মূল পৃষ্ঠা / স্বাস্থ্য / আয়ুস / ফিটনেছ ধৰি ৰাখিবলৈ ব্যয় কৰক কেলৰিঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফিটনেছ ধৰি ৰাখিবলৈ ব্যয় কৰক কেলৰিঃ

ফিটনেছ ধৰি ৰাখিবলৈ কেলৰি ব্যয় কৰাৰ বিষয়ে লিখা হৈছে

ফিটনেছ ধৰি ৰাখিবলৈ কেলৰিৰ ব্যয়


সুষম খাদ্য গ্ৰহণ কৰি দিনটো বিশেষ কাম-বন নকৰিলে অৰ্থাৎ শাৰীৰিক শ্ৰম নকৰিলে দেহত অপ্ৰয়োজনীয় কেলৰিৰ পৰিমাণ বৃদ্ধি পায়। এই বৰ্ধিত কেলৰিয়ে শৰীৰত বিভিন্ন স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰে। মেদবহুলতা, ডায়েবেটিছ, হৃদৰোগ আদিৰ ক্ষেত্ৰতো অতিৰিক্ত ক্ষেত্ৰতো কেলৰিয়ে নিৰ্ণায়ক ভূমিকা ল’ব পাৰে। সেয়েহে এগৰাকী ব্যক্তিয়ে ফিটনেছ ধৰি ৰাখিবলৈ হ’লে শৰীৰত জমা হোৱা অতিৰিক্ত কেলৰিখিনি ব্যয় কৰাৰ প্ৰতি সচেতন হ’ব লাগিব। কেলৰি ব্যয় কৰাৰ কেইটামান সহজ উপায় তলত দিয়া হ’ল-

নিয়মীয়াকৈ ব্যায়াম কৰিলে শৰীৰত অনাৱশ্যক কেলৰি জমা হোৱাৰ সম্ভাৱনা নাথাকে। বিশেষকৈ পুৱাৰ ভাগত দৌৰা বা খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিলে অতিৰিক্ত কেলৰি ধ্বংস কৰিব পাৰি।

চাইক্লিং অথবা চাইকেল চলাই আপুনি সহজে অতিৰিক্ত কেলৰি ব্যয় কৰিব পাৰে।

ঘৰুৱা কাম-কাজ নিজে কৰাৰ অভ্যাস গঢ়ি তুলিলে শৰীৰত জমা হোৱা অতিৰিক্ত কেলৰি ব্যয় হয়। খেতি-বাতি, গাড়ী ধোৱা, কাপোৰ ধোৱা, ৰন্ধা-বঢ়া কৰা, ঘৰ চাফা কৰা আদি কামৰ জৰিয়তেই সহজে অতিৰিক্ত কেলৰি ধ্বংস কৰিব পাৰি।

বিভিন্ন খেলা-ধূলা কৰিলে শৰীৰত অপ্ৰয়োজনীয়ভাৱে কেলৰি জমা হ’ব নোৱাৰে। সেয়েহে বেডমিণ্টন, ক্ৰিকেট, টেনিছ আদি খেল খেলি কেলৰি ধ্বংস কৰিব পাৰিব।

শিশুৰ সৈতে কিছুসময় খেলা-ধূলা কৰিও সহজে অপ্ৰয়োজনীয় কেলৰি হ্ৰাস কৰিব পাৰি। শিশুৰ সৈতে মাত্ৰ ২০ মিনিট সময় খেলা-ধূলা কৰিয়েই ১৬০ কেলৰি ধ্বংস কৰিব পাৰি।

দুচকীয়া-চাৰিচকীয়া বাহনৰ পৰিৱৰ্তে কিছুসময় খোজকাঢ়ি অ’লৈ-ত’লৈ যোৱাৰ অভ্যাস কৰিও ব্যয় কৰিব পাৰি।

নিশা খাদ্য কমাই গ্ৰহণ কৰক-

 

বহু ব্যক্তিয়ে নিশা দেৰিলৈকে সাৰে থাকে আৰু যেতিয়ালৈকে সাৰে থাকে তেতিয়ালৈকে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ অভ্যাস গঢ়ি তোলে। স্বাস্থ্য গৱেষকৰ এটা দলে এই তথ্য প্ৰকাশ কৰি কৈছে যে নিশা দেৰিলৈকে উজাগৰে থাকি যদি খাদ্য গ্ৰহণৰ অভ্যাস গঢ়ি তোলে, তেন্তে এই অভ্যাসে এগৰাকী ব্যক্তিক অত্যধিক ওজনৰ গৰাকী কৰি তুলিব পাৰে। গৱেষকৰ মতে, যদি নিশা মূল আহাৰ গ্ৰহণৰ পাছত উজাগৰে থকা সময়খিনিত ৩৫ শতাংশ কেলৰি খাদ্য হিচাপে কোনো ব্যক্তিয়ে অতিৰিক্তভাৱে গ্ৰহণ কৰে, তেন্তে শৰীৰৰ ওজন বৃদ্ধিৰ বাবে ব্যক্তিগৰাকী নিজে জগৰীয়া হ’ব। গৱেষকৰ মতে, এই অভ্যাসে কেৱল ব্যক্তিৰ ওজন বৃদ্ধি কৰাই নহয়, ক্ষীণ ব্যক্তিৰ ওজনো যথেষ্ট বৃদ্ধি কৰে। ওজন বৃদ্ধিৰ সমস্যাত ভোগা বহু ব্যক্তিৰ ক্ষেত্ৰত নিশা দেৰিলৈকে সাৰে থাকি বিভিন্ন আহাৰ গ্ৰহণ কৰাৰ প্ৰৱণতা স্বাস্থ্য বিজ্ঞানীসকলে এই গৱেষণামূলক অধ্যয়নটোৰ জৰিয়তে ধৰা পেলাইছে। গৱেষকে শৰীৰৰ ওজন নিয়ন্ত্ৰণত খোজা ব্যক্তিসকলক পৰামৰ্শ দি কৈছে যে নিশা মূল আহাৰ গ্ৰহণৰ পাছত কেতিয়াও অতিৰিক্ত আহাৰ ল’ব নালাগে। এই সন্দৰ্ভত স্বাস্থ্য গৱেষকসকলে তলত দিয়া পৰামৰ্শকেইটা মানি চলিবলৈ পৰামৰ্শ দিছে-

নিশা নিদ্ৰা গ্ৰহণৰ ক্ষেত্ৰত কেতিয়াও পলম কৰিব নালাগে। ৰাতি দেৰিলৈকে সাৰে থাকি বিভিন্ন কাম-কাজ কৰাৰ অভ্যাস থাকিলে সেয়া সম্পূৰ্ণৰূপে পৰিহাৰ কৰা উচিত। মনত ৰখা উচিত যে এনে অভ্যাসে সমগ্ৰ শৰীৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। সদায় নিৰ্দিষ্ট সময়ত নিদ্ৰা যাপনৰ অভ্যাস কৰিলে সুস্বাস্থ্য ধৰি ৰখাত সহায়ক হয়।

টিভি চোৱাৰ সময়ত খাদ্য খোৱাৰ অভ্যাস গঢ়ি তুলিব নালাগে। খাদ্য সদায় খোৱা টেবুলত বহি গ্ৰহণ কৰা উচিত।

ৰাতি মূল খাদ্য গ্ৰহণৰ পাছত সামান্য গৰম গাখীৰ পান কৰক। গাখীৰ পান কৰাৰ ফলত শৰীৰে প্ৰচুৰ কেলচিয়াম আৰু অন্যান্য ভিটামিন লাভ কৰাৰ লগতে পেটটো ভৰি থাকিব। ফলত নিশা আকৌ কোনো অতিৰিক্ত খাদ্য গ্ৰহণৰ প্ৰয়োজন অনুভৱ নকৰিব।

খাদ্য গ্ৰহণৰ পাছত ভালদৰে দাঁত ব্ৰাছ কৰক। ব্ৰাছ কৰাৰ পাছত নিশা কোনো খাদ্য গ্ৰহণ নকৰিব।

ভাত খোৱাৰ পাছত ৰাতি চাহ বা কফী আদি পান কৰাৰ অভ্যাস থাকিলে সেয়া পৰিহাৰ কৰক।

নিশা মূল আহাৰ গ্ৰহণৰ পাছত আধা ঘণ্টামান সময় কোঠাৰ ভিতৰতে বা বাৰাণ্ডাত অথবা চাদত লাহে লাহে খোজকঢ়াৰ অভ্যাস গঢ়ি তোলক। এই অভ্যাসে খাদ্য ভালদৰে হজম হোৱাত সহায় কৰাৰ লগতে নিশা ভাল টোপনি লাভতো আপোনাক সহায় কৰিব।

(উৎসঃ নিয়মীয়া বাৰ্তা, দিব্যজ্যোতি ভূঞা)।

3.10869565217
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top