মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / দেশীয় গছ-গছনি আৰু ফলমূলৰ দ্বাৰা ৰোগমুক্তিঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দেশীয় গছ-গছনি আৰু ফলমূলৰ দ্বাৰা ৰোগমুক্তিঃ

অঙ্কুৰিত বুটমাহ, গাজৰ, বন্ধাকবি, তুলসীপাত, গম, ঘেঁহু, আদা প্ৰভৃতি কেঞ্চাৰ ৰোগীসকলে অৱশ্যেই খোৱা উচিত।

কেঞ্চাৰৰ পৰা মুক্তিঃ

অঙ্কুৰিত বুটমাহ, গাজৰ, বন্ধাকবি, তুলসীপাত, গম, ঘেঁহু, আদা প্ৰভৃতি কেঞ্চাৰ ৰোগীসকলে অৱশ্যেই খোৱা উচিত।

হৃদৰোগৰ পৰা মুক্তিঃ

পটল, জিকা, বন্ধাকবি, দেশী গাজৰ, মূলা, পালেং শাক-পাচলি প্ৰভৃতি হৃদৰোগীসকলে খোৱা ভাল। হৃদৰোগীৰ পক্ষে নিৰামিষ আহাৰ অতি উত্তম। এই ৰোগীয়ে আপেল, আঙুৰ, অমিতা, ঘোল খাব পাৰে। এইবোৰ ৰোগীৰ মহৌষধ হ’ল ধ্যান আৰু সুনিদ্ৰা।

হাঁপানিৰ পৰা মুক্তিঃ

হাঁপানিৰ টান তীব্ৰতৰ হ’লে নেমুৰ ৰস আৰু অলপ গৰম পানী খাব লাগে। উপবাস থকা বাঞ্চনীয়। খোৱাৰ সময়ত পেট খালী থকা অৱস্থাত খাব লাগে। গাখীৰ নাখাব বা কম খাব আৰু যদি কেতিয়াবা খোৱাও যায় তেতিয়া শুকান আদাৰ গুড়ি মিহলাই খাব লাগে। গৰম কফি মাজে মাজে খাব পাৰে, কিন্তু নিয়মিত নহয়। মিঠা কমলাটেঙা, আপেল, পিঁয়াজ, নহৰু, আদা, পাতিনেমু, লৱঙ্গ (লং), কডলিভাৰ, মাছৰ তেল, বন্ধাকবি, গছত পকা বিলাহী কমকৈ খাব। হাইব্ৰীড বিলাহী নাখাব, কাৰণ এইবোৰ ইথ্ৰেল নামৰ বিষাক্ত ঔষধেৰে পকোৱা হয়।

নিদ্ৰাহীনতাৰ পৰা মুক্তিঃ

মাছ, মাংস, কণীৰ বাহিৰে সহজে হজম হোৱা নিৰামিষ আহাৰ খাব। লগতে মনৰ দৃঢ়তা আনিব।

ডায়েবেটিছ বা মধুমেহৰ পৰা মুক্তিঃ

চাকিত পিহি গুড়ি কৰা বুট আৰু গম মিশ্ৰিত আটা বা চয়াবিন বা গম মিশ্ৰিত আটাৰ ৰুটি, ঘৰতে তৈয়াৰ কৰা দৈ (মিঠা দৈ নহয়), টেঙাজাতীয় ফল, প্ৰচুৰ শাক-পাচলি, নাৰিকল, বেঙেনা, তিতাকেৰেলা, লাউ, পটল, তিয়ঁহ, গছত পকা বিলাহী, কলাজামু, কলফুল, পচলা খোৱা ভাল। ভাত পৰিমাণ মতে খাব লাগে (কেৱল মাত্ৰ উক্ত ৰোগ বিবেচনা কৰি নহয়, স্বাভাৱিক ভাত খোৱা সকলোৰে পক্ষে পৰিমাণ মতে অৰ্থাৎ খোৱাৰ পাছত পেট কিছু খালী থাকিব)। পানী কঢ়া ভাত এই ৰোগীৰ পক্ষে উপকাৰী, লেটুচ পাত, মানিমুনিৰ পাত, ধনীয়া পাত, মেথি শাক এই ৰোগৰ ভাল পথ্য। মেথিৰ গুড়ি খোৱা ভাল। কাজুবাদাম, চীনাবাদাম মাজে মাজে খালে উপকাৰ পোৱা যায়। সৰু জীয়া মাছ, যেনে- পুঠি, মোৱা ইত্যাদি মাছ খাব পাৰে।

শকত হোৱা বা শৰীৰৰ মেদ বৃদ্ধিৰ পৰা মুক্তিঃ

ৰাতিপুৱা অঙ্কুৰিত বুটমাহ, ফলৰ ৰস, পাতিনেমু, কমলাটেঙা, বেল, ডালিয়া, তিয়ঁহ, পালেং শাক, বন্ধাকবি, দাইল খোৱা উপকাৰী। সপ্তাহত তিনি দিনৰ বেছি মাছ খাব নালাগে আৰু প্ৰতিবাৰতে ১০০ গ্ৰামতকৈ বেছি খোৱা উচিত নহয়। দিনে এবাৰেই ভাত আৰু এবাৰেই আটাৰ ৰুটি খাব লাগে। ৰুটি ভুচি থকা আটাৰ অৰ্থাৎ নাচালা আটাৰ হ’ব লাগে। খাওঁতে পেট খালী কৰি পৰিমাণ মতে খাব লাগে।

স্পণ্ডিলাইটিচৰ পৰা মুক্তিঃ

সহজে হজম হোৱা অথচ পুষ্টিকৰ খাদ্য খাব। খাদ্যবস্তু গৰমে গৰমে খাব। ৰসাল কোনো বস্তু নাখাব।

স্তনৰ টিউমাৰৰ পৰা মুক্তিঃ

বিলাহীত থকা লাইকোপিনে ৰোগ নিৰাময়ত সহায় কৰে। চয়াবিনো বিশেষভাৱে উপকাৰী।

ভয়ৰ পৰা মুক্তিঃ

সাত্ত্বিক (নিৰামিষ) আহাৰ কৰিব লাগে। উত্তেজনা হয় এনে কোনো ছবি বা ঘটনাৰ পৰা নিজকে দূৰত ৰাখিব লাগে।

অৰ্শৰ পৰা মুক্তিঃ

পাচলিৰ ভিতৰত ওল এবিধ উপকাৰী তৰকাৰী। ইয়াৰ বাহিৰেও মানকচু, গছত পকা অমিতা অথবা কেঁচা অমিতা, পটল, ডিমৰু, চালকোমোৰা, মূলা, লাউ, তিতাকেৰেলা, হেলেচি শাক, পৰিমাণ মতে অতিৰিক্ত সিদ্ধ ভাত খালে ভাল। অতিৰিক্ত জ্বলা-মচলা বিহীন খাদ্য এই ৰোগৰ বিশেষ পথ্য। মাছ, মাংস বিশেষভাৱে বৰ্জনীয়। দৈনিক নিয়মকৈ দুপৰীয়া ঘৰতে বনোৱা দৈৰ ঘোল খালে উপকাৰ পোৱা যায়।

পুৰুষত্বহীনতাৰ পৰা মুক্তিঃ

দুটা মনোহৰ কলৰ সৈতে দুখন ঘৰত বনোৱা আটাৰ ৰুটি খাব। অলপ বেলা হ’লে সামান্য টিফিন কৰিব। আহাৰৰ সময়ত ভাত, মাছ, ৰঙালাউ, মানিমুনি শাক, পটল, মচুৰ দাইল খাব। ফলৰ ভিতৰত আপেল, আঙুৰ, বেদনা আদি খাব।

প্ৰষ্টেট বৃদ্ধিৰ পৰা মুক্তিঃ

এই ৰোগত বেছি পৰিমাণে পানী খাব লাগে। অতি কমেও দৈনিক পাঁচ লিটাৰ পানী খাব লাগে। ইয়াৰ বাহিৰেও কেঁচা পিঁয়াজ, পকা কল, গছত পকা অমিতা (কাৰ্বাইদেৰে পকোৱা নহয়), তিয়ঁহ, ৰুটি আৰু প্ৰচুৰ পৰিমাণে ফল খাব লাগে।

স্বপ্নদোষৰ পৰা মুক্তিঃ

খাদ্যাভ্যাস নিৰ্বাচনৰ ক্ষেত্ৰত সঠিক পদক্ষেপ ল’ব লাগে। যেনে- খাঁটী গাখীৰ, সপ্তাহত তিনিদিনৰ বেছি কণী খাব নালাগে। একেদিনে গাখীৰ আৰু কণী একেলগে খোৱা উচিত নহয়। কণী হ’ল উচ্চ প্ৰ’টিনযুক্ত খাদ্য।

উগাৰৰ পৰা মুক্তিঃ

সহজে হজম হোৱা পুষ্টিকৰ খাদ্য খাব। গৰম মচলাযুক্ত, পিঁয়াজ, নহৰু মিশ্ৰিত ৰন্ধা খাদ্য আৰু শস্যবটা নাখাব।

পাকস্থলীৰ ঘাৰ পৰা মুক্তিঃ

বিশুদ্ধ খাঁটি গাখীৰ, শাক, আলু, তিয়ঁহ, বগাজামু, মিঠা, নেমুৰে বনোৱা চৰবত খাব। এসপ্তাহ পাছত বেছি সিজা ভাতৰ সৈতে গাখীৰ, ডাবৰ পানী, পকা মনোহৰ কল বা মালভোগ কল খাব। দুসপ্তাহ পাছত অৰ্থাৎ তৃতীয় সপ্তাহৰ পৰা অৱস্থা বুজি লাউ, অমিতা, আলু, বেঙেনা সিদ্ধ খাবলৈ দিব পাৰি।

মাইগ্ৰেনৰ পৰা মুক্তিঃ

প্ৰাথমিক স্তৰত আঢ়ৈ গ্ৰাম আদা চোবাই খাব লাগে। ৩-৪ ঘণ্টা পাছত সেই একেই মাত্ৰাত আদা খালে মাইগ্ৰেনৰ বিষ কমিবলৈ ধৰে। মাইগ্ৰেনৰ ৰোগীবোৰে মাছ, মাংস, কণী, ছানা, ঘিউ জাতীয় খাদ্য বস্তুতকৈ বীট, গাজৰ, পালেং শাক, হেলেচি শাক, জিকা, পটল, পুৰাকল, অমিতা, তিতাকেৰেলা খালে বেছি উপকাৰ পাব।

মাহেকীয়াৰ গণ্ডগোলৰ পৰা মুক্তিঃ

কাঁচকল (পুৰাকল), ডিমৰু, পটল, কলফুল, পচলা, পুৰণি চালকোমোৰা, বেঙেনা, ভেণ্ডি, বন্ধাকবি, তিতাকেৰেলা, হেলেচি (হেলঞ্চি) শাক বিশেষ উপকাৰী। ফলৰ ভিতৰত কমলাটেঙা, আপেল, পকা মনোহৰ কল, অঙ্কুৰিত সেউজীয়া মগুমাহ খোৱা ভাল। ভাত, ৰুটি, গাখীৰ, মাছ (১০০ গ্ৰাম খাব। ভাত বা ৰুটি খালে পেট খালী ৰাখি খাব।

মানসিক দুৰ্বলতাৰ পৰা মুক্তিঃ

খাঁটী গাখীৰ, জীয়া মাছ, দেশী কণী, পকা মনোহৰ কল, ৰঙালাউ, বন্ধাকবি, পটল ইত্যাদি পুষ্টিকৰ খাদ্য খোৱা ভাল। ফলৰ ভিতৰত আম, জামু, মধুৰীআম আদি ফল খোৱা ভাল।

অম্লতাৰ পৰা মুক্তিঃ

কেঁচা অমিতা, পটল, জিকা, পানীলাউ, বেঙেনা, পচলা, খুতুৰা শাক, আপেল, পকা কল, খৰমুজ, মিঠা কমলাটেঙা, নাৰিকল, মুৰি, নাৰিকলৰ গাখীৰ, তিয়ঁহৰ ৰস, জলফাইৰ তেল খাব। বেছি সিদ্ধ ভাত পৰিমাণমতে খাব। ভাত পেট ভৰাই নাখাব।

বায়ুৰ পৰা মুক্তিঃ

গছত পকা বেল অথবা তাৰ অবিহনে কেঁচা বেল, গছত পকা অমিতা অথবা তাৰ অবিহনে কেঁচা অমিতা, পটল, জিকা, তিতাকেৰেলা, ৰঙালাউ, তিয়ঁহ, চালকোমোৰা, মধুৰীআম, খিচমিচ, মিঠা কমলাটেঙা, মুগৰ দালি, বেছিকৈ সিদ্ধ ভাত এই ৰোগৰ বাবে উপকাৰী। কেতিয়াও পেট ভৰ্তি কৰি নাখাব।

ব্ৰণৰ পৰা মুক্তিঃ

সহজে হজম হোৱা অথচ পুষ্টিকৰ খাদ্য খাব। হেলেচি (হেলেঞ্চি) শাক, পালেং শাক, তিতাকেৰেলা, পটল, জিকা, কাঁচকল, বন্ধাকবি, গাখীৰ, পকাকল, আপেল খাব। মাংস, কণী বা টেঙাজাতীয় কোনো বস্তু নাখাব।

দাঁতৰ গুৰিৰে তেজ ওলোৱাৰ পৰা মুক্তিঃ

এই ৰোগৰ মহৌষধ হ’ল মধুৰীআমৰ পাতৰ ৰস গৰম পানীত মিহলাই সেই পানীৰে দিনে চাৰি-পাঁচবাৰ দাঁত মজা। পুষ্টিকৰ অথচ সহজে হজম হোৱা সতেজ খাদ্য খাব। প্ৰতিবাৰ খোৱাৰ পাছতে দাঁত মাজিব।

এলাৰ্জিটিক ৰাইনাটিচ (পানীলগা কাহ)-ৰ পৰা মুক্তিঃ

কাঁচকল, বিলাহী, বন্ধাকবি, গাজৰ, বীট, পালেং শাক, হেলেচি (হেলেঞ্চি) শাক, তিতাকেৰেলা খাব। পাৰিলে মাছ, মাংস, কণী নাখাব। কল, গাখীৰ, মিছামাছ, বৰালী মাছ, বেঙেনা নাখাব। কাৰণ এইবোৰ খালে এলাৰ্জী হয়।

পানীলগাৰ পৰা মুক্তিঃ

দেশী কণীৰ ওমলেট, কেঁচা পিঁয়াজ, দেশী মুৰ্গীৰ মাংস, আটাৰ ৰুটি এই ৰোগৰ বাবে উপকাৰী। কমলা টেঙা খাব। আদা থেতালি দিয়া লাল (লিকাৰ) চাহ খাব। তুলসী পাতৰ ৰস মৌৰ সৈতে খালে ভাল ফল পোৱা যায়। কোনো ঠাণ্ডা বস্তু নাখাব। সতেজ খাদ্য খাব।

চৰ্মৰোগৰ পৰা মুক্তিঃ

ৰাতিপুৱা এক গিলাচ বাহি পানী খাব। তাৰ পাছত এটুকুৰা কেঁচা হালধি, দুই চাৰিটা তুলসীৰ পাত খাব। নিৰামিষ আহাৰ খাব। তুলসী পাত আৰু নিমপাত গৰম পানীত সিদ্ধ কৰি সেই পানীৰে গা ধুব।

মুখশ্ৰী বৃদ্ধিঃ

বেচনৰ লগত এক চামুচ মৌ মিহলাই গালত সানিব, অলপ পিছত সেয়া ধুই পেলাব। কেঁচা হালধি নেমুৰে সৈতে বটি সেয়া মুখত সানি এঘণ্টামান পাছত মুখ ধুই পেলালে মুখশ্ৰী বৃদ্ধি হয়। মচুৰ দাইল বটি মুখত সানি এঘণ্টামান পাছত ধুই পেলালেও মুখশ্ৰী বৃদ্ধি পায়।

বিভিন্ন ধৰণৰ ৰোগ আৰু তাৰ চিকিৎসা-

সাধাৰণ জ্বৰঃ

ৰোগৰ কাৰণ- হঠাৎ ঠাণ্ডা লগা, শৰীৰৰ কোনো ঠাইত আঘাত পোৱা, অসময়ত স্নান কৰা, ৰাতি উজাগৰে থকা, অতিৰিক্ত পৰিশ্ৰম কৰা, বতৰৰ পৰিৱৰ্তন ইত্যাদি কাৰণত জ্বৰ হ’ব পাৰে।

ৰোগৰ লক্ষণ- ঠাণ্ডা ঠাণ্ডা ভাব, মূৰৰ বিষ, কঁপনি, গাৰ বিষ, গা জ্বালা, কোষ্ঠকাঠিন্য, অৰুচি আদি এই ৰোগৰ লক্ষণ।

ৰোগৰ চিকিৎসা- ১০ গ্ৰাম শেৱালি পাত, ১০ গ্ৰাম তুলসী পাতৰ ৰস উলিয়াই ১ চামুচ মৌ আৰু সামান্য মকৰধ্বজ মিহলি কৰি দিনে ৩ বাৰকৈ ৫ দিন খালে ৰোগ ভাল হয়।

পথ্যাপথ্য- ভাত খাব নালাগে। আটাৰ ৰুটি, দালি, তৰকাৰী আৰু গাখীৰ খাব পাৰে।

মেলেৰিয়া জ্বৰঃ

ৰোগৰ কাৰণ- সেমেকা অপৰিষ্কাৰ ঘৰত বাস, বৰষুণত তিতা, অপৰিষ্কাৰ পানীৰে গা ধোৱা আৰু এনোফিলিচ মহে কামুৰিলে এই ৰোগ হয়।

ৰোগৰ লক্ষণ- হঠাতে কঁপনি উঠি প্ৰচণ্ড জ্বৰ হয়। সেই সময়ত দুই তিনিখন লেপ ল’লেও কঁপনি বন্ধ নহয়। শৰীৰ আৰু মূৰ বিষায়, খুব পিয়াহ লাগে, কাহ হয়। যেনেদৰে প্ৰচণ্ড কঁপনি জ্বৰ হয়, সেইদৰে এঘণ্টামান পিছত খুব ঘামধৰি জ্বৰ এৰে। পিছদিনা আকৌ ঠিক সেই সময়তে জ্বৰ উঠে অথবা এদিন এৰি তাৰ পিছদিনা আকৌ সেইদৰে জ্বৰ উঠে।

ৰোগৰ চিকিৎসা- বাহকৰ পাত, তুলসীপাত, চিৰতা, গুলঞ্চ, কণ্টকীৰ পাত ২৫ গ্ৰামকৈ লৈ ১ লিটাৰ পানীত সিদ্ধ কৰি সেই পানী ১০০ গ্ৰাম হলে জুইৰ পৰা নমাই থৈ ছেকি লৈ ঠাণ্ডা কৰি ৰাখিব। প্ৰতিদিন ৰাতিপুৱা আৰু সন্ধ্যা তাৰে আধা কাপকৈ লৈ তাৰ সৈতে মৌ মিহলাই ১৫ দিন খালে মেলেৰিয়া জ্বৰ ভাল হ’ব।

পথ্যাপথ্য- সহজে হজম হোৱা বস্তু খাব। ভাত নাখাব। ৰুটি, তৰকাৰী, দালি খাব পাৰে। টেঙা নাখাব।

হামজ্বৰঃ

ৰোগৰ কাৰণ- ঋতু পৰিৱৰ্তনৰ সময়ত তাপৰ বৈষম্যৰ কাৰণে এই ৰোগ হয়। এই ৰোগ সাধাৰণতে শিশুৰ হয়, তথাপি ডাঙৰৰো এই ৰোগ হোৱা দেখা যায়। সদ্যজাত শিশুৰ পৰা ৫-৬ বছৰৰ শিশুলৈকে প্ৰায় সকলো শিশুৱেই এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।

ৰোগৰ লক্ষণ- প্ৰথমতে পানীলগা কাহ হয়, হাঁচি আহে, মূৰৰ বিষ, জ্বৰ, গোটেই শৰীৰতে বেদনা হয়। তাৰপাছত ঘামচিৰ দৰে খুব ঘনকৈ ৰঙা ৰঙা চকা বান্ধি উঠে অথবা সৰু সৰু দোবোৰা উঠে। তেতিয়া শৰীৰ বিষায়, পাতল পায়খানা হয়, মুখত অৰুচি হয়, বমি বমি ভাব হয়।

ৰোগৰ চিকিৎসা- (১) যেতিয়াই ৰোগৰ লক্ষণ প্ৰকাশ হ’ব, তেতিয়াৰপৰাই এঘণ্টাৰ মূৰে মূৰে এচামুচকৈ মেথি ভিজোৱা পানী খুৱাব।

(২) এক লিটাৰ পানীত ১৪ গ্ৰাম জোৱান, ১০ গ্ৰাম বাবুই (এক শ্ৰেণীৰ চৰাই), ১০ গ্ৰাম কুড়, ১০ গ্ৰাম মেথি মিহলাই সিদ্ধ কৰি ২৫০ গ্ৰাম পানী থাকোঁতে নমাই থ’ব। তাৰপিছত সেই পানী ছেকি লৈ এটা পাত্ৰত থৈ দিব আৰু ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি সেই পানী ২ চামুচকৈ খুৱালে হামজ্বৰ ভাল হ’ব।

পথ্যাপথ্য- তেল আৰু ঘিউ খোৱা নিষেধ। লঘু আৰু পুষ্টিকৰ আহাৰ খোৱা ভাল। মিছিৰি পানী, গাখীৰ, চাগু খাব পাৰে।

পানীলগা জ্বৰঃ

ৰোগৰ কাৰণ- বেছি ঠাণ্ডা লাগিলে, পানীত ভিজিলে, বতাহ লাগিলে আৰু ঘাম বন্ধ হ’লে এই ৰোগ হয়।

ৰোগৰ লক্ষণ- নাকেৰে পানী বয়, হাঁচি আহে, গা বিষায় আৰু জ্বৰ জ্বৰ ভাব হয়।

চিকিৎসা- ২৫ গ্ৰাম শেৱালিৰ পাত, ২৫ গ্ৰাম তুলসীৰ পাত, ২৫ গ্ৰাম বাহকৰ পাতৰ ৰসৰ সৈতে ৪ চামুচ মৌ মিহলাই ৰাতিপুৱা আৰু সন্ধ্যা খালে ৰোগ নিৰাময় হয়। এইদৰে ছয় দিন খাব লাগিব।

পথ্যাপথ্য- আদা, পিঁয়াজ, নহৰু কাটি লৈ তেলত ভাজি কালজিৰা ফোৰন দি গৰম ভাতৰ লগত খোৱা এই ৰোগৰ একমাত্ৰ পথ্য।

টাইফয়েডঃ

ৰোগৰ কাৰণ- লিভাৰৰ দোষ, কোষ্ঠবদ্ধতা, ৰাতি উজাগৰে থকা, খোৱা-লোৱাত অনিয়ম, বৰষুণত তিতা, লেতেৰা পানীত অসময়ত গা ধোৱা ইত্যাদি কাৰণত এই ৰোগ হয়।

ৰোগৰ লক্ষণ- টাইফয়েড হ’লে জ্বৰ একেবাৰে নেৰে। ১০০ৰ পৰা ১০৫ পৰ্যন্ত হয়। এইদৰে ৩-৪ দিন থাকে। ঠাণ্ডা ঠাণ্ডা লাগি থাকে। পেট ফুলে, পেটত চাপ দিলে বিষায়, মূৰত অসহ্য যন্ত্ৰণা হয়, জ্বৰৰ তাপত প্ৰলাপ বকে, কোষ্ঠকাঠিন্য হয়, ৰোগী হঠাতে চমকি উঠে, প্ৰস্ৰাৱৰ পৰিমাণ কম হয় আৰু লাল হয়। কাৰো কাৰো ৰক্তপ্ৰস্ৰাৱ হয়, ৰোগী হঠাতে কঁপি উঠে, কাৰো কাৰো মুখেৰে কথা নোলায়।

ৰোগৰ চিকিৎসা- কেইবাবাৰো মূৰত পানী ঢালিব, কপালত জলপতি দিব। কালমেঘ, শেৱালি, নিম, বিটলোণ প্ৰত্যেকৰে পাঁচ গ্ৰামকৈ লৈ তাৰ ৰস উলিয়াই তাৰ সৈতে সামান্য মকৰধ্বজ মিহলাই ১০ দিন ৰাতিপুৱা আৰু সন্ধ্যা এক চামুচকৈ খালে ৰোগ নিৰাময় হয়।

পথ্যাপথ্য- আটাৰ ৰুটি, ফল আৰু গাখীৰ খাব। টেঙা জাতীয় কোনো ফল বা বস্তু নাখাব।

বসন্তঃ

ৰোগৰ কাৰণ- ঋতু পৰিৱৰ্তনৰ কাৰণে তাপৰ সমতা নথকাৰ বাবে এই ৰোগ হয়। সাধাৰণতে শীতৰ শেষ আৰু বসন্তৰ আগমনৰ সময়ত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায়। সেয়ে এই ৰোগৰ নাম বসন্ত।

ৰোগৰ লক্ষণ- প্ৰথমতে গোটেই শৰীৰতে বিষ হয়। তাৰপাছত কঁপনি উঠি জ্বৰ আহে। ২-৩ দিন জ্বৰৰ পাছত গোটেই গাটে বসন্তৰ গুটি ওলায়। ৩-৪ দিনৰ ভিতৰত সেই গুটিত পানী জমা হয়। তাৰ পাছত পকি পুজ হয়। তেতিয়া জ্বৰ বাঢ়ি ১০৫ ডিগ্ৰী- ১০৬ ডিগ্ৰী পৰ্যন্ত হয়। ৭-৮ দিনৰ ভিতৰত গুটিবোৰ শুকাবলৈ আৰম্ভ কৰে। সেই সময়ত খুব বিষ হয়।

ৰোগৰ চিকিৎসা- যেতিয়াই গুটি দেখা দিব, তেতিয়াৰ পৰাই এঘণ্টাৰ অন্তৰে অন্তৰে এচামুচকৈ মেথি ভিজোৱা পানী খুৱাব আৰু গুটিবোৰত চন্দন বটি প্ৰলেপ দিব।

পথ্যাপথ্য- মিছিৰিৰ পানী, কুঁহিয়াৰৰ ৰস খাব। তেল, ঘিউ আদি খোৱা নিষেধ।

পানীলগা কাহঃ

ৰোগৰ কাৰণ- ঠাণ্ডা লগা, পানীত ভিজা, বতাহ লাগি গাতে ঘাম শুকাই যোৱা, হঠাতে ঠাণ্ডাৰ পৰা গৰমলৈ যোৱা আৰু গৰমৰ পৰা ঠাণ্ডালৈ অহা আৰু বতৰ পৰিৱৰ্তনৰ কাৰণে পানীলগা কাহ হয়।

ৰোগৰ লক্ষণ- প্ৰথমে নাকেৰে পানী ওলায়, হাঁচি আহে, ডিঙি খুচ্ খুচ্ কৰে, গা-হাত-ভৰি বিষায়, বুকুৰ বিষ হয়, কাহ বাঢ়ে আৰু শৰীৰৰ উত্তাপ বাঢ়ে।

ৰোগৰ চিকিৎসা- (১) ২৫ গ্ৰাম তুলসীৰ পাত, ২৫ গ্ৰাম বাহকৰ পাত আধালিটাৰ পানীত সিজাই ১২৫ গ্ৰামমান পানী থাকোতে জুইৰ পৰা নমাই থৈ তাৰ সৈতে ৬ চামুচ মৌ মিহলি কৰি দুবাৰকৈ ৭ দিন খালে পানীলগা কাহ দূৰ হ’ব।

(২) ৫ গ্ৰাম তুলসী পাত, ৫ গ্ৰাম বাহকৰ পাত, ৫ গ্ৰাম আদা, ৫ গ্ৰাম পিপলি, ৫ গ্ৰাম বচ, কেইটামান তেজপাত ৪ কাপ পানীত সিদ্ধ কৰি ১ কাপ পানী থাকোতে নমাই থৈ সেই পানী গৰমে গৰমে ৰাতিপুৱা আৰু সন্ধ্যা ২ বাৰ ৭ দিন খালে পানীলগা কাহ ভাল হয়।

(৩) শিশুৰ হুপিং কাহত ১৫ গ্ৰাম বাহকৰ পাতৰ ৰস, ১৫ গ্ৰাম তুলসী পাতৰ ৰস, ১২৫ গ্ৰাম গাজৰৰ ৰস, ১০০ গ্ৰাম মিছিৰি মিহলি কৰি জুইত পগাই ঠাণ্ডা হ’লে এটা বটলত ভৰাই ৰাখিব। সেই মিশ্ৰণৰ লগত সামান্য জালুকৰ গুড়ি মিহলাই এবাৰকৈ ২০ দিন খালে হুপিং কাহ ভাল হয়।

পথ্যাপথ্য- সহজে হজম হোৱা আৰু পুষ্টিকৰ খাদ্য খাব লাগে। ভাত নোখোৱাই ভাল। টেঙা নাখাব।

ইনফ্লুয়েঞ্জাঃ

ৰোগৰ কাৰণ- অতিমাত্ৰা বৰষুণত ভিজা বা ৰ’দত ঘূৰা, বতৰ পৰিৱৰ্তনৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ- চকু মুখেৰে পানী ওলোৱা, মূৰৰ বিষ, গাৰ বিষ, অৰুচি, বমি বমি ভাব, কাহ ইত্যাদি এই ৰোগৰ লক্ষণ।

চিকিৎসা- ১০ গ্ৰাম পাণৰ ৰস ১০ গ্ৰাম আদাৰ ৰসৰ সৈতে ২ চামুচ মৌ আৰু এটি মহালক্ষ্মীবিলাস বটিকা মিহলাই প্ৰতিদিন ৰাতিপুৱা আৰু সন্ধ্যা ৫ দিন খালে ৰোগ আৰোগ্য হয়।

পথ্যাপথ্য- লঘু আৰু সহজে হজম হোৱা আহাৰ খাব। ভাতৰ পৰিৱৰ্তে ৰুটি খোৱাই ভাল।

কালাজ্বৰঃ

ৰোগৰ কাৰণ- অলপ অলপ জ্বৰৰ ঠিকমতে চিকিৎসা নোহোৱা বা জ্বৰ উঠিবলৈ আৰম্ভ কৰোতেই তাক দমাই নিদিয়াৰ ফলত কালাজ্বৰ হয়। কব পাৰি অনিয়মিত জ্বৰৰ ফলতেই এই ৰোগ হয়।

ৰোগৰ লক্ষণ- মাজে মাজে অলপ অলপ জ্বৰ উঠে, প্লীহা বাঢ়ে, ৰক্তহীনতা দেখা দিয়ে।

ৰোগৰ চিকিৎসা- গুৱামুৰি, মেথি, যোৱান, শুঠ, জালুক, পদিনা পাত, শেৱালি পাত, কালমেঘৰ পাত, তুলসী পাত আৰু নিমপাত প্ৰত্যেক বিধৰে ১৫ গ্ৰামকৈ লৈ ১ লিটাৰ পানীত ভালদৰে সিদ্ধ কৰি সেই পানী ২৫০ গ্ৰাম থাকোঁতে নমাই থ’ব। প্ৰতিদিন ৰাতিপুৱা আৰু সন্ধ্যা তাৰে এচামুচকৈ এমাহ খালে ৰোগ ভাল হ’ব।

পথ্যাপথ্য- লঘু আৰু পুষ্টিকৰ আহাৰ খাব। টেঙা জাতীয় বস্তু নাখাব।

অজীৰ্ণঃ

ৰোগৰ কাৰণ- খোৱা বস্তু ভালদৰে হজম নহ’লে এই ৰোগ হয়।

ৰোগৰ লক্ষণ- পেট ফুলা বমি, অৰুচি, ভোক নলগা, পেটটো গধুৰ লগা, পেটৰ বিষ, উগাৰ অহা, জিভাত জাৰি পৰা, মুখত দুৰ্গন্ধ ইত্যাদি এই ৰোগৰ লক্ষণ।

ৰোগৰ চিকিৎসা- শিলিখা, ভোমোৰা, আমলখি ৫০ গ্ৰামকৈ, যোৱান, পিপলি, আদাৰ শুঁঠ ১০ গ্ৰামকৈ, বিটলোণ ৫ গ্ৰাম ৰ’দত শুকাই গুড়ি কৰি এটা বটলত ৰাখি প্ৰতিদিন দুবেলা, খোৱাৰ পিছত এই মিশ্ৰণৰ গুড়ি এক চামুচকৈ খাই এক গিলাচ পানী খালে ১০ দিনতে হজম শক্তি বাঢ়িব।

পথ্যাপথ্য- লঘু অথচ পুষ্টিকৰ আহাৰ খাব। তেল, মচলা আৰু জ্বলা দিয়া কোনো গুৰুপাক আহাৰ গ্ৰহণ নকৰিব।

অম্লঃ

ৰোগৰ কাৰণ- অজীৰ্ণ, কোষ্ঠকাঠিন্য, পেটত বায়ু জমাহোৱাৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ- আহাৰ খোৱাৰ পিছতেই ডিঙি, বুকু জ্বালা কৰে। খোৱা খাদ্য ওপৰৰ ফালে আহিব খোজে। কাৰো কাৰো বমি হয়।

ৰোগৰ চিকিৎসা- (১) ৰাতি শিলৰ বা আইনাৰ পাত্ৰত শিলিখা, ভোমোৰা, আমলখি তিয়াই ৰাখি ৰাতিপুৱা খালী পেটত সেই পানী ছেকি খালে অম্ল নাশ হয়।

(২) আধা লিটাৰ পানীত ২৫ গ্ৰাম গুৱামুৰি দি তপতাওক। সেই পানী ১০০ গ্ৰাম হ’লে নমাই ঠাণ্ডা কৰি লৈ আধা ৰাতিপুৱা খাব। বাকী আধা ৰাতি শোৱাৰ আগতে খাব। তাৰ লগত ওপৰত উল্লেখ কৰা ত্ৰিফলাৰ ৰস এচামুচ খাব। তেতিয়া অম্ল নাশ হ’ব।

পথ্যাপথ্য- গৰম ভাতৰ সৈতে অমিতা সিদ্ধ খাব। তেল, ঘিউ আৰু মচলাযুক্ত খাদ্য নাখাব। ভাতৰ পাতত পানী নাখাব।

কোষ্ঠকাঠিন্যঃ

ৰোগৰ কাৰণ- অতিমাত্ৰা চাহ আৰু কফি খোৱা, জ্বলা-মচলা দিয়া বস্তু খোৱা, পৰিশ্ৰম নকৰা, ৰাতি উজাগৰে থকা, অনিদ্ৰাজনিত কাৰণত এই ৰোগ হয়।

ৰোগৰ লক্ষণ- সকলো সময়তে মূৰ বিষায়, পেটৰ ভিতৰত ভাট্ ভুট্ কৰি থাকে, অম্ল হয়, পায়খানা পায়খানা ভাব হৈ থাকে।

ৰোগৰ চিকিৎসা- শিলিখা, ভোমোৰা, আমলখি, আদাৰ শুঁঠ, পিপলি, যোৱান, যবক্ষাৰ, সোনাপাত আৰু বিটলোণ ৫০ গ্ৰামকৈ লৈ ৰ’দত শুকাই গুড়ি কৰি এটা পাত্ৰত ৰাখিব। প্ৰতিদিন দুবেলা ভাত খোৱাৰ পাছত তাৰে এচামুচ খাই পানী খাব। যদি কোষ্ঠকাঠিন্য বেছি হয়, তেতিয়াহ’লে ৰাতি এই মিশ্ৰণৰ গুড়ি ২ চামুচ গৰম পানীত মিহলাই খাব।

পথ্যাপথ্য- বেছিকৈ শাক খাব। ঘিউ, তেলত ভজা বস্তু নাখাব। পুষ্টিকৰ আৰু সহজতে হজম হোৱা খাদ্য খাব।

বমিঃ

ৰোগৰ কাৰণ- সময়মতে নোখোৱা, বেছি পৰিমাণে খোৱা, অজীৰ্ণতা, নাকত দুৰ্গন্ধ সোমোৱা, অতিপাত জ্বৰ, কৃমি প্ৰভৃতি কাৰণত এই ৰোগ হয়।

ৰোগৰ লক্ষণ- কোনো খোৱা বস্তু খালেই বমি হয় আৰু একো নাখালেও বমি হয়।

ৰোগৰ চিকিৎসা- ২৫ গ্ৰাম শিলিখাৰ সৈতে ১৫ গ্ৰাম গুলঞ্চ, ১৫ গ্ৰাম পিপলি, ১০ গ্ৰাম জালুক গুড়ি কৰি এটা বটলত ৰাখি বমি ভাব হ’লেই ১ চামুচকৈ দুবাৰ খাব। ২-৩ দিনতে উপকাৰ পোৱা যাব।

পথ্যাপথ্য- টেঙা, জ্বলা, গুৰুপাকী খাদ্য নাখাব। নিয়মিতভাৱে পৰিমিত আহাৰ খাব।

উদাৰময়ঃ

ৰোগৰ কাৰণ- অনিয়মিত আহাৰ গ্ৰহণ, গুৰুপাক খাদ্য ভোজন, বাহী বস্তু খোৱা, অতিপাত গৰম আৰু ঠাণ্ডা লাগিলে এই ৰোগ হয়।

ৰোগৰ লক্ষণ- বাৰে বাৰে পাতল শৌচ হয়।

ৰোগৰ চিকিৎসা- লোণ আৰু চেনি মিশ্ৰিত পানী ১ চামুচকৈ ১ ঘণ্টাৰ মূৰে মূৰে খাব। ২ চামুচ পাথৰকুচি পাতৰ ৰসৰ লগত সামান্য লোণ মিহলাই খালে শৌচ বন্ধ হ’ব। পাতল শৌচ বন্ধ নোহোৱালৈ এই ঔষধ খাই থাকিব লাগিব।

পথ্যাপথ্য- শৌচ হৈ থাকিলে বাৰ্লিৰ বাহিৰে একো নাখাব। ৰোগৰ অলপ উপশম হ’লে ভাত বা চিৰা খচা পানী খাব।

পাকস্থলীৰ ঘা (আলচাৰ)ঃ

ৰোগৰ কাৰণ- বহুদিন ধৰি পেটত গেছ জমা হৈ থকাৰ কাৰণে আৰু ডিওডেনামত ঘা হোৱাৰ বাবে এই ৰোগ হয়।

ৰোগৰ লক্ষণ- অৰুচি, বমি বমি ভাব, খাদ্য খালেই পেট জ্বলা কৰে আৰু পেটত বিষ হয়।

ৰোগৰ চিকিৎসা- মানিমুনিৰ পাত, কালমেঘৰ পাত, হেলেঞ্চিৰ পাত, নিমপাত, দুবৰি আৰু আমৰ পাত প্ৰত্যেকৰে ২ চামুচকৈ ৰস উলিয়াই এটি কাপত ৰাখিব। তাৰ পাছত এডাল, পৰিষ্কাৰ লোহা গৰম কৰি তাত ডুবাই দি সেই ৰস ২ চামুচকৈ প্ৰতিদিন ৰাতিপুৱা খালী পেটত খালে ভাল ফল পোৱা যাব। ৰোগ ভাল নোহোৱালৈকে এই ৰস খাব লাগিব।

পথ্যাপথ্য- অমিতা, পুৰাকল (কাঁচ কল), হেলেঞ্চি, সিদ্ধ ভাত খাব, ঘিউ, তেল, মচলাযুক্ত খাদ্য নাখাব। কেতিয়াও পেট খালী নাৰাখিব।

তেজ গ্ৰহণীঃ

ৰোগৰ কাৰণ- বহুদিন ধৰি গ্ৰহণীত ভুগি থাকিলে পিছত গৈ তেজ গ্ৰহণী হয়।

ৰোগৰ লক্ষণ- শৌচৰ লগত তেজ মিশ্ৰিত বিজল পৰে, পেটত অসহ্য বিষ হয় আৰু বাৰে বাৰে পায়খানা লাগে।

ৰোগৰ চিকিৎসা- ২৫ গ্ৰাম গেন্ধাই ফুলৰ ৰসৰ সৈতে ৫০ গ্ৰাম দুবৰিৰ ৰস মিহলাই তাৰে এচামুচকৈ ৩ ঘণ্টাৰ অন্তৰে অন্তৰে ৪ দিন খালে ৰোগ নিৰাময় হয়।

পথ্যাপথ্য- মানিমুনিৰ পাত বটা, পুৰাকল আৰু অমিতা সিদ্ধ খাব। খোৱা পানী গৰম কৰি খাব।

অম্লপিত্তঃ

ৰোগৰ কাৰণ- আহাৰ্য্য বস্তু ঠিকমতে হজম নহ’লে আৰু পিত্ত গৰম হ’লে এই ৰোগ হয়।

ৰোগৰ লক্ষণ- মুখত অৰুচি, টেঙা আৰু তিতা উগাৰ, বুকু জ্বালা কৰে।

ৰোগৰ চিকিৎসা- ৰাতি গৰম পানীত কেইটুকুৰামান শিলিখা, ভোমোৰা আৰু আমলখি তিয়াই ৰাখিব। ৰাতিপুৱা খালী পেটে সেই পানী ছেকি খাব। ভাতৰ লগত আমলখি সিদ্ধ খালেও উপকাৰ পোৱা যায়। যিমান দিনলৈকে ৰোগ ভাল নহয় সিমান দিন খাব লাগিব।

কৃমিঃ

ৰোগৰ কাৰণ- বাহী গন্ধযুক্ত মাছ, মাংস আৰু তৰি-তৰকাৰী খোৱা, কীটযুক্ত অপৰিষ্কাৰ কেঁচা ফল খোৱা, মাটিত পৰা বস্তু খোৱা আদি কাৰণত এই ৰোগ হয়। শৌচ খোলোচা নহ’লেও এই ৰোগ হয়।

ৰোগৰ লক্ষণ- পেট বিষায়, পেট ফুলে, মলদ্বাৰ আৰু নাক খজুৱায়, মুখত অনবৰতে থু আহে, ৰাতি টোপনিত দাঁত কামোৰে, মুখত দুৰ্গন্ধ হয়।

ৰোগৰ চিকিৎসা- এক চামুচকৈ কালমেঘ, চিৰতা, নিমপাত, পলাশ বীজ চূৰ্ণ একেলগে মিহলাই তাৰ সৈতে এক চামুচ মৌ প্ৰতিদিন ৰাতিপুৱা খালী পেটে খালে ৩ দিনতে কৃমি নাশ হয়।

পথ্যাপথ্য- লঘু অথচ পুষ্টিকৰ আৰু টাটকা বস্তু খাব। কল, গুড়, চেনি, চাহ. কফি নাখাব।

গ্ৰহণীঃ

ৰোগৰ কাৰণ- এমিবা বেচিলাচ নামৰ এক প্ৰকাৰ জীৱাণুৰ আক্ৰমণৰ পৰা এই ৰোগ হয়।

ৰোগৰ লক্ষণ- অনবৰত পেট কামোৰে, শৌচৰ লগত বিজল পৰে। বগা চৰ্বিৰ নিচিনা শৌচ হয়।

ৰোগৰ চিকিৎসা- মানিমুনিৰ পাত, পাথৰকুচিৰ পাত, দুবৰি আৰু আদা প্ৰত্যেকৰে ৩ গ্ৰামকৈ ৰস উলিয়াই মিহলি কৰি প্ৰতিদিন ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধ্যা এক চামুচকৈ সেই ৰস খালে ৭ দিনতে গ্ৰহণী নিৰাময় হ’ব।

পথ্যাপথ্য- ভাতৰ লগত মানিমুনি বটা খাব। পুৰাকল (কাঁচকল), অমিতা, মানিমুনি পাতৰ জোল খাব।

অৰুচিঃ

ৰোগৰ কাৰণ- জ্বৰ, অতিসাৰ, কৃমি, বাৰে বাৰে পেটৰ অসুখ ইত্যাদি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ- কোনো খোৱা বস্তু খাবলৈকে ইচ্ছা নাযায়। কোনো খোৱা বস্তুই সোৱাদ নালাগে।

ৰোগৰ চিকিৎসা- ২৫ গ্ৰাম আমলখিৰ সৈতে ২৫ গ্ৰাম খিচমিচ মিহলাই বটি আচাৰৰ নিচিনাকৈ ৩ দিন খালে মুখত ৰুচি আহে। নিয়মিত চেঙেৰী টেঙা শাকৰ আঞ্জা খালেও অৰুচি দূৰ হয়।

পথ্যাপথ্য- গুৰুপাকী আহাৰৰ বাহিৰে সকলো খোৱা বস্তুৱেই খাব পাৰিব।

পেটৰ বিষঃ

ৰোগৰ কাৰণ- খাদ্য নিয়মিত হজম নহ’লে, কৃমি হ’লে, পেটত বিজল জমা হ’লে এই ৰোগ হয়।

ৰোগৰ লক্ষণ- পেট ফুলে, পেটত চিন্ চিন্ বিষ হয়, পাতল বা বিজাল মিশ্ৰিত শৌচ হয়।

ৰোগৰ চিকিৎসা- ১০ গ্ৰামকৈ শিলিখা, ভোমোৰা, আমলখি, শুঁঠ, যোৱান, সৈন্ধৱ লোণ মিহলাই গুড়ি কৰি এটা বটলত ৰাখি প্ৰতিদিন দুপৰীয়া আৰু ৰাতি আহাৰ খোৱাৰ পিছত ১ চামুচকৈ এই চূৰ্ণ খাই এক গিলাচ পানী খাব। তিনি দিনতে পেটৰ বিষ ভাল হ’ব।

ওকণিঃ

ৰোগৰ কাৰণ- মূৰত তেল নিদিয়া বা বেছি মাত্ৰাত দিয়া, দৈনিক গা নোধোৱা, চুলিত চাবোন বা চেম্পু নিদিয়া আদি কাৰণত ওকণি হয়।

ৰোগৰ লক্ষণ- মূৰত যি গুড়ি পোক হয় তাকে কয় ওকণি। ইহঁতে চুলিৰ গুৰিত থাকি তেজ শোষণ কৰে। ওকণিয়ে কামোৰিলে মূৰ খজুৱায় আৰু অস্বস্তি বোধ হয়।

ৰোগৰ চিকিৎসা- সৰু সৰু পিঁয়াজ থেতেলিয়াই বা পান থেতেলিয়াই লৈ মূৰত সানিব। ৰাতি শোৱাৰ আগতে এইদৰে সানি পিছদিনা চেম্পু কৰিব। এইদৰে তিনিদিন কৰিলে সকলো ওকণি মৰি যাব।

উফিঃ

ৰোগৰ কাৰণ- চুলি বেছি ৰাখি তাৰ যত্ন নল’লে এই ৰোগ হয়।

ৰোগৰ লক্ষণ- সকলো সময়তে মূৰ খজুৱায়। চুলিৰ গুৰিৰ পৰা ছাইৰ নিচিনা পদাৰ্থ ওলায়।

ৰোগৰ চিকিৎসা- ২৫ গ্ৰাম সৰিয়হৰ তেলৰ সৈতে ৫ গ্ৰাম কুড় ভস্ম মিহলাই উফি হোৱা ঠাইত লগালে দুই দিনতে উফি নোহোৱা হয়।

টকৌৱে খোৱা বা টাক পোকাঃ

ৰোগৰ কাৰণ- একপ্ৰকাৰ ফাংগাচ ইনফেকশ্বনৰ পৰা এই ৰোগ হয়।

ৰোগৰ লক্ষণ- মূৰ ভৰ্তি ঘন চুলিৰ ভিতৰত হঠাতে অলপ ঠাইত চুলি উঠি যায়। ইয়াকে কোৱা হয় টকৌৱে খোৱা বা টাক পোকা।

ৰোগৰ চিকিৎসা- যি ঠাইত চুলি উঠি যায় সেই ঠাইত খহটা বস্তুৰে ভালদৰে ঘঁহি দিয়ক। এইবাৰ ৫ গ্ৰামকৈ হস্তিদণ্ড ভস্ম আৰু ৰসাঞ্জনৰ সৈতে ৩০ গ্ৰাম তিলৰ তেল মিহলাই সেই ঠাইত ঘঁহি দিব। যিমান দিনলৈ তাত চুলি নগজে সিমান দিন গা ধোৱাৰ পিছত আৰু ৰাতি শোৱাৰ আগতে সেই তেল ঘঁহিব।

উৎসঃ স্বামী ৰামদেৱৰ মুখনিঃসৃত আয়ুৰ্বেদিক ঔষধ দৰ্শন, তথ্যসংগ্ৰহ ও সম্পাদনাঃ এন. গোস্বামী

3.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top