অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাণায়াম :

প্ৰাণায়ামৰ বিষয়ে লিখা হৈছে ।

 

মহৰ্ষি পতঞ্জলিৰ অষ্টাংগ যোগ(যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি)ৰ অন্যতম অংগ হৈছে প্ৰাণায়াম। সাধাৰণ অৰ্থত প্ৰাণায়াম শ্বাস-প্ৰশ্বাসৰ এক ব্যায়াম বিশেষ হ’লেও প্ৰকৃতাৰ্থত শ্বাস-প্ৰশ্বাসৰ প্ৰণালীবদ্ধ নিয়ন্ত্ৰণ বা প্ৰাণৰ অয়ামেই হৈছে প্ৰাণায়াম। সহজ অৰ্থত উশাহ ভিতৰলৈ নিয়াটোৱেই আয়াম কৰা বা সেয়াই প্ৰাণায়াম। জন্মৰ পিছৰপৰাই জীৱৰ স্বতঃসফূৰ্তভাৱে প্ৰাণায়ামৰ প্ৰক্ৰিয়া আৰম্ভ হয়। প্ৰাণায়ামৰদ্বাৰা হাওঁফাওঁ শক্তিশালী হয়, শৰীৰৰ ৰক্ত সঞ্চালক প্ৰক্ৰিয়া উন্নত হয়, যাৰ ফলত মানুহ নিৰোগী আৰু দীৰ্ঘজীৱী হয়। উশাহৰদ্বাৰা পৰ্যাপ্ত অক্সিজেন দেহৰ বিভিন্ন কোষলৈ যায় আৰু ভিতৰৰ মলিনতা বাহিৰলৈ উলিয়াই আনে- যিয়ে দেহ-মন সুস্থ-সবল কৰি তোলে। অৱশ্যে বহু লোকেই গভীৰভাৱে শ্বাস-প্ৰশ্বাস লোৱাৰ ক্ষেত্ৰত অভ্যস্ত নহয়, যাৰ ফলত তেওঁলোকৰ হাঁওফাঁওৰ এক চতুৰ্থাংশহে ব্যৱহাৰ হয়, বাকী তিনি চতুৰ্থাংশ নিষ্ক্ৰিয় হৈ থাকে। ফলত তেওঁলোকে নানা ৰোগ-ব্যাধিৰ চিকাৰ হ’বলগীয়া হয়। কিন্তু শুদ্ধ প্ৰণালীবদ্ধ প্ৰাণায়ামৰদ্বাৰা পৰিমিত মাত্ৰাত শ্বসন কাৰ্য চলাই থাকি হাঁওফাঁওক পূৰ্ণৰূপে সক্ৰিয় কৰি তুলি নিৰোগী আৰু দীৰ্ঘজীৱী হৈ শতাধিক শৰৎ প্ৰত্যক্ষ কৰিব পাৰি। আমাৰ দেহৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। মানুহৰ দেহত অক্সিজেনৰ সৰবৰাহৰ বাবে শ্বাস গ্ৰহণ বা উশাহ লোৱাৰ প্ৰয়োজন হয়। দেহৰ ৰক্ত কণিকাই অহৰ্নিশে দেহৰ প্ৰ্তিটো কোষক অক্সিজেনৰ যোগান ধৰে। মানুহৰ নাকেৰে হাঁওফাঁওলৈ যোৱা বায়ুৰ মাজতেই অক্সিজেন থাকেগ। ৰক্ত কণিকাই এই অক্সিজেন গ্ৰহণ কৰি কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে। প্ৰাণায়ামৰ জৰিয়তে মানুহে শৰীৰৰ অক্সিজেনৰ যোগান ধৰিব পাৰে। যদি আমাৰ দেহৰ প্ৰতিটো কোষেই পৰ্যাপ্ত পৰিমাণে অক্সিজেন লাভ কৰে, তেনেহ’লে সেই কোষসমূহ ৰুগ্ন হোৱাৰ সম্ভাৱনা নাথাকে। শৰীৰৰ কোষসমূহে সঠিক মাত্ৰাত অক্সিজেন পালে দেহত দুৰৰোগ্য ৰোগে থিতাপি ল’ব নোৱাৰে।

শুদ্ধ তথা প্ৰ্ণালীবদ্ধ প্ৰাণায়ামৰদ্বাৰা পৰিমিত মাত্ৰাত শ্বাস-প্ৰশ্বাস বা শ্বসন কাৰ্য চলই থাকি হাঁওফাঁও দুটাক সম্পূৰ্ণ সক্ৰিয় কৰি তুলি নিৰোগী আৰু দীৰ্ঘজীৱী হৈ জীৱন উপভোগ কৰিব পাৰি। পৰিমিত মাত্ৰাত শ্বসন কাৰ্য চলাই থকাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে শুদ্ধভাৱে নিয়মিত ৰূপত প্ৰাণায়াম কৰাটো। প্ৰাচীন কালত যোগাভ্যাসী যোগীসকলে বিভিন্ন প্ৰজাতিৰ প্ৰাণী পৰ্যবেক্ষণ তথা অনুসন্ধান কৰি এই কথাটো গম পাইছিল যে যিবোৰ প্ৰজাতিৰ প্ৰাণীয়ে দ্ৰুতগতিত শ্বাস-প্ৰশ্বাস কাৰ্য সম্পাদন কৰে, সেইবোৰ প্ৰজাতিৰ প্ৰাণীৰ তুলনাত ধীৰ গতিত শ্বাস-প্ৰশ্বাস সম্পাদন কৰা প্ৰজাতিৰ প্ৰাণীবোৰ দীৰ্ঘজীৱী হয়। যোগীসকলে ইয়াৰদ্বাৰা এই সিদ্ধান্তত উপনীত হৈছিল যে যদি মানুহে নিজৰ শ্বাস-প্ৰশ্বাস বা উশাহ-নিশাহ নিয়ন্ত্ৰণ কৰিব পাৰে, তেতিয়াহ’লে নিশ্চয় তেওঁলোকে নিজৰ জীৱনকাল অনায়াসে দীঘলীয়া কৰিব পাৰিব। কিয়নো উশাহৰ সাংখ্যিক পৰিমাণৰ ওপৰতে প্ৰাণীবিলাকৰ আয়ুসৰ দীৰ্ঘতা নিৰ্ভৰ কৰে।

গতিকে যিবোৰ প্ৰাণীয়ে যি গতিৰে উশাহ গ্ৰহণ কৰে, সেই প্ৰাণীবোৰৰ আয়ুসো সেই অনুপাতে হয়। প্ৰাচীন কালত প্ৰদূষণহীন নিৰ্মল-নিকা পৰিৱেশত মানুহ যেতিয়া হৃষ্ট-পুষ্ট নিৰোগীভাৱে শতাধিক বছৰ জীয়াই আছিল, তেতিয়া তেওঁলোকৰ শ্বাস সংখ্যা মিনিটে প্ৰতি ১১-১২ আছিল। কিন্তু বৰ্তমান কালৰ প্ৰদূষিত পৰিৱেশত উশাহৰ সংখ্যা বাঢ়ি গৈ মিনিটে প্ৰতি ১৫-১৬ হৈছে।

প্ৰাণায়ামৰদ্বাৰা মন একাগ্ৰ হয়। মনৰ মাজত ভুমুকি মৰা অসৎ, অবিদ্যা তথা দুখ-ক্লেশৰূপী অন্ধকাৰ আঁতৰি যায়। প্ৰাণায়ামৰদ্বাৰা সহজে বিভিন্ন ৰোগ-ব্যাধি নিবাৰণ কৰিব পাৰি। সোণ আৰু ধাতু পুৰিলে মলি বিকাৰ আদি আঁতৰি উজ্জ্বল হৈ পৰাৰ দৰে প্ৰাণায়ামৰদ্বাৰাও ইন্দ্ৰিয় তথা মনৰ বিকাৰ আঁতৰি যায়। প্ৰাণায়ামৰদ্বাৰা দীৰ্ঘ শ্বসনৰ অভ্যাসো আপুনা আপুনি হ’বলৈ ধৰে। যাৰ ফলত নিয়মিতৰূপে প্ৰাণায়াম কৰা লোকে নিজৰ শ্বসন কাৰ্য কম পৰিমাণে কৰে কাৰণে তেওঁলোক দীৰ্ঘায়ু হয়। অকল ইমানেই নহয়, প্ৰাণায়ামৰদ্বাৰা মন-মগজুৰ ক্ষমতা বঢ়াই স্মৰণ শক্তি, বুদ্ধিৰ কুশাগ্ৰতা, দূৰদৰ্শিতা, মেধা, প্ৰজ্ঞা আদি মানসিক বৈশিষ্ট্যৰ অভিবৃদ্ধি ঘটাই সুস্থ আৰু দীৰ্ঘজীৱনৰ অধিকাৰী হৈ জীৱনৰ প্ৰকৃত আনন্দ ষোল অনাই উপভোগ কৰিব পাৰি।

বিভিন্ন প্ৰাণীৰ শ্বাস সংখ্যা আৰু পৰিমাণ সম্পৰ্কীয় তালিকা -

প্ৰাণী

মিনিটে প্ৰতি উশাহৰ সংখ্যা

আয়ুস

কাছ

২০০ৰ পৰা ৩০০ বছৰ পৰ্যন্ত

হাতী

২২

৮০-১০০ বছৰ

ঘোঁৰা

২৬

৪৮ৰ পৰা ৫০ বছৰ

গাহৰি

৩০

১৮-২০ বছৰ

বান্দৰ

৩০

১৭-২০ বছৰ

পাৰ চৰাই

৩৪

৭-১০ বছৰ

শহা পহু

৩৮

৭-৮ বছৰ

এন্দুৰ

১০০

২ বছৰ

মানুহ

১৫

৭০-১০০ বছৰ

চৰাই

৩০

১২-১৮ বছৰ

 

লেখক: ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)

3.04166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top