অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জিনীয় অভিযন্ত্ৰণৰ আদিকথা :

জিনীয় অভিযন্ত্ৰণ কি-


প্ৰতিটো জীৱৰ শৰীৰৰ, চকুৰে সহজতে ধৰিব পৰাই হওক অথবা নোৱাৰাই হওক, সকলো চৰিত্ৰ সাধাৰণভাৱে কিছুমান জিনে নিয়ন্ত্ৰণ কৰে। পদাৰ্থগতভাৱে, জিন হ’ল আমাৰ শৰীৰৰ কোষকেন্দ্ৰত থকা ক্ৰ’ম’জ’ম একোডালৰ একোটা সুনিৰ্দিষ্ট অংশ। সাধাৰণভাৱে ব্যাখ্যা কৰিলে এই সুনিৰ্দিষ্ট অংশটোত থকা নিউক্লিয়’টাইড নামৰ ক্ষুদ্ৰ ক্ষুদ্ৰ চাৰিবিধ বেলেগ বেলেগ এককৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ কৰি জিনবিলাক বেলেগ বেলেগ হয় আৰু সেইমতে সিবিলাকৰ ভূমিকাও হয় ভিন ভিন। জীৱ এটাৰ সামগ্ৰিক চৰিত্ৰসমূহ এই জিনবিলাকৰ ক্ৰিয়া আৰু জীৱটোৰ চৌপাশৰ পৰিৱেশৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, মোৰ ক’লা চকু, আপোনাৰ দঁহা চকু, আন এজনৰ নীলা চকু- এই চৰিত্ৰটোৰ লগত জড়িত নিউক্লিয়’টাইডবিলাকৰ ক্ৰম আমাৰ শৰীৰত বেলেগ বেলেগ হোৱাৰ বাবেই এই পাৰ্থক্য আহে।

গুৰুত্বপূৰ্ণ কথাটো হ’ল, এনেকুৱা এটা চৰিত্ৰ, চৰিত্ৰটো থকা জীৱ এটাৰপৰা নথকা জীৱ এটালৈ স্থানান্তৰ কৰাটো সম্ভৱ। কিন্তু, চৰিত্ৰৰ এনে স্থানান্তৰণ একেবাৰে নতুন কথা নহয়। জ্ঞাতে বা অজ্ঞাতে অতীতৰপৰাই মানুহে প্ৰাণীয়েই হওক বা উদ্ভিদেই হওক- সকলোকে কিছুমান বিশেষ বিশেষ চৰিত্ৰৰ বাবে বাছনি কৰি আহিছে, আৰু একে সকয়তে, কিছুমান চৰিত্ৰ এবিধ জীৱৰপৰা আন এবিধলৈ কৃত্ৰিম প্ৰজননৰদ্বাৰা স্থানান্তৰ কৰি আহিছে। উদ্ভিদৰ ৰোগ-প্ৰতিৰোধী গুণ, অধিক বীজ উৎপাদনৰ ক্ষমতা, প্ৰাণীৰ অধিক মাংস আৰু গাখীৰ উৎপাদন কৰা গুণ আদিৰ বাবে অতীতৰেপৰা মানুহে কৃত্ৰিম প্ৰজননৰ সহায় লৈ আহিছে। কৃত্ৰিম প্ৰজননৰ দ্বাৰা ইতিমধ্যে বিভিন্ন শস্য আৰু প্ৰাণীৰ বহুবোৰ প্ৰয়োজনীয় গুণেৰে সমৃদ্ধ জাত উদ্ভাৱন কৰা হৈছে। কিন্তু এই কৃত্ৰিম প্ৰজনন ব্যৱস্থাৰ  কিছুমান সীমাবদ্ধতা আছে। প্ৰথম কথা, কৃত্ৰিম প্ৰজনন পদ্ধতি একে প্ৰজাতিৰ অথবা অতি ওচৰ সম্পৰ্কীয় দুটা প্ৰজাতিৰ জীৱৰ মাজত সম্ভৱ। দ্বিতীয় কথা, কৃত্ৰিম প্ৰজনন পদ্ধতিৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবে স্থানান্তৰ কৰিবলগীয়া আচল চৰিত্ৰটোৰ লগতে কেতিয়াবা অপ্ৰয়োজনীয় আৰু স্থানান্তৰ কৰিবলগীয়া চৰিত্ৰও স্থানান্তৰিত হৈ অসুবিধাৰ সৃষ্টি কৰে।

কৃত্ৰিম প্ৰজননৰ এই সীমাবদ্ধতাবিলাকৰ পৰা আধুনিক জিনীয় অভিযন্ত্ৰণ পদ্ধতি মোটামোটিভাৱে মুক্ত। জিনীয় অভিযন্ত্ৰণ পদ্ধতিত চৰিত্ৰ স্থানান্তৰ কৰাৰ কাৰণে প্ৰজননৰ সহায় লোৱা নহয় বাবে অলপো সম্পৰ্ক নথকা দুবিধ জীৱ, আনকি উদ্ভিদৰপৰা প্ৰাণী পৰ্যন্তও একোটা চৰিত্ৰ স্থানান্তৰ কৰিব পৰাৰ লগতে স্থানান্তৰ কৰিবলগীয়া আচল জিনটো বা জিনকেইটা বাছি লোৱাৰ সম্ভৱ হোৱাৰ বাবে প্ৰয়োজনীয় চৰিত্ৰৰ সৈতে অপ্ৰয়োজনীয় চৰিত্ৰ স্থানান্তৰ হোৱাৰ সম্ভাৱনা প্ৰায় নাথাকেই। অৱশ্যে, কৃত্ৰিম প্ৰজনন পদ্ধতি মোটামোটিভাৱে কৃষি পথাৰৰ ওপৰত নিৰ্ভৰ হোৱাৰ বিপৰীতে আধুনিক জিনীয় অভিযন্ত্ৰণ পদ্ধতি গৱেষণাগাৰ নিৰ্ভৰ হয়।

পৰম্পৰাগত কৃত্ৰিম প্ৰজনন পদ্ধতিৰ তুলনাত জিনীয় অভিযন্ত্ৰণৰ উল্লিখিত সুবিধাবোৰ থাকিলেও কিন্তু জিনীয় অভিযন্ত্ৰণৰ বিৰুদ্ধাচৰণ কৰা একাংশ সমালোচকো নথকা নহয়। অৱশ্যে, জিনীয় অভিযন্ত্ৰণ পদ্ধতিৰ এই সমালোচকসকলৰ কেতবোৰ যুক্তি বিজ্ঞানসন্মত নহয়। উদাহৰণস্বৰূপে, এই নেতিবাচক সমালোচকসকলৰ বহুতে জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা উদ্ভিদৰ কোষত প্ৰাণীৰ কোনো জিন প্ৰৱেশ কৰোৱালে সেইবিধ উদ্ভিদৰপৰা উৎপাদিত খাদ্য নিৰামিষভোজীসকলৰ বাবে গ্ৰহণৰ অযোগ্য হোৱা, অখাদ্য উৎসৰ জিন খাদ্য-শস্যত ব্যৱহাৰ কৰা, জিনীয়ভাৱে অভিযান্ত্ৰিত খাদ্য শৰীৰৰ বাবে বিষাক্ত হোৱা আদি উদ্ভট যুক্তি দাঙি ধৰে, যিবোৰ কেৱল সমালোচনাৰ বাবেই কৰা সমালোচনা যেনহে লাগে। কাৰণ, যি উৎসৰপৰাই অনা নহওক, জিনৰ সংগঠন সকলোতে একেই, ওপৰত কোৱাৰ দৰেই জিন হ’ল, কিছুমান নিৰ্দিষ্ট ক্ৰমত ০থকা কেতবোৰ নিউক্লিয়’টাইডৰ সমষ্টি। তদুপৰি, অভিযন্ত্ৰণ প্ৰক্ৰিয়াত যিহেতু প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট এটা বা কেইটামান জিনহে স্থানান্তৰ কৰা হয়, অভিযান্ত্ৰিত জীৱৰপৰা মানুহৰ শৰীৰত অপকাৰ হোৱাৰ কোনো সম্ভাৱনা নাথাকে। সেয়াই নহয়, অভিযান্ত্ৰিত জীৱ এটা বহুলভাৱে উৎপাদন আৰু অথবা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ আগতে সেইটো প্ৰতিখন দেশতে কেইবাঢাপো পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে পাৰ হৈ যাবলগীয়া হয়। আমাৰ ভাৰতবৰ্ষত দেশৰ প্ৰতিষ্ঠিত বিজ্ঞানীসকলৰ দ্বাৰা গঠিত জিনীয় অভিযন্ত্ৰণ অনুমোদন সমিতি GEAC নামৰ এখন উচ্চস্তৰীয় সমিতিয়ে অভিযান্ত্ৰিত জীৱবিধৰ বিষয়ে বিভিন্ন বিজ্ঞানীয়ে কৰা পৰীক্ষা-নিৰীক্ষাৰ ফলাফল, মানুহৰ শৰীৰত অভিযান্ত্ৰিত জীৱবিধে কৰিব পৰা ক্ষতিৰ পুংখানুপুংখ অধ্যয়ন কৰাৰ পিছতহে এই অনুমোদন প্ৰদান কৰে। গতিকে, অভিযান্ত্ৰিত জীৱৰপৰা মানুহৰ শৰীৰত ঋণাত্মক প্ৰভাৱ পৰাৰ আশংকা একেবাৰে অমূলক। উল্লেখযোগ্য যে, জিনীয়ভাৱে অভিযন্ত্ৰণ নকৰা প্ৰাণী বা শস্য উৎপাদনতো যথেষ্ট পৰিমাণে সাৰ, কীটনাশক আদিকে ধৰি বিভিন্ন কৃষি-ৰসায়ন প্ৰয়োগ কৰা আৰু সেইবোৰৰ ঋণাত্মক প্ৰভাৱ মানুহৰ শৰীৰত ভয়ংক! ইয়াৰ বিপৰীতে, কিছুমান জিনীয়ভাৱে অভিযান্ত্ৰিত প্ৰাণী বা শস্যৰ উৎপাদনত কৃষি ৰসায়ন যথেষ্ট কম পৰিমাণেহে ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবে সেইবোৰৰ পৰা কৃষক আৰু উপভোক্তাৰ কমকৈহে ক্ষতি হয়।

সমালোচকসকলে উল্লেখ কৰা আৰু এটা যুক্তি হ’ল-

এই জিনীয়ভাৱে অভিযান্ত্ৰিত জীৱ সৃষ্টি কৰাৰ সময়ত সিবিলাক সাধাৰণ জীৱৰপৰা সহজে পৃথক কৰিবলৈ বিভিন্ন সময়ত প্ৰয়োজনীয় জিনটোৰ লগতে এক ধৰণৰ প্ৰতিজৈৱিক ঔষধ-প্ৰতিৰোধী জিনো অভিযান্ত্ৰিত জীৱটোৰ কোষত সুমুৱাই দিয়া হয়। মানুহ আৰু প্ৰাণীৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবেও যিহেতু বিভিন্ন প্ৰতিজৈৱিক ঔষধ ব্যৱহাৰ কৰা হয়, সমালোচকসকলে যুক্তি দৰ্শায় যে এই প্ৰতিজৈৱিক ঔষধ-প্ৰতিৰোগী জিনবোৰ অভিযান্ত্ৰিত জীৱৰ শৰীৰৰ কোষৰপৰা পৰিৱেশত থকা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ কোষত প্ৰৱেশ কৰিলে সেইবোৰ নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰিব। কিছু পৰিমাণে বৈজ্ঞানিক ভিত্তি থাকিলেও এই আশংকাও অমূলক, কাৰণ জিনীয় অভিযন্ত্ৰণত যিবোৰ প্ৰতিজৈৱিক ঔষধ-প্ৰতিৰোধী জিন ব্যৱহাৰ কৰা হয়। এইবোৰ জিন জিনীয় অভিযন্ত্ৰণৰ বাবে প্ৰকৃতিত থকা বেক্টেৰিয়াৰপৰা যিহেতু আহৰণ কৰা হয়, গতিকে এইবোৰ জিনে নতুন একো সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে। হ’লেও এই ধৰণৰ সমালোচনাৰ বাবেই আজিকালি প্ৰতিজৈৱিক ঔষধ-প্ৰতিৰোধী জিন ব্যৱহাৰ নকৰাকৈও জিনীয় অভিযন্ত্ৰণ কৰিব পৰা আধুনিক পদ্ধতি উদ্ভাৱন কৰা হৈছে।

আকৌ, সমালোচকসকলে কোৱাৰ দৰে জিনীয়ভাৱে অভিযান্ত্ৰিত জীৱবিলাক পৰম্পৰাগত কৃত্ৰিম প্ৰজননৰ দ্বাৰা উদ্ভাৱিত জীৱতকৈ অধিক কৃত্ৰিম নহয়। প্ৰকৃততে পদ্ধতিটোৰ কথা বিবেচনা নকৰিলে জিনীয়ভাৱে অভিযান্ত্ৰিত জীৱ আৰু কৃত্ৰিম প্ৰজননৰদ্বাৰা উদ্ভাৱন কৰা জীৱৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। দৰাচলতে আজিকালি আমি পালন কৰা পশুবিলাকে হওক অথবা খেতি কৰা শস্যবিলাকেই হওক, এইবিলাক মানুহে পালন অথবা খেতি কৰিবলৈ লোৱাৰ দিঞ্জ ধৰি অধিক আৰু উন্নত মানৰ উৎপাদনৰ বাবে বহু সময়ত কৃত্ৰিমভাৱে কম-বেছি পৰিমাণে সাল-সলনি কৰি আহিছেই, গতিকে জিনীয় অভিযন্ত্ৰণৰ বিষয়ে অত্যধিক আশংকা কৰাটো আচলতে অযুক্তিকৰ কথা।

আমোদজনকভাৱে, জিনীয় অভিযন্ত্ৰণৰ সমালোচকসকলে জিনীয় অভিযন্ত্ৰণৰ ফলত আজিকালি ভোগ কৰি থকা অসুবিধাবোৰৰ কথা সততে এৰাই চলে। চিকিৎসা-বিজ্ঞান, কৃষি, পশুপালন- সকলোতে আমি আজি জিনীয় অভিযন্ত্ৰণৰ সুফল ভোগ কৰিছোঁ। উদাহৰণস্বৰূপে, মধুমেহ ৰোগত ব্যৱহৃদ ইনচুলিন নামৰ দৰববিধ কেইবাদশক আগৰেপৰাই জিনীয়ভাৱে অভিযান্ত্ৰিত অনুজীৱৰ দ্বাৰাই প্ৰস্তুত কৰা হৈ আহিছে। একেদৰে, অধিক মাংস আৰু গাখীৰ উৎপাদন কৰা পশু, ব্যৱসায়িকভাৱে ব্যৱহৃদ বিভিন্ন উৎসেচক প্ৰস্তুত কৰা আদিতো জিনীয় অভিযন্ত্ৰণ পদ্ধতিৰ ব্যৱহাৰ পুৰণি। আমাৰ দেশত ২০০২ চনৰ চনমানৰপৰা কৰিবলৈ লোৱা বি, টি-কপাহৰ খেতিৰ ফলত কপাহৰ কুৎপাদন প্ৰায় দুগুণ বৃদ্ধি পাইছে, আৰু একে সময়তে বি টি-কপাহৰ খেতিত কৃষি-ৰসায়নৰ ব্যৱহাৰ আমাৰ দেশত চল্লিছ শতাংশ পৰ্যন্ত হ্ৰাস হোৱাৰ ফলত সিবিলাকৰ মানুহৰ স্বাস্থ্যৰ ওপৰত পৰা ঋণাত্মক প্ৰভাবো কমি আহিছে। আমেৰিকা যুক্তৰাজ্যৰ দৰে দেশত আজি কপাহ, চয়াবিন, গোমধান আদিকে ধৰি পাঁচবিধকৈ বিভিন্ন জিনীয় অভিযান্ত্ৰিক শস্যৰ খেতি ব্যৱসায়িকভাৱে কৰিবলৈ অনুমতি দিয়া হৈছে।

দেখা যায়, জিনীয়ভাৱে অভিযান্ত্ৰিত জীৱৰ বিৰুদ্ধে সততে আগবঢ়োৱা বেছিভাগ যুক্তিৰেই শক্তিশালী ভিত্তি নাই। তৎসত্বেও এচাম ব্যক্তি-সংগঠনে সদায় জিনীয়ভাৱে অভিযান্ত্ৰিত জীৱৰ বিৰুদ্ধাচৰণ কৰি অহাৰ কাৰণ হিচাপে বহুতে আকৌ তেওঁলোকৰ স্বাৰ্থ জড়িত থকাৰো সন্দেহ কৰে। উদাহৰণস্বৰূপে, কিছুমান ডাঙৰ ডাঙৰ কৃষি-ৰসায়ন প্ৰস্তুতকৰ্তা কোম্পানীৰ ব্যৱসায়লৈ জিনীয়ভাৱে অভিযান্ত্ৰিত জীৱৰ বহুল ব্যৱহাৰে আশংকা কঢ়িয়াই আনিছে। আমাৰ দেশৰ পশ্চিম ভাৰত আৰু দাক্ষিণাত্যত কপাহৰ খেতি ব্যৱসায়িকভাৱে কৰা হয় আৰু এই খেতিত বিশাল পৰিমাণৰ কৃষি-ৰসায়ন ব্যৱহাৰ কৰা হয়, প্ৰতি বছৰে ভাৰতত কপাহৰ খেতিত ব্যৱহাৰ কৰা কৃষি-ৰসায়নৰে ব্যৱসায় হয় ৩০০০ কোটিতকৈও অধিক টকা। এতিয়া, বি টি-কপাহৰ খেতিৰ পৰিসৰ বৃদ্ধি হৈ অহাৰ ফলত কপাহৰ খেতিত ব্যৱহৃত কৃষি-ৰসায়নৰ পৰিমাণ অভূতপূৰ্বভাৱে হ্ৰাস হোৱাত এই কোম্পানীবিলাকৰ মুনাফাৰ পৰিমাণ কমি গৈছে আৰু সেইবাবেই তেওঁলোকে নিজৰ স্বাৰ্থত এচাম ব্যক্তি আৰু সংগঠনৰ হতুৱাই জিনীয়ভাৱে অভিযান্ত্ৰিত শস্যৰ বিৰুদ্ধাচৰণ কৰা আহিছে বুলি বহুতে সন্দেহ কৰে। বিভিন্ন ব্যক্তি-সংগঠনৰ জিনীয় অভিযন্ত্ৰণ পদ্ধতিৰ বিষয়ে থকা অজ্ঞতাৰ বাবেও এই পদ্ধতিৰে উদ্ভাৱিত জীৱৰ বিৰোধিতা কৰে বুলি ভবাৰ থল আছে। আজিৰপৰা এবছমানৰ আগেয়ে কীট-প্ৰতিৰোধী বি টি-বেঙেনাৰ খেতিৰ বাবে ভাৰত চৰকাৰে অনুমতি দিয়াৰ পিছতো বিভিন্ন পক্ষৰ প্ৰতিবাদৰ বাবেই অচিৰেই এই অনুমতি উঠাই লোৱা হৈছিল, কিন্তু একে সময়তে বাংলাদেশত বি টি-বেঙেনাৰ খেতি কৰিবলৈ অনুমতি দিয়া হ’ল আৰু দেশখনত আজি এইবিধ বেঙেনাৰ খেতিয়ে বহুল প্ৰসাৰ লাভ কৰিছে। উল্লেখ্য যে, ২০১৪ চনত মাত্ৰ বিশজনমান কৃষকে খেতি কৰি সুফল পোৱাৰ পিছত বৰ্তমান বাংলাদেশত দুই শতাধিক কৃষকে বি টি-বেঙেনাৰ খেতি কৰিবলৈ লৈছে।

সি যি কি নহওক, জিনীয় অভিযন্ত্ৰণ, জিনীয়ভাৱে অভিযান্ত্ৰিত জীৱ, সিবিলাকৰ গুণাগুণ আদিৰ ওপৰত অধিক আৰু বহুল নিৰপেক্ষ আলোচনা, অধ্যয়ন আৰু চৰ্চাৰ প্ৰয়োজন আছে, নহ’লে এই পদ্ধতিৰ সুফলবিলাক লাভৰপৰা আমি বঞ্চিত হৈ থাকিব লাগিব। বৰ্তমানেও পৃথিৱীত আনহাৰত ভোগা প্ৰায় তেৰ শতাংশ মানুহৰ বাবে জোৰাকৈ খাদ্যৰ উৎপাদনৰ বাবে সম্প্ৰতি যি ‘দ্বিতীয় সেউজ বিপ্লৱ’ৰ কথা চৰ্চিত হৈছে তাৰ বাবে কিন্তু জিনীয় অভিযন্ত্ৰণৰ ব্যৱহাৰ অপৰিহাৰ্য হ’ব।

 

লেখক:বসন্ত কুমাৰ বৰা,বিদ্যুৎ কুমাৰ শৰ্মা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate