অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাণায়াম কৰাৰ নিয়ম :

প্ৰাণায়াম কৰাৰ নিয়ম :

 

আৰু সহজ প্ৰাণায়াম পদ্ধতি (তৃতীয় খণ্ড)
তলৰ বিধি নিয়ম আৰু প্ৰাণায়ামৰ নিৰ্ধাৰিত প্ৰণালী পালন কৰি ৮-৯ বছৰ বয়সৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো বয়সৰ লোকেই কৰিব পাৰে ।
১। প্ৰাণায়াম নিৰ্জন স্থানত , বা খোলা কোঠাত আৰু শুদ্ধ নিৰ্মল প্ৰদুষনমুক্ত পৰিৱেশত কৰাতো বিধেয় ।
২। ৰাতিপুৱা শৌচাদি প্ৰাতঃকৃত্যৰ পিচত বা ভোজনৰ ৩-৪ঘন্টা পিচত;( সন্ধিয়া) প্ৰাণায়াম কৰা উচিত । অন্যান্য কামত ভাগৰ লাগি থকা পৰত প্ৰাণায়াম নকৰিব । ব্যায়াম বা যোগাসন কৰাৰ আগত বা এঘন্টা পিছত কৰাটো ভাল ।
৩। মাটিত কম্বল , কুশাসন বা নৰম কাপোৰ পাৰি নাইবা বিচনাত সুখাসন, বজ্ৰাসন,পদ্মাসন, সিদ্ধাসন ,ধ্যানাসন বা সুবিধা মতে মেৰুদণ্ড পোণকৈ বহা উচিত ।
৪। হুলস্থলীয়া পৰিৱেশ বা মনৰ অশান্ত , চঞ্চল বা অস্থিৰ অৱস্থাত প্ৰাণায়াম খৰখেদাকৈ কেতিয়াও নকৰিব ।
৫। প্ৰাণায়াম প্ৰস্তুতিৰ পুৰ্বে দীঘলকৈ ঔঁ উচ্চাৰন , নিজ ইষ্টদেৱৰ স্মৰন বা আধ্যাত্মিক ভাৱাপন্নতাৰে কৰাতো অধিক ফলপ্ৰদ ।
৬। প্ৰথম অভ্যাসকাৰীয়ে দিনে১৫-২০মিনিটকৈ "সহজ প্ৰাণায়াম " কৰি পিচলৈ লাহে লাহে সময় বঢ়োৱা উচিত । একেদিনে বেচিকৈ কেতিয়াও নকৰিব । যিকোনো প্ৰাণায়াম কৰি ভাগৰ/অস্বস্তি বোধ কৰিলে জিৰনি লৈ কৰিব । পাৰিলে নিৰ্দিষ্ট সময়মতে কৰাতো ভাল ।
৭। ভুলকৈ বা ভালদৰে নুবুজাকৈ কোনো প্ৰাণায়াম নকৰিব ।
৮। অধিক ঠাণ্ডা / গৰম বা প্ৰতিকুল বতৰত প্ৰাণায়াম নকৰিব ।
৯। গৰ্ভৱতী মহিলা , জ্বৰ বা অন্য জটিল ৰোগত অসুস্থ অৱস্থাত প্ৰাণায়াম নকৰিব
...প্ৰাণায়াম সঠিক নিয়ম পদ্ধতি মতে কৰি দ্ৰুত আৰু পুৰ্ন ফলাফল পাবলৈ সুষম আহাৰ আৰু আধ্যাত্মিক ভাৱাপন্ন হোৱাতো আৱশ্যক ।
গীতাত স্বয়ং ভগৱানে কৈছে ---
যুক্তাহাৰবিহাৰস্য যুক্তচেষ্টস্য কৰ্মসু ।
যুক্তস্বপ্নাৱবোধস্য যোগো ভৱতি দুখ্ৰহা ॥
অৰ্থাত --যি ব্যক্তিৰ আহাৰ-বিহাৰ সঠিক নহয়,সাংসাৰিক কামকাজত নাইবা খোৱা লোৱা , শোৱা জাগাৰ যাৰ কোনো নিৰ্দিষ্ট দিনচৰ্যা (সময় তালিকা) নাই, সেই ব্যক্তি যোগাভ্যাস কৰিলেও কোনো ফল নাপায় ।
সহজ প্ৰাণায়াম পদ্ধতি
নতুনকৈ প্ৰাণায়াম অভ্যাস কৰা ব্যক্তিৰ উপযোগীকৈ তলত কিছু সহজ প্ৰাণায়াম পদ্ধতি দিয়া হল-
শ্বাস ভিতৰলৈ টনাক "পুৰক" ,বাহিৰলৈ উলিয়াই দিয়াক "ৰেচক" , আৰু উশাহ বন্ধ কৰাক "কুম্ভক"বোলে । ন-শিকাৰুৱে উশাহ বন্ধ বা কুম্ভক নকৰিব আৰু ওপৰত বৰ্নোৱা বিধি অনুসৰি অভ্যাস কৰিব ।
পদ্ধতি নং ১ :-- ৰাজহাড় পোণকৈ যিকোনো আসনত বহি লব । এইবাৰ নিজ ইষ্টদেৱক স্মৰন কৰি গম্ভীৰভাবে দীঘলকৈ শ্বাস গ্ৰহন কৰক আৰু লাহে লাহে মুখেৰে শ্বাস এৰক । এনেদৰে ৫--৮বাৰ কৰিব । মাজতে অসুবিধা পালে স্বাভাৱিক উশাহ লব ।
উপকাৰিতা:- হাওঁফাওঁ ,যকৃত, পাকস্থলী মজবুত হয় । শৰীৰত ফোহোৰা , ব্ৰন , শালমইনা আচিনা আদি প্ৰতিৰোধ হয় ।

পদ্ধতি নং২:---একেদৰে পোণ হৈ বহি লওক । (থিয় হৈও কৰিব পাৰিব) এইবাৰ মুৰ পোনকৈ ৰাখি দীঘল আৰু গম্ভীৰভাৱে শ্বাস টানি লওক আৰু মুৰটো আগফালে হলাই অৰ্থাত থুতুৰি বুকুৰ ফালে (কন্ঠকূপত) নমাই গলৰ শব্দ হোৱাকৈ লাহে লাহে উশাহ এৰক । এনে প্ৰক্ৰিয়াৰে ৫-৬বাৰ কৰিব।
উপকাৰিতা:- চৰ্দি কাহ নিমোনিয়া টায়েফয়েড ব্ৰংকাইটিচ আদিৰ লগতে কফজনীত নানা ৰোগ প্ৰতিৰোধ হয় ।

পদ্ধতি নং৩ :---যিকোনো আসনত বহি লওক। আগৰ নিচিনাকৈ লাহে লাহে সম্পুৰ্ন উশাহ টানি লওক। এৰাৰ আগেয়ে মুখখন ফুলাই আৰু ওঠ দুটা জোঙাকৈ সজোৰে আৰু ৰৈ ৰৈ ৫--৬ বাৰ মানত উশাহ এৰিব । শ্বাস গ্ৰহন কৰা সময়তকৈ এৰা সময় কিছু বঢ়াব। এনেদৰে ৫-৬ বাৰ কৰিব ।
উপকাৰিতা:-- শ্বাস যন্ত্ৰ মজবুত হয় ,কফ জনীত ২০ প্ৰকাৰ ৰোগ প্ৰতিৰোধ হয় ; মুখমন্ডলৰ ৰোগ গুচে আৰু সৌন্দৰ্য বাঢ়ে ।
পদ্ধতি নং ৪ :--- যিকোনো আসনত পোণাই বহি লওক । নাকেৰে শ্বাস ভিতৰলৈ সম্পুৰ্নকৈ টানি লওক । এৰাৰ সময়ত হাঃ কৈ মুখ আৰু জিহ্বা মেলি বলপুৰ্বক (হঁহাৰ নিচিনা) সম্পুৰ্ন শ্বাস এৰক । অকনমান স্বাভাৱিক হৈ পুনৰ কৰক । এনেকৈ ৫-৬ বাৰ কৰক ।
উপকাৰিতা :- কন্ঠনলী সৱল হয় , মাতভঙা , মাত বহি যোৱা আদি সমস্যা দুৰ হয় , কন্ঠস্বৰ সুৱলা হয় ।
ধৈৰ্য সহকাৰে নিয়মিত প্ৰানায়াম কৰিলেহে ফলাফল পাব ।

লেখক – যতীন দাস

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate