অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পঞ্চকৰ্ম:

পঞ্চকৰ্মৰ বিষয়ে লিখা হৈছে

 

পঞ্চকৰ্ম কি-

 

আজিৰ তাৰিখত আয়ুৰ্বেদ চিকিৎসা পদ্ধতিয়ে পঞ্চকৰ্ম বিষয়ক কেৱল পাঁচটা কৰ্মৰ মাজতেই সাঙুৰি ৰখা নাই, বৰঞ্চ বিভিন্ন ধৰণৰ পূৰ্ব-প্ৰধান-পশ্চাদ কৰ্মসমূহক কৌশল প্ৰণালীৰে নানাবিধ ৰোগৰ বাবে ব্যৱহাৰ কৰি আহিছে। এই পদ্ধতি ১০ শতাংশ সঁজুলি ব্যৱহাৰৰ ওপৰত আৰু ৯০ শতাংশ প্ৰাকৃতিক ব্যৱস্থাপনাৰ ওপৰত নিৰ্ভৰশীল।

পঞ্চকৰ্ম চিকিৎসাৰ মুখ্য লক্ষ্য হ’ল-

 

মানৱ দেহৰ অলাগতিয়াল মল(বাত, পিত্ত, কফ)ক ঊৰ্দ্ধদ্বাৰ নাইবা অধঃদ্বাৰেৰে নিষ্কাসন কৰোৱা তথা শৰীৰৰ সমতা বৰ্তাই ৰখা। এক গুৰুত্বপূৰ্ণ পদ্ধতি হ’ল ‘স্নেহন’(Oil massage theraphy), যাৰ দ্বাৰা ঔষধি তৈল দ্ৰব্য শৰীৰৰ প্ৰত্যেক অংগত নাইবা প্ৰয়োজনীয় অংগত এক বিশেষ ধৰণেৰে প্ৰয়োগ কৰা হয়। বিভিন্ন বেমাৰ(পক্ষাঘাত, স্নায়ুৰ ৰোগ, হাত-ভৰিৰ জিনজিননি, শিশুৰ ওজন নবঢ়া অৱস্থা, ডিঙি-কঁকালৰ বিষ ইত্যাদি)ৰ ক্ষেত্ৰত বেলেগ বেলেগ ঔষধি তেল ব্যৱহাৰ কৰা হয়। অন্য এক আৱশ্যকীয় চিকিৎসা হ’ল ‘স্বেদন’(Fomentation therapy), ঘৰুৱা ভাষাত যাক সেক দিয়া বুলি কোৱা হয়। কেতিয়াবা শুকান(Dry fomentation) অথবা স্নিগ্ধ(Wet fomentation) দিয়া হয়, বহুতো ঔষধি কেঁচা সামগ্ৰী, ঔষধি গছৰ পাত, ঔষধি গছৰ গুড়ি ব্যৱহাৰ কৰা হয় বেমাৰ সাপেক্ষে(মাংসপেশী শুকাই যোৱা, হাত-ভৰিৰ টনাটনি, হাত কঁপা, গাঁঠিৰ বিষ ইত্যাদি)। বৰ্তমান সময়ত খুব সঘনাই শুনা যায়- কঁকালৰ বিষ, ডিঙিৰপৰা হাতৰ অংশৰ বিষ তথা আঁঠুৰ বিষ আৰু ইয়াৰ বাবে এক উপযোগী চিকিৎসা হ’ল ‘বস্তি’। এইক্ষেত্ৰত বিষ হোৱা নিৰ্দিষ্ট ঠাইডোখৰত ঔষধি দ্ৰব্যৰ প্ৰয়োগেৰে উষ্ণ বা হিট থেৰাপী দিয়া হয়। যিয়ে নিৰ্দিষ্ট অংশৰ ৰক্তবাহিনী, মাংসপেশী তথা হাড়ক পুষ্টি প্ৰদান কৰে। এক নিৰ্দিষ্ট উষ্ণতা আৰু নিয়মিত সময়ৰ বাবে প্ৰয়োগ কৰা এই পদ্ধতি অতিশয় লাভদায়ক হয়। বিভিন্ন ধৰণৰ ছালৰ বেমাৰৰ বাবে কিছুমান পদ্ধতি অৱলম্বন কৰা হয়, যেনে- ‘বমন’, ‘তক্ৰধাৰা’, ‘জলধাৰা’, ‘ৰক্তমোক্ষণ’, ইত্যাদি। যাৰদ্বাৰা ছ’ৰিয়ছিছ, ভিটিলিগ’, একজিমা, নিউৰ’ডাৰমেটাইটিছ আদি ৰোগৰ চিকিৎসা কৰা হয়। ‘বিৰেচন’ শীৰ্ষক এক চিকিৎসা পদ্ধতিৰদ্বাৰা শৰীৰৰ পাচনতন্ত্ৰৰপৰা মলসমূহক আঁতৰোৱা হয়। এই পদ্ধতি বহুচৰ্চিত আৰু ইয়াক ব্যৱহাৰ কৰা হয় বাত ৰোগ (Rheumatoid arthritis, Osteo arthritis, Gouty arthritis)ৰ বাবে মুখ্যভাৱে। এই চিকিৎসা ৩, ৫ বা ৭ দিনৰপৰা দিনৰ পুৱাৰ ভাগত দিয়া হয়, য’ত বিশেষ ঔষধ সেৱন কৰোৱা হয় আৰু অলাগতিয়াল মলক নিষ্কাসন কৰা হয়। ৰোগীক এক বিশেষ ধৰণৰ খাদ্য প্ৰণালীৰ উপদেশ দিয়া হয়- য’ত ঘৰত বনোৱা খিচিৰি, মুগ দাইলৰ ছুপ, মাংসৰ ছুপ, পায়স আদি খাদ্য নিৰ্দিষ্ট সময় অনুযায়ী খোৱাৰ উপদেশ দিয়া হয়। অন্য এক প্ৰকাৰৰ বাহ্য পঞ্চকৰ্ম প্ৰক্ৰিয়া হ’ল ‘উদৱৰ্তন’, য’ত ঔষধি পাউদাৰ ব্যৱহাৰ কৰা হয় আৰু ইয়াক শৰীৰত প্ৰয়োগ কৰা হয় দেহৰ-চুলিৰ ওলোটা দিশত। ই খুব উপযোগী- মেদবহুলতা, শৰীৰৰ ৰক্তবাহিনী সিৰাসমূহৰ ফুলি অহা অৱস্থা(Varicosity of veins), স্নায়ুৰ ৰোগ(Peripheral neuropathy) ইত্যাদিৰ বাবে। বৰ্তমান ব্যস্ত জীৱন-প্ৰণালীৰ মাজত কিছুমান পাকস্থলীৰ অসুবিধা খুব সঘনাই দেখা যায়, যেনে- ৰুচি নোহোৱা, কিবা খালেই পেট ফুলা, পুৱা শোৱাৰপৰা উঠিয়েই পেট কামোৰা, বীজলুৱা পাইখানা হোৱা আদি। ইয়াৰ বাবে ঔষধৰ লগতে ‘তক্ৰ’(বিশেষ দৈৰপৰা প্ৰস্তুত কৰা ঔষধ) ব্যৱহৃত হয় তথা বস্তি প্ৰয়োগ কৰা হয়। বিভিন্ন ঔষধৰ প্ৰয়োগ হয় পাচনতন্ত্ৰৰ চিকিৎসাৰ ক্ষেত্ৰত, যেনে- আমলখি, শিলিখা, গুডুচী, পঞ্চলৱণ, ৱেল, কুটজ, ত্ৰিকটু আদি। বয়স্ক ব্যক্তিৰ স্মৃতিধাৰণ ক্ষমতা তথা নতুন কথা জনাৰ আগ্ৰহ কমি আহে। ৰসায়ন চিকিৎসা কৰাৰ উপৰি এক বিশেষ ধৰণৰ পদ্ধতি অৱলম্বন কৰা হয়, যাৰদ্বাৰা দেহ আৰু মনৰ ভাগৰ দূৰ কৰাৰ লক্ষ্য ৰখা হয় তথা মস্তিষ্কৰ পুষ্টিৰ বাবেও ই অতিশয় উপযোগী। কপালৰ অংশত ঔষধি দ্ৰব্যৰ ধাৰা দিয়া হয় অবিৰতভাৱে তথা মগজুৰ বিশেষ অংশসমূহত সক্ৰিয় হ’বৰ বাবে ‘স্নেহন’(Massage) দিয়া হয়। সঘনাই ব্যৱহৃত ঔষধি দ্ৰব্য হ’ল- শংখপুষ্পী, ব্ৰাহ্মী, মষ্টিমধু, বান্দৰকেঁকোৱা, খেজুৰ আদি ৰসায়ন চিকিৎসাৰ বাবে প্ৰয়োগ কৰা হয়। ব্যস্ত জীৱনশৈলীৰ ব্যৱস্থাপনাই মানুহক বহুতো ৰোগৰ মুখামুখি কৰাইছে। সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিৰে ‘পঞ্চকৰ্ম চিকিৎসা’ই ৰোগৰ মূলস্থান আৰু নিৰ্দিষ্ট ব্যক্ত স্থানৰ ওপৰত ক্ৰিয়া কৰে, যাৰদ্বাৰা ৰোগীয়ে সুফল পোৱাৰ উপৰি শৰীৰক পুন স্বাভাৱিক সমতালৈ লৈ যোৱাৰ সুযোগি লাভ কৰে। ‘কেৰেলিয়ান-পঞ্চকৰ্ম’ৰ পদ্ধতি বিশ্ববিখ্যাত য’ত ৰোগীক সুস্থ কৰাৰ লক্ষ্য ৰখাৰ উপৰি সুস্বাস্থ্যৰ অধিকাৰী ব্যক্তিক শৰীৰৰ প্ৰকৃত গতি-বিধিৰ সংৰক্ষণ কৰা হয়। বৰ্তমান সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত এই চিকিৎসা পদ্ধতি প্ৰয়োগ কৰা হয়।

লেখিকা: ডাঃ ৰীমা ভট্টাচাৰ্য(দৈনিক অসম),ফোন-৭০৮৬৬৯১৫২০


2.96666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top