অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নেত্ৰদান:

নেত্ৰদানৰ বিষয়ে লিখা হৈছে

 

নেত্ৰদান এক মহৎ কাৰ্য। অন্ধত্ব দূৰীকৰণত ইয়াৰ বহুল প্ৰভাৱ আছে। বহুতেই ভাবে যে এই ব্যৱস্থাত চিওকিৎসকে দান কৰা চকুটো উঠাই আনি দৃষ্টিহীন এজনৰ বেয়া চকুটো আঁতৰাই তাৰ ঠাইত ভাল চকুটো স্থাপন কৰে। দৰাচলতে ই সত্য নহয়। এই ব্যৱস্থাত দান কৰা চকুটো কৰ্ণিয়াখন উঠাই আনি তাক পৰীক্ষা কৰা হয়। যদিহে কণিয়াখন ব্যৱহাৰৰ উপযুক্ত হয়, তেন্তে কৰ্ণিয়াৰ বেমাৰৰ বাবে অন্ধ হোৱা ব্যক্তিৰু কৰ্ণিয়াখন আঁতৰাই তাত নতুন স্থাপন কৰা হয়।

কৰ্ণিয়া হ’ল মানুহৰ চকুৰ ওপৰত থকা এখন জলজলীয়া ছাল। সাধাৰণতে চকুৰ ওপৰত দেখা ক’লা বা তাম বৰণীয়া ছালখনেই কৰ্ণিয়া। ভিটামিন ‘এ’ৰ অভাৱত হোৱা কৰ্ণিয়াৰ ঘা, চকুত আঘাত পোৱা, কৰ্ণিয়াৰ সংক্ৰমণ বা ঘা(Infective Corneal Ulcer), কৰ্ণিয়াৰ দুৰৱস্থা(Degeneration and Dystrophy of Cornea), দৰিদ্ৰতা আৰু অজ্ঞনতা আদি কৰ্ণিয়াৰ অন্ধতাৰ মুখ্য কাৰণ।

১৯০৩ চনত চেকোশ্লোভাকিয়া গণৰাজ্যত ‘জিৰম’(Zirm) নামৰ চিকিৎসকজনে প্ৰথমবাৰৰ বাবে ক্ষাৰে পুৰি কৰ্ণিয়াৰ ঘা কৰি অন্ধ হোৱা এজন ব্যক্তিৰ চকুত কৰ্ণিয়া সংৰোপণ কৰিছিল আৰু ব্যক্তিজনে সম্পূৰ্ণভাৱে দৃষ্টিশক্তি ঘূৰাই পাইছিল। ইয়াৰ পিছৰেপৰা ই বহুল চৰ্চা লাভ কৰে। দান কৰা চকুৰ কৰ্ণিয়া সংগ্ৰহ কৰি সংৰোপণৰ বাবে সংৰক্ষণ কৰা আদি কামৰ বাবে ১৯৪৪ চনত নিউয়ৰ্ক চহৰত বিশ্বৰ প্ৰথম নেত্ৰবেংক(Eye Bank) স্থাপন হৈছিল।

ভাৰতবৰ্ষত প্ৰথম নেত্ৰবেংক স্থাপন হৈছিল ১৯৪৫ চনত তেতিয়াৰ মাদ্ৰাজ চহৰ তথা আজিৰ চেন্নাই চহৰত। অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নেত্ৰবেংক আছে।

আমাৰ দেশত বছৰি প্ৰায় ১৩-১৪ হেজাৰ কৰ্ণিয়া নেত্ৰদানৰদ্বাৰা সংগ্ৰহ কৰা হয়। কিন্তু প্ৰতি বছৰে আমাক প্ৰায় ৭৫ হেজাৰৰপৰা ১ লাখ কৰ্ণিয়াৰ আৱশ্যক। যিহেতু সংগৃহীত সকলো কৰ্ণিয়াই ব্যৱহাৰৰ যোগ্য নহয়, সেয়েহে বছৰি প্ৰায় ২ লাখ ৫০ হেজাৰ কৰ্ণিয়াৰ প্ৰয়োজন হয়। কৰ্ণিয়াৰ অন্ধতা ভাৰতবৰ্ষত প্ৰতি বছৰে বাঢ়িহে আছে। কিন্তু সেই অনুপাতে নেত্ৰদান বঢ়া নাই। আইনী মেৰ-পেঁচ, কাৰিকৰী তথা অৰ্থনৈতিক দুৰ্বলতা, যাতায়তৰ দুৰৱস্থা, অজ্ঞতা আদি ইয়াৰ মূল কাৰণ। এইবোৰ দূৰীকৰণৰ বাবে চৰকাৰ, বেচৰকাৰী অনুষ্ঠান আৰু নেত্ৰবেংকৰ কৰিবলগীয়া বহুতো আছে। নেত্ৰবেংকসমূহে বেচৰকাৰী অনুষ্ঠানসমূহৰ সহযোগত জনসাধাৰণৰ লগত সু-সম্পৰ্ক স্থাপন কৰি তলৰ কামবোৰ কৰিব লাগিব। নেত্ৰবেংকৰ কাম হ’ল- মানুহক নেত্ৰদানৰ বিষয়ে শিক্ষিত, সজাগ আৰু উৎসাহিত কৰা, নেত্ৰদান পঞ্জীয়ন কৰি ইচ্ছা-পত্ৰ(Pledge Card) কৰা, দান কৰা নেত্ৰ সংগ্ৰহ কৰা, যথোপযুক্তভাৱে সংৰক্ষিত কৰা আৰু চকু বিশেষজ্ঞক সংৰোপণৰ বাবে যোগান ধৰা।

নেত্ৰদান ইচ্ছা-পত্ৰ কি:

 

নেত্ৰদান ইচ্ছা-পত্ৰ হ’ল এখন চুক্তি-পত্ৰ, য’ত ব্যক্তি এজনে জীৱিত কালত তেওঁৰ নেত্ৰদানৰ প্ৰতি ইচ্ছা লিখিতভাৱে দিয়ে। তেওঁৰ মৃত্যুৰ পিছত চকুযুৰি সংগ্ৰহ আৰু সংৰোপণৰ পূৰ্ণ কৰ্তৃত্ব নেত্ৰবেংকক দিয়ে। নেত্ৰদান কৰি এক মহান কাৰ্য কৰাৰ উপৰি নিজৰ চকুযুৰিক মৃত্যুৰ পিছতো জীয়াই ৰাখিব পাৰি।

নেত্ৰ সংগ্ৰহ কেনেকৈ কৰে:

 

নেত্ৰদান ইচ্ছা-পত্ৰ কৰা ব্যক্তিৰ মৃত্যু হ’লে, তেওঁৰ আত্মীয়ই ওচৰৰ নেত্ৰবেংকক খবৰ দিয়ে। নেত্ৰবেংকৰ বিষয়া, মৃত ব্যক্তিজনৰ ওচৰলৈ গৈ ব্যক্তিজনৰ মৃত্যুৰ প্ৰমাণ-পত্ৰ পৰীক্ষা কৰি আত্মীয়ৰপৰা আইন অনুযায়ী সন্মতি লয়।

যদিহে নেত্ৰ সংগ্ৰহ কৰিব নোৱাৰে কোনো কাৰণ নাথাকে, তেন্তে শীতকালত মৃত্যুৰ ছঘন্টাৰ ভিতৰত আৰু গ্ৰীষ্মকালত মৃত্যুৰ চাৰি ঘন্টাৰ ভিতৰত চকুৰ কৰ্ণিয়া সংগ্ৰহ কৰিব লাগে। দাতাৰ বয়স, লিংগ, মৃত্যুৰ কাৰণ, মৃত্যুৰ তাৰিখ আৰু সময় লিপিবদ্ধ কৰি বিজ্ঞানসন্মতভাৱে চকুৰ কৰ্ণিয়া দুখন সংগ্ৰহ কৰা হয়। দাতাজনৰ সম্পূৰ্ণ চকু দুটা অথবা কেৱল কৰ্ণিয়া দুখন সংগ্ৰহ কৰি বাকীখিনি চকুৰ কোটৰত এৰি, সুন্দৰভাৱে চিলাই কৰি দিয়া হয়। সাধাৰণতে বহল মুখৰ পাত্ৰত সংগ্ৰহ কৰি তাক নেত্ৰবেংকত সংৰক্ষিত কৰা হয়। Moist Chamber পদ্ধতিত ৩৬ ঘন্টা, Sulphate পদ্ধতিত ১৪ দিন আৰু Cryopreservative পদ্ধতিত বহু দিন চকু নষ্ট নোহোৱাকৈ, ব্যৱহাৰৰ উপযোগীকৈ নেত্ৰবেংকত ৰাখিব পাৰি।

নেত্ৰদানৰ বিষয়ে কিছু জানিবলগীয়া কথা:

 

  • পাঁচ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়ে মৃত্যুৰ পিছত নেত্ৰদান কৰিব পাৰে। তাৰ বাবে ইচ্ছা-পত্ৰও কৰিব পাৰে। কিন্তু দহৰপৰা পোন্ধৰ বছৰ বয়সৰ দাতা উৎকৃষ্ট।
  • যদি এজন মৃত ব্যক্তিয়ে তেওঁৰ জীৱিত কালত কেতিয়াও নেত্ৰদানৰ বিপক্ষে মত পোষণ কৰা নাছিল, তেন্তে তেনে ব্যক্তিৰ নেত্ৰ ব্যক্তিজনৰ মৃত্যৰ পিছত তেওঁৰ আত্মীয়ই দান কৰিব পাৰে। লাগিলে তেওঁ ইচ্ছা-পত্ৰ কৰক বা নকৰক।
  • নেত্ৰদান ইচ্ছা-পত্ৰ ওচৰৰ যিকোনো নেত্ৰবেংকতে কৰিব পাৰি। যিকোনো নেত্ৰবেংকত ইচ্ছা-পত্ৰ কৰিলেও ওচৰৰ নেত্ৰবেংকত খবৰ দিলেই মৃত্যুৰ পিছত নেত্ৰ সংগ্ৰহ কৰে।
  • দান কৰা নেত্ৰ কেতিয়াও বেচা-কিনা নহয়।
  • কোনো পৰিস্থিতিতে নেত্ৰবেংকৰ কৰ্মচাৰীয়ে নেত্ৰ সংগ্ৰহ কৰা অথবা ইচ্ছা-পত্ৰ কৰিব বিচৰা ব্যক্তিক ওভতাই পঠাব নোৱাৰে।
  • নেত্ৰদান ইচ্ছা-পত্ৰ কৰিলেও কিছুমান নিৰ্দিষ্ট কাৰণত এজন মৃত ব্যক্তিৰ নেত্ৰ সংগ্ৰহ কৰিব নোৱাৰি। সেইবোৰ হ’ল-

ক)কোনো নিৰ্দিষ্টকৈ ক’ব নোৱৰা কাৰণত মৃত ব্যক্তি(Death due to unknown cause),

খ)জলাতংক(Rabies) ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি,

গ)ৰক্ত কেন্সাৰত মৃত ব্যক্তি,

ঘ)এইচ আই ভি অথবা এইডছ আক্ৰান্ত ব্যক্তি,

ঙ)হেপাটাইটিছ ‘বি’ অথবা হেপাটাইটিছ ‘চি’ত আক্ৰান্ত ব্যক্তি,

চ)ডায়েবেটিছ, ছিফিলিছ, কেন্সাৰ, গ্লুকোমা থকা ব্যক্তি।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ

3.0
অভিজিত শৰ্মা Aug 15, 2018 08:13 PM

লিখনিৰ পৰা নাজানা কথা জানিলো

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top