অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নেতিক্ৰিয়া- (নাসাপান)ঃ

নেতিক্ৰিয়া- (নাসাপান)ঃ

চমু বিৱৰণ

নাকৰ সহায়তে নেতিক্ৰিয়াটো অনুষ্ঠিত হয়। বস্তিক্ৰিয়াত বস্তিপ্ৰদেশ অৰ্থাত্ তলপেট পৰিষ্কাৰ-পৰিচ্ছন্ন হয়, ৰোগবিষ মুক্ত হয়, ধৌতি ক্ৰিয়াত উদৰ আৰু বক্ষপ্ৰদেশ পৰিষ্কাৰ-পৰিচ্ছন্ন হয়, নেতিক্ৰিয়াত কৰ্ণ আৰু কপাল নিৰ্মল হয়, ৰোগবিষ মুক্ত হয়। মৌচাকত পোৱা মমৰ দ্বাৰা মাৰ্জিত সূতাৰ সহায়ত বা পানীৰ সহায়ত নেতিক্ৰিয়াৰ অনুষ্ঠানবিধি যোগশাস্ত্ৰত আছে। আমাৰ এই যুগত সূতাৰ পৰিৱৰ্তে সূক্ষ্ম ৰবৰৰ নলীৰ সহায়ত এই নেতিক্ৰিয়া অনুষ্ঠিত হ’ব পাৰে। পানীৰ সহায়ত নেতিক্ৰিয়াৰ অনুষ্ঠান যেনেকৈ সহজসাধ্য, তেনেকৈ তাৰ উপকাৰিতাও যথেষ্ট। পানীৰ সহায়ত নেতিক্ৰিয়া অনুষ্ঠানৰ নামেই নাসাপান।

প্ৰণালীঃ

ডাঙৰ মুখৰ বাটি বা যিকোনো পানীৰ পাত্ৰত পানী ভৰাই ল’ব। পানীৰ পাত্ৰটো মুখৰ ওচৰলৈ আনি তাৰ মাজত মুখ আৰু নাক ডুবাই দিয়ক। শ্বাস-প্ৰশ্বাস বন্ধ কৰি লাহে লাহে নাকৰ বিন্ধাৰে পানী আকৰ্ষণ কৰিবলৈ চেষ্টা কৰক। যিমানদিনলৈ পানী আকৰ্ষণ কৰাৰ কৌশলটো ঠিকভাৱে আয়ত্ত নহয়, সিমান দিনলৈ পানী টানিবৰ সময়ত নাক অলপ জ্বলিব আৰু হাঁচি আহি পানী টানাত বাধাৰ সৃষ্টি কৰিব। পানী টানিবৰ কৌশলটো ভালদৰে ধৰিব পাৰিলে নাক জ্বলা কৰা আৰু হাঁচিৰ উপদ্ৰৱ বন্ধ হ’ব। এই ক্ৰিয়াটোত ভালদৰে অভ্যস্ত হ’লে আমি মুখেৰে যেনেকৈ আনায়াসে পানী খাওঁ, নাকেৰেও তেনেকৈ সহজভাৱেই পানী খাব পাৰো। সদায় এপোৱা বা আধাসেৰ পানী নাকেৰে খাব। নাকৰ বিন্ধাৰে যি পানী টানিব ইচ্ছা হ’লে সেই পানী গিলিব অথবা মুখেৰে বাহিৰ উলিয়াই দিব। এই ক্ৰিয়াটো নিষ্ঠাৰে ২-৪ মাহ অনুষ্ঠান কৰা উচিত, পাছত সপ্তাহত এদিন কৰিলেই হ’ব- যদি দেহ ৰোগমুক্ত থাকে।

উপকাৰিতাঃ

আমাৰ নাকৰ গুৰিত ইড়া, পিংগলা আৰু সুষুম্না আহি মিলিত হৈছে। এই নাকৰ গুৰিত শ্লেষ্মা জমা হ’লে ইড়া, পিংগলা আৰু সুষুম্নাৰ ক্ৰিয়াত ব্যাঘাত উপস্থিত হয়, স্বাভাৱিকভাৱে শ্বাস-প্ৰশ্বাস প্ৰৱাহিত নহয়। প্ৰায়েই মুখেৰে উশাহ ল’ব লগা হয়। মুখৰ দ্বাৰা শ্বাস গ্ৰহণ কৰা স্বাস্থ্যৰ পক্ষে অনিষ্টকৰ- ইয়াৰ ফলত ফুচফুচত ঠাণ্ডা লাগি শ্লেষ্মাজনিত বিবিধ ৰোগ উত্পন্ন হয়। নাকৰ গুৰিত জমা এই শ্লেষ্মাৰ কাৰণে প্ৰাণায়াম ঠিক মতে অনুষ্ঠিত হ’ব নোৱাৰে। গতিকে প্ৰাণায়াম অনুষ্ঠানকাৰীৰ শ্লেষ্মাৰ উত্পাত ৰোধ কৰাৰ কাৰণে এই নেতিক্ৰিয়া অভ্যাস কৰা প্ৰয়োজন। এই নেতিক্ৰিয়াত অভ্যস্ত হ’লে মূৰ শীতল হৈ থাকে। জ্বৰ আদি হ’লে মূৰ নিবিষায়, বা আন কাৰণতো মূৰৰ বিষ, মূৰ ঘূৰণি আদি নহয়। নাকৰ গুৰিত শ্লেষ্মা সঞ্চিত হ’লে চৰ্দি, কাহ, হাঁপানী, ইনফ্লুয়েঞ্জা, টাইফয়েড, নিউমোনিয়া আদি ৰোগৰ বীজাণু দেহত প্ৰবল হৈ বংশবৃদ্ধিৰ সুযোগ পায়। নেতিক্ৰিয়া আৰু প্ৰাণায়ামে এইবোৰ ৰোগৰ বীজাণু অনায়াসে ধ্বংস কৰি দেহক ৰোগমুক্ত কৰি ৰাখে।

লেখকঃ পাৰ্থপ্ৰতিম দাস

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate