মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / আয়ুৰ্বেদ,ওজ: আৰু স্বাস্থ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আয়ুৰ্বেদ,ওজ: আৰু স্বাস্থ্য

আয়ুৰ্বেদ:পৰিচয় আৰু প্ৰয়োজন

আয়ুৰ্বেদ হৈছে জীৱন যাপনৰ পুৰ্ণাংগ বিধি।ই হৈছে জীৱনৰ বিজ্ঞান।মহৰ্ষি চৰকে ‘চৰক সংহিতাত’ত কৈছে-যিখন শাস্ত্ৰত হিত অয়ু,অহিত আয়ু,সুখ আয়ু,দুখ আয়ু-এই চাৰিপ্ৰকাৰৰ আয়ুৰ বাবে হিত আয়ু (পথ্য),অহিত আয়ু (অপথ্য),আয়ুৰ মান,আয়ুৰ স্বৰুপ বৰ্ণিত হৈছে সেইখন শাস্ত্ৰই হৈছে ‘আয়ুৰ্বেদ’।মানৱ জীৱনক শাৰীৰিক,মানসিক আৰু আধ্যাত্মিক দিশত সমৃদ্ধ কৰাত আয়ুৰ্বেদৰ ভুমিকা অপৰিসীম।আয়ুৰ্বেদৰ বিধি-বিধান যথাবিহিত ৰুপত পালন কৰিলে ব্যক্তি স্বাস্থ্যৱান আৰু প্ৰজ্ঞাৱান হৈ উঠে।

সমস্ত প্ৰাণীৰ কল্যাণৰ হকে অৱতৰণ হোৱা শাশ্বত বিজ্ঞান ‘আয়ুৰ্বেদ’ৰ প্ৰয়োজনীয়তা সম্পৰ্কত মহান গ্ৰন্থ ‘অষ্টাংগ হৃদয়ম’ৰ প্ৰথম অধ্যায়ত কোৱা হৈছে যে আয়ুৰ্বেদৰ উপদেশ (বিধি আৰু নিষেধ)পালন কৰিলে আয়ু লাভ হয় আৰু ইয়াৰ ফলত ধৰ্ম,অৰ্থ,কাম আদি পুৰুষাৰ্থ প্ৰাপ্তি হয়।সুস্বাস্থ্য অবিহনে আমি কেতিয়াও জীৱনত সিদ্ধি লাভ কৰিব নোৱাৰো।সেয়েহে আয়ুৰ্বেদৰ প্ৰয়োজনীয়তা প্ৰশ্নাতীত।আয়ুৰ্বেদ শাস্ত্ৰৰে এটি গুৰুত্বপুৰ্ণ বিষয় হৈছে ওজ:।সুস্বাস্থ্যৰ সৈতে ওজ:ৰ এক ওত:প্ৰোত সম্পৰ্ক আছে।

ওজ: কি?

শৰীৰ ধাৰণ কৰিবলৈ ধাতুৰ প্ৰয়োজন।সপ্ত ধাতুৰে শৰীৰ নিৰ্মিত।এই সপ্ত ধাতু হৈছে-

ৰস(Plasma)

ৰক্ত (Blood)

মাংস(Muscular Tissue)

মেদ (Fat Tissue)

অস্থি (Bone Tissue)

মজ্জা (Bone Marrow)

শুক্ৰ (Ovum in Female and Sperm in male)

ৰসৰ পৰা আৰম্ভ কৰি শুক্ৰ পৰ্যন্ত এই সপ্ত ধাতুৰ উৎকৃষ্ট সাৰ অংশই হৈছে ওজ:।

ওজ:ক বল বুলিও কোৱা হয়।ই শৰীৰৰ সৰ্বত্ৰ বিয়পি থাকে যদিও ইয়াৰ মুখ্য স্থান হ’ল হৃদয়।ওজ: হৈছে স্নিগ্ধ(Unctuous),ঈষৎ ৰঙা (Reddish),ঈষৎ হালধীয়া (Yellowish)আৰু ঈষৎ বগা (Whitish)।

ওজ: ভেদ:

পৰ আৰু অপৰ এই দুই প্ৰকাৰৰ ওজ: আমাৰ শৰীৰত বিদ্যমান।পৰ ওজ: হৈছে প্ৰধান ওজ:।হৃদয়ৰ অৱস্থিত এই ওজ: হৈছে জীৱনৰ আধাৰ।ই সম্পুৰ্ণ ক্ষয় হ’লে জীৱনৰ মৃত্যু হয়।আনহাতে অপৰ ওজ: সৰ্বশৰীৰতে বিয়পি থাকে।ইয়াৰ ক্ষয় হ’লে ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় তথা বলহীন হয় আৰু উৎসাহৰ অভাৱ পৰিলক্ষিত হয়।

ওজ:ৰ কাৰ্য:

যেনেকৈ গাখীৰত ঘিউ সমাহিত হৈ থাকে,ঠিক তেনেকৈ সপ্ত ধাতুৰ সাৰস্বৰুপ ওজ: ধাতুসমুহত সমাহিত হৈ থাকে।ই দেহৰ আভা আৰু শক্তি উৎপন্ন কৰে।

ওজ:ৰ মুখ্য কাৰ্যসমুহ হ’ল-

  • ই শৰীৰক শক্তিশালী,দৃঢ় আৰু দীপ্তিময় কৰি তোলে।
  • মানসিক প্ৰসন্নতা,দৃঢ়নিষ্ঠা,ধৈৰ্যশক্তি,আশাবাদী মনোভাব,আত্মবিশ্বাস,উৎসাহ আদি গুণসমুহৰ উৎস হৈছে ওজ:।
  • ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • ওজ:ৰ ফলত জ্ঞানেন্দ্ৰিয়,কৰ্মেন্দ্ৰিয়,মন তথা বুদ্ধিয়ে নিজৰ কাৰ্য সম্পন্ন কৰিবলৈ শক্তি লাভ কৰে।
  • কণ্ঠস্বৰ আৰু বাণী গভীৰ আৰু সুকোমল কৰে।

আমাৰ শক্তি –সামৰ্থ্যৰ মুল উৎস ওজ: বিভিন্ন কাৰণত ক্ষয় হয়।ওজ: ক্ষয়ৰ ফলত আমাৰ জীৱনৰ ধাৰণ শক্তি ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে।

ওজ: ক্ষয়ৰ কাৰণ:

সুস্বাস্থ্যৰ অধিকাৰী হ’ব খোজাসকলে ওজ: ক্ষয়ৰ কাৰণ,লক্ষণ আৰু প্ৰতিকাৰ সন্দৰ্ভত শুদ্ধ জ্ঞান অৰ্জন কৰিব লাগে।

দৈহিক আৰু মানসিক দুয়োটা কাৰণতে ওজ: ক্ষয় হ’ব পাৰে।দৈহিক কাৰণৰ ভিতৰত হৈছে অধিক পৰিশ্ৰম,অনিদ্ৰা,কম ভোজন,অধিক ৰক্তক্ষৰণ,অধিক শুক্ৰপাত আদি।আনহাতে ওজ: ক্ষয়ৰ মানসিক কাৰণ হৈছে ভয়,শোক,অপমান,দুশ্চিন্তা,ভ্ৰম আদি।

ওজ: ক্ষয়ৰ লক্ষণ:

আয়ুৰ্বেদৰ প্ৰামাণিক গ্ৰন্থ ‘অষ্টাংগ হৃদয়ম’ৰ একাদশ অধ্যায়ত ওজ: ক্ষয়ৰ লক্ষণ সন্দৰ্ভত সুন্দৰ বৰ্ণনা দিয়া হৈছে।উক্ত গ্ৰন্থখনৰ মতে ওজ: ক্ষয়ৰ লক্ষণসমুহ হৈছে-অকাৰণতে ভয় লগা,দুৰ্বল অনুভৱ হোৱা,অত্যন্ত চিন্তিত হোৱা,শৰীৰ নিস্তেজ হৈ যোৱা,উৎসাহ-উদ্দীপনাৰ অভাৱ হোৱা,ইন্দ্ৰিয়সমুহ ক্লান্ত হোৱা ইত্যাদি।

ওজ: ক্ষয়ৰ উপাচাৰ:

ওজ: ক্ষয় হ’লে ওজ: বৰ্ধক আহাৰ বিহাৰ মানি চলা উচিত।ওজ: বৰ্ধক আহাৰ গ্ৰহণত দেহে সঠিক পুষ্টি লাভ কৰাৰ লগতে মন-প্ৰাণো প্ৰফুল্লিত হৈ পৰে।উল্লেখযোগ্য যে ওজ: ক্ষয় হ’লে যেনেকৈ নানা দৈহিক তথা মানসিক বিকাৰৰ উৎপত্তি হয়,কিন্তু ওজ: দেহত অধিক মাত্ৰাত থাকিলেও আমাৰ দেহ আৰু মনত কোনো ধৰণৰ বিকাৰৰ উৎপত্তি নহয়।ওজ: বৃদ্ধিৰ ক্ষেত্ৰত স্বাস্থ্যসন্মত অনুকুল জীৱনশৈলীৰো এক গুৰুত্বপুৰ্ণ ভুমিকা আছে।পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা,ইন্দ্ৰিয় সংযম বজাই ৰখা,ভগৱৎ চিন্তন কৰা,জ্যেষ্ঠজনক সন্মান কৰা-এনেধৰণৰ আদৰ্শ আচাৰ ৰসায়ন বজাই ৰাখি আমি ওজ: ক্ষয় প্ৰতিহত কৰিব পাৰো।এইখিনিতে স্পষ্ট কৰি দিব বিচাৰিছো যে ওজ: ক্ষয়ৰ বাবে হোৱা যিকোনো ধৰণৰ মানসিক বা দৈহিক বিকাৰৰ উপাচাৰৰ বাবে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে যেন।

ওজ: বৰ্ধক খাদ্য:

ঘিউ,খেজুৰ (Phoenix Sylvestris),বাদাম (Prunus Dulcis)

মিঠা আলু (Ipomoea Batatas)

কাজু বাদাম (Anacardium Occidentale)আদি।

আনহাতে কেইবিধমান ওজ:বৰ্ধক বনৌষধি হৈছে-

অশ্বগন্ধা(Withania Somnifera),শতাৱৰী(Asparagus Racemosus),শিলাজীত (Asphaltum),ব্ৰাহ্মী(Bacopa Monnieri)শংখপুষ্পি(Convolvulus Pluricaulis)আদি।

লেখক: ভাৰ্গৱ কলিতা (জিএন আৰচি স্বাস্থ্য)

2.93103448276
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top