অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিচেন্ট্ৰি: আয়ুৰ্বেদিক নিৰাময়

ডিচেন্ট্ৰি: আয়ুৰ্বেদিক নিৰাময়

ডিচেন্ট্ৰি বা আমাশয় ৰোগত আমাৰ দেশৰ বহু মানুহে ভোগে। কবলৈ গ’লে বহু পৰিয়ালত এই ৰোগ স্থায়ী। সেয়ে কম বেছি পৰিমাণে সকলোৱে এইবিধ ৰোগক লৈ চিন্তিত। বহু অৰ্থ ব্যয় কৰি চিকিৎসা কৰিও বহুতে এই ৰোগৰ পৰা অব্যাহতি নাপায়। এতিয়া প্ৰশ্ন হ’ল- আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা ইয়াক নিৰাময় কৰিব পাৰিনে? ইয়াৰ উত্তৰ হ’ল- নিশ্চয় পাৰি।

আমাশয় ৰোগৰ আয়ুৰ্বেদিক ভাষাৰ প্ৰকৃত নাম হ’ল- ‘প্ৰবাহিকা’। আমাশয় বা প্ৰবাহিকা হ’ল- অহিতাহাৰে বায়ু প্ৰকূপিত হৈ সঞ্চিত কফক মলৰ সৈতে অলপ অলপকৈ বাৰে বাৰে অধোগামী কৰে। এই ৰোগত প্ৰবাহন অৰ্থাৎ কুন্থন দ্বাৰা সমল কফ নি:সৰিত হয় বাবে কবিৰাজ পণ্ডিতসকলে ইয়াক প্ৰবাহিকা প্ৰায় একে ধৰণৰ।

আমাশয় ৰোগীসকলৰ আহাৰ বিহাৰত কিছুমান বিধি নিষেধ আছে।

অহিত আহাৰ: অৰ্থাৎ যি আহাৰ বা খাদ্যদ্ৰব্য শৰীৰৰ পক্ষে স্বাস্থ্যকৰ বা হিতকৰ নহয় তেনেবিলাকেই অহিত আহাৰ আৰু তেনে আহাৰ খোৱা অনুচিত।

বিৰুদ্ধ আহাৰ

খাদ্যদ্ৰব্যৰ মাজত সামঞ্জস্য থকা দৰকাৰ। একেলগে বহুবিধ একেধৰণৰ আহাৰ খোৱা অনুচিত। বিশেষকৈ এবিধ খাদ্যদ্ৰব্যৰ লগত অন্য কিছু বিশেষ খাদ্য খালে বিপৰীতধৰ্মী প্ৰতিক্ৰিয়া হ’ব পাৰে। মাংসৰ সৈতে গাখীৰ খালে তাৰ লগতে পায়সো খালে। এই ধৰণৰ খাদ্যই শৰীৰৰ ক্ষতি কৰে। ইয়েই হ’ল বিৰুদ্ধ আহাৰ। ইয়াৰ পৰা আমাশয় ৰোগৰ জন্ম হ’ব পাৰে।

বিষমাহাৰ

যাৰ যিমানখিনি খাদ্য দৰকাৰ ঠিক সিমানখিনিহে গ্ৰহণ কৰা উচিত। অতিৰিক্ত আহাৰে শৰীৰৰ ক্ষতি কৰে।

যিকোনো ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ঔষধৰ লগতে খাদ্যৰ বিষয়টো গুৰুত্বপূৰ্ণ। চৰকৰ মতে, ‘বিনা ঔষধে ৰোগ আঁতৰিলেও বিনা পথ্যে ৰোগ আৰোগ্য নহয়।’ সেয়ে আয়ুৰ্বেদ চিকিৎসাত ঔষধৰ সমানে পথ্যৰ ওপৰতো গুৰুত্ব দিয়া হয়।

আমাশয় ৰোগীৰ বাবে সুখাদ্য

পুৰণি চাউল, আখৈৰ মগু, মচুৰ আৰু ৰহৰ দাইলৰ জোল, কুমলীয়া কঁঠাল, কাচকল, বেল, ডালিম। মাছৰ ভিতৰত শিঙি, খলিহনা বা মিছামাছৰ বাহিৰে অন্য সৰু মাছ। প্ৰয়োজন আৰু চাহিদা অনুসৰি বিশুদ্ধ পানী।

উৰহী, চজিনা, মৰিচাশাক, আম, কোমোৰা, লাও, পুৰৈশাক, নাৰিকল, নহৰু আদি আমাশয় ৰোগীয়ে নোখোৱা ভাল।

আয়ুৰ্বেদ শাস্ত্ৰত আমাশয় ৰোগীৰ বহুতো ঔষধ আছে। তাৰ কেইবিধমান ঔষধ এনেধৰণৰ-

  • লবঙ্গাভ্ৰযোগে।
  • লবঙ্গাদ্ৰবক।
  • পূৰ্ণচন্দ্ৰোদয় ৰস,
  • জাতি ফলাদি বটি।
  • ভুৱনেশ্বৰ।
  • কৰ্পূৰ ৰস।
  • আনন্দ ভৈৰৱ ৰস ইত্যাদি।

আমাশয় ৰোগত এইকেইবিধ ঔষধক ধনন্তৰী বোলা হয়।

অন্যান্যা ব্যৱস্থা

পানী উতলাই খাব লাগে। নিয়মমতে ঔষধ আৰু সঠিক খাদ্য খালে আমাশয় ৰোগৰ ভয়ৰ কোনো কাৰণ নাই।

লেখিকা: ডা: স্বৰ্ণালী শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate