ডায়েৰিয়া ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা
১০ গ্ৰাম মাত্ৰাত কুটজৰ চাল, ১০ গ্ৰাম কেঁচা ডালিমৰ বাকলিৰ লগত আধা লিটাৰ পানীত উতলাই ১০০ মি:গ্ৰাম থাকোতে নমাই চেকি লওক। এই ৰসৰ লগত দুচামুচ মৌ মিহলাই খুৱালে ডায়েৰিয়া ৰোগ নিৰাময় হয়।
- আমৰ গুটি (ভিতৰৰ কাঠপাত) আৰু গজ পিপলি একেলগে গুৰি কৰি পানীত মিহলাই খালেও অতিসাৰ বা ডায়েৰিয়া ৰোগ ভাল হয়।
- সৰু ল’ৰা-ছোৱালীৰ ডায়েৰিয়া ৰোগ হ’লে জায়ফল পানীত ঘঁহি চেলেকিবলৈ দিলে শীঘ্ৰে ভাল হয়।
- ডায়েৰিয়া ৰোগত মিঠা ডালিমৰ ৰস খুৱালেও ৰোগ সোনকালে আৰোগ্য হয়।
- শিলিখা পুৰি ছাই কৰি তাৰ লগত সৈন্ধৱ লৱণ মিহলাই উতলা পানীত গুলি চাহৰ দৰে খালেও ডায়েৰিয়া ৰোগ ভাল হয়।
- পাঁচ গ্ৰাম চফ গুৰি কৰি তাৰ লগত সম পৰিমাণত মিচিৰি মিহলাই পানীত গুলি খুৱালেও ডায়েৰিয়া ভাল হয়।
- ডালিমৰ গুটি (ৰস থকা অংশসহ) চফ, জিৰা আৰু ধনিয়া সমান মাত্ৰাত লৈ বটি গুৰি কৰি লওক। দৈৰ পানীৰ লগত এই চূৰ্ণ আধা চামুচ মাত্ৰাত মিহলাই খুৱালে ডায়েৰিয়া নিয়ন্ত্ৰণ হয়।
- কেঁচা বেলৰ শাহ আৰু আমৰ গুটিৰ ভিতৰৰ বগা কাঠপাত সমান মাত্ৰাত লৈ পানীত উতলাই ডাঠকৈ ৰস প্ৰস্তুত কৰক। এই ৰস দিনে দুই তিনিবাৰ দুচামুচ মাত্ৰাত খুৱালে ডায়েৰিয়া একেদিনাই বন্ধ হয়।
- কেঁচা বেলৰ শাহ পানীত উতলাই চেকি গুড়ৰ লগত মিহলাই খুৱালে তেজ পৰা ডায়েৰিয়াও বন্ধ হয়।
লেখিকা: ডা: স্বৰ্ণালী শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।
শেহতীয়া উন্নীতকৰণ: : 6/17/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.