অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চ ৰক্তচাপ ৰোগ নিৰাময়ত যোগ চিকিৎসা

উচ্চ ৰক্তচাপ ৰোগ নিৰাময়ত যোগ চিকিৎসা

বৰ্তমান আধুনিক চিকিৎসা বিজ্ঞানে মানুহৰ দেহত হোৱা বিভিন্ন ৰোগ নিৰাময়ৰ যথাযথ চিকিৎসা আৱিষ্কাৰ কৰিছে। ঔষধ আৰু অস্ত্ৰোপচাৰৰ যোগেদি চিকিৎসা প্ৰদান কৰিছে যদিও অকল ঔষধি আৰু অস্ত্ৰোপচাৰৰ চিকিৎসাই ফলপ্ৰসু নহয়। তাৰ লগে লগে ভৰতীয় সমাজত পুৰণি কালৰে পৰা প্ৰচলিত যোগ চিকিৎসা পদ্ধতিৰেও ৰোগ নিৰাময় কৰিব পাৰে বুলি বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে। কোনো ঔষধ প্ৰয়োগ নকৰাকৈয়ে এই যোগ চিকিৎসা পদ্ধতি অৱলম্বন কৰি ৰোগ নিৰাময় কৰিব পাৰি বুলি আজি সমগ্ৰ বিশ্বই বিশ্বাস কৰিবলৈ লৈছে। এই যোগ চিকিৎসা বৰ্তমান আধুনিক চিকিৎসাৰ এটা অংগ হিচাপে পৰিচিত হৈছে।

উচ্চৰক্তচাপ বৃদ্ধি ৰোগটো বৰ্তমান সমাজত সকলোৰে পৰিচিত ৰোগ। ৰক্তচাপ ৰোগ নোহোৱা ব্যক্তি সমাজত খুব কমেইহে দেখিবল্পো পোৱা যায়। উচ্চৰক্তচাপ ৰোগত স্বাভাৱিক ভাৱে ৰোগীৰ সমগ্ৰ শৰীৰলৈ ৰক্ত প্ৰবাহিত হব নোৱাৰে। সেয়ে হৃদযন্ত্ৰ অতি ক্ৰিয়াশীল হৈ উঠে আৰু শৰীৰৰ ধমনী আৰু সিৰাত তেজৰ চাপ বেছিকৈ পৰে। তাকে আমি ৰক্তচাপ বৃদ্ধি হোৱা ৰোগ বুলি কওঁ। ভালদৰে টোপনি নহা, মূৰ ঘুৰোৱা, খিজ কাঢ়িলে মূৰটো ইফালে সিফালে হালি যোৱা, শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱা আদিয়েই এই ৰোগৰ প্ৰধান লক্ষণ। ৰক্তচাপ ৰোগত সতৰ্ক হৈ নচলিলে ৰোগী হঠাৎ মৃত্যু মুখতো পৰিব পাৰে। ভালদৰে চিকিৎসা নকৰিলে গোটেই জীৱন ভূগি থাকিব লগাত পৰে। স্বাস্থ্য সম্বন্ধে অজ্ঞতাবশতঃ আৰু খাদ্য সম্বন্ধে অসচেতনতাৰ বাবে প্ৰতিদিনে অধিক পৰিমাণে প্ৰোটিন আৰু চৰ্বি জাতীয় খাদ্য গ্ৰহণ কৰাৰ ফলত দেহাৰ ভিতৰত অধিক অম্লবিষ সঞ্চিত হয়। সেই অতিৰিক্ত অম্লবিষ দেহৰ পৰা বাহিৰ কৰিবলৈ যকৃত আৰু পাচক ৰস উৎপাদক যন্ত্ৰ বিলাকে অধিক শ্ৰম কৰিব লগা হয়। যেতিয়া যকৃত আৰু পাচক ৰস উৎপাদক যন্ত্ৰ বিলাক ব্যৰ্থ হয় তেতিয়া অম্লবিষ দেহতে পচি গৈ ৰক্ত দূষিত কৰে। এই দূষিত ৰক্তৰ বিষৰ পৰিণতিত ধমনী সিৰাবোৰৰ নমনীয়তা কমি যায়, ফলত ধমনী সিৰাৰ মাজেৰে ৰক্ত স্বাভাৱিক ভাৱে চলাচল কৰিব নোৱাৰে। ফলত হৃদযন্ত্ৰই অধিক চাপ প্ৰয়োগ কৰি ফলত শৰীৰৰ বিভিন্ন অংগলৈ তেজৰ সঞ্চালন কৰিব লগা হয়। ফলত উচ্চ ৰক্তচাপ ৰোগ সৃষ্টি হয়। যি সকলে পৰিশ্ৰম নকৰে অথচ দৈনিক অধিক চৰ্বি জাতীয় খাদ্য খায়, তেওঁলোকৰ দেহত অতিৰিক্ত চৰ্বি জমা হৈ স্থূলকায় আকৃতিৰ হয়। ফলত ধমনী আৰু ৰক্তবাহী সিৰা বিলাকতো মেদ জমা হৈ ৰক্ত চলাচলত বাধা জন্মায়। তেজ স্বাভাৱিক ভাৱে চলাচল কৰিব নোৱাৰা হয়। অতি ক্ৰোধাম্বিত ব্যক্তি আৰু মানসিক দুচিন্তাত ভোগা সকলেও উচ্চ ৰক্তচাপ ৰোগত ভোগা দেখা যায়। আনপিনে ৰক্ত শোধনকাৰী যন্ত্ৰ বিলাকে যদি সুস্থ ৰক্ত যোগান ধৰিব নোৱাৰে সুস্থ ৰক্তৰ অভাৱত দেহ দুৰ্বল হৈ নিম্ন ৰক্তচাপ ৰোগ উৎপন্ন হয়।

উচ্চ আৰু নিম্ন ৰক্তচাপ ৰোগ যোগ অভ্যাসৰ যোগেদি নিৰাময় কৰিব পাৰি। নিয়মীয়া যোগাভ্যাসে ৰক্তচাপ স্বাভাৱিক অৱস্থাত চিৰদিনলৈ ৰাখিব পাৰে।

যোগ চিকিৎসা প্ৰণালী

ৰাতিপুৱা শুই উঠি ২/৩ গিলাচ বিশুদ্ধ পানী খাই খালী ভৰিৰে ভ্ৰমণ প্ৰাণায়ম কৰিব কমো আঘা ঘণ্টা। ভ্ৰমণ প্ৰাণায়ম সমাপ্ত কৰি অলপ জিৰণি লৈ পবন মুক্তাসন ৬ বাৰ, সহজ প্ৰাণায়ম ১ নং, নাড়ীশুদ্ধি প্ৰাণায়ম, সহজ অগ্নিশাৰ ধৌতি-২০ বাৰ, ধ্যান-৫ মিনিট, সন্ধিয়া ভ্ৰমণ প্ৰাণায়ম-১৫/২০ মিনিট, ঘূৰি আহি সহজ প্ৰাণায়ম-১ নং, নাড়িশুদ্ধি প্ৰাণায়ম, সহজ অগ্নিশাৰ ধৌতি-২০ বাৰ, শৱাসন- ১৫ মিনিট কৰিব।

নিয়ম পথ্য

উচ্চৰক্তচাপ ৰোগীয়ে নিয়ম আৰু পথ্যত অধিক গুৰুত্ব দিব লাগে। ৰক্তচাপ বৃদ্ধি হোৱা ৰোগীয়ে অতি উত্তেজক খাদ্য পৰিহাৰ কৰাৰ লগতে ক্ৰোধ আদিৰ পৰা আঁতৰি থাকিব লাগে। আনন্দদায়ক কামত নিজকে ব্যস্ত ৰাখিব লাগে। এই ৰোগত শাক-পাচলি, ফল-মূল আদি শৰ্কৰা জাতীয় খাদ্য খাব লাগেকেঁচা নিমখ কমকৈ খাব। পাৰিলে সপ্তাহত এদিন উপবাস দিব। উপবাসে ৰক্তচাপ কমাই আনে। উপবাসৰ সময়ত বিশুদ্ধ পানী, ৰসাল ফল, নেমুৰ ৰস খাব পাৰি।

লেখক: শ্ৰী বসন্ত মজুমদাৰ, যোগ চিকিৎসক ও প্ৰশিক্ষক, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate