মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / জুৱা, তীৰ খেল আদিৰ দূৰীকৰণত যোগৰ ভূমিকাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জুৱা, তীৰ খেল আদিৰ দূৰীকৰণত যোগৰ ভূমিকাঃ

ইয়াত যোগৰ ভুমিকাৰ বিষয়ে লিখা হৈছে

আমাৰ সমাজখনৰ বিষয়ে দুআষাৰ-

 

আমি বসবাস কৰি থকা এই সমাজখনত ভাল-বেয়া দুয়োটাই আছে। সমাজ তথা জাতিটোক আগবঢ়াই লৈ যোৱাত যিবোৰ সম্পদ আছে তাৰে ভিতৰত যোগ সম্পদটো লেখত ল’বলগীয়া। ‘যোগে’ সমাজখনত ৰূপান্তৰ আনে। হেৰাই যাব ধৰা নৈতিকতা, মানৱীয় মূল্যবোধ, ভাতৃত্ববোধ তথা মৰম-চেনেহৰ জৰীডাল টনকিয়াল কৰে।

বিভিন্ন ধৰণৰ ফুলৰ সমাৱেশত ফুলৰ মালাধাৰি যেনেকৈ সুন্দৰ হয় তেনেকৈ পৃথিৱীৰ সকলো জাতিৰ বন্ধুত্বপূৰ্ণ মিলনত মানৱ সভ্যতাও সুন্দৰ হ’ব, সমৃদ্ধি লাভ কৰিব। প্ৰত্যেক জাতিৰ এনেকুৱা কিছুমান ভাল আছে যি মানৱ সভ্যতাৰ অগ্ৰগতিৰ সহায়ক। এই ভাল বস্তুখিনিৰ আদান-প্ৰদান কৰি মানৱ সভ্যতাৰ অগ্ৰগামী অভিযানক যোগৰ দ্বাৰা আমি সকলোৱে সাৰ্থক কৰি তুলিব লাগিব। মানৱ সভ্যতাক দেৱ-সভ্যতালৈ ৰূপায়িত কৰিব লাগিব- এয়েই আমাৰ কাম্য। আমাৰ ভাৰতৰ গৌৰৱৰ বস্তু- আমাৰ অধ্যাত্ম সাহিত্য, অধ্যাত্ম দৰ্শন আৰু যোগবিদ্যা। আমাৰ এই ভাৰতীয় সম্পদক গোটেই পৃথিৱীত বিয়পাই দিবৰ কাৰণে প্ৰকৃতি মাতাই বৈদিক জ্ঞানৰ প্ৰভাৱত সমগ্ৰ মানৱজাতি প্ৰভাস্কৰ হৈ উঠাত সহায়ক হওঁক।

আমাৰ সমাজখন নিকা কৰিবৰ বাবে যোগৰ ভুমিকা-

যোগবিদ্যা আয়ত্ব কৰি এই পশু-মানৱৰ লীলাভূমি জগৎ, য’ত আমাৰ আলোচ্য বিষয়বস্তু জুৱা, তীৰ খেল আদিৰ দৰে এণ্টি-ছ’চিয়েল অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাব ধৰিছে, তাক এই পৱিত্ৰ পন্থাৰে প্ৰতিহত কৰি দেৱ-মানৱৰ লীলাভূমিলৈ ৰূপায়িত কৰাত সহায়ক হ’ব। এই দেৱভূমিত জৰা, ব্যাধি, অকাল মৃত্যু, দৰিদ্ৰ, দুঃখ, হিংসা-দ্বেষ, স্বাৰ্থপৰতা, কাম-ক্ৰোধাদি ৰিপুৰ প্ৰাধান্য নাথাকিব। এই জগতত মানুহ যেন জ্ঞানৰ মহৎ আৰু প্ৰেমত সুন্দৰ হৈ উঠিব। এই জগতত মানুহ যেন জ্ঞান, প্ৰেম আৰু অহিংসাৰ জীৱন্ত প্ৰতীক, দেৱভাব আৰু ভাগৱত ভাবৰ জীৱন্ত বিগ্ৰহ। এয়া যেন কোটি কোটি বুদ্ধ, খ্ৰীষ্ট, কোটি কটি শঙ্কৰ, গৌৰাংগ, ৰামকৃষ্ণ আৰু বিবেকানন্দৰ একত্ৰ সমাৱেশৰ সময়।

মানুহ কেৱল পশু নহয়, পশুৰ গুণ মানুহৰ ভিতৰত আছে, কিন্তু তাৰ পাছতো তাৰ মন। এই মনৰ দ্বাৰাই মানুহে বহিৰ্জগতৰ লগত নিজকে খাপ খুৱাই লয়। মানুহৰ মনৰ উৎকৰ্ষই তেওঁক জ্ঞানৰ চৰম শিখৰলৈ লৈ যাব আৰু হৃদয়ৰ উৎকৰ্ষই তেওঁক লৈ যাব ৰস আৰু প্ৰেমৰ বৈকুণ্ঠধামলৈ।

যোগৰ দ্বাৰা মনক বশ কৰিব পাৰিলে মনত কেতিয়াও পোক-পতংগই বাহ নলয়। ড্ৰাগছ, মদ, জুৱা, তীৰ খেল আদিৰ অন্ধ মোহত পৰি আমাৰ যুৱচামে ধ্বংসৰ পিনে বাট নলয়। এইবোৰ হৈছে এলেহুৱা, নিষ্কৰ্মা, জীৱনত একো লক্ষ্য তথা পৰিকল্পনা নথকা কাপুৰুষসকলৰ কাম। এই কণ্টকপূৰ্ণ কুপথত ভৰি দি তেওঁলোকে যে অকল নিজৰেই ক্ষতিসাধন কৰে এনে নহয়, বৰঞ্চ গোটেই পৰিয়ালটোলৈ অন্ধকাৰ নমাই আনে।

নিয়মিত যোগ অনুশীলন কৰিলে এনে ৰিপুৱে কেতিয়াও প্ৰভাৱান্বিত কৰিব নোৱাৰে। যোগৰ আসন, মুদ্ৰা, প্ৰাণায়াম, ধৌতি, বস্তি, ধ্যান আদিৰ দ্বাৰা তেওঁলোকৰ দেহযন্ত্ৰ, দেহস্থ গ্ৰন্থি প্ৰভৃতিৰ ক্ৰিয়া দোষমুক্ত ৰাখিলে কু-কৰ্ম আৰু কু-চিন্তা আদি তেওঁলোকৰ দ্বাৰা সংঘটিত নহয়। আনকি জুৱা, তীৰ আদিত আসক্ত এনে লোকক নিৰ্দোষ পথ্য আৰু যোগক্ৰিয়াদিৰ সহায়ত দেহযন্ত্ৰৰ ত্ৰুটি অনায়াসে সংশোধন কৰি এনে লোকক ভাল কৰিব পাৰি। দেহ শুদ্ধ হ’লে মন শুদ্ধ হ’ব। এই শুদ্ধ মনেই আত্মোপলব্ধিৰ সহায়ক।

এনে লোকে (তথা সকলোৱেই) অন্ততঃ প্ৰত্যেকদিনাই যোগৰ এই ক্ৰিয়াকেইটা কৰা উচিত,

যোগৰ প্ৰধান ক্ৰিয়াসমুহ-


সূৰ্য নমস্কাৰ, সৰ্বাংগাসন, মৎস্যাসন, সংকটাসন, পদহস্তাসন, উড্ডীয়ানবন্ধ মুদ্ৰা, শক্তিচালনী মুদ্ৰা, ভ্ৰামৰী প্ৰাণায়াম, কপালভাটি প্ৰাণায়াম, অনুলম-বিলম প্ৰাণায়াম, অউম প্ৰাণায়াম, যোগনিদ্ৰা ইত্যাদি।

চৰকাৰ তথা বিভিন্ন কল্যাণমূলক এন জি অ’য়ো এইক্ষেত্ৰত বহুতো ভাল কাম কৰিব পাৰে। আমাৰ অভিভাৱক তথা শিক্ষাগুৰুসকলেও এইক্ষেত্ৰত দৃষ্টি দিয়া উচিত। জীৱনত কেতিয়াও নিষ্ক্ৰিয়তাক প্ৰশ্ৰয় নিদিব আৰু সক্ৰিয় হৈ থাকিবলৈ নিতৌ যোগাসন কৰক।

ড্ৰাগছৰ প্ৰতিৰোধ তথা প্ৰতিকাৰত যোগাসনঃ

 

অলপতে ভাগ্যক্ৰমে গুৱাহাটীৰ লাচিত নগৰস্থিত আশ্ৰয় এপাৰ্টমেণ্টৰ স্বনামধন্য উদ্যমী যুৱক কৃষ্ণকান্ত বৰাক লগ পাই এই লেখকে ড্ৰাগছ-মদ তথা যুৱচামৰ ওপৰত পৰা ইয়াৰ কুপ্ৰভাৱৰ বিষয়ে ভালকৈ হৃদয়ংগম কৰিব পাৰিলো। লগতে তেওঁলোকে ড্ৰাগছ তথা অন্য ৰাগীয়াল বস্তুৰ বিৰুদ্ধে সজাগতা অনাৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ ওপৰত কৰা কৰ্মৰাজিবোৰৰ বিষয়ে জানিব পাৰি ভালকৈ বুজি উঠিছিলো- অন্ধকাৰ যিদৰে আছে ঠিক সেইদৰে পোহৰো আছে। সামান্য এটা চাকিয়ে চৌদিশ পোহৰাই তুলিব পাৰে। যোগৰ বন্তিৰ লেলিহান শিখাই ভৌগোলিক, ৰাজনৈতিক, ধৰ্মীয় জাতিভেদ পাহৰাই সকলোকে চিৰ আনন্দময় কৰুণা আৰু আৰোগ্য প্ৰদান কৰে।

ড্ৰাগছৰ শৰশয্যাত থকা যুৱচামক যোগৰূপী অমৃতেহে উদ্ধাৰ কৰিব পাৰে। ‘জীৱন’ আলোচনীৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে যে অসমৰ ৪৯ শতাংশ যুৱক-যুৱতী ড্ৰাগছ তথা মদৰ আসক্ত। উল্লেখনীয় কথাষাৰ হ’ল যে ইয়াত ধূমপানৰ প্ৰসংগটো উত্থাপন হোৱা নাছিলেই। মাথোঁ ড্ৰাগছ আৰু মদতেই আজি আমাৰ এই মানৱ সম্পদৰ আধাসংখ্যক যুৱকৰ শ্মশান যাত্ৰা। এখন দেশ তথা জাতি এটাৰ আটাইতকৈ উল্লেখনীয় সম্পদ হৈছে ইয়াৰ যুৱশক্তি। এওঁলোকেই আমাৰ মানৱ সম্পদ।

অসম তথা সমগ্ৰ ভাৰতবৰ্ষত ড্ৰাগছ-মদৰ যি দ্ৰুতগতিত প্ৰচলন হ’বলৈ ধৰিছে তাৰ অন্তৰালত এক বৃহৎ আন্তৰাষ্ট্ৰীয় ষড়যন্ত্ৰ লুকাই আছে। যিসকলৰ উদ্দেশ্য হৈছে আনক মাৰি ধনী হোৱাৰ তথা ভাৰতবৰ্ষৰ আমাৰ যুৱচামৰ বিচাৰ-বিবেচনা শক্তিৰ বিভ্ৰান্তি ঘটাই, সিহঁতৰ মস্তিষ্ক বিকল কৰি আমাৰ ৰাষ্ট্ৰখনকেই পংগু কৰি পেলোৱাটো!

বেমাৰ যিমান পুৰণি হ’ব ডাক্তৰো সিমানেই অভিজ্ঞতাসম্পন্ন তথা পুৰণি হ’ব লাগিব। গতিকে আজিৰ এই সামাজিক প্ৰেক্ষাপটত আমাৰ এই যুৱচামৰ মাজত যি ড্ৰাগছ-মদৰ আসক্তি বৃদ্ধি পাইছে, তাৰ লগতে বৃদ্ধি পোৱা অপৰাধপ্ৰৱণতা, অস্থিৰতা, শাৰীৰিক-মানসিক সুস্থতাৰ যি অভাৱ ঘটিছে, তাক ঠিক কৰিবলৈ আমাৰ মাজত এনে এজন অতি অভিজ্ঞতাসম্পন্ন তথা পুৰণি ডাক্তৰস্বৰূপ এই যোগ যাৰ পৰশ পোৱা মাত্ৰেই সকলো বৃদ্ধ-তৰুণ, ৰোগী-যোগী, আস্তিক-নাস্তিক, পুৰুষ-মহিলাৰ দেহত এক বুজাব নোৱাৰা কাৰ্যকাৰিতা, ঐশ্বৰিক, চিৰস্থায়ী প্ৰাণসঞ্চাৰ হয়, যিয়ে শৰীৰ-মনৰ ৰোগ-ব্যাধি দূৰ কৰি প্ৰকৃত সুখ আমাক প্ৰদান কৰে।

জীৱনত প্ৰত্যাহ্বান থাকিবই। যি প্ৰকৃত পুৰুষ, যাৰ মাজত পুৰুষত্ব-বীৰত্বৰ আভা লুকাই আছে তেওঁ যোগৰ দ্বাৰা এনে এক চালিকাশক্তি পায়, যিয়ে তেওঁক সকলো পৰিৱেশ-পৰিস্থিতিতেই দেহ-মনক কৰ্মমুখী কৰিবলৈ আচৰিতভাৱে প্ৰেৰণা যোগায়। দেহ-মনত অদম্য শক্তি প্ৰদান কৰে। গতিকে কোনো যুৱক-যুৱতীয়ে পঢ়ি-শুনিও যদি চাকৰি নাপায়, তেনেস্থলত নিয়মিতভাৱে যোগসাধন কৰা যুৱক-যুৱতীয়ে দেহ-মনত এনে এক শক্তি পায়, যিহৰ দ্বাৰা জীৱনত অহা সকলো প্ৰত্যাহ্বানেই তেওঁলোকে সহজভাৱে ল’বলৈ সক্ষম হয়। কোনো পৰিৱেশ-পৰিস্থিতিতেই তেওঁলোক ভাগৰি নপৰে। বৰঞ্চ তেওঁলোক অধিক কৰ্মপৰায়ণ হৈ উঠে আৰু জীৱনৰ সাৰ্থকতা ভালকৈয়ে বুজি উঠে।

যোগাসনৰ দ্বাৰা যিদৰে ড্ৰাগছ তথা আন ৰাগিয়াল বস্তু সেৱনৰ মানসিকতা নজন্মে, ঠিক তেনেকৈয়ে ভুক্তভোগী ড্ৰাগছ আসক্ত যুৱক-যুৱতীক যোগৰ আসন, মুদ্ৰা, প্ৰাণায়াম, ধ্যানৰ অভ্যাসৰ দ্বাৰা সিহঁতৰ শাৰীৰিক-মানসিক বিসংগতিৰ দূৰ হৈ পুনৰ তেওঁলোক সুস্থ হৈ উঠিব। যৌগিক চিকিৎসাই যিদৰে ৰোগ আৰোগ্য কৰিব পাৰে, সেইদৰে ভাবী ৰোগৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতাও তাৰ অসাধাৰণ। যৌগিক আসন, মুদ্ৰা আৰু প্ৰাণায়াম অভ্যাসৰ দ্বাৰা স্নায়ু, পেশী, ধমনী, গ্ৰন্থি, হৃৎপিণ্ড, ফুচফুচ প্ৰভৃতি দেহ পৰিচালক যন্ত্ৰবোৰ ইমানেই সবলতৰ আৰু প্ৰাণৱন্ত হৈ উঠে যে ই অনায়াসে এনে ৰোগ নিৰ্মূল কৰিব পাৰে।

প্ৰকৃতাৰ্থত পৃথিৱীৰ কোনো মানুহেই বেয়া নহয়, আমি যাক বেয়া বুলি ভাবোঁ, তেওঁলোক দুৰ্নীতিপৰায়ণ হোৱা স্বত্ত্বেও বেয়া নহয়, তেওঁলোকৰ দেহযন্ত্ৰ, দেহস্থ গ্ৰন্থি প্ৰভৃতিৰ ক্ৰিয়া দোষযুক্ত হৈছে কাৰণেই কুকৰ্ম আৰু কুচিন্তা তেওঁলোকৰ দ্বাৰা হৈছে। নিৰ্দোষ পথ্য আৰু যোগক্ৰিয়াদিৰ সহায়ত দেহযন্ত্ৰৰ এই ত্ৰুটি অনায়াসে সংশোধন কৰি এনে লোকক ভাল কৰিব পাৰি। এইবাবেই হঠযোগে দেহশুদ্ধিৰ ওপৰত বিশেষভাৱে জোৰ দিছে। দেহ শুদ্ধ হ’লে মন শুদ্ধ হ’ব। এই শুদ্ধ মনেই আত্মোপলব্ধিৰ সহায়ক। যদি দেহস্থ স্নায়ু, পেশী আৰু গ্ৰন্থিৰ কাৰ্যকাৰিতা স্বাভাৱিক থাকে, দোষমুক্ত থাকে, তেনেহ’লে এই দেহযন্ত্ৰৰ ভিতৰত আত্মাৰ দেৱভাব, ভাগৱতভাব স্ফুৰিত হৈ উঠিব। কিন্তু এই দেহযন্ত্ৰত ত্ৰুটি থাকিলে দেহ-মন পাশৱিক ভাবৰহে লীলাভূমি হৈ উঠিব।

অন্ততঃ উল্লেখনীয় এই আসন, মুদ্ৰা, প্ৰাণায়াম তথা যোগ নিদ্ৰাৰ নিয়মিত অভ্যাসে আমাৰ যুৱক-যুৱতীসকলক বিপথে যোৱাৰ পৰা বচাব তথা ইতিমধ্যে ভুক্তভোগী যুৱক-যুৱতীসকলকো তেওঁলোকে কৰা ভুল সংশোধন কৰি পুনৰ শাৰীৰিক-মানসিকভাৱে পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিব-

আসনঃ সূৰ্য নমস্কাৰ, পদহস্তাসন, গোমুখাসন, সংকটাসন, চক্ৰাসন, হস্তমুদ্ৰা, পদমুদ্ৰা, সৰ্বাংগাসন। (পাৰিলে শীৰ্ষাসন)।

মুদ্ৰাঃ শক্তিচালনী মুদ্ৰা, উড্ডীয়ানবন্ধ মুদ্ৰা।

প্ৰাণায়ামঃ ভস্ত্ৰিকা, কপালভাটি, অনুলম, বিলম, ভ্ৰামৰী, উজ্জায়ী, ঔম প্ৰাণায়াম আৰু লগতে যোগ নিদ্ৰা।

বৰ্তমান সমাজখনৰ যুৱচামৰ যি বিশৃংখলতা, ধৈৰ্যহীনতা, অনুশাসনহীনতা তথা মানৱীয় প্ৰমূল্যবোধৰ শ্মশান যাত্ৰা হৈছে তথা দানৱীয় মানসিকতা আৰু তামসিক-ৰাজসিক গুণৰ উত্তৰণ ঘটিছে তাক কেৱল যোগৰ দ্বাৰাহে ভাল কৰা সম্ভৱপৰ। যোগ যদি কৰ্মভূমি হয় আৰু যোগৰূপী বৃক্ষ গজে, তেন্তে সেই বৃক্ষত বোধৰূপী ফল লাগে আৰু সেই ফলত প্ৰেমৰূপী ৰস ভৰি যায়, ফলৰ ৰসেই এই সকলো মায়াৰ পৰা উদ্ধাৰ কৰি কৰ্মপথত আগুৱাই যোৱাত অনুপ্ৰেৰণা যোগায়। যোগ অভ্যাসৰ দ্বাৰা প্ৰতিজন যুৱক-যুৱতীয়ে সকলো গুণসম্পন্ন বিকশিত মনুষ্যৰ শাৰীত উপনীত হয় আৰু ভৱিষ্যতৰ ব্যৱহাৰিক জীৱনক প্ৰত্যাহ্বান জনোৱাত সফল হয়।

নিৰ্বাচিত তথা লাগতিয়াল উপৰিউক্ত সেই আসন, মুদ্ৰা, প্ৰাণায়াম, ধ্যানৰ দ্বাৰা প্ৰতিগৰাকী যুৱক-যুৱতীৰ শাৰীৰিক-মানসিক-আধ্যাত্মিক উৎকৰ্ষ সাধন হওক আৰু এখন সমৃদ্ধিশালী, নিৰোগী, সুস্থ ভাৰতবৰ্ষ নিৰ্মাণ হওক।

গতিকে মাদক দ্ৰব্যৰ পৰা নিজে দূৰত থাকক আৰু লগতে আনকো দূৰত ৰাখক।

 

(উৎসঃ অসমীয়া খবৰ, পাৰ্থপ্ৰতিম দাস)।

3.01886792453
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top