ৰতিৰোধমূলক ঔষধত বেছি গুৰুত্ব দিয়ে, ই হ’ল দীৰ্ঘদিনীয়া সৃজনীমূলক জীৱনৰ বাবে মন, শৰীৰ আৰু আত্মাৰ সুস্বাস্থ্য অটুট ৰখাৰ এক পদ্ধতি, শৰীৰটো ৰোগবিহীন কৰাৰ বাবে আটাইতকৈ ফলপ্ৰসূ প্ৰাকৃতিক চিকিত্সা, ই গোটেই শৰীৰৰ চিকিত্সা কৰে আৰু ৰোগৰ মূল সমূলি নোহোৱা কৰে, ই এবিধ প্ৰতিৰোধমূলক আৰু নিৰাময়মূলক চিকিত্সা ব্যৱস্থা।

মানুহৰ অন্তঃজগত আৰু বহিঃজগতৰ মন, শৰীৰ আৰু আত্মাৰ মাজত সঠিক পৰিমাণৰ নিয়ন্ত্ৰণ থাকিলে ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। মানৱ শৰীৰৰ নিজকে ৰোগৰ পৰা নিৰাময় কৰিব পৰাকৈ পৰ্যাপ্ত শক্তি মজুত থাকে।

লেখিকাঃ নন্দিতা দাস

উৎস:অসমীয়া খবৰ

3.01176470588
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top