অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৈনিক অভ্যাস কৰিবলগীয়া আসন

দৈনিক অভ্যাস কৰিবলগীয়া আসন

আসন মানে কি?

‘স্থিৰ সুখম্‌ আসনম্‌’ অৰ্থাৎ স্থিৰভাৱে সুখেৰে বহিব পৰা অৱস্থানেই হ’ল আসন। আসন প্ৰধানত তিনি প্ৰকাৰৰ। ধ্যানাসন, স্বাস্থ্যাসন আৰু বিশ্ৰামাসন। ধ্যানাসনসমূহ শৰীৰৰ ৰোগ-ব্যাধি নিৰাময় কৰিবলৈ আৰু বিশ্ৰামাসনসমূহ শৰীৰক আৰাম বা বিশ্ৰাম প্ৰদান কৰিবলৈ অভ্যাস কৰা হয়। এনে আসনসমূহ অভ্যাস কৰোতে সদায় একান্ত মনে ধ্যান কৰোতে সদায় একান্ত মনে ধ্যান ৰাখিহে কৰিব লাগে। নহ’লে ইয়াৰ প্ৰকৃত সুফলসমূহ পোৱা নাযাব।

আসনৰ বৈজ্ঞানিক ব্যাখ্যা

আসনে আমাৰ শৰীৰৰ বিভিন্ন অংগবোৰত বিভিন্ন ধৰণে ক্ৰিয়া কৰে। ধ্যানাসনে শৰীৰত অৱস্থিত অষ্টচক্ৰৰ ওপৰত ক্ৰিয়া কৰি চক্ৰসমূহ জাগ্ৰত কৰি ৰাখে। যাৰ বাবে দেহত কুণ্ডলনী শক্তিৰ জাগৰণ ঘটে। আকৌ স্বাস্থ্যাসন আৰু বিশ্ৰামাসনসমূহে দেহত মাংসপেশীৰ সংকোচনশীলতা হ্ৰাস কৰি প্ৰসাৰণ ক্ষমতা বঢ়াই ইয়াক অধিক শক্তিশালী কৰে। স্নায়ু আৰু মগজুৰ মাজত হোৱা বাৰ্তা আদান-প্ৰদান কাৰ্যবোৰ সঠিকভাৱে ৰাখে। হাড়ৰ জোৰাবোৰৰ মাজত থকা অৰ্দ্ধজুলীয়া পদাৰ্থৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে আৰু হাড়ৰ সন্ধিবোৰত হ’ব পৰা ঘৰ্ষণ কমাই দিয়ে। তেজত থকা দূষিত পদাৰ্থবোৰ নিষ্কাসন কৰি তেজ পৰিশোধন কৰে। ইয়াত দৈনিক অভ্যাস কৰিবলগীয়া কেইবিধমান গুৰুত্বপূৰ্ণ আসনৰ বিষয়ে আলোচনা কৰা হৈছে।

পদ্মাসন

পদ্ধতি

প্ৰথমে সোঁ ভৰিখন আঁঠুত ভাঁজ কৰি বাওঁ ভৰিৰ উৰুৰ ওপৰত ৰাখক। একেদৰে বাওঁ ভৰিখন আঁঠু ভাঁজ কৰি সোঁ ভৰিৰ উৰুৰ ওপৰত ৰাখক। ইয়াৰ পিছত দুয়োখন হাত জ্ঞান মুদ্ৰা(বা আন কোনো মুদ্ৰা)ত ৰাখি আঁঠু দুটাৰ ওপৰত ৰাখক। এতিয়া কঁকাল, বুকু, মেৰুদণ্ড, ডিঙি পোন কৰি চকু বন্ধ ৰাখক। এই অৱস্থানত উশাহ-নিশাহ স্বাভাৱিকভাৱে ৰাখিব। (পদ্মাসন একপ্ৰকাৰ ধ্যানাসন। ইয়াক প্ৰাণায়াম আৰু ধ্যান কৰাৰ সময়ত কৰা হয়)।

উপকাৰ

ভৰিৰ স্নায়ু আৰু মাংসপেশী সবল কৰে। পেট আৰু নিম্ন যৌন অংগসমূহলৈ তেজৰ পৰিবাহিতা বৃদ্ধি কৰে। ফলত আভ্যন্তৰীণ অংগবোৰ সুস্থ আৰু সবল হয়। কফ, পিত্ত আৰু বায়ুৰ সমতা ৰক্ষা কৰি ত্ৰিদোষ নিৰাময় কৰে। মেৰুদণ্ড দৃঢ় হয়। ভৰিৰ বাত ৰোগ নিৰাময় হয়। মনৰ ক্লান্তি দূৰ হয়। স্মৃতিশক্তি, ধৈৰ্যশক্তি আৰু বুদ্ধিমত্তা বৃদ্ধি কৰে। মন আৰু শৰীৰৰ এলাহ দূৰ কৰে।

সাৱধানতা

কঁকালৰপৰা নিম্ন অংশৰ বেছি বিষ থাকিলে বা অস্ত্ৰোপচাৰ থাকিলে কৰিব নালাগে।

সিদ্ধাসন

পদ্ধতি

প্ৰথমে বাওঁ ভৰিখন আঁঠুত ভাঁজ কৰি গোৰোহাটো মলদ্বাৰৰ ওচৰত ৰাখক। এতিয়া সোঁ ভৰিখন একেদৰে ভাঁজ কৰি গোৰোহা জননেন্দ্ৰিয়ৰ ওচৰত ৰাখি আঙুলিবোৰ বাওঁ উৰু আৰু বাওঁ কলাফুলৰ মাজৰ ঠাইখিনিত ৰাখক। ইয়াৰ পিছত দুয়োখন হাতত জ্ঞান মুদ্ৰা(বা আন মুদ্ৰা)ধাৰণ কৰি কঁকাল, মেৰুদণ্ড, বুকু, ডিঙি পোনকৈ ৰাখক। এই অৱস্থানত উশাহ-নিশাহ স্বাভাৱিক।(সিদ্ধাসন এক প্ৰকাৰৰ ধ্যানাসন। ইয়াক প্ৰাণায়াম আৰু ধ্যান কৰাৰ সময়ত কৰা হয়)।

উপকাৰ

মনৰ স্থিৰতা, ধ্যান শক্তি, আত্ম সংযম, মনোযোগ আদি বৃদ্ধি কৰে। কঁকাল আৰু আঁঠুৰ সন্ধিস্থল(জোৰা)সবল কৰে। শৰীৰৰ জড়তা নাইকিয়া কৰে। যৌন শক্তি নিয়ন্ত্ৰণ কৰি ৰাখে।

সাৱধানতা

চায়োটিকাৰ সমস্যা আৰু নিম্ন অংশৰ বিষ থাকিলে সিদ্ধাসন কৰিব নালাগে।

সুখাসন

পদ্ধতি

প্ৰথমে দুয়োখন ভৰি দীঘলকৈ মেলি বহি লওক। এতিয়া বাওঁ ভৰিখন আঁঠুত ভাঁজ কৰি গোৰোহাটো সোঁ ভৰিৰ উৰুৰ সামান্য তলত ৰাখক। একেদৰে সোঁ ভৰিখন আঁঠুত ভাঁজ কৰি গোৰোহাটো বাওঁ ভৰিৰ উৰুৰ সামান্য তলত সুমুৱাই ৰাখক। ইয়াৰ পিছত দুয়োখন হাতত জ্ঞান মুদ্ৰা(বা আন মুদ্ৰা)ধাৰণ কৰি কঁকাল, মেৰুদণ্ড, বুকু, ডিঙি পোন কৰি ৰাখক। এই অৱস্থানত উশাহ-নিশাহ স্বাভাৱিকভাৱে ৰাখিব।(সুখাসন একপ্ৰকাৰৰ ধ্যান আৰু বিশ্ৰাম আসন। ইয়াক শৰীৰ আৰামত ৰাখিবলৈ আৰু প্ৰাণায়াম-ধ্যান কৰাৰ সময়ত অভ্যাস কৰা হয়)।

উপকাৰ

মানসিক প্ৰশান্তি দিয়ে। শৰীৰ-মন শান্ত কৰি ৰাখে। মেৰুদণ্ড পোন হয়। হজম শক্তি বৃদ্ধি কৰে। শৰীৰৰ বিষ বেমাৰ নিৰাময় কৰে।

বজ্ৰাসন

পদ্ধতি

প্ৰথমে দুয়োখন ভৰি দীঘলকৈ মেলি বহি লওক। এতিয়া বাওঁ ভৰিখন আঁঠুত ভাঁজ কৰি নিতম্বৰ কাষত গোৰোহাটো ৰাখি একেদৰে সোঁ ভৰিখনো ভাঁজ কৰি লওক। আঁঠু দুটা আৰু ভৰিৰ বুঢ়া আঙুলি দুটা লগ লগাই গোৰোহাৰ ওপৰত বহি লওক। লক্ষ্য ৰাখিব যাতে, ভৰিৰ পতা দুখন মাটিত(মজিয়া)ভালদৰে লাগি থাকে। গোৰোহা দুটা নিতম্বৰ বাহিৰৰ ফালে সামান্য উলিয়াই ৰাখিব। এতিয়া হাত দুখন আঁঠুৰ ওপৰত ৰাখি(বা হাতত জ্ঞান মুদ্ৰা ধাৰণ কৰি)মেৰুদণ্ডসহ কঁকাল, বুকু আৰু ডিঙি পোন কৰি ৰাখক। উশাহ-নিশাহ স্বাভাৱিক। (বজ্ৰাসন একপ্ৰকাৰৰ ধ্যান, স্বাস্থ্য আৰু বিশ্ৰামাসন)।

উপকাৰ

পাকস্থলীত খাদ্য মিহলি, হজম আৰু পাচন প্ৰক্ৰিয়াত সহায় কৰে। নিম্ন অংশৰ নাৰ্ভৰ সমস্যা থাকিলে নিৰাময় কৰে। পিঠি, কঁকালৰ বিষ ভাল হয়। মেৰুদণ্ড পোন আৰু সবল কৰে। বৃক্ক, মূত্ৰনলী আৰু মূত্ৰাশয় অধিক শক্তিশালী কৰে। যৌন গ্ৰন্থিবোৰ কাৰ্যক্ষম কৰি ৰাখে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। শৰীৰত ভাগৰ দূৰ কৰি বিশ্ৰাম প্ৰদান কৰে। শাৰীৰিক আৰু মানসিক স্থিৰতা বৃদ্ধি কৰে।

সাৱধানতা

আঁঠু, গোৰোহাৰ গাঁঠি, আঙুলিৰ গাঁঠি, কঁকালৰ তলৰ অংশৰ মাংসপেশীৰ অত্যন্ত বিষ থাকিলে বজ্ৰাসন নকৰিব। ভৰিৰ যিকোনো অংশত হাড় ভঙা থাকিলে হাড় ভালদৰে জোৰা নলগা পৰ্যন্ত এই আসনৰ অভ্যাস নকৰিব।

বিশ্ৰাম দণ্ডাসন

পদ্ধতি

প্ৰথমে দুয়োখন ভৰি আগফালে পোন কৰি বহক। আঁঠু পোন কৰি দুয়ো ভৰিৰ গোৰোহা মজিয়াত লগাই বুঢ়া আঙুলিলৈ এই অংশ মজিয়াৰ সৈতে লম্বভাৱে ৰাখক। এতিয়া দুয়োখন হাতৰ তলুৱা নিতম্বৰপৰা অলপ দূৰত পাছফালে মজিয়াত পাৰি দিয়ক। হাতৰ আঙুলিবোৰ পাছমুৱাকৈ ৰাখিব। কিলাকুটি পোন কৰি ৰাখি কঁকালৰপৰা মূৰলৈ এই অংশ পাছফালে সামান্য হলাই দিয়ক, যাতে শৰীৰটোৱে বেচ আৰাম অনুভৱ কৰে। এই অৱস্থানটোত ৰাজহাড় পোন কৰি ৰাখিব। উশাহ-নিশাহ স্বাভাৱিক ৰাখিব বা লাহে লাহে দীঘলীয়াকৈ ল’ব। (বিশ্ৰাম দণ্ডাসন একপ্ৰকাৰৰ বিশ্ৰামাসন। ই শৰীৰত আৰাম দিয়ে)।

উপকাৰ

বিশ্ৰাম দণ্ডাসনে শৰীৰত বিশ্ৰাম প্ৰদান কৰে। মেৰুদণ্ড পোন আৰু শক্তিশালী কৰে। হাত আৰু ভৰিৰ স্নায়ুৰ ৰোগ আৰু বিষ বেমাৰ দূৰ কৰে। শৰীৰত অত্যন্ত ভাগৰ লাগিলে আমি এই আসনত বহি জিৰণি ল’ব পাৰোঁ।

বীৰাসন

পদ্ধতি

প্ৰথমে দণ্ডাসনত বহি লওক। এতিয়া বাওঁ ভৰিখন আঁঠুত ভাঁজ কৰি গাৰ ওচৰলৈ চপাই আনক আৰু সোঁ ভৰিৰ উৰুৰ তলত ভৰিৰ তলুৱা সুমুৱাই ৰাখক। একেদৰে সোঁ ভৰিখন আঁঠুত ভাঁজ কৰি গাৰ ওচৰলৈ চপাই আনক আৰু বাওঁ ভৰিৰ উৰুৰ ওপৰত ভৰিৰ পতা তুলি ৰাখক। (হাতত যিকোনো মুদ্ৰা ধাৰণ কৰিব পাৰে।) এই অৱস্থানত শৰীৰ পোনকৈ ৰাখি উশাহ-নিশাহ স্বাভাৱিকভাৱে ল’ব। (বীৰাসন একপ্ৰকাৰৰ ধ্যানাসন)।

উপকাৰ

বীৰাসনৰ উপকাৰ পদ্মাসনৰ সৈতে একে।

লেখক: ৰংমন ৰংদৈ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate