মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / এণ্টিবায়টিক আৰু আয়ুৰ্বেদ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এণ্টিবায়টিক আৰু আয়ুৰ্বেদ :

এণ্টিবায়টিক আৰু আয়ুৰ্বেদৰ বিষয়ে লিখা হৈছে ।



দৈনন্দিন জীৱনত আধুনিক এলোপেথিক ঔষধৰ প্ৰয়োগৰ ফলত হোৱা ভয়ানক পাৰ্শ্চক্ৰিয়াৰ সন্মুখীন হৈ বহুতো লোক এতিয়া আয়ুৰ্বেদীক ঔষধ গ্ৰহণ কৰিবলৈ তৎপৰ হোৱা দেখা গৈছে। নিৰ্বিচাৰে আগ-পাছ নুগুনি ব্যৱহাৰ কৰা এনে এলোপেথিক ঔষধৰ পৰা হোৱা বিপদ লাহে লাহে মানুহৰ বোধগম্য হব ধৰিছে। আমাৰ মাজত থকা বহুতো লোকে বুজি উঠিছে যে আধুনিক চিকিৎসা বিজ্ঞানত ব্যবহৃত ঔষধ যেনে- এণ্টিবায়টিকচ সমূহ দুইফালে ধাৰ থকা তৰোৱালৰ নিচিনা। এই এণ্টিবায়টিকচ সমূহে বেমাৰ উপশম কৰে যদিও ইয়াৰ পৰা বহুতো অনাকাংক্ষিত ভয়ানক পাৰ্শ্চক্ৰিয়া উৎপন্ন হয়।
আয়ুৰ্বেদীক চিকিৎসা পদ্ধতিৰ বিশেষত্ব হ'ল পাৰ্শ্চক্ৰিয়া হীন ভাবে ৰোগৰ স্হায়ী সমাধান।
আজিৰ দিনৰ সমূহীয়া প্ৰশ্নটো হ'ল আয়ুৰ্বেদীক চিকিৎসা পদ্ধতিত কিবা এণ্টিবায়টিক আছে নেকি যাৰ দ্বাৰা সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যায়?
এইটো স্বাভাৱিক যে প্ৰায় ৫০০০ বছৰ পুৰণি আয়ুৰ্বেদীক চিকিৎসা পদ্ধতিত এণ্টিবায়টিক নামৰ কোনো শব্দৰ উল্লেখ নাই। কিন্তু সঠিকভাৱে এই বিষয়ত মনোনিবেশ কৰিলে দেখা যায় যে অণুজীৱৰ পৰা উৎপন্ন হোৱা বিভিন্ন বেমাৰৰ উল্লেখ আয়ুৰ্বেদত পোৱা যায় আৰু আমাৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ এই অণুজীৱসমূহক ধ্বংস কৰাটো অতিকৈ প্ৰয়োজনীয়। আয়ুৰ্বেদীক চিকিৎসা তথা বিভিন্ন ঔষধীবোৰে এই অণুজীৱসমূহক ধ্বংস কৰাই নহয় শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাতো সহায় কৰে যাতে এই অণুজীৱবোৰৰ পৰা ভৱিষ্যতে পুনৰ ৰোগ সৃষ্টি হোৱাত বাধা আহে। এই ঔষধী সমূহক আয়ুৰ্বেদত '' ৰসায়ন '' বুলি কোৱা হয়।
আচাৰ্য্য শুশ্ৰূতে যাক শল্য চিকিৎসাৰ পিতৃ বুলি কোৱা হয় শল্য চিকিৎসাৰ বিভিন্ন পদ্ধতিৰ লগতে এই শল্য প্ৰক্ৰিয়াত উৎপন্ন ক্ষত স্হান বিলাকত হব পৰা সংক্ৰমণ ৰোধ কৰাৰ বাবে বিভিন্ন উপায়ৰ বৰ্ণনা নিজৰ গ্ৰন্থ শুশ্ৰূত সংহিতাত উল্লেখ কৰিছে। লগতে এই ক্ষতস্হান বোৰত মেৰিয়াই দিয়াৰ বাবে বিভিন্ন বন্ধনি বা ড্ৰেছিং (dressing) ৰ বৰ্ণনা ইয়াত আছে। এই ক্ষতস্হান বোৰত ব্যৱহাৰ কৰাৰ বাবে তিলৰ লেপন, মৌ, গো-ঘৃত, বহুতো বনৌষধি গছৰ বাকলি ইত্যাদিৰ বৰ্ণনা ইয়াত পোৱা যায়। ইয়াৰ উপৰিও ক্ষতস্হানত বিভিন্ন ঔষধী গছ যেনে- বছ (Vacha), কুষ্ঠ, নিম ইত্যাদি গছৰ ধোঁৱাৰে বীজাণুমুক্ত কৰাৰ পৰামৰ্শ ইয়াত উল্লেখ আছে। লগতে সূৰ্য্য উদয় আৰু সূৰ্য্যাস্তৰ সময়ত সূৰ্য্যৰ কিৰণৰ বীজাণুনাশক প্ৰভাৱৰ বিষয়েও ইয়াত উল্লেখ আছে।
গতিকে দেখা গ'ল যে আজিৰ এণ্টিবায়টিকৰ নিচিনা ধাৰণা সেই সময়চোৱাত আয়ুৰ্বেদতো আছিল। আনহাতে এই ঔষধবোৰৰ বিপৰীতে বীজাণুবোৰৰ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠাৰ সম্ভাৱনাও নাই যেনেদৰে এলোপেথিক এণ্টিবায়টিক বিলাকৰ বিপৰীতে ৰোগৰ বীজাণুয়ে প্ৰতিৰোধ ক্ষমতা (resistance) গঢ়ি তোলে। দেখা গৈছে যে গৱেষক সকলে যোৱা ২০১০ চনৰ পৰা মাত্ৰ এবিধহে নতুন এণ্টিবায়টিক আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। আনহাতে যধে মধে ব্যৱহাৰ কৰা এণ্টিবায়টিক ঔষধৰ ফলস্ৰুতিত পুৰণি বেছিভাগ এণ্টিবায়টিকচ বিলাকৰ বিৰুদ্ধে বীজাণু বিলাকে প্ৰতিৰোধ ক্ষমতা (resistance) গঢ়ি তুলিছে। ফলত সৰুৰ পৰা ভয়ানক সংক্ৰমণত এই ঔষধবোৰ ব্যৱহাৰ কৰিলেও কাম নকৰা হৈছে। যাৰ বাবে বহুতো লোকে মৃত্যুকো আকোঁৱালি লব লগা হৈছে। দিন যিমানেই গৈ আছে পৰিস্থিতি সিমানেই ভয়ানকৰ ফালে গৈ আছে। এনে পৰিস্থিতিত বিকল্প হিচাপে আয়ুৰ্বেদীক কিছুমান ঔষধীৰ প্ৰয়োগৰ চিন্তা চৰ্চা আৰম্ভ হৈছে। কেইদিনমান আগতে '' জাগৰণ '' নামৰ হিন্দী বাতৰি কাককত পোৱা এটি খবৰ হোৱাটচ্এপৰ জড়িয়তে মোৰ বন্ধু এজনে শ্বেয়াৰ কৰিছিল। খবৰটো আছিল এনে ধৰণৰ উত্তৰ প্ৰদেশৰ মিৰাটৰ অৰ্থপেডিক চাৰ্জন ডা: সঞ্জয় জৈনে তেখেতে কৰা অস্ত্ৰোপচাৰৰ বহুকেইজন ৰোগীক এণ্টিবায়টিকৰ ঠাইত কিছুমান আয়ুৰ্বেদীক ঔষধ যেনে- পঞ্চতিক্ত ঘৃত গুগ্গুল, ত্ৰিফলা, হালধীৰ তেল, গুলঞ্চ আৰু আৰোগ্য বৰ্ধিনী বটী এই ঔষধবোৰৰ প্ৰয়োগ কৰি আহিছে আৰু এইক্ষেত্ৰত তেখেত সফলো হৈছে । ডা: জৈনৰ এই সফলতাই এণ্টিবায়টিকচৰ বিকল্প হিচাপে আয়ুৰ্বেদীক ৰসায়ন ঔষধীসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰিব পৰা যায়।
তলত বেমাৰ অনুযায়ী কিছুমান আয়ুৰ্বেদীক বনৌষধি আৰু যৌগিক ঔষধিৰ উদাহৰণ দিয়া হ'ল -
১) আয়ুৰ্বেদত সোণক (gold) এবিধ উত্তম বীজাণু প্ৰতিৰোধক হিচাপে মান্যতা দিয়া হয়। বহুতো আয়ুৰ্বেদীক ঔষধীত সোণ ব্যৱহাৰ কৰা হয়। আনকি সুবৰ্ণ ভস্মক যক্ষ্মা ৰোগতো সফলতাপূৰ্বক প্ৰয়োগ কৰিব পৰা যায়।
২) মহাসুদৰ্শন ক্বাথ বা চূৰ্ণক মেলেৰিয়া ৰোগ অন্য যিকোনো জ্বৰত কোনো পাৰ্শ্চক্ৰিয়া অবিহনে ব্যৱহাৰ কৰিব পৰা যায়। আনহাতে টাইফয়ড বেমাৰত গিলোই বা গুলঞ্চৰ পৰা বনোৱা অম্ৰিতাৰিষ্ট বা গিলোই ঘন বটী ব্যৱহাৰ কৰা হয়।
৩) পঞ্চবল্কল চূৰ্ণৰ লেপ অস্ত্ৰোপচাৰৰ পিছত হোৱা ক্ষতস্হানৰ বীজাণু প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা হয়।
৪) ত্ৰিফলা গুগ্গুলকো যিকোনো অস্ত্ৰোপচাৰৰ পিছত হোৱা ক্ষতস্হান শুকোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।
৫)ইয়াৰ উপৰিও তলত দিয়া বনৌষধি সমূহ সংক্ৰমণ নিয়ন্ত্ৰণত ব্যৱহাৰ কৰা হয়। যেনে- মঞ্জিস্তা , কুটকী, নিম, আদা, হৰিতকী, মৌ, পিঁয়াজ, তুলসী, হৰিদ্ৰা, দাৰু হৰিদ্ৰা ইত্যাদি।
৬) গন্ধক ৰসায়নক চৰ্মৰ বিভিন্ন সংক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱহাৰ কৰা হয়।
৭) কুটজ নামৰ বনৌষধি বিধ বিভিন্ন প্ৰকাৰৰ ডিচেন্টেৰি বা ডায়েৰিয়া নিয়ন্ত্ৰণত ব্যৱহাৰ কৰা হয়।
৮) চন্দ্ৰপ্ৰভা, চোপচিনি, বংগ ভস্ম ইত্যাদি ঔষধ বিভিন্ন ধৰণৰ পেচাবৰ সংক্ৰমণ লগতে মহিলাৰ বিভিন্ন সংক্ৰমণ জনিত প্ৰদৰৰোগত সফলতাপূৰ্বক ব্যৱহাৰ কৰিব পাৰি।
৯) নিম গছৰ বাকলিৰো বেক্টেৰিয়া আৰু ভেঁকুৰ নাশক গুণ থকা বুলি কোৱা হয়। ।নিম তেল শৰীৰত লগালে জন্তুৰ পৰা মানুহৰ শৰীৰত সংক্ৰমিত হোৱা লেপ্টস্পাইৰচিচ্ নামৰ ভয়ানক সংক্ৰমণ বিধ প্ৰতিহত কৰিব পাৰি বুলি গৱেষণাত প্ৰকাশ পাইছে।
১০) নহৰু এবিধ প্ৰচলিত ঔষধি যাক সামান্য চৰ্দী জ্বৰৰ পৰা আৰম্ভ কৰি বিভিন্ন বেমাৰ উপশম কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত পোৱা এলিচিন নামৰ ৰাসায়নিক তত্ব বিধে বেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী হিচাপে কাম কৰে।
এনেকুৱা অলেখ উদাহৰণ পোৱা যায়।
গতিকে দেখা গ'ল যে আয়ুৰ্বেদৰ ৰসায়ন ঔষধীসমূহ শৰীৰৰ বিভিন্ন সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো পাৰ্শ্চক্ৰিয়া নোহোৱাকৈ সফলতাপূৰ্বক ব্যৱহাৰ কৰিব পৰা যায়। লগতে এই ঔষধবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়াই তোলে আৰু ভৱিষ্যতে শৰীৰক ৰোগ উৎপন্ন হোৱাত বাধা প্ৰদান কৰে । অৱশ্যে এই ক্ষেত্ৰত অধিক পৰীক্ষা নিৰীক্ষা তথা গৱেষণাৰ থল আছে।

ডা: মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী
চিকিৎসা বিষয়া, মুলাগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ফোন নং- ৯৫০৮০২৬৮২৫

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.15789473684
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top