মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / ছাত্ৰ-ছাত্ৰী আৰু শিশুৰ বাবে যোগ-প্ৰাণায়ামৰ গুৰুত্ব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছাত্ৰ-ছাত্ৰী আৰু শিশুৰ বাবে যোগ-প্ৰাণায়ামৰ গুৰুত্ব

ছাত্ৰ-ছাত্ৰী আৰু শিশুৰ বাবে যোগ-প্ৰাণায়ামৰ গুৰুত্বৰ বিষয়ে লিখা হৈছে ।

 

মানৱ জীৱনটো নানান সমস্যা আৰু ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ হৈ যায়। জীৱনটোত আনন্দ আৰু নিৰানন্দও থাকে। জ্ঞান যোগ মতে ব্ৰহ্মাণ্ড বা মহাকাশ ঈশ্বৰৰ প্ৰকাশ। গতিকে জ্ঞান আৰু শিক্ষাই আমাক ঈশ্বৰৰ ওচৰ চপাই নিব পাৰে।

জ্ঞান যোগ মতে আমাৰ জীৱনটো এখন নাটক আৰু এই নাটকৰ দৰ্শক নিজেই। জ্ঞান যোগ হ’ল এটি সম্পূৰ্ণ বিজ্ঞানসন্মত ধাৰণা, যাৰ মাধ্যমেৰে ‘কৰ্মযোগ আৰু ভক্তিযোগ’ দৰ্শন কৰিব পাৰি। জ্ঞান যোগ হ’ল এটি বিচাৰ শক্তিৰ পথ। জ্ঞান যোগীয়ে কোনটো ভাল আৰু কোনটো বেয়া শুদ্ধভাৱে বিচাৰ কৰিব পাৰে।

কৰ্মযোগ দৰ্শনেৰে আমাৰ জীৱনৰ সকলো কাম ঈশ্বৰত অৰ্পণ কৰিলে আমাৰ কৰ্ম শুদ্ধ হয় আৰু শুদ্ধ কৰ্মৰে আমাৰ চিত্ত অৰ্থাৎ আমাৰ অশান্ত মন শুদ্ধ হয়। তেনেদৰে ব্যক্তিত্ব মোহনীয় হয়। যুৱ প্ৰজন্মৰ বাবে ই অতি প্ৰয়োজনীয় আৰু ব্যৱহাৰ্য্য। যিয়ে চৰিত্ৰ গঠনত মহৌষধৰ কাম কৰে। সেইবাবে জ্ঞানযোগৰ অংশ ‘ৰাজ যোগ’ত কৈছে- ‘যোগ চিত্ত বৃত্তি নিৰুধঃ’। চিত্ত হ’ল মানুহৰ অশান্ত মন, এই অশান্ত মনেৰেই কৰা কাম বিলাকেই হ’ল বৃত্তি। এই জীৱনৰ নানান সমস্যাবিলাক অতি সহজে পৰামৰ্শ কৰিবলৈ মানুহৰ মগজু সকলো সময়তে অটুট হৈ শক্তিশালী হৈ থাকিবলৈ অষ্টাঙ্গ যোগৰ জ্ঞান আৰু অভ্যাস অতি প্ৰয়োজনীয়।

বৰ্তমান মানসিক ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। ইয়াৰ বাবে আমাৰ পাৰিপাৰ্শ্বিক অৱস্থাই দায়ী। আত্মহত্যা, হত্যা, ধৰ্ষণ, নিষ্ঠুৰতা আদিক মানসিক ৰোগ বুলি স্বাস্থ্য বিজ্ঞানীয়ে প্ৰমাণ কৰিছে। গতিকে আমি ভাবো যোগ দৰ্শনেৰে আমাৰ সমাজক সংস্কাৰ কৰিব পৰা যাব।

হতাশা, উত্তেজনা, উদ্বাউল, খং, প্ৰবল আৱেগিকতা, মানসিক, চাপ আদিৰ কবলত শৰীৰৰ কি বিজুতি হয় ভাবিলে ভয় লাগে। শৰীৰৰ এনে অৱস্থাত আমাৰ জৈৱৰাসায়নিক অৱস্থা বিপন্ন হয়। মগজুলৈ প্ৰবাহিত হয় অস্বাভাৱিক ৰক্ত, লগতে উৎপন্ন হ’ব অস্বাভাৱিক ৰাসায়নিক পদাৰ্থ। এণ্ড’ক্ৰাইন গ্ৰন্থি বিলাকে স্বাভাৱিক হৰমোন উৎপন্ন কৰিবলৈ লয়।

দীঘলীয়া সময় ধৰি শৰীৰে এনে অৱস্থাত ভুগিলে নানান ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। এনে মানসিক অৱস্থাত শৰীৰৰ ৰক্ত ৰসায়ন বিসংগতি পূৰ্ণ হয়। তেতিয়া শ্বেতৰক্ত কণিকাৰ ৰোগ প্ৰতিহত কৰা ক্ষমতা হ্ৰাস পায়। শৰীৰক নানা ৰোগে আক্ৰমণ কৰিবলৈ লয়। হৃদযন্ত্ৰ দুৰ্বল হয়। ফলত হৃদ ৰোগ, স্নায়ু দুৰ্ব্বলতা, বৃক্ক বিকলতা হ’ব পাৰে। মধুমেহ ৰোগ, অস্বাভাৱিক বৃদ্ধ অৱস্থা, কৰ্কট ৰোগ, মানসিক ভাৰসাম্যহীনতা আদি ভয়াৱহ ৰোগ হ’ব পাৰে।

ইয়াৰ বাহিৰেও হজমী শক্তি দুৰ্বল আৰু পাকস্থলী ক্ষয় ৰোগ হ’ব পাৰে। শৰীৰত বিসংগতিপূৰ্ণভাৱে গ্ৰন্থিৰস উৎপন্ন হোৱাৰ ফলত যৌৱন ক্ষমতা হ্ৰাস হয়। মন খাদ্যৰ ওপৰতও নিৰ্ভৰশীল।

যোগশাস্ত্ৰত স্বাস্থ্যক তিনি ভাগে ভাগ কৰিছে যেনে- ৰজ, তম আৰু সাত্বিক। আহাৰ শুদ্ধ হ’লে মন শুদ্ধ হয় আৰু মন শুদ্ধ হ’লে কৰ্মও শুদ্ধ হয়, ব্যক্তিত্ব মোহনীয় হয়(গীতা)।

এই মানসিক ৰোগ বিলাক নিয়ন্ত্ৰণ আৰু নিৰাময়ৰ অৰ্থে ঋষি পতঞ্জলীয়ে অষ্টাঙ্গ যোগ দৰ্শনত অতি সুন্দৰ আৰু সহজ উপায় বৰ্ণনা কৰিছে। শিশুৰ বাল্যকালৰ পৰাই এই অষ্টাঙ্গ যোগ দৰ্শনৰ প্ৰভাৱ পৰিলে পৰৱৰ্তীকালত মানৱ জীৱনৰ মানসিক সমস্যাবোৰৰ পৰা মুক্ত হ’ব পৰা যায়।

পতঞ্জলীৰ অষ্টাঙ্গ যোগ মাৰ্গ দৰ্শন এনে ধৰণৰ স্থান, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি।

যম আৰু নিয়ম হ’ল চৰিত্ৰ গঠনৰ সাধনা। যোগৰ দ্বাৰা চিত্ত অৰ্থাৎ অশানলত মন শুদ্ধ হয়।

যম পাঁচ ভাগে বিভক্ত। যেনে- অহিংসা, সত্য, অপ্তেয়, ব্ৰহ্মচাৰ্য আৰ অপৰি গ্ৰহ।

নিয়মো পাঁচভাগে বিভক্ত। শৌচ, সন্তোষ, তপ, সাধ্যায় আৰু ঈশ্বৰ প্ৰণিধান। এই ক্ষুদ্ৰ নিৰ্বাচিত ঢৌ আষ্টাঙ্গ মাৰ্গৰ বিশ্লেষণ নহয়গৈ। গতিকে অলপ আভাস দিয়াৰ চেষ্টা কৰা হৈছে।

অক্সিজেনৰ অভাৱ হ’লে আমাৰ শৰীৰৰ অংগ-গ্ৰন্থি আদিয়ে উপযুক্তভাৱে বিপথে নিয়াত ভাগ ল’ব নোৱাৰে। ফলত শৰীৰত নানান ৰোগ ব্যাধিয়ে দেখা দিয়ে। প্ৰাণায়ামৰ দ্বাৰা শ্বাসযন্ত্ৰৰ ৰোগ নিৰাময় হয়।

শিশু তথা ছাত্ৰ-ছাত্ৰীৰ বাবে দুটি অতি প্ৰয়োজনীয় যোগ প্ৰাণায়াম আৰু তাৰ অনুশীলন প্ৰণালী তলত উল্লেখ কৰা হ’ল-

১)স্মৃতি শক্তিবৰ্ধক প্ৰাণায়াম:

প্ৰণালী:

উষ্ট্ৰাসনত প্ৰতিষ্ঠিত হৈ গভীৰভাৱে শ্বাসবায়ু আকৰ্ষণ কৰা হয়। বায়ু আকৰ্ষণ সমাপ্ত হ’লে ১০/১৫ চেকেণ্ড কুম্ভক অৰ্থাৎ শ্বাসবায়ু আৱদ্ধ কৰি ৰাখিব লাগে। তাৰ পিছতেই গোৰোহাৰ পৰা হাত সঞ্চালন কৰি শ্বাস ত্যাগ কৰি শৰীৰটো শিথিল কৰিব লাগে। এইভাৱে ৫/৬ বাৰ ক্ৰিয়াটি অনুশীলন কৰিব লাগেচ।

উপকাৰিতা:

এই প্ৰাণায়ামটি অনুশীলন কৰিলে স্মৃতিশক্তি বৃদ্ধিত বিশেষভাৱে সহায় হয়। কাৰণ এই প্ৰাণায়াম অভ্যাসত মগজুৰ স্মৃতি শক্তিৰ কেন্দ্ৰটিয়ে প্ৰয়োজনীয় অক্সিজেন আহৰণ কৰিব অধিক সুস্থ আৰু কাৰ্যদক্ষ হৈ পৰে। শৰীৰ নমনীয় হয় কাৰণ উষ্ট্ৰাসনত প্ৰাণায়ামটো অভ্যাস কৰা হয়। যৌৱন দীৰ্ঘস্থায়ী হয়। হৃদপিণ্ড শক্তিশালী হয়।

২)অনুলোমবিলোম:

যিকোনো ধ্যান আসনত পোন হৈ বহি হাতৰ মধ্যমা আৰু তৰ্জনী আঙুলী ভাজ কৰি হাতৰ তলুৱাত লগোৱা হয়। এতিয়া বুঢ়া আঙুলিটোৰে নাকৰ সোঁ বিন্ধা বন্ধ কৰি বাওঁ বিন্ধাইদি লাহে লাহে পূৰাদমে বায়ু আকৰ্ষণ, অৰ্জন, বিপৰ্যয়, বিকল্প, নিদ্ৰা আৰু স্মৃতি অৰ্থাৎ সত্যজ্ঞান, ব্ৰহ্মজ্ঞান, শব্দজ্ঞান, নিদ্ৰা আৰু স্মৃতি বৃত্তি এই পাঁচজ্ঞানৰ।

প্ৰমাণ:

ই তিনি প্ৰকাৰৰ যেনে-

১)সাক্ষাৎ অনুভৱ বা প্ৰত্যক্ষ।

২)অনুমান- যি কেৱল অনুমান কৰিব পাৰি।

৩)আগম বা আপ্তবাক্য- গুণী-জ্ঞানী লোকৰ বাক্যই প্ৰমাণ আৰু ইয়াক আপ্তবাক্য বোলে।

বিপৰ্যয়:

ইয়াৰ অৰ্থ হ’ল বিদ্যা জ্ঞান। যাৰ প্ৰকৃত স্বৰূপ নাই। এই বিপৰ্যয়ক ব্ৰহ্ম বুলিও কোৱা হয়। এই ব্ৰহ্ম মানুহৰ জীৱনলৈ দুখ আনে আৰু মানসিক ৰোগৰ সৃষ্টুই কৰে।

বিকল্প:

কেৱলমাত্ৰ শব্দৰ পৰা যি এক প্ৰকাৰৰ জ্ঞান উৎপন্ন হয়, কিন্তু সেই শব্দ উৎপন্ন ৱস্তুৰ কোনো প্ৰাপ্তিও নাথাকে তাকে বিকল্প অৰ্থাৎ শব্দব্ৰহ্ম বোলে। এই বিকল্প এক প্ৰকাৰৰ বৃত্তি। যেনে- এটি কথা আমি শুনিলো, কিন্তু তাৰ সত্য-অসত্যৰ প্ৰমাণ নোহোৱাকৈয়ে এটা সিদ্ধান্ত লৈ পেলালো।

ই হ’ল দুৰ্বল মস্তিষ্কৰ চিহ্ন। আমাৰ খং বা দুখ ভাৱ অহাৰ মুহূৰ্তত বিচাৰ কৰি চালে দেখা যায় যে কোনো এটা সংবাদে মন অশান্ত তৰঙ্গত অৰ্থাৎ বৃত্তিত(অশান্ত মনৰ যি চিন্তা) পৰিনত কৰিছে। ইয়েই হ’ল বিকল্প বা শব্দ ব্ৰহ্ম।

নিদ্ৰা:

যোগৰ ভাষাত নিদ্ৰা হ’ল, হিতাহিত জ্ঞান নোহোৱাকৈ শূন্যভাৱে কিবা এটা বিষয় গ্ৰহণ কৰাটোকেই নিদ্ৰা বৃত্তি বোলে।

মানৱ মগজুৱে বিভিন্ন আভ্যন্তৰীণ আৰু বাহ্যিক কাৰ্য সম্পাদন কৰোতে দৈনিক সংগ্ৰহীত অক্সিজেনৰ ১/৩ অংশই ব্যৱহাৰ কৰাৰ ফলত শৰীৰত অন্যান্য স্নায়ু মণ্ডলীয়ে বিভিন্ন কাৰ্য সম্পাদন কৰিবলৈ অক্ৰিজেনৰ অভাৱ হয়। সেই কাৰণে আমি ভাগৰ অনুভৱ কৰো।

শ্বাসযন্ত্ৰৰ দুৰ্বলতা, হাপানি ৰোগীৰ ক্ষেত্ৰত ভয়াৱহভাৱে শৰীৰত অক্সিজেনৰ অভাৱ হয়। অক্সিজেনৰ অভাৱ হ’লে মগজুৰ কোষবিলাক সক্ৰিয় হ’ব নোৱাৰে। ফলত বিকশিত শিশুৰ মগজুৰ কোষৰ সংখ্যা বৃদ্ধি নহয়।

শিশুৱে নিয়মীয়াকৈ ‘যোগ প্ৰাণায়াম’ অভ্যাস কৰিলে মগজুৰ ৰসায়ন লিথিয়াম সঠিকভাৱে উৎপন্ন হয়। মগজুত অৱস্থিত শৰীৰৰ এণ্ড’ক্ৰাইন পদ্ধতিৰ নিয়ন্ত্ৰণ পিটিউটাৰী গ্ৰন্থিৰ হৰমোন উৎপন্ন কাৰ্য নিয়াৰিকৈ সম্পন্ন হয়। মগজুৰ সুস্থ কোষ নিউৰিণবিলাক অধিক সক্ৰিয় হিচাবে স্থাপিত হয়।

লেখল: সঞ্জয় চলিহা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.9
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top