অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নখ চাই ৰোগ নিৰ্ণয়

নখ চাই ৰোগ নিৰ্ণয়

মানুহৰ বিভিন্ন ৰোগ হাতৰ নখ চাই নিৰ্ণয় কৰিব পাৰি। যিদৰে তেজ পৰীক্ষা, নাড়ী স্পন্দন, ৰক্তচাপ ইত্যাদি চাই শৰীৰৰ বিভিন্ন ৰোগ নিৰ্ণয় কৰিব পৰা যায় ঠিক সেইদৰে নখৰ বৰণ বা আকাৰ চাইও দেহৰ ভিতৰত থকা বিভিন্ন ৰোগ অনুমান কৰিব পাৰি। অতীজত শৰীৰ পৰীক্ষা কৰিবৰ বাবে আধুনিক যন্ত্ৰপাতি যেতিয়া নাছিল, সেই সময়ত শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ যেনে– চকু, জিভা, ছাল, পেট, নখ আদি চাই ৰোগ নিৰ্ণয় কৰিছিল। ঠিক সেইদৰে আজিও নখ চায়েই বহুৰোগৰ অনুমান কৰিব পৰা হয়। তলত নখৰ বিৱৰণৰ পৰা নিৰ্ণয় কৰিব পৰা ৰোগৰ বিসয়ে আলোচনা কৰা হ’ল–

  • আঙুলীৰ মূৰ চামুচৰ দৰে হ’লে ৰক্তহীনতা, ৰেইনচ ৰোগ (Raynauds Disease) ইত্যাদি হ’ব পাৰে।
  • নখৰ গুৰি বগা হ’লে, সহজে উঘালি গ’এ আৰু সহজে তেজ ওলালে থাইৰয়ডৰ সমস্যা হ’ব পাৰে। তদুপৰি, ছালত চৰিয়াচিচ ৰোগ হোৱাৰ সম্ভাৱনা।
  • নখৰ গুৰিবিলাক হেঁচি বা টিপি দিলে যদি গাঁত হৈ যায় তেন্তে চুলি সৰা, ছালৰ চৰিয়াচিচ ৰোগ হ’ব পাৰে।
  • নখৰ বৰণ হালধীয়া হ’লে গাঁঠি বিষ, যকৃত ৰোগ, চাইনাইটিচ, জণ্ডিচ, যক্ষ্মা আদি হৈছে বুলি সন্দেহ কৰিব পাৰি।
  • নখৰ ৰং বগা আৰু মুগা বৰণৰ হ’লে বৃক্ক ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
  • ঠিক তেনেদৰে কিছুমান বিহ জাতীয় বস্তু সেৱন কৰিলেও নখৰ বৰণ সলনি হয়। যেনে– ফ্লোৰাইড শৰীৰত অধিক পৰিমাণে জমা হ’লে নখৰ বৰণ ক’লা বা মাটিয়া ৰঙৰ হয়।
  • আৰ্চেনিক নামৰ ৰাসায়নিক বিহ বিধ দেহত অধিক পৰিমাণে থাকিলে নখবোৰত বগা আঁচ পথালিকৈ থকা দেখা যায়।
  • বিষাক্ত চিলভাৰ শৰীৰত বেছিকৈ জমা হ’লে নখৰ ৰং নীলা বা ধোঁৱা বৰণীয়া হয়।
  • নখৰ আগবোৰ ভাঙি ক্ষয় হ’লে আৰু বগা দাগ হ’লে ভেঁকুৰ সংক্ৰামণ আৰু কেলচিয়ামৰ অভাৱ হোৱাৰ সম্ভাৱনা থাকে।
  • নখত ক’লা দীঘলীয়া আঁচ থাকিলে ছালৰ কিছুমান কৰ্কট ৰোগ যেনে –মেলানম্য আদি হোৱাৰ সম্ভাৱনা থাকে।

গতিকে ওপৰত উল্লেখ কৰা বিভিন্ন ৰোগ সমূহ প্ৰতিৰোধ কৰিবৰ কাৰণে বতৰৰ বিভিন্ন শাক-পাচলি, ফলমূল আদি যথেষ্ট পৰিমাণে খোৱা উচিত। যেনে –

  • হৃদৰোগ : অৰ্জুন গছৰ ছালৰ ৰস, নহৰু, পিয়াঁজ।
  • হাওঁফাওঁৰ ৰোগ : গুড়, আমলখি, বাহক পাতৰ ৰস।
  • ৰক্তহীনতা : কলডিল, কাচকল, কঁচু থোৰ, নৰসিংহ, মধুৰি আম, গুড়, আপেল।
  • চুলিসৰা : আমলখিৰ ৰস মূৰৰ ছালত ঘঁহিব লাগে।
  • যকৃতৰ ৰোগ : অমিতা, কালমেঘ, আমলখি, শিলিখা।
  • বৃক্কৰোগ : ঠাণ্ডাপানী, পাতে গজা পাতৰ ৰস।
  • থাইৰয়ড গ্ৰন্থি : আদা, পিয়াঁজ, নহৰু, ক’লা কচুৰ থোৰ।
  • কেলচিয়াম : বেল, ৰঙালাউৰ আগ, মৰিচা শাক।

লিখক: ডা° গৌতম বৰগোঁহাই, বনদৰৱ আৰু আৰোগ্য।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate