মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / ডায়েবেটিছক হৰুৱাব পাৰি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিছক হৰুৱাব পাৰি :

ডায়েবেটিছক কি দৰে হৰুৱাব পাৰি লিখা হৈছে

 

সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি হ’বলৈ ধৰিছে। বৰ্তমান সময়ত কম বয়সৰ মাজতো এই ৰোগ বেছিকৈ হোৱা দেখা যায়। সমগ্ৰ বিশ্বতে কেইবা নিযুত ব্যক্তি ডায়েবেটিছ ৰোগত ভুগি আছে আৰু ই বিশ্বৰ জনসাধাৰণৰ মৃত্যুৰ অষ্টম কাৰণ হিচাপে পৰিগণিত হৈছে। ডায়েবেটিছ ৰোগীৰ প্ৰায় ৯০ শতাংশই টাইপ ২ ডায়েবেটিছত ভোগে। বাকী ১০ শতাংশহে টাইপ ১ ডায়েবেটিছত ভোগে। অলস জীৱনশৈলী, খাদ্যভ্যাস, শাৰীৰিক শ্ৰমহীনতা, মেদবহুলতা আৰু সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন টাইপ ২ ডায়েবেটিছ ৰোগ বৃদ্ধি হোৱাৰ মুখ্য কাৰণ। যদিও টাইপ ১ ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰা সম্ভৱ নহয় তথাপি আমি অলপ সজাগ হৈ অলস জীৱনশৈলী আৰু খাদ্যভ্যাসৰ অলপ সংশোধন ঘটাই দৈনন্দিন জীৱনত কিছুমান কথা মানি চলিলে টাইপ ২ ডায়েবেটিছ ৰোগক হৰুৱাব পাৰো।

টাইপ ২ ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ বাবে শৰীৰৰ মেদবহুলতা কমাই স্বাস্থ্যকৰ ওজন সঠিককৈ ৰাখিব লাগে। উচিত খাদ্য গ্ৰহণ, শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়াম আদিয়ে শৰীৰৰ সঠিক ওজন নিয়ন্ত্ৰণত সহায় কৰে। স্বাস্থ্যসন্মত ওজন সঠিককৈ ৰাখিবলৈ ব্যক্তি এজনে শৰীৰৰ ওজন আৰু শাৰীৰিক পৰিশ্ৰম অনুযায়ী চিকিৎসক বা ডায়েবেটিছিয়ানৰ পৰামৰ্শ মতে প্ৰতিদিনে গ্ৰহণ কৰিব লগা কেলৰি আৰু খাদ্যৰ ধৰণ নিৰূপন কৰি গতানুগতিক খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰি উচিত খাদ্য গ্ৰহণ কৰিব লাগে। অলস জীৱনশৈলী ত্যাগ কৰি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। ব্যায়ামৰ ভূমিকা টাইপ ২ ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অপৰিহাৰ্য। সপ্তাহত মুঠ ১৫০ মিনিট, প্ৰতিদিনে অন্তত: ৩০ মিনিটকৈ সপ্তাহত পাঁচ দিন নিয়মীয়াকৈ ব্যায়াম(খোজকঢ়া, লাহে লাহে দৌৰা, সাঁতোৰা, চাইকেল চলোৱা ইত্যাদি) কৰি টাইপ ২ ডায়েবেটিছৰ আশংকা কমাই ৰাখিব পাৰি। শাৰীৰিক ব্যায়ামৰ লগতে আন শ্ৰমহীন জীৱনশৈলীৰ পৰিৱৰ্তন(যেনে- গাড়ী ধোৱা, পুৱা-গধুলি খোজ কঢ়া, বাগিচাত কাম কৰা, ঘৰ চাফা কৰা, বেডমিন্টন খেলা, লিফট ব্যৱহাৰ নকৰা, খোজকাঢ়ি বজাৰ-সমাৰ কৰা আদি) কৰিও স্বাস্থ্যসন্মত ওজন অটুট ৰাখিব পাৰিলে উৎকৃষ্ট ফল পাব পৰা যায়। পৰিশ্ৰমী জীৱন এটা কটালে টাইপ ২ ডায়েবেটিছ হোৱাৰ আশংকা ৬০ শতাংশ কমি আহে। সুস্থ জীৱনশৈলী কটাই নিয়মিত ধ্যান কৰা, বন্ধুৰ সৈতে আড্ডা দিয়া, প্ৰাণ ভৰি হঁহা আদিৰ উপৰি মানসিক চাপ, সুৰাপান, ধূমপান আৰু টোপনি ক্ষতি আদি ত্যাগ কৰি শৰীৰৰ ৰক্তচাপ, লিপিড প্ৰফাইল আদি সঠিককৈ ৰাখিলে টাইপ ২ ডায়েবেটিছ ৰোগ হোৱাৰ পৰা হাত সাৰি থাকিব পাৰি। ডায়েবেটিছ ৰোগক হৰুৱাবলৈ হ’লে আমি স্বাস্থ্য সজাগ হৈ নিয়মীয়াকৈ তেজৰ ছুগাৰ পৰীক্ষা কৰিব লাগে। ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ বাবে প্ৰি-ডায়েবেটিছ পৰ্যায়তে ধৰা পৰাটো প্ৰয়োজনীয়। অতি বেছি ওজন বৃদ্ধি, অতিৰিক্ত মেদবহুলতা, পৰিয়ালত কাৰোবাৰ ডায়েবেটিছৰ ইতিহাস থকা, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল, মহিলাসকলৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ সময়ত তেজত ছুগাৰৰ পৰিমাণ বেছি হোৱা বা বেছি ওজনৰ নৱজাতকৰ জন্ম দিয়া, মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হোৱাৰ অন্যতম কাৰণ PCOS ৰোগত ভোগা আদি থাকিলে চিকিৎসকৰ পৰামৰ্শ মতে ৩০-৩৫ বছৰ বয়সৰ ভিতৰতে প্ৰথমবাৰ ডায়েবেটিছৰ বাবে তেজত ছুগাৰৰ মাত্ৰা পৰীক্ষা কৰিব লাগে। ফলাফল নিৰ্দিষ্ট মাত্ৰাৰ ভিতৰত থাকিলে তিনি বছৰৰ মূৰে মূৰে পুনৰাই কৰিব লাগে। এনেদৰে কিছু সজাগতা অৱলম্বন কৰিলেই আমি ডায়েবেটিছ ৰোগক হৰুৱাব পাৰিম।

লেখক:ডা: ধৰ্মকান্ত কুম্ভকাৰ

 

 

3.0
দিপক কুমাৰ নাথ Aug 04, 2019 07:32 PM

সুন্দৰ আৰু সময়োপযোগী লিখনি।।।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top