মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / পথ দুৰ্ঘটনা আদি ৰোধত যোগৰ ভূমিকাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পথ দুৰ্ঘটনা আদি ৰোধত যোগৰ ভূমিকাঃ

পথ দুৰ্ঘটনা আদি ৰোধত যোগৰ ভূমিকাৰ বিষয়ে লিখা হৈছে

পথ দুৰ্ঘটনা আদি ৰোধত যোগৰ ভূমিকা কি-


বৰ্তমানে বিশ্বত globalisation-ৰ ফলত সমগ্ৰ পৃথিৱীখনেই এখন ক্ষুদ্ৰ গাঁৱত পৰিণত হৈছে। সভ্য তথা আধুনিক সমাজৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৱেই মানুহৰ এতিয়া হাতৰ মুঠিত। মাথোঁ তাক ভোগ কৰাৰ বাবে লাগে কেইটামান টকা। বৰ্তমানৰ সামাজিক প্ৰেক্ষাপটত পূৰ্বতে কিছুমান বিলাসী সামগ্ৰী বুলি গণ্য কৰা মোবাইল আৰু গাড়ীৰ দৰে বস্তুবোৰ আজি কিন্তু প্ৰয়োজনীয় হৈ পৰিছে, যাৰ অবিহনে আমি এক্ষন্তেকো কটাব নোৱাৰো। তেনেস্থলত এইবোৰৰ ব্যৱহাৰিক দিশটোও লক্ষণীয় হৈ পৰিছে। সকলোৱেই যেন গাড়ী, মোবাইল, ইণ্টাৰনেট, সামাজিক প্ৰতিপত্তি আদিৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে।

সীমিত ৰাস্তা এটাত দৈনিক যান-বাহন ক্ৰমান্বয়ে বাঢ়ি যোৱাত তথা ৰাগীয়াল বস্তু আদি সেৱন কৰি গাড়ী চলোৱাৰ ফলত দৈনিক পথ দুৰ্ঘটনা আদি বাঢ়ি যোৱা পৰিলক্ষিত হৈছে যাৰ বাবে বহুলোকে অকালতে মৃত্যুক সাৱটি লব লগা হৈছে আৰু অনেকে চিৰদিনৰ বাবে ঘুণীয়া হব লগা হৈছে।

এতিয়া যোগাসনৰ দ্বাৰা কিদৰে এই দুৰ্ঘটনাসমূহ একেবাৰে ৰোধ কৰিব নোৱাৰিলেও ইয়াৰ মাত্ৰা কমাব পৰা যায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত।

চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ গৌৰৱোজ্জ্বল ইতিহাস আছে। চাৰি বেদৰ অন্যতম অথৰ্ব বেদত চিকিৎসা বিজ্ঞানৰ কথা সন্নিৱিষ্ট হৈ আছিল। যোগে কেৱল দৈহিক বা শাৰীৰিক অৱস্থা বা চিকিৎসা পদ্ধতিৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়, ইয়াৰ জৰিয়তে শাৰীৰিকভাৱে যোগাত্মক আৰু অধ্যাত্মিকভাৱেৰে জীয়াই থকাৰ উপায়ো পোৱা যায়। এই বিশ্বৰ সকলো বস্তুৱেই সেয়া জীৱই হওক বা জড়ই হওক সকলোকে সামৰি লোৱা হয়। যেতিয়া মানুহৰ মন, শৰীৰ আৰু আত্মা বিশ্বব্ৰহ্মাণ্ডৰ সৈতে আপোনাৰ সংযোগ বিচ্ছিন্ন হয়। এনে ধৰণৰ বিসংগতিৰ কেইটামান উদাহৰণ হল-

- জিনগত বা জন্মগত বিসংগতি

- আঘাত

- বতৰ বা ঋতু পৰিৱৰ্তন

- বয়স

- আৱেগ

আপোনাক স্বাস্থ্যৱান আৰু শাৰীৰিক, মানসিকভাৱে উৎকৃষ্ট পৰ্যায়ত ৰাখি শৰীৰৰ গঠন বা প্ৰকৃতি গঠনত কিদৰে সহায় কৰে বা কৰিব পাৰে তাৰ কথাও সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। আপোনাৰ প্ৰকৃতি গোটেই জীৱনজুৰি একেই থাকে বুলি ধৰা হয়। কিন্তু আপোনাৰ খাদ্যাভ্যাস আৰু বতৰ পৰিৱৰ্তনে ইয়াত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

প্ৰতিজন লোকেই পাঁচবিধ বিশেষ উপাদানেৰে সৃষ্টি হয়- আকাশ, বায়ু, অগ্নি, পানী, মাটি। এই পাঁচবিধ উপাদানে মানৱ শৰীৰৰ জীৱনী শক্তি বা দশাৰ সৃষ্টি কৰে বা নিৰ্ণয় কৰে। এই উপাদানকেইটাই আমাৰ মানৱ শৰীৰৰ কৰ্ম নিয়ন্ত্ৰণ কৰে।

দোষ তিনি প্ৰকাৰৰ, সেয়া হল-


- বাত দোষ (আকাশ আৰু বায়ু)

- পিত্ত দোষ (অগ্নি আৰু পানী)

- কফ দোষ (পানী আৰু মাটি)

আমাৰ এই মানৱ শৰীৰটো ক্ষুদ্ৰ বিশ্বব্ৰহ্মাণ্ড। মানৱ শৰীৰৰ জীৱনৰ ছন্দ আৰু বিশ্বব্ৰহ্মাণ্ডৰ ছন্দ একেটাই।


আমাৰ আলোচ্য বিষয়-

যোগাসনৰ দ্বাৰা আমাৰ শৰীৰ, মন আৰু আত্মাৰ উৎকৰ্ষ সাধন কৰিব পাৰিলে অন্যান্য উপকাৰিতাৰ উপৰি মন ইমান সুস্থ-সবল হয় তথা মন ইমান একাগ্ৰ আৰু ভিতৰমুৱা হয় যে দুৰ্ঘটনা আদি হব পৰা পৰিৱেশ-পৰিস্থিতিৰ পৰা নিজক আঁতৰাই ৰাখে। মন তথা আত্মাই পূৰ্বতেই ইয়াৰ ইংগিত জনাই দিয়ে তথা সাৱধান কৰি দিয়ে। ESP অৰ্থাৎ Extra Sensory Perception (ষষ্ঠ ইন্দ্ৰিয়)-ই আচৰিতভাৱে সক্ৰিয় হৈ অনাগত হব পৰা সকলো ধৰণৰ বিপদ-বিঘিনি বিষয়ে সতৰ্ক কৰি দিয়ে। স্বৰোদয় শাস্ত্ৰৰ বৰ্ণনা যি যোগাসনত আছে, সেই বিষয়ে জ্ঞাত হৈ চলিলেও এনে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।

পঞ্জিকা চাই তিথি নক্ষত্ৰাদি বিচাৰ কৰি, যাত্ৰাৰ অনুষ্ঠান হিন্দু সমাজত বিশেষভাৱে প্ৰচলিত। কিন্তু কাৰ্যতঃ দেখা যায়, ভাল সুদিন চাই যাত্ৰা কৰিলেও বিপদ-আপদ ঘটে। কিন্তি স্বৰশাস্ত্ৰ অনুযায়ী শুভক্ষণত যাত্ৰা কৰিলে বিপদ-আপদ নঘটে। এই বিষয়ত যোগীসকলৰ গৱেষণা অভ্ৰান্ত বুলি দাবী কৰিব পাৰি। যেতিয়া কৰবালৈ যাত্ৰা কৰিব, তেতিয়া লক্ষ্য কৰিব কোনটো নাকেদি শ্বাস প্ৰবাহিত হৈছে। যি নাকেৰে শ্বাস প্ৰবাহিত হৈ থাকে সেই ফালে পদ আগবঢ়াই যাত্ৰা কৰিবএই সাধাৰণ নিয়মৰ আকৌ উপনিয়ম আছে- বামাচাৰ প্ৰবাহেন ন গচ্ছেৎ পূৰ্ব উত্তৰে, দক্ষণাড়ী প্ৰবাহে তু ন গচ্ছেৎ যাম্যপশ্চিমে।– বাওঁ নাকেৰে শ্বাস প্ৰবাহৰ সময়ত, পূব আৰু উত্তৰ দিশলৈ যাত্ৰা নকৰিব, সোঁ নাকেৰে শ্বাস প্ৰবাহৰ সময়ত দক্ষিণ আৰু পশ্চিমফালে যাত্ৰা নকৰিব। ইয়াৰ লগতে তত্ত্বোদয় আৰু ৰাশিৰ সংক্ৰমণ আদিও বিচাৰ কৰিব লাগে। সাধাৰণপক্ষে ইমান বিচাৰ কৰি চলা অসুবিধাজনক। গতিকে উপনিয়মৰ প্ৰতি লক্ষ্য নকৰি যেতিয়া যি নাকেদি শ্বাস প্ৰবাহিত হৈ থাকে, সেইফালৰ পদ আগবঢ়াই যাত্ৰা কৰিব। এইদৰে যাত্ৰা কৰিলে পুৰাপুৰি সুফল পোৱাৰ আশা নাথাকিলেও যাত্ৰাৰ বিপদ-আপদ বহুলাংশে কাটি যায়।

যেতিয়া সুষুম্নাৰে অৰ্থাৎ দুয়ো নাকেৰে সমভাৱে শ্বাস প্ৰবাহিত হয় অথবা অৰ্ধ-সুষুম্নাৰে অৰ্থাৎ ক্ষণে বাওঁ ক্ষণে সোঁ নাকেৰে শ্বাস ললে তেতিয়া কলৈকো যাত্ৰা নকৰিব। অৰ্ধ-সুষুম্না আৰু সুষুম্না শ্বাস প্ৰবাহিত কোনো আপদ-বিপদ বা পথ দুৰ্ঘটনা হবই। যদি অৰ্ধ-সুষুম্নাত যাত্ৰাৰ সময়ত ইড়া আৰু পিংগলা নাড়ীত পৃথ্বিতত্ত্ব বা জলতত্ত্ব উদিত থাকে, তেনেহলে বিপদ লঘু ধৰণৰ হব, যদি বায়ু অগ্নি বা আকাশতত্ত্ব উদিত থাকে, তেনেহলে বিপদ গুৰুতৰ হয়। খাঁটি সুষুম্নাত যাত্ৰা কৰিলে ভয়ংকৰ পথ-দুৰ্ঘটনা আদিৰ দৰে দুৰ্ঘটনাৰে মৃত্যুৰ সম্ভাৱনাই সৰ্বাধিক। গতিকে অৰ্ধ-সুষুম্না আৰু বিশুদ্ধ সুষুম্নাৰ উদয়ত কলৈকো যাত্ৰা বা কোনো কামত হস্তক্ষেপ নকৰাই ভাল। এই সময়ত একমাত্ৰ অধ্যয়ন অথবা ভগৱৎ চিন্তাত মনোনিৱেশ কৰা উচিত।

গতিকে, ঈশ্বৰ প্ৰদত্ত এই মানৱ জীৱনটো প্ৰত্যেকৰে আয়ুস থকা দিনলৈ প্ৰত্যেকেই ভালদৰে জীয়াওক, কাৰোৱেই অকাল মৃত্যু যেন নহয়...! যোগাসনৰ উচ্চ পৰ্যায়ৰ এনে জ্ঞানে আমাক ভালেখিনি বিপদৰ পৰা ৰক্ষা কৰিব পাৰে তথা ৰাস্তা আদিত যান-বাহন চলাওতে তথা খোজ কাঢ়োতেও সকলোৱে যে লাগতিয়াল নীতি-নিয়মবোৰ ভালদৰে পালন কৰে যেন, যেনে মদ্যপান কৰি গাড়ী নচলোৱা, মোবাইল ফোনত কথা পাতি গাড়ী নচলোৱা তথা ফোনত কথা পাতি ৰাস্তা-ঘাট পাৰ নোহোৱা।


(উৎসঃ অসমীয়া খবৰ, পাৰ্থপ্ৰতিম দাস)।

 

3.05128205128
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top