মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / ডেৰকুৰি বিকল্প চিকিৎসা পদ্ধতিৰ সবিশেষ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডেৰকুৰি বিকল্প চিকিৎসা পদ্ধতিৰ সবিশেষ:

ৰোগ বৃদ্ধিৰ লগে লগে চিকিৎসা বিজ্ঞানৰ ব্যাপক গৱেষণাৰ পৰিণতিস্বৰূপে আধুনিক পাশ্চাত্য মূলৰ এল’পেথিক চিকিৎসাৰ যেনেদৰে প্ৰসাৰ ঘটিছে,তেনেদৰে প্ৰসাৰ ঘটিছে পৰম্পৰাগত বা বিকল্প চিকিৎসা পদ্ধতিৰো।এয়া আচলতে নিয়তিৰ সৈতে মানুহৰ অক্লান্ত সংগ্ৰামৰে অন্যতম প্ৰতিফলন।হয়তোবা ইউৰোপীয় এল’পেথিক চিকিৎসাৰ বহু সীমাবদ্ধতাই পৰম্পৰাগত বিকল্প চিকিৎসাৰ অধিক গৱেষণাৰে দুৱাৰ মুকলি কৰিছে আৰু সেইদৰে বিকল্প চিকিৎসা পদ্ধতি জনপ্ৰিয় হ’বলৈও ধৰিছে।

 

ৰোগ বৃদ্ধিৰ লগে লগে চিকিৎসা বিজ্ঞানৰ ব্যাপক গৱেষণাৰ পৰিণতিস্বৰূপে আধুনিক পাশ্চাত্য মূলৰ এল’পেথিক চিকিৎসাৰ যেনেদৰে প্ৰসাৰ ঘটিছে,তেনেদৰে প্ৰসাৰ ঘটিছে পৰম্পৰাগত বা বিকল্প চিকিৎসা পদ্ধতিৰো।এয়া আচলতে নিয়তিৰ সৈতে মানুহৰ অক্লান্ত সংগ্ৰামৰে অন্যতম প্ৰতিফলন।হয়তোবা ইউৰোপীয় এল’পেথিক চিকিৎসাৰ বহু সীমাবদ্ধতাই পৰম্পৰাগত বিকল্প চিকিৎসাৰ অধিক গৱেষণাৰে দুৱাৰ মুকলি কৰিছে আৰু সেইদৰে বিকল্প চিকিৎসা পদ্ধতি জনপ্ৰিয় হ’বলৈও ধৰিছে।

অসম চৰকাৰ ভূতত্ত্ব আৰু খনিজ বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া হৰেশ চন্দ্ৰ বৰুৱাই বহু কিতাপ-পত্ৰ পঢি বেছ কষ্ট কৰি শেহতীয়াকৈ লিখি উলিওৱা ‘বিকল্প চিকিৎসা পদ্ধতি’ শীৰ্ষক দুশৰো অধিক পৃষ্ঠাৰ কিতাপখনত ত্ৰিশটামান বিকল্প চিকিৎসা পদ্ধতিৰ সুন্দৰ আলোচনা আছে,যদিওবা তেৱেঁই লিখিছে যে এনে চিকিৎসা পদ্ধতি এশৰো অধিক বিদ্যামান।আনকি অ-বিজ্ঞানসন্মত বুলি ভবা মন্ত্ৰ চিকিৎসাৰ যথাৰ্থতাও আত্মিক চিকিৎসা পদ্ধতিত স্বীকৃত হৈছে-জৰা-ফুকাৰ গুৰুত্বও তেওঁ তুচ্ছ কৰা নাই।ভাতৰ চৰকাৰেও আয়ুৰ্বেদিক,যোগ,উনানি,সিদ্ধি আৰু হোমিঅ’পেথিক এই পাঁচবিধ বিকল্প চিকিৎসাক একেলগে Ayurvedic,Yoga,Unani,Siddhi আৰু Homeopethic)নামকৰণেৰে তাৰ প্ৰয়োগ আৰু প্ৰসাৰৰ নিমিত্তে স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনত সম্প্ৰতি ব্যাপক আঁচনি লৈছে।পুথিখনত সন্নিৱিষ্ট চিকিৎসা পদ্ধতিসমূহৰ ভিতৰত আছে-আয়ুৰ্বেদিক,আত্মিক(Spiritual),আৱেগমুক্ত কৌশলী পদ্ধতি(Emotional Freedom Technique),আকুপ্ৰেছাৰ,আকুপাংচাৰ,আহাৰ পদ্ধতি(Food therapy),উনানি কায়িক চিকিৎসা(Physiotherapy),চকুৰ ৰোগৰ চিকিৎসা পদ্ধতি,চুম্বকীয় চিকিৎসা পদ্ধতি(Magneto therapy),চুজুক পদ্ধতি(Suzok therapy),তেল চোহা পদ্ধতি(Oil pulling therapy),নিমখ চিকিৎসা পদ্ধতি,প্ৰাকৃতিক চিকিৎসা পদ্ধতি(Naturopathy),প্ৰাণিক পদ্ধতি,পানী চিকিৎসা পদ্ধতি(Water therapy),বনৌষধি(Herbal cure),ভৰি মালিচ চিকিৎসা(Foot massage therapy),মূত্ৰ চিকিৎসা পদ্ধতি,মৌ মাখি চিকিৎসা পদ্ধতি(Apis therapy),যোগাসন আৰু প্ৰাণায়ম,ৰেইকি পদ্ধতি,ৰুদ্ৰাক্ষ চিকিৎসা পদ্ধতি,ৰত্ন চিকিৎসা পদ্ধতি(Gem therapy),ৰং চিকিৎসা পদ্ধতি(Chrome therapy),সৌৰভ চিকিৎসা পদ্ধতি(Aroma therapy),সাংগীতিক চিকিৎসা পদ্ধতি(Music therapy),সন্মোহনী চিকিৎসা পদ্ধতি(Hypnotictreatment),সিদ্ধি চিকিৎসা পদ্ধতি আৰু হোমিঅ’পেথিক চিকিৎসা পদ্ধতি।

সঁচা কথা যে বিশ্বৰ এক-তৃতীয়াংশ লোক আজিও স্বাস্থ্যসেৱাৰপৰা বঞ্চিত,সেয়ে বিকল্প চিকিৎসাৰ প্ৰতি মানুহ স্বাভাৱিকতে ধাৱমান হ’বলৈ বাধ্য।অসমতো প্ৰতিজন চিকিৎসকৰ বিপৰীতে 6,225 জন ৰোগী।লেখকে অৱতৰণিকাতে উনুকিয়াইছে যে পৃথিৱীত অ’জন হলৰ বাবে অতিৰিক্তভাৱে এইডছ,ইব’লা আদি দুৰাৰোগ্য ৰোগৰ আৱিৰ্ভাৱ হৈছে।ইপিনে,অসমৰ দৰে ৰাজ্যত পানীত ফ্লোৰাইড,আৰ্ছেনিক আদিৰ বৰবিহ মিশ্ৰিত হৈ থকাৰ বাবেও বহু লোক অসুখত ভুগীবলগীয়া হৈছে।এনেধৰণৰ বহু পৰিস্থিতিৰ মুখামুখি হ’বলৈ এলোপেথিক চিকিৎসাই হয়তো বিশেষ সহায় নকৰিব।সেইকাৰনে বিকল্প চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত ন ন গৱেষণা আৰু প্ৰয়োগৰ প্ৰয়োজনীয়তা আহি পৰিছে।

বেছিভাগ মানুহে নাজানে যে অবিশ্বাস্য বুলি ধাৰণা কৰিব পাৰে,কিন্তু বৰুৱাই স্পষ্টভাৱেই লিখিছে যে বিকল্প চিকিৎসা হিচাপে নিমখৰ খনিৰ গাঁতত এঘন্টামান থাকিলে ছাইনাছ,হাঁপানি,এলাৰ্জী আদি ৰোগবোৰ নিৰাময় হয়।ইজিপ্তৰ পিৰামিড এটাৰ ভিতৰত আধাঘন্টাকৈ এসপ্তাহমান থাকিলেই পক্ষাঘাত বা এপিলেপসী ৰোগৰপৰা আৰোগ্য পাব পাৰি;হাঁপানি ৰোগী এজনৰ ফটো এখনত ৰংচঙীয়া স্ফটিক এটা ৰাখি থ’লে হাঁপানিৰ পৰা পৰিত্ৰাণ পায়।আনকি পতি-পত্নীৰ বিচনাৰ স্থান সলনি কৰিলেও হেনো সন্তান হয়-এইবোৰৰ কাৰণ অৱশ্যে আজিও অনুৎঘাটিত হৈয়ে আছে।লেখকে পাঁচ হেজাৰ বছৰীয়া পুৰণি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ বিস্তৃত আলোচনা কৰিছে;তেনেদৰে কৰিছে এই পদ্ধতিৰ অন্তৰ্গত চাৰিটা ভাগ-পঞ্চকৰ্ম,সুগন্ধি,গন্ধৰ্ব সংগীত আৰু ধ্যানৰ পুংখানুপুখ আলোচনাও।তেঁও ন দি কৈছে যে আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা হ্ৰদপিণ্ডৰ অসুখ,জননেন্দ্ৰিয়ৰ দুৰ্বলতা,বন্ধ্যাত্ব,কলেষ্টেৰল,মেন’প’জ,কেশহীনতা,বেচু(Eczema),হাঁপানি,পেটৰ ঘা,যকৃতৰ অসুখ,অৰ্শ আদি ৰোগ ভাল কৰিব পাৰি।পানীলগা,কাঁহ,হাঁচি,গাৰ বিষ,কোষ্ঠকাঠিন্য,পেটত বায়ু জমা হৈ ওফন্দি থকা,বদহজম,অম্লতা,মুখৰ ঘা,উফিৰ বাবে চুলি সৰা,গৰমত হোৱা চৰ্মৰোগ আদিৰ চিকিৎসা কেনেদৰে বনৌষধিৰে কৰি সহজে নিৰাময় পাব পাৰি তাৰ দিহাও পুথিখনত আছে।

আত্মিক চিকিৎসা পদ্ধতি-

 

আত্মিক চিকিৎসা পদ্ধতিও অতি পুৰণি,ক’বলৈ গ’লে ই মানুহৰ মজ্জাগত,ইচ্ছাশক্তি বা কল্পনাশীল ক্ষমতাই ইয়াৰ আধাৰ।আৱেগমুক্ত কৌশলী চিকিৎসাৰপৰা পোৱা নিৰাময়ৰ অভিজ্ঞতাও লেখকে বৰ্ণাইছে।আকুপ্ৰেছাৰ চিকিৎসা বিষয়ক অধ্যায়ত কোৱা হৈছে কেনেকৈ হাঁপানি আৰু কাহ,আঁঠুৰ বিষ,মাইগ্ৰেন,মাহেকীয়া বন্ধনী,নাকেৰে তেজ ওলোৱা,কলা,কোষ্ঠকাঠিন্য,স্পণ্ডিলাইটিছ,বুকুৰ বিষ,অনিদ্ৰা আদিৰ চিকিৎসা এই ব্যৱস্থাৰে সুন্দৰকৈ কৰিব পাৰি। খাদ্যথেৰাপী আৰু বনৌষধি চিকিৎসাৰ বহুল উপকাৰিতা সম্পৰ্কে সৰ্বসাধাৰণ মানুহো কম-বেছি পৰিমাণে অৱগত।লেখকে যথাৰ্থভাৱেই লঘুপাকী আৰু স্নিগ্ধ খাদ্যৰ ওপৰত গুৰুত্ব দিছে।আমাৰ পৰম্পৰাগত নিষেধ দিহা কিছুমানো তেওঁ উনুকিয়াইছে।যেনে-তিতা আৰু খাৰ একেলগে খালে গুৰুপাকী হয়,মৌ তপতাই খালে বিষাক্ত হয়;জলকীয়া, জালুক,আদা,নহৰু আৰু পিঁয়াজ একেলগে খাব নালাগে;পূৰৈ শাক তিল বটাৰ লগত খালে বিৰুদ্ধ ভোজন হয়;গাখীৰৰ লগত লোণ খাব নালাগে;ৰাতি কল খোৱা হানিকাৰক ইত্যাদি।বহুমূত্ৰ ৰোগীৰ আহাৰ,তদুপৰি বয়সৰ গতি ৰুদ্ধ কৰিবলৈ তথা যৌনতা সজাগ ৰাখিবলৈ খাবলগীয়া পথ্যৰো নিদান দিয়া হৈছে।

চকুৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ কাৰণে ব্যায়াম-

 

চকুৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ কাৰণে লেখকে কিছুমান ব্যায়ামৰ পৰামৰ্শ দিছে,এনে ব্যায়াম কৰি তেওঁ নিজেও মাইয়’পিয়াৰ পৰা পৰিত্ৰাণ পোৱা বুলি উনুকিয়াইছে।লগতে উল্লেখ কৰিছে যে চকুপানী শুকাই গ’লে চকু টিপিয়াব লাগে;দৃষ্টিৰ অসুখৰ পৰা ৰোগীয়ে নিজৰ লেলাউটি দুই-তিনিদিন পৰ্যন্ত চকুত লগালে নিৰাময় পাব পাৰি।চুম্বকীয় চিকিৎসা পদ্ধতি,চুজুক চিকিৎসা পদ্ধতি,মৌমাখি চিকিৎসা,ৰুদ্ৰাক্ষ চিকিৎসা পদ্ধতি,ৰত্ন চিকিৎসা পদ্ধতি,সৌৰভ চিকিৎসা পদ্ধতি,সাংগীতিক চিকিৎসা পদ্ধতি,সন্মোহনী চিকিৎসা পদ্ধতি,সিদ্ধি চিকিৎসা পদ্ধতি সম্পৰ্কে অসমৰ লোক বিশেষ অৱগত নহ’লেও সেইবোৰৰপৰা যে প্ৰচুৰ উপকাৰিতা পোৱা যায়,তাক ইয়াত উদাহৰণসহ লেখকে সাবলীলভাৱে দাঙি ধৰিব পাৰিছে।পানী পদ্ধতিৰ দ্বাৰাও মূৰ কামোৰণিৰপৰা আৰম্ভ কৰি স্বৰযন্ত্ৰ প্ৰদাহপৰ্যন্ত ভালেমান ৰোগৰ চিকিৎসা কৰিব পাৰি।সন্মোহনী চিকিৎসাৰ ক্ষেত্ৰত অৱশ্যে কেইবাটাও পৰ্যায়ৰ প্ৰশিক্ষণ জৰুৰী,কিয়নো সন্মোহনৰপৰা এজন ৰোগীক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাটোহে জৰুৰি কথা।এই পদ্ধৰিৰদ্বাৰা খোনা,অস্বাভাৱিক প্ৰকৃতিগত ভয়,নিদ্ৰাহীনতা,অল্পস্মৃতি,সংজ্ঞালোপ আদি নিৰাময় ক্ৰিব পাৰি বুলি কোৱা হৈছে।বৰুৱাৰ গৱেষণাধৰ্মী এই পুথিখন প্ৰতিজনৰে,প্ৰতি পৰিয়ালৰে হাতপুথি হ’বৰ যোগ্য।

উৎস: দৈনিক অসম

3.05555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top