মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / প্ৰাণায়াম আৰু স্বাস্থ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাণায়াম আৰু স্বাস্থ্য :

প্ৰাণায়াম আৰু স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

 

প্ৰাণ হৈছে জীৱনৰ আধাৰ। সকলো জীৱৰে জন্ম, বিকাশ, শ্ৰীবৃদ্ধি, পুষ্টি, মৃত্যু আদি বিষয়ৰে মুল স্ৰোত হৈছে প্ৰাণ। প্ৰাণ হৈছে জীৱনৰ চালিকা শক্তি। শাৰীৰিক সক্ষমতা আৰু মানসিক শক্তিৰ শ্ৰীবৃদ্ধিৰ বাবে প্ৰাণৰ নিয়ন্ত্ৰণ খুবেই গুৰুত্বপুৰ্ণ বিষয়। দেহস্থ বায়ুবিলাক নিয়ন্ত্ৰণ কৰি ইন্দ্ৰিয় সংযমৰ জৰিয়তে সুস্বাস্থ্য লাভৰ প্ৰচেষ্টাক যোগ বিজ্ঞানত প্ৰাণায়াম বোলে। প্ৰাণায়ামৰ জৰিয়তে শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰিত হয় তথা ব্যক্তিৰ মনো-দৈহিক বিকাৰ দুৰ হয়। সৰল অৰ্থত প্ৰাণৰ নিয়ন্ত্ৰণকেই প্ৰাণায়াম বুলি কোৱা হয়। অন্নময় কোষৰ পৰা আৰম্ভ কৰি প্ৰাণময় কোষ আদি জড় দেহৰ বিভিন্ন পৰ্যায়ত প্ৰাণায়ামৰ ভুমিকা অপৰিসীম। ৰেচক, পুৰক আৰু কুম্ভক-এই তিনিটা অংগৰে প্ৰাণায়াম সমৃদ্ধ। ৰেচকৰ ফলত দেহৰ দুষিত বায়ু নিষ্কাশন হয় (ৰেচক হৈছে হাঁওফাঁওৰ পৰা নাকেৰে বায়ু উলিয়াই দিয়া কাৰ্য)। ৰেচকক ইংৰাজীত   বুলি কোৱা হয়। আনহাতে পুৰক হৈছে শ্বাস গ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ ফলত আমাৰ দেহে পৰ্যাপ্ত পৰিমাণে অক্সিজেন লাভ কৰে। ৰেচক আৰু পুৰকৰ মাজৰ অৱস্থাটি হৈছে কুম্ভক (Breath Retention)। প্ৰখ্যাত যোগাচাৰ্য বি কে এছ আয়েংগাৰে তেখেতৰ জনপ্ৰিয় গ্ৰন্থ Light on Yoga ত কুম্ভক সন্দৰ্ভত এনেদৰে লিখিছে- Retention or holding the breath, a state where there is no Inhalation or Exhalation  ।কুম্ভক কেইবা প্ৰকাৰৰো আছে। যেনে-অন্তৰ, কুম্ভক, চহিত কুম্ভক আৰু কেৱলী কুম্ভক। কুম্ভকৰ ফলত প্ৰাণশক্তি (AURA) বৃদ্ধি পায়। হাওঁফাওঁ শক্তিশালী হয়, লগতে তেজ পৰিষ্কাৰ হয়। আধুনিক কালত এক সুস্বাস্থ্যৱান ব্যক্তিত্ব গঢ়ি তোলাটো খুবেই প্ৰত্যাহ্বান বিষয়। নেতিবাচক, জীৱনশৈলী, অপ্ৰাকৃতিক খাদ্যাভ্যাস, পৰিশ্ৰমবিমুখতা আদিৰ ব্যাপক প্ৰভাৱে মানুহক শাৰীৰিক আৰু মানসিকভাৱ ৰুগ্ন কৰি তুলিছে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় প্ৰাণায়ামে দিব পাৰে। প্ৰাণায়াম মানৱ সভ্যতাৰ বাবে আশীৰ্বাদস্বৰুপ। নিয়মিত প্ৰাণায়ামৰ ফলত ব্যক্তিৰ ৰোগ প্ৰতিৰোধ শক্তি, কৰ্মশক্তি, আয়ুস আদি বৃদ্ধি হয়। প্ৰাণায়ামৰ অভ্যাসে অক্সিজেনৰ অভাৱ দুৰ কৰে। বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে যে প্ৰাণায়ামভেদে শাৰীৰিক বিকাশত ভিন্ন ভিন্ন ধৰণে অৰিহণা যোগায়। ভস্ত্ৰিকা প্ৰাণায়াম কৰিলে মানৱ শৰীৰে যথেষ্ট পৰিমাণে অক্সিজেন লাভ কৰে। সাধাৰণভাৱে শ্বাস গ্ৰহণ কৰিলে মানৱ শৰীৰে ৪০০-৫০০ মি:লি: অক্সিজেন লাভ কৰে। কিন্তু ভস্ত্ৰিক প্ৰাণায়ামৰ জৰিয়তে মানৱ শৰীৰে ৫০০০-১০,০০০মি:লি: অক্সিজেন লাভ কৰে। এই প্ৰাণায়ামে শ্বাসজনিত বিভিন্ন ৰোগ নাশ কৰে। আন এক শক্তিদায়ক, ৰোগনাশক প্ৰাণায়াম হৈছে কপালভাতি প্ৰাণায়াম। এই প্ৰাণায়ামে কুণ্ডলিনী শক্তি জাগৰণত সহায় কৰে। এই প্ৰাণায়ামে মেদ ৰোগ, বিভিন্ন যৌন ৰোগ, স্নায়ুতন্ত্ৰৰ সমস্যা, ৰক্তচাপজনিত সমস্যা আদি নাশ কৰি শৰীৰক সবল আৰু পুৰ্ণ বিকশিত কৰি তোলে। অগ্নিয়ে যেনেকৈ সোণক মল আৰু বিকাৰবিহীন কৰি তোলে, তথৈবচ প্ৰাণায়ামে শাৰীৰিক বিকাৰ নাশ কৰি (অৰ্থাৎ কফ, পিত্ত, বায়ু, সন্তুলিত কৰি ) মানৱ জীৱনলৈ সুন্দৰতাৰ ইতিবাচক জোৱাৰ আনে।

প্ৰাণায়াম হৈছে এক সমগ্ৰ সাস্থ্য বিজ্ঞন। ই মাথোঁ এক শৰীৰকেন্দ্ৰিক সাধনা নহয়। মানসিক বিকাশৰ প্ৰতিটো স্তৰতে প্ৰাণায়ামৰ ভুমিকা অপৰিসীম। প্ৰাণায়ামৰ অভ্যাসে মনোযোগ, ধৈৰ্যশক্তি, সৃজনীশক্তিৰ শ্ৰীবৃদ্ধি ঘটায়। অনুলোম-বিলোমা আৰু ভ্ৰামৰী-এই দুয়ো প্ৰাণায়াম মানসিক স্বাস্থ্যৰ বাবে মহৌষধস্বৰুপ। অনুলোম-বিলোম প্ৰাণায়ামে মগজুলৈ যথেষ্ট পৰিমাণে অক্সিজেন যোগান ধৰে। আনহাতে ভ্ৰামৰী প্ৰাণায়ামে মগজুক বিশ্ৰাম কৰাৰ লগতে মানসিক অৱসাদ, বিষণ্ণতা, অমনোযোগী স্বভাৱ আদি বিকাৰ দুৰ কৰি ব্যক্তিক মানসিকভাৱে পৰিপুৰ্ণ আৰু বিকশিত কৰি তোলে। বিভিন্ন অধ্যয়নৰ পৰা পোহৰলৈ আহিছে যে প্ৰাণায়ামৰ দৈনিক অভ্যাসে উন্মাদ ৰোগ পৰ্যন্ত ঠিক কৰিব পাৰে। মানসিক ব্যাধি নাশ কৰি মনলৈ ইতিবাচক পৰিৱৰ্তন অনা কেইটিমান প্ৰাণায়াম হৈছে- কপালভাটি, ভস্ত্ৰিকা, শীতলী, সুৰ্যভেদী আৰু উদ্ৰীথ প্ৰাণায়াম। মানসিক বিকাশৰ ক্ষেত্ৰত প্ৰাণায়ামৰ এক উল্লেখযোগ্য ভুমিকা হ’ল প্ৰাণায়ামৰ নিয়মিত অভ্যাসৰ ফলত মগজুৰ হানিকাৰক তৰংগবিলাক প্ৰভাৱহীন হয়, ফলত মন-মগজুৰ ক্ৰিয়াশীলতা বৃদ্ধি পায়। এইক্ষেত্ৰত আমি প্ৰণৱ প্ৰাণায়ামৰ কথা ক’ব পাৰো। প্ৰণৱ প্ৰাণায়াম নিয়মিত কৰিলে আমাৰ একাণপতীয়া স্বভাৱৰ শ্ৰীবৃদ্ধি হয়।

Breathe right with Pranayamas to relive anxiety  শীৰ্ষক গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে যে নাড়ী শোধন প্ৰাণায়ামৰ দ্বাৰা সকলো ধৰণৰ মানসিক বিকাৰ দুৰ কৰিব পাৰি। সাম্প্ৰতিক বিশ্বত ডিপ্ৰেছন বা মানসিক বিষণ্ণতাই এনে এটা পৰ্যায় পাইছগৈ যে অকল এই বিকাৰৰ বাবেই পৃথিৱীৰ প্ৰতিবছৰে লাখ লাখ মানুহে আত্মহত্যা কৰে। অত্যধিক চিন্তা আৰু মানসিক চাপৰ বাবে আমাৰ দেহত কিছুমান হৰম’নৰ মাত্ৰা বহু বৃদ্ধি পায়, যাৰ ভিতৰত এড্ৰিনেলিন আৰু কৰ্টিছল হৈছে প্ৰধান। প্ৰাণায়ামৰ দৈনিক অভ্যাসৰ ফলত হৰম’নৰ মাত্ৰা নিয়ন্ত্ৰিত হৈ থাকে আৰু মানসিক স্থিতি উদ্বেগবিহীন আৰু আনন্দময় হৈ থাকে।

লেখক: ভাৰ্গৱ কলিতা (জি এনআৰচি স্বাস্থ্য)

2.89795918367
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top