মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / আয়ুৰ্বেদত শীতকালীন ৰোগৰ চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আয়ুৰ্বেদত শীতকালীন ৰোগৰ চিকিৎসা

 

ঋতুচৰ্যাৰ অৰ্থ হৈছে ঋতু অনুসৰি আহাৰ-বিহাৰ পালন কৰা

আয়ুৰ্বেদ নিৰ্দেশিত আহাৰ-বিহাৰ মানি চলাটো স্বাস্থ্যসন্মত জীৱনৰ মুল আধাৰ।প্ৰাচীন ভাৰতৰ ঋষি-মুনিসকলে এই ঋতুচৰ্যা মানি চলিছিল আৰু উপলব্ধি কৰিছিল যে ঋতুচক্ৰৰ প্ৰভাৱ পৃথিৱীৰ সমস্ত প্ৰাণীকুলৰ ওপৰত পৰে।হেমকোষৰ মতে ঋতুচৰ্যা মানে হৈছে বিভিন্ন ঋতু অনুসৰি আহাৰ-বিহাৰ পালন কৰা ।ঋতু অনুসৰি আহাৰ-বিহাৰ পালন কৰি বল,বীৰ্য আৰু আয়ু লাভ কৰাই ঋতুচৰ্যাৰ উদ্দেশ্য।

আয়ুৰ্বেদ হৈছে জীৱনৰ বিজ্ঞান।ইয়াৰ মুখ্য উদ্দেশ্য হৈছে আৰোগ্য প্ৰদান।আয়ুৰ্বেদৰ সকলো নিৰ্দেশনাই বিজ্ঞানসন্মত,আৰোগ্যবৰ্ধক আৰু জনকল্যাণকামী।ঋতুচৰ্যাৰ বিষয়টিও ইয়াৰ ব্যতিক্ৰম নহয়।আমাৰ শৰীৰতত্ত্বৰ সৈতে প্ৰকৃতিৰ এক ওতপ্ৰোতভাৱে সম্পৰ্ক আছে।ঋতু পৰিৱৰ্তনৰ সময়ছোৱাত প্ৰকৃতিয়ে ভিন্ন ৰুপ লয়।এই ঋতু পৰিৱৰ্তনৰ বাবে মানৱ দেহত বিভিন্ন বেমাৰে আক্ৰমণ কৰে।সেয়ে প্ৰকৃতি অনুকুলে ঋতু অনুযায়ী খাদ্য,জীৱনশৈলী,আচাৰ ৰসায়ন পালন কৰি এক স্বাস্থ্যৱান জীৱন-যাপনৰ মহান উদ্দেশ্য আগত ৰাখিয়েই আয়ুৰ্বেদ শাস্ত্ৰত ঋতুচৰ্যাৰ বিধান দিয়া হৈছে।শীত ঋতুত পালনীয় আহাৰ-বিহাৰৰ কথা মহান আয়ুৰ্বেদ গ্ৰন্থ ‘অষ্টাংগ হৃদয়ম’ত বিস্তৃতভাৱে দিয়া হৈছে।

শীত ঋতুত পথ্য আহাৰ-টেঙা,নিমখীয়া,ৰসযুক্ত খাদ্য,বেঙেনা,বিলাহী,গাজৰ,সেউজীয়া শাক,আমলখি,কুঁহিয়াৰৰ ৰস,দৈ,ঘি আদি।

শীত ঋতুত পথ্য বিহাৰ-বাস্প স্নান,হালধি বা সৰিয়হৰ তেলেৰে সম্পুৰ্ণ দেহ মাছাজ,বস্তিক্ৰিয়া,ঠাণদা বতাহৰ পৰা আঁতৰি থকা,মুৰত তেল লগোৱা,ব্ৰ্হ্ম মুহুৰ্তত শোৱাপাটী এৰা আদি।

শীত ঋতুত অপথ্য আহাৰ-শুকান বস্তু,আইচক্ৰীম,তেঁতেলি টেঙা,অধিক জ্বলা,তিতা,ঠাণ্ডা অন্ন,অল্পভোজন,বাতবৰ্ধক খাদ্য,লঘু আহাৰ বৰ্জনীয়।

শীত ঋতুত অপথ্য বিহাৰ-পুৱা শোৱাপাটী দেৰিকৈ এৰা,ঠাণ্ডা পৰিৱেশত থকা,দিনত শোৱা,উপবাসে থকা আদি।শীত ঋতুত আমাৰ জঠৰাগ্নি তীব্ৰ হৈ থাকে,সেয়ে এই ঋতুত উপবাস,অল্পভোজন আদি বৰ্জনীয়।

শাৰীৰিক বল আৰু উন্নত পাচন অগ্নিৰ দিশৰ পৰা শীত ঋতু উত্তম আৰু আদৰ্শ ঋতু।কিন্তু শীতৰ প্ৰভাৱত প্ৰকৃতি আৰু মানৱ দেহত নানা পৰিৱৰ্তন ঘটে,এনে পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱে ব্যাধিৰ ৰুপ লয়।শীত কালত হোৱা কিছুমান দৈহিক মানসিক সমস্যা আৰু ইয়াৰ আয়ুৰ্বেদিক উপাচাৰ সন্দৰ্ভত তলত চমুকৈ উল্লেখ কৰা হ’ল-

ছাল শুকান হোৱা:বাত বৰ্ষক পৰিৱেশ আৰু দেহত বাতৰ প্ৰকোপ বৃদ্ধিৰ বাবে শীত ঋতুত আমাৰ চালত শুষ্কতা বৃদ্ধি পায়,অৰ্থাৎ ছাল শুকান হয়।দৈনিক দেহত তেল মৰ্দন (স্নান কৰাৰ প্ৰায় এঘণ্টা আগতে কৰিব লাগে),পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ কুহুমীয়া গৰম পানী পান (এই ঋতুত ঠাণ্ডা পানী খাব নালাগে),দেশী গৰুৰ যি সেৱন,পাদ-অভ্যং,বিলাহী গাজৰৰ চুপ সেৱন আদি আহাৰ-বিহাৰৰ জৰিয়তে শুকান ছালৰ সমস্যা সমাধান কৰিব পাৰোঁ।শীত ঋতুত বাত বৰ্ধক খাদ্য পৰিহাৰ কৰা উচিত।বাতবৰ্ধক খাদ্য সেৱনে আমাৰ ছাল অধিক শুষ্ক কৰি তোলে।এই সুস্থ সবল জীৱন-যাপনৰ বাবে আমাৰ শৰীৰৰ প্ৰকৃতি)Body Constitution) জনাটো নিতান্তই প্ৰয়োজনীয় বিষয়।প্ৰকৃতি পৰীক্ষণৰ জৰিয়তে আমাৰ দেহ বাত,পিত্ত,কফ কোন প্ৰকৃতিৰ আমি জানিব পাৰো।প্ৰকৃতি অনুকুলে আহাৰ-বিহাৰ পালন কৰি আমি বিভিন্ন মানসিক দৈহিক বিকাৰৰ পৰা বাচি থাকিব পাৰোঁ।

পাঠকৰ সুবিধাৰ বাবে বাতবৰ্ধক আৰু বাতসন্তুলিত কেইবিধমান খাদ্যৰ উদাহৰণ দিয়া হ’ল-

বাত সন্তুলিত খাদ্য (Vata Balancing Food): ঘেহুঁ,ঘি,অন্ন,আদা,গুড়,জলফাই,বীট,গাজৰ,সুমথিৰা,দীঘলীয়া ভেণ্ডি,মুলা,মিঠা আলু,নাৰিকল,আম,তৰমুজ।

বাত বৰ্দ্ধক খাদ্য (Vata Aggravating Food):ময়দা,চেনী,বন্ধাকবি,ফুলকবি,কাঠফুলা,ডালিম,জাংক ফুড,কৃত্ৰিমভাৱে প্ৰস্তুত মাখন,ব্ৰ’কলী,শীতল পানীয়,কফি,কেঁচা কল,লেচু,মধুৰি আম।

ভিটামিন ‘ডি’ৰ অভাৱজনিত সমস্যা:ভিটামিন ‘ডি’ৰ মুখ্য উৎস হৈছে সুৰ্যৰ পোহৰ।ঠাণ্ডাৰ দিনত দিন চুটি হয় বাবে সুৰ্যৰ কিৰণ বেছি সময়লৈ নথকা,কুঁৱলীয়ে আৱৰি থকা বাবে ঘৰত সোমাই থকাৰ প্ৰৱণতা আদি বিভিন্ন কাৰণত শীত ঋতুত ভিটামিন ‘ডি’ৰ অভাৱজনিত সমস্যা বেছি হোৱা দেখা যায়।ভিটামিন ‘ডি’ৰ অভাৱৰ বাবে হাড়ৰ দুৰ্বলতা,কঁকালৰ বিষ,ৰোগ প্ৰতিৰোধ ক্ষমতাৰ হ্ৰাস আদি নানা বিকাৰে দেখা দিয়ে।ভিটামিন ‘ডি’ৰ অভাৱ ৰোধ কৰি এক সুস্থ জীৱন যাপনৰ বাবে নিয়মিত সুৰ্য স্নান (পুৱা ৯ বজাৰ আগতে ২০-৩০ মিনিট),দৈনিক সুৰ্য নমস্কাৰৰ অভ্যাস,দুগ্ধজাত সামগ্ৰী সেৱন আদি আহাৰ-বিহাৰ পালন কৰা উচিত।

কাহ-চৰ্দি:শীতৰ আগমনত বহুসংখ্যক ব্যক্তিয়ে কাহ-চৰ্দিত ভোগে।আদাৰ ৰস আৰু মৌ মিশ্ৰিত হাৰ্বেল টী(Herbal Tea) কাহ-চৰ্দি প্ৰতিৰোধৰ বাবে খুবেই উপযোগী।শ্লেষ্মাযুক্ত কাহ দুৰ কৰিবলৈ ঔষধি গুণযুক্ত ধুমপান(Herbal Smoking) খুবেই প্ৰভাৱশালী।কিন্তু শুকান কাহত ধুমপান কৰিব নালাগে।নিয়মিত আসন-প্ৰাণায়াম কৰিও শ্বাসতন্ত্ৰৰ বিভিন্ন বিকাৰ তথা দৈহিক-মানসিক বিভিন্ন সমস্যাৰ পৰা আঁতৰি থাকিব পাৰোঁ।

শীতকালীন বিষণ্ণতা:আয়ুৰ্বেদ অনুসৰি বাতপ্ৰধান ব্যক্তিসকলে সাধাৰণতে শীতকালীন বিষণ্ণতাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে সহস্ৰাধিক ব্যক্তিয়ে আত্মহত্যা কৰে।

শীতকালীন বিষণ্ণতাৰ কাৰণ:শীতকালীন বিষণ্ণতাৰ বিভিন্ন কাৰণ আছে।শীতকালত সুৰ্যৰ কিৰণ কম হোৱা বাবে মগজুত হোৱা জৈৱ ৰাসায়নিক দ্ৰব্যৰ অসন্তুলন,দেহত বাত দোষৰ আধিক্য হোৱা আদি কাৰণৰ বাবে শীতকালীন বিষণ্ণতা হোৱা দেখা যায়।

শীতকালীন বিষণ্ণতাৰ লক্ষণ:প্ৰধানত: ২০-৩০ বয়সৰ ব্যক্তি এই ৰোগত বেছিকৈ আক্ৰান্ত হয়।এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে জীৱন যাপনৰ উৎসাহ-উদ্দীপনা হেৰুৱাই পেলায়।শীতকালীন বিষণ্ণতাৰ লক্ষণ হৈছে-

*অকলশৰীয়া অনুভৱ হৈ থকা আৰু অনবৰত নিৰাশাজনক কথা মনলৈ অহা

*বেছিকৈ শুই থাকিবলৈ মন যোৱা

*সঘনাই ভাবৰ পৰিৱৰ্তন

*সামাজিক কামৰ প্ৰতি অনীহা

*নিজকে অকৰ্মণ্য,অপদাৰ্থ বুলি ভবা

*মানসিক অস্থিৰতা বৃদ্ধি

*মিঠা বস্তু খাবলৈ তীব্ৰ ইচ্ছা ইত্যাদি।

উপচাৰ:

আয়ুৰ্বেদ আৰু যোগ জীৱনশৈলী পালন কৰি আমি শীতকালীন বিষণ্ণতা দুৰ কৰিব পাৰোঁ।অভ্যংগ (আয়ুবেৰ্দিক বডী মাছাজ),নিয়মিত সুৰ্য নমস্কাৰ,দৈনিক অনুলোম-বিলোম প্ৰাণায়ামৰ অভ্যাস,শিৰোধাৰা,লঘু সংগীত শ্ৰৱণ আদি অভ্যাসৰ দ্বাৰা আমি শীতকালীন বিষণ্ণতাক দুৰ কৰিব পাৰোঁ।তুলসী, অশ্বগন্ধা,ব্ৰাহ্মী আদি বনৌষধি বিষণ্ণতা ৰোধৰ বাবে খুবেই উপকাৰী।

ডিহাইড্ৰেচন:

সৰল অৰ্থত মানুহৰ শৰীৰত পানীৰ মাত্ৰা কম হোৱা অৱস্থাটোক ডিহাইড্ৰেচন বুলি কোৱা হয়।গৰমৰ দিনৰ তুলনাত কমকৈ তৃষ্ণা অনুভৱ হোৱা বাবে পানী কমকৈ পান কৰা,অত্যধিক শাৰীৰিক ব্যায়াম, আহাৰৰ বিসংগতি আদি বিভিন্ন কাৰণত শীত ঋতুতো ডিহাইড্ৰেচনৰ দৰে সমস্যা হোৱা দেখা যায়।অৱশ্যে গৰমৰ দিনত ইয়াৰ আশংকা বেছি।প্ৰচুৰ পৰিমাণে পানী খোৱা,ৰসাল ফল-মুল খোৱা,বিলাহী-গাজৰৰ ছুপ খোৱা আদিৰ জৰিয়তে আমি ডিহাইড্ৰেচন প্ৰতিৰোধ কৰিব পাৰোঁ।শীত ঋতুত কুহুমীয়া গৰম পানী খোৱা উচিত।কিন্তু শীতল পানীয়,বীয়েৰ এইবিলাক বৰ্জনীয়।আয়ুৰ্বেদত Prevention is better than cure এই বাক্যটিত যথেষ্ট গুৰুত্ব দিয়া হয়।গতিকে,আমি বেমাৰ-ব্যাধিৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আগতে আয়ুৰ্বেদ নিৰ্দেশিত আহাৰ-বিহাৰ পালন কৰি এক স্বাস্থ্যসন্মত জীৱন যাপন কৰা উচিত।আয়ুৰ্বেদ নিৰ্দেশিত আহাৰ-বিহাৰ তথা প্ৰকৃতি অনুকুল জীৱনশৈলীৰ প্ৰতি পাঠকক অনুপ্ৰাণিত কৰিবৰ বাবে এই প্ৰবন্ধটি লিখা হৈছে।সঘন আৰু গুৰুতৰ দৈহিক-মানসিক সমস্যাৰ ক্ষেত্ৰত অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে যেন।

লেখক:ভাৰ্গৱ কলিতা( দেওবৰীয়া সুকন্যা)

 

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top