মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / আয়ুৰ্বেদত শৰৎ ঋতুচৰ্যা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আয়ুৰ্বেদত শৰৎ ঋতুচৰ্যা :

আয়ুৰ্বেদত শৰৎ ঋতুচৰ্যাৰ বিষয়ে লিখা হৈছে ।

এতিয়া শৰৎ কাল চলি আছে। এই সময়ত মানুহৰ বিভিন্ন ধৰণৰ ৰোগ যেনে জ্বৰ, কাঁহ, চৰ্দি, পেটৰ বিভিন্ন অসুখ, চৰ্মৰোগ আদি বিভিন্ন ৰোগ হয়। হস্পিতালতো আমি দেখিছো যে এনেকুৱা ৰোগীৰ সংখ্যাই সৰহ। কিন্তু একে সময়তে মানুহবোৰৰ একে ধৰণৰ ৰোগ কিয় হয়? জানিবলৈ মন নাযায়নে?  আহকচোন আজি এই বিষয়ে আমি কিছু কথা জানি লওঁ:-

আমি আটায়ে জানো যে বছৰত ছয়টা ঋতু থাকে। প্ৰতিটো ঋতুৰেই লক্ষণ বেলেগ বেলেগ।
প্ৰতিটো ঋতুয়েই আমাৰ শৰীৰত বেলেগ বেলেগ প্ৰভাৱ পেলায়।কোনটো ঋতুত কি খাব লাগে আৰু কি খাব নালাগে, কেনেকুৱা জীৱনশৈলী অনুসৰণ কৰিব লাগে এই বিষয়ে আয়ুৰ্বেদত অতি সুন্দৰ আৰু বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। প্ৰতিটো ঋতুত কি দোষ শৰীৰত বাঢ়ে, কি ৰোগ উৎপন্ন হব পাৰে, সেইবোৰৰ বিষয়েও বিশদ বিৱৰণ আয়ুৰ্বেদত দিয়া হৈছে। ইয়াকে ঋতুচৰ্যা বুলি কোৱা হয় ।যিহেতু এতিয়া শৰৎ ঋতু চলি আছে গতিকে আমি অতি চমুকৈ শৰৎ ঋতুচৰ্যাৰ বিষয়ে আলোচনা কৰিম।আহিন আৰু কাতি মাহ অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ মাজ ভাগৰ পৰা নৱেম্বৰ মাহৰ মাজ ভাগলৈ এই সময়ছোৱা শৰৎ ঋতু বুলি কোৱা হয়।

বৰ্ষা কালত আমাৰ শৰীৰত সঞ্চিত হৈ থকা পিত্ত দোষ শৰৎ কালত প্ৰকোপিত হয়। বাৰিষা পাৰ হোৱাৰ পিছত শৰীৰে যেতিয়া সূৰ্য্যৰ পোহৰ আৰু তাপ সহ্য কৰিব লগা হয় তেতিয়া আমাৰ শৰীৰৰ পিত্ত দোষ প্ৰকোপিত হৈ অজীৰ্ণ, অম্লপিত্ত, চৰ্মৰোগ, প্ৰসাৱ জ্বলা পোৰা কৰা আদি বিভিন্ন ৰোগে দেখা দিয়ে। খোৱা বোৱাত অলপ সাৱধানতা অৱলম্বন কৰিলে আমি এই ঋতু সম্বন্ধীয় ৰোগবোৰৰ পৰা হাত সাৰি থাকিব পাৰো। কিন্তু আমি সেইবোৰ নাজানো, বা সময় আৰু সুবিধাৰ অভাৱত মানিব নোৱাৰো।

তলত কিছুমান আহাৰ আৰু বিহাৰ(diet and regimen) সম্পৰ্কে সংক্ষেপে উল্লেখ কৰা হ'ল যিয়ে আমাক শৰৎ কালত সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে -

১)আহাৰ (Diet) :-  এই সময়ত ঘী খাব লাগে। ঘীয়ে পিত্ত প্ৰশমিত কৰে আৰু অগ্নি বৰ্ধন কৰে। ফলত অজীৰ্ণতা দূৰ হয়।

*এই ঋতুত পিত্ত প্ৰকোপিত হৈ থাকে আৰু অগ্নি দুৰ্বল হৈ থাকে। ফলত ভোক কমকৈ লাগে। গতিকে এই সময়ত শীত বীৰ্য্য দ্ৰব্য, সহজে হজম হোৱা খাদ্য আৰু মিঠা খাদ্য সেৱন কৰিব লাগে।

* শৰৎ ঋতুত বেছি টেঙা খাদ্য, মছলাযুক্ত খাদ্য, আৰু তেলযুক্ত খাদ্য বৰ্জন কৰিব লাগে।

*এই ঋতুত গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্য গ্ৰহণ কৰিব লাগে, কিন্তু দৈ খাব নালাগে।

* এই সময়ত পিত্ত প্ৰকোপিত হৈ থাকে। সেইবাবে চাহ, কফি আদি যিমান পাৰি কমকৈ সেৱন কৰিব লাগে।

*এই ঋতুত চাউল, গেহু আদিৰে তৈয়াৰী খাদ্য, মগু দাইল, মচুৰ দাইল আদি উপকাৰী। শাক পাচলিৰ ভিতৰত কোমোৰা, তিতাকেৰেলা, পটল, পানীলাও, গাজৰ আদি , মচলাৰ ভিতৰত জিৰা, ধনীয়া, ইলাচী, হালধিগুৰি আদি আৰু ফলৰ ভিতৰত ডালিম, মৌচুমী, নাৰিকল, পকা অমিতা আদি উপকাৰী।

২)বিহাৰ বা জীৱনশৈলী(Regimen):-

*শৰৎ কালত অভ্যঙ্গ অৰ্থাৎ শৰীৰৰ মালিচ কৰিব লাগে। মালিচৰ বাবে চন্দন তেল, নাৰিকল তেল উত্তম।

* এই ঋতুত খং, ৰাগ আদি যিমান পাৰি পৰিহাৰ কৰিব লাগে। লগতে পাৰ্যমানে মানসিক চাপমুক্ত হৈ থাকিব লাগে।

*এই সময়ত টোপনি ক্ষতি কৰিব নালাগে।

* আয়ুৰ্বেদত শৰৎ ঋতুত মুকুতাৰ অলংকাৰ ধাৰণ কৰিব লাগে বুলি কৈছে, কাৰণ মুকুতাৰ শৰীৰ শীতলকাৰী প্ৰভাৱ আছে। কিন্তু বৰ্তমান সময়ত এয়া অৱশ্যে সকলোৰে বাবে সম্ভৱ নহয়।

*যিমান পাৰি ৰ'দত কমকৈ ওলাব লাগে। কাৰণ ইয়াৰ ফলত পিত্ত বেছিকৈ বাঢ়িব পাৰে।

*এই ঋতুত শীতলী আৰু শীতকাৰী প্ৰণায়াম কৰিলে যথেষ্ঠ সুফল পোৱা যায়।

শৰৎ কালত পঞ্চকৰ্ম -

পঞ্চকৰ্ম হৈছে আয়ুৰ্বেদত উল্লেখিত পাঁচবিধ চিকিৎসা। সেইকেইবিধ হৈছে - বমন, বিৰেচন, আস্থাপন, অনুবাসন আৰু নস্য। ইয়াৰ দ্বাৰা শৰীৰত প্ৰকোপিত দোষ বা অলাগতিয়াল বিষাক্ত দ্ৰব্য সমূহ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া হয়। ফলত শৰীৰৰ দোষবোৰ সন্তুলিত অৱস্থাত থাকে আৰু শৰীৰ স্বাস্থ্যৱান হৈ থাকে। শৰৎ ঋতুত এই পঞ্চকৰ্ম চিকিৎসা অতি উপকাৰী।

লেখিকা :- ডা: বন্দনা শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.125
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top