অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনদৰৱৰ দ্বাৰা ৰোগ নিৰাময়

বনদৰৱৰ দ্বাৰা ৰোগ নিৰাময়

  1. মূৰঘূৰণীঃ
  2. স্মৃতিশক্তি হ্ৰাসঃ
  3. স্নায়ুপীড়াঃ
  4. অনিদ্ৰাঃ
  5. আচিনাঃ
  6. কঁকালৰ বিষঃ
  7. দৃষ্টিশক্তি হ্ৰাসঃ
  8. কাণপকাঃ
  9. চকু উঠাঃ
  10. হাঁপানিঃ
  11. শিয়ালগলা বা যদুমণি (মাম্পচ্)ঃ
  12. কাণৰ বিষঃ
  13. মুখ ফুলাঃ
  14. দাঁতৰ বিষঃ
  15. জিভা বা মুখৰ ঘাঃ
  16. নাকৰ ৰোগঃ
  17. ব্ৰঙ্কাইটিচ-
  18. হৃদৰোগঃ
  19. নিউমোনিয়াঃ
  20. স্বৰভঙ্গ (মাতভঙা)ঃ
  21. উচ্চ ৰক্তচাপঃ
  22. নিম্ন ৰক্তচাপঃ
  23. হাত-ভৰি, গা জ্বালাঃ
  24. হেঁকেটিঃ
  25. শ্বেতীঃ
  26. পাইলছঃ
  27. হাৰ্ণিয়াঃ
  28. তৃষ্ণা ৰোগঃ
  29. প্ৰস্ৰাৱৰ পোৰণিঃ
  30. ভগন্দৰঃ
  31. নালী ঘাঃ
  32. মূত্ৰ পাথৰীঃ
  33. পুৰুষহীনতাঃ
  34. চিফিলিচ (গৰ্মী ৰোগ)ঃ
  35. গণোৰিয়া (প্ৰমেহ)ঃ
  36. ধাতু দুৰ্বলঃ
  37. একশিৰাঃ
  38. কম ঋতুস্ৰাৱঃ
  39. বেছি ঋতুস্ৰাৱঃ
  40. অনিয়মিত ঋতুঃ
  41. বাধক বেদনাঃ
  42. সূতিকাঃ
  43. স্তন ৰোগঃ
  44. বগাস্ৰাৱঃ
  45. বন্ধ্যাত্বঃ
  46. জন্ম নিয়ন্ত্ৰণঃ

মূৰঘূৰণীঃ

ৰোগৰ কাৰণ-

পেটৰ গেছ, দুৰ্বলতা, শ্লেষ্মা ইত্যাদি কাৰণে মূৰঘূৰণী হয়।

ৰোগৰ চিকিৎসা-

নহৰুৰ ৰস নাকেৰে উজালে এই ৰোগ ভাল হয়। ইয়াৰ বাহিৰে শ্লেষ্মা আৰু পেটৰ গেছৰ চিকিৎসা কৰিব লাগিব। দুৰ্বলতা দূৰ কৰিবলৈ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন।

স্মৃতিশক্তি হ্ৰাসঃ

ৰোগৰ কাৰণ-

মূৰত আঘাত লাগিলে, দেহত তেজৰ অভাৱ আৰু তেজ বেছি হ’লে, বয়সৰ চাপ, অতিৰিক্ত মানসিক চিন্তাৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ চিকিৎসা-

প্ৰতিদিন ৪ চামুচ ব্ৰাহ্মী শাকৰ ৰস, ২ চামুচ কলমৌ শাকৰ ৰস, ২ চামুচ হেলেঞ্চি শাকৰ ৰসৰ সৈতে একাপ ছাগলীৰ গাখীৰ আৰু এক চামুচ চেনি মিহলি কৰি খালে স্মৃতিশক্তি বৃদ্ধি পাব। ব্ৰাহ্মী শাক ঘিউত ভাজি সেই ভাজিৰে ভাত খালেও স্মৃতিশক্তি বাঢ়ে।

পথ্যাপথ্য-

বিশ্ৰাম ল’ব লাগিব আৰু পুষ্টিকৰ খাদ্য বেছি পৰিমাণে খাব লাগিব।

স্নায়ুপীড়াঃ

ৰোগৰ কাৰণ-

অতিৰিক্ত ঋতুস্ৰাৱ বা শুক্ৰক্ষয়, অধিক পৰিশ্ৰম, আঘাত লগা, ঠাণ্ডা লগা আৰু মাদক দ্ৰব্য সেৱনৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

শৰীৰত বেজী বিন্ধাৰ নিচিনা লাগে, কোনো কোনো সময়ত শৰীৰ অৱশ হৈ পৰে।

ৰোগৰ চিকিৎসা-

নহৰু তেল মালিচ আৰু একোঁহকৈ নহৰু ভাতৰ সৈতে খালে এই ৰোগ নিৰাময় হয়।

পথ্যাপথ্য-

বৰালী মাছ আৰু হাঁহৰ কণা নাখাব।

অনিদ্ৰাঃ

ৰোগৰ কাৰণ-

মানসিক দুশ্চিন্তা, উপবাস, উত্তেজক আহাৰ গ্ৰহণ, অতি ভোজন, ৰক্তাধিক্য ইত্যাদি কাৰণে এই ৰোগ হয়।

ৰোগৰ চিকিৎসা-

প্ৰতিদিন ৰাতিপুৱা ১ কাপ শুষনী চোচনী শাকৰ ৰস সেৱন কৰিলে আৰু বিশ্ৰাম ললে সুনিদ্ৰা হ’ব।

পথ্যাপথ্য-

মাংস, কণী, পিঁয়াজ, নহৰু নাখাব। শাক-পাচলি আৰু ঠাণ্ডা বস্তু খাব।

আচিনাঃ

ৰোগৰ কাৰণ-

অতিৰিক্ত ঠাণ্ডা লগা, ধাতু দোষ আৰু ধাতু দুৰ্বলতাৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

চকুৰ পতাৰ ওপৰত বা তলত ফোঁহা উঠে আৰু খুব বিষায়।

ৰোগৰ চিকিৎসা-

গৰম পানীত সামান্য লোণ মিহলাই সেই পানীৰে সেক দিলে আৰু হাতীশুঁড়াৰ পাতৰ ৰস চকপৰ পতাত দুবাৰকৈ দিলে উপকাৰ পোৱা যায়।

পথ্যাপথ্য-

এক কাপ গাখীৰত চাৰি চামুচ হেলেঞ্চিৰ ৰস মিহলাই ৰাতিপুৱা ৩ দিন খাব।

কঁকালৰ বিষঃ

ৰোগৰ কাৰণ-

অধিক সময় তলমুৱাকৈ লিখি থাকিলে, কোনো ধৰণৰ ব্যায়াম নকৰিলে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

কঁকালৰ বিষ হয়, মেৰুদণ্ড বিষায়, হৃদপিণ্ডৰ দুৰ্বলতা দেখা দিয়ে।

ৰোগৰ চিকিৎসা-

৫০ গ্ৰাম দুবৰিৰ ৰস, ৫০ গ্ৰাম হেলেঞ্চিৰ ৰস, ২ চামুচ অৰ্জুন গছৰ ছালৰ গুড়ি, ২০০ গ্ৰাম গৰম গাখীৰৰ সৈতে মিহলাই প্ৰতিদিন ৰাতিপুৱা এমাহ খালে এই ৰোগ ভাল হয়।

পথ্যাপথ্য-

ভাতৰ সৈতে প্ৰতিদিনে এক কোঁহ নহৰু খাব।

দৃষ্টিশক্তি হ্ৰাসঃ

ৰোগৰ কাৰণ-

কম পোহৰত আৰু অতি বেছি পোহৰত পঢ়াশুনা কৰা, অতিৰিক্ত মাদক দ্ৰব্য সেৱন, স্নায়বিক দুৰ্বলতা ইত্যাদি কাৰণে দৃষ্টিশক্তি হ্ৰাস পায়।

ৰোগৰ চিকিৎসা-

১০০ গ্ৰাম গৰম গাখীৰৰ সৈতে ৪ চামুচ হেলেঞ্চিৰ ৰস মিহলাই ৰাতিপুৱা আৰু ৰাতি এমাহমান খালে দৃষ্টিশক্তিৰ দুৰ্বলতা কমি যায়।

পথ্যাপথ্য-

হেলেঞ্চি শাক আৰু কলমৌ শাকৰ আঞ্জা ভাতৰ লগত খাব।

কাণপকাঃ

ৰোগৰ কাৰণ-

কাণত পানী সোমালে আৰু ঠাণ্ডা লাগিলে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

কাণৰ পৰা পানীৰ দৰে দুৰ্গন্ধযুক্ত পুঁজ ওলায় আৰু কাণত বিষ হয়।

ৰোগৰ চিকিৎসা-

নহৰুৰ ৰস গৰম কৰি কাণত দিলে এই ৰোগ ভাল হয়। ৰোগ ভাল নোহোৱালৈকে দি থাকিব লাগিব।

চকু উঠাঃ

ৰোগৰ কাৰণ-

চকুত বেছি ঠাণ্ডা লগা, ৰ’দ লগা, ধূলি পৰা, ধোঁৱা লগা, চকুত আঘাত লগা ইত্যাদি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

চকু জ্বলা-পোৰা কৰে, চকু বিষায়, চকু ৰঙা হয় আৰু ফুলি উঠে, পানী ওলাই থাকে আৰু মাজে মাজে খজুৱায়।

ৰোগৰ চিকিৎসা-

এক টোপকৈ হাতীশুড়াৰ পাতৰ ৰস চকুত দিলে এই ৰোগত উপকাৰ পোৱা যায়।

পথ্যাপথ্য-

হেলেঞ্চি শাক ভাতৰ লগত খাব।

হাঁপানিঃ

ৰোগৰ কাৰণ-

তেজৰ দোষ, অজীৰ্ণ, শ্লেষ্মা আৰু পিতৃ-মাতৃৰ এই ৰোগ থাকিলে সন্তানৰো হয়।

ৰোগৰ লক্ষণ-

শ্বাসকষ্ট হয়, ডিঙিৰ ভিতৰত সকলো সময়তে এটা হৰ্ হৰ্ শব্দ হয়, কাহি কাহি ভাগৰ লাগি যায়।

ৰোগৰ চিকিৎসা-

ৰাতিপুৱাৰ জলপান খোৱাৰ পিছত গাখীৰৰ সৈতে ১ চামুচ চ্যাবনপ্ৰাশ মিহলাই খাব। ১০ বজাত বাসকাৰিষ্ট ৪ চামুচ খাব। ৰাতি খোৱাৰ পিছত চন্দ্ৰামৃত ৰসৰ বড়ি এটা আদাৰ ৰস আৰু মৌ এচামুচৰ সৈতে খাব। ৰোগ উপশম হ’ব।

পথ্যাপথ্য-

ঠাণ্ডা আৰু বাহী খাদ্য নাখাব। যি বস্তু খালে শ্লেষ্মা বাঢ়ে এনে বস্তু নাখাব। কল, দৈ, টেঙাজাতীয় কোনো বস্তু নাখাব।

শিয়ালগলা বা যদুমণি (মাম্পচ্)ঃ

ৰোগৰ কাৰণ-

অতিৰিক্ত ঠাণ্ডা লগাৰ বাবে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

কাণৰ সন্মুখৰ ফালে আৰু তলফালে ফুলি উঠে। কোনো বস্তু চোবাবলৈ বা গিলিবলৈ কষ্ট হয়।

ৰোগৰ চিকিৎসা-

ৰঙা চন্দন ঘঁহি শিয়ালগলা হোৱা ঠাইত প্ৰলেপ দিলে সাত দিনতে এই ৰোগ ভাল হয়।

পথ্যাপথ্য-

টেঙাজাতীয় আৰু ঠাণ্ডা বস্তু নাখাব।

কাণৰ বিষঃ

ৰোগৰ কাৰণ-

কাণত আঘাত লগা, ঠাণ্ডা লগা ইত্যাদি কাৰণত এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

কাণত বিষ হয়, জ্বৰ হয়।

ৰোগৰ চিকিৎসা-

২ চামুচকৈ নহৰু আৰু পিঁয়াজৰ ৰস মিহলাই গৰম কৰি ২ টোপকৈ তিনিবাৰ কাণত দিলে বিষ উপশম হয়।

পথ্যাপথ্য-

টেঙাজাতীয় বস্তুৰ বাহিৰে সকলো খাব পাৰে।

মুখ ফুলাঃ

ৰোগৰ কাৰণ-

অতিৰিক্ত ঠাণ্ডা লাগিলে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

হঠাৎ মুখ ফুলি উঠে, খোৱাত কষ্ট হয়।

ৰোগৰ চিকিৎসা-

ৰঙা চন্দন ঘঁহি ফুলি উঠা ঠাইত প্ৰলেপ দিলে উপকাৰ পোৱা যায়।

পথ্যাপথ্য-

টেঙাজাতীয় বস্তু নাখাব। ঠাণ্ডা বস্তু নাখাব। তৰল জাতীয় বস্তু খোৱা ভাল।

দাঁতৰ বিষঃ

ৰোগৰ কাৰণ-

দাঁত অপৰিষ্কাৰ থাকিলে, অতিৰিক্ত ঠাণ্ডা লাগিলে, পেটৰ ৰোগ থাকিলে, দাঁত পোকে খালে, দাঁত লৰিলে দাঁতৰ বিষ হয়।

ৰোগৰ লক্ষণ-

দাঁতৰ আলু তথা মুখ ফুলি উঠে আৰু অসহ্য বিষ হয়।

ৰোগৰ চিকিৎসা-

১৫০ গ্ৰাম নাৰিকলৰ পাত, ১০০ গ্ৰাম অমিতাৰ পাত, ১০০ গ্ৰাম এৰাৰ পাত, ১০ গ্ৰাম মতিহাৰী ধপাত ৰ’দত শুকাই পুৰি তাৰ ছাই ভালদৰে ছালি তাৰ লগত ১০ গ্ৰাম মেন্থলৰ গুড়ি, ১০ গ্ৰাম ফিটকিৰিৰ গুড়ি আৰু ৫ গ্ৰাম কৰ্পূৰ মিহলাই এটা বটলত ভালদৰে ৰাখি প্ৰতিদিন অন্ততঃ এবাৰকৈ দুমাহমান এই ছাইৰে দাঁত মাজিলে দাঁতৰ বিষ উপশম হয় আৰু দাঁত মজবুত হয়।

পথ্যাপথ্য-

নৰম তৰলজাতীয় খাদ্য খাব।

জিভা বা মুখৰ ঘাঃ

ৰোগৰ কাৰণ-

ভিটামিন বি-ৰ অভাৱ আৰু পেটৰ গণ্ডগোলৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

জ্বলা বস্তু খালে বা গৰম বস্তু খালে জিভা জ্বলা কৰে আৰু মুখেৰে লালটি ওলায়।

ৰোগৰ চিকিৎসা-

গৰম পানীত ফিটকিৰি, কৰ্পূৰ আৰু লোণ মিহলাই ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি খোৱাৰ পিছত মুখ কুলি কৰিলে ৭ দিনতে উপকাৰ পোৱা যায়।

পথ্যাপথ্য-

ভিটামিন ‘বি’ যি খাদ্যত বেছি আছে সেই খাদ্য খাব।

নাকৰ ৰোগঃ

ৰোগৰ কাৰণ-

নাকত আঘাত লাগিলে আৰু শ্লেষ্মাজনিত কাৰণত নাকৰ ৰোগ হয়।

ৰোগৰ লক্ষণ-

নাক ফুলে, নাকত ঘা হয়, নাকেৰে তেজ পৰে আৰু বিষ হয়।

ৰোগৰ চিকিৎসা-

দিনে দুবাৰ আধা কাপকৈ দুবৰিৰ ৰস খালে আৰু এক চামুচকৈ পিঁয়াজ আৰু নহৰুৰ ৰস মিহলাই দিনে ৩ বাৰকৈ নাকেৰে উজাই টানিলে ৰোগ উপশম হয়।

পথ্যাপথ্য-

সকলো সময়তে গৰম খাদ্য খাব আৰু টেঙাজাতীয় বস্তু নাখাব।

ব্ৰঙ্কাইটিচ-

ৰোগৰ কাৰণ-

অতিৰিক্ত ঠাণ্ডা লগা, উগ্ৰ পদাৰ্থৰ ঘ্ৰাণ লোৱা প্ৰভৃতি কাৰণত এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

প্ৰথমে জ্বৰ হয়, শ্বাসকষ্ট হয়, ডিঙিৰ স্বৰ বহি যায়, কাহ হয়, ডিঙি ঘৰ্ ঘৰ্ কৰে।

ৰোগৰ চিকৎসা-

হাঁপানিৰ চিকিৎসাত যি ঔষধ ব্যৱহাৰৰ কথা কোৱা হৈছে ইয়াতো সেই একেই ঔষধ প্ৰয়োগ কৰিব।

পথ্যাপথ্য-

শ্লেষ্মা হ’ব পৰা কোনো বস্তু নাখাব।

হৃদৰোগঃ

ৰোগৰ কাৰণ-

মানসিক উত্তেজনা, অজীৰ্ণতা, স্নায়ৱিক দুৰ্বলতা, অতিৰিক্ত পৰিশ্ৰম, অতিৰিক্ত ধূমপান, বয়স বৃদ্ধি, অতিৰিক্ত ব্যায়াম প্ৰভৃতি কাৰণত এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

বুকু বিষায়, উশাহ লওতে কষ্ট হয়, বুকু ধৰফৰ কৰে।

ৰোগৰ চিকিৎসা-

অৰ্জুন গছৰ ছাল ৰদত শুকাই গুড়ি কৰি গৰম ভাতৰ লগত ঘিউৰে সৈতে ২ চামুচকৈ খালে অথবা গৰম গাখীৰৰ লগত খালে উপকাৰ পোৱা যায়। লোণ নাখাব।

পথ্যাপথ্য-

ভিটামিনযুক্ত পুষ্টিকৰ খাদ্য খাব।

নিউমোনিয়াঃ

ৰোগৰ কাৰণ-

ঋতু পৰিৱৰ্তনৰ কাৰণে ঠাণ্ডা লগা, হঠাৎ ঘাম বন্ধ হৈ যোৱাৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

জ্বৰ হয়, উশাহ-নিশাহ লওতে কষ্ট হয়, বুকু বিষায়, শুকান কাহ হয় পিছত কফ ওলায়, মূৰ বিষায়, খুব পিয়াহ লাগে।

ৰোগৰ চিকিৎসা-

প্ৰতিদিন ৰাতিপুৱা একাপকৈ শেৱালি পাতৰ ৰস খালে উপকাৰ পোৱা যায়। ৰোগ উপশম নোহোৱালৈকে খাই থাকিব লাগিব।

স্বৰভঙ্গ (মাতভঙা)ঃ

ৰোগৰ কাৰণ-

অতিমাত্ৰা চিঞৰি কথা কোৱা, বেছি গান গোৱা, বক্তৃতা দিয়া, বেছি ঠাণ্ডা লগা ইত্যাদি কাৰণত এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

ডিঙিৰ স্বৰ বহি যায়, কথা ক’বলৈ কষ্ট হয়।

ৰোগৰ চিকিৎসা-

১০ গ্ৰামকৈ যষ্টিমধু, জালুক, কাবাব চেনি, বচ, সুৱগা গুড়ি কৰি এটা বটলত ৰাখিব। মুখত ১ চামুচ এই মিশ্ৰণ লৈ চুহিব তাৰ পাছত অলপ গৰম পানী খাব। এসপ্তাহ খাব লাগিব।

উচ্চ ৰক্তচাপঃ

ৰোগৰ কাৰণ-

স্থূলতা বৃদ্ধি, অতিৰিক্ত আমিষ জাতীয় খাদ্য খোৱা, শাৰীৰিক পৰিশ্ৰম নকৰা প্ৰভৃতি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

বুকু ধৰফৰ কৰা, মূৰ ঘুৰায়, নাকে-মুখে তেজ উঠে।

ৰোগৰ চিকিৎসা-

দুবেলা গৰম ভাতৰ সৈতে এক কোঁহকৈ নহৰু খালে, ৰাতিপুৱা আৰু সন্ধিয়া আধা কাপকৈ মানিমুনি পাতৰ ৰস খালে এমাহতে উচ্চ ৰক্তচাপ ঠিক হ’ব।

পথ্যাপথ্য-

খাহীৰ মাংস, ডাঙৰ মাছ, হাঁহৰ কণী, উত্তেজক আৰু গৰম খাদ্য নাখাব। উত্তেজিত নহব, চিঞৰি কথা নক’ব।

নিম্ন ৰক্তচাপঃ

ৰোগৰ কাৰণ-

ৰক্তাল্পতা, অজীৰ্ণ, গ্ৰহণী, ভোক নলগা, নিউমোনিয়া প্ৰভৃতি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

মূৰ ঘূৰায়, চকুৰ দৃষ্টিশক্তি ক্ষীণ হয়, বুকু ধৰফৰ কৰে, হৃদপিণ্ডত অস্বস্তি বোধ হয়।

ৰোগৰ চিকিৎসা-

কুলেখড়া, হেলেঞ্চি, কলমৌ শাকৰ ৰস একেলগে মিহলাই প্ৰতিদিন ৰাতিপুৱা ২ চামুচকৈ খালে ৪৫ দিনতে ৰোগ উপশম হয়।

পথ্যাপথ্য-

প্ৰতিদিন কুলেখড়া শাক ৰান্ধি খাব আৰু পুষ্টিকৰ খাদ্য খাব।

হাত-ভৰি, গা জ্বালাঃ

ৰোগৰ কাৰণ-

পিত্ত গৰম হ’লে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

হাত-ভৰি, গা সকলো সময়তে গৰম থাকে আৰু জ্বালা কৰে।

ৰোগৰ চিকিৎসা-

এটা গিলাচত ৰাতি ১০ গ্ৰাম ধনিয়া, ১০ গ্ৰাম গুৱামুৰি আৰু ৭-৮ টুকুৰা আমলখি তিয়াই ৰাখি ৰাতিপুৱা সেই পানী খালে ৭ দিনতে সেই ৰোগ উপশম হ’ব।

পথ্যাপথ্য-

মিছিৰিৰ চৰবত, কুঁহিয়াৰৰ ৰস, কুলেখড়া পাতৰ ৰস খাব।

হেঁকেটিঃ

ৰোগৰ কাৰণ-

ঠাণ্ডা লগা, খাদ্য হজম নোহোৱা, স্নায়ৱিক দুৰ্বলতা ইত্যাদি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

খোৱাৰ পিছতে হেঁকেটি উঠে।

ৰোগৰ চিকিৎসা-

১৫ গ্ৰামকৈ আমলখি, শুঁঠ, পিপলি আৰু মিছিৰি গুড়ি কৰি মিহলাই এটা বটলত ৰাখি প্ৰতিদিন ৰাতিপুৱা আৰু সন্ধ্যা তাৰে এচামুচকৈ খালে হেঁকেটি কমি যাব।

পথ্যাপথ্য-

টেঙা, জ্বলা আৰু মিঠা নাখাব।

শ্বেতীঃ

ৰোগৰ কাৰণ-

যকৃতৰ দোষত এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

গাৰ ছালত বগা বগা দাগ হয়।

ৰোগৰ চিকিৎসা-

(১) ২৫ গ্ৰাম কেষ্টৰ অইল আৰু ২৫ গ্ৰাম শ্যাওড়া গছৰ তেল মিহলাই শ্বেতীত লগালে এই ৰোগ ভাল হয়।

(২) চালমোগৰাৰ বীজ আৰু বুচকী দানা ২৫ গ্ৰামকৈ লৈ বটি বড়ি তৈয়াৰ কৰি শুকাই ৰাখিব। প্ৰতিদিন ৰাতিপুৱা আৰু সন্ধ্যা তাৰে দুটাকৈ খাব।

পথ্যাপথ্য-

বেছিকৈ তিতা খাব। তেঙা, জ্বলা, মিঠা আৰু গুৰুপাকী কোনো আহাৰ নাখাব।

পাইলছঃ

ৰোগৰ কাৰণ-

মলদ্বাৰৰ ভিতৰত আৰু বাহিৰত সিৰা স্ফিত আৰু বৰ্দ্ধিত হৈ মটৰ মাহৰ সমান টেমুনা হয়। কেতিয়াবা এটা হয়, কেতিয়াবা শাখা-প্ৰশাখা বাহিৰ হয়। কোষ্ঠকাঠিন্যৰ কাৰণে, যকৃতৰ দোষ, মাদক দ্ৰব্য সেৱন, অতিৰিক্ত মচলাযুক্ত খাদ্য খালে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

মলদ্বাৰেৰে তেজ ওলায়, মলদ্বাৰ জ্বালা কৰে আৰু কুট্ কুট্ কৰে।

ৰোগৰ চিকিৎসা-

ভেদাইলতাৰ পাতৰ ৰস, দুবৰিৰ ৰস, কেঁচা হালধীৰ ৰস আৰু শিলিখা চূৰ্ণ প্ৰত্যেকৰে ৪ চামুচকৈ মিহলাই প্ৰতিদিন ৰাতিপুৱা আৰু সন্ধ্যা ২ চামুচকৈ ২ বাৰ খালে উপকাৰ পোৱা যায়।

পথ্যাপথ্য-

অমিতা, ওল, কুঁহিয়াৰ, ডিমৰু, কচু, পুৰণি চাউলৰ ভাত, মাখন খাব। টেঙা, জ্বলা, মিঠা আৰু গুৰুপাকী খাদ্য নাখাব।

হাৰ্ণিয়াঃ

ৰোগৰ কাৰণ-

শৰীৰ শিথিল হ’লে, মল-মূত্ৰ ত্যাগ কৰাৰ সময়ত বেছি বল দিলে, পেটত বেছি চাপ পৰিলে, কোষ্ঠকাঠিন্য হ’লে, অধিক পৰিশ্ৰম কৰিলে, গধুৰ বস্তু তুলিলে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

জ্বৰ, বমি, হাঁচি, পেট ফুলা ইত্যাদি দেখা দিয়ে। এই ৰোগত পেটৰ নাড়ি, কৰঙণৰ চুক, অণ্ডকোষত টান পৰে।

ৰোগৰ চিকিৎসা-

ৰোগীয়ে কোটিবন্ধনী ব্যৱহাৰ কৰিব লাগিব। ৰোগীক চিৎকৈ শুৱাই ভৰি দুখন ওপৰলৈ তুলি ধৰি অন্ত্ৰক নিজৰ ঠাইলৈ সোমাই দি বেদনা হোৱা ঠাইত গৰম পানীৰে সেক দিলেও উপকাৰ পোৱা যায়।

পথ্যাপথ্য-

লঘু পুষ্টিকৰ আহাৰ খাব আৰু প্ৰতিদিন মিছিৰিৰ চৰবত অৱশ্যেই খাব।

তৃষ্ণা ৰোগঃ

ৰোগৰ কাৰণ-

দেহত পানীৰ শূন্যতা দেখা দিলে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

ঘনে ঘনে পিয়াহ লাগে।

ৰোগৰ চিকিৎসা-

১ লিটাৰ গৰম পানীত ১০ গ্ৰাম গুৱামুৰী আৰু ১০ গ্ৰাম ধনিয়া তিয়াই ৰাখিব। ঠাণ্ডা হ’লে সেই পানী ছেকি দিনে ৩ বাৰকৈ সাত দিন খালে এই ৰোগ উপশম হ’ব।

পথ্যাপথ্য-

লঘু পুষ্টিকৰ আহাৰ খাব।

প্ৰস্ৰাৱৰ পোৰণিঃ

ৰোগৰ কাৰণ-

ৰাতি উজাগৰে থকা, মদ্যপান, উগ্ৰ ঔষধ সেৱন ইত্যাদি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

অণ্ডকোষ ৰঙা পৰে, প্ৰস্ৰাৱ কৰিবৰ সময়ত পোৰণি হয়, কম কম প্ৰস্ৰাৱ হয়, জ্বৰ হয়, বমি হয়, মেৰুদণ্ডত বিষ হয়, কঁকাল বিষায়, কেতিয়াবা প্ৰস্ৰাৱৰ লগত তেজও পৰে।

ৰোগৰ চিকিৎসা-

৪ চামুচ কেঁচা আমলখিৰ ৰস, ২ চামুচ কেঁচা হালধীৰ ৰসৰ সৈতে প্ৰতিদিন ৰাতিপুৱা খালী পেটে ১৫ দিন খালে ৰোগ নিৰাময় হয়। কঁকালৰ বিষ থাকিলে কঁকালত সেক ল’ব। বিশ্ৰাম ল’ব।

পথ্যাপথ্য-

মিছিৰিৰ চৰবত খাব। ৰোগৰ প্ৰকোপ বেছি হ’লে চাগু, বাৰ্লি, ঘোল খাব।

ভগন্দৰঃ

ৰোগৰ লক্ষণ-

ভগন্দৰ ৰোগটো ফোঁহাৰ দৰে। প্ৰথমতে মলদ্বাৰৰ চাৰিওফালে সৰু সৰু ফোঁহাৰ নিচিনা হয়। তাৰ পাছত সেইবোৰ ফুলে, কেইদিনমান পাছত তাত পুঁজ জমা হয়, খুব বিষায়, কিন্তু পুঁজ বাহিৰ হোৱাৰ মুখ নাথাকে।

ৰোগৰ চিকিৎসা-

নিমপাত সিজোৱা পানীৰে ফোঁহা ওলোৱা ঠাইখিনি ধুলে বেদনা উপশম হয়।

পথ্যাপথ্য-

মাছ, মাংস, কণী আৰু সকলো প্ৰকাৰৰ গুৰুপাকী খাদ্য ত্যাগ কৰিব লাগিব। সহজে হজম হোৱা পুষ্টিকৰ খাদ্য খাব।

নালী ঘাঃ

ৰোগৰ কাৰণ-

আঘাত লাগি বা ফোঁহা হৈ এই নালী ঘা হয়।

ৰোগৰ লক্ষণ-

মাংসৰ ভিতৰত ঘা হৈ গৰ্তৰ নিচিনা হয়।

ৰোগৰ চিকিৎসা-

৫-৬ দিন নিমপাত সিজোৱা পানীৰে নালী ঘাৰ ক্ষতত সেক দিব। সেক দিওঁতে দিওঁতে ঠাইখিনি যেতিয়া তুলাৰ নিচিনা নৰম হ’ব তেতিয়া চেপি পুঁজ উলিয়াই দি নিমপাতৰ ৰস ৫০ গ্ৰাম, গন্ধক চূৰ্ণ ৫ গ্ৰাম, মুদ্ৰাশঙ্খ ২ গ্ৰাম, তুতিয়া ৫ গ্ৰাম, আপং পাতৰ ৰস ৫০ গ্ৰাম, গাজা চূৰ্ণ ৫ গ্ৰাম, ১০০ গ্ৰাম নাৰিকলৰ তেলৰ সৈতে মিহলাই জুইত পগাব লাগিব। সেইখিনি যেতিয়া ঘন মলমৰ নিচিনা হ’ব তেতিয়া নমাই থ’ব আৰু সেই মিশ্ৰণটো নালী ঘাত লগাব।

পথ্যাপথ্য-

লঘু পুষ্টিকৰ আহাৰ খাব। মাছ, মাংস, কণী, টেঙা আৰু মচলাযুক্ত খাদ্য নাখাব।

মূত্ৰ পাথৰীঃ

ৰোগৰ কাৰণ-

খাদ্য হজম নহ’লে, হজম প্ৰক্ৰিয়াত ব্যাঘাত ঘটিলে, কিডনীত, মূত্ৰাশয়ত পাথৰ জমে।

ৰোগৰ লক্ষণ-

প্ৰস্ৰাৱত কষ্ট, যন্ত্ৰণাদায়ক প্ৰস্ৰাৱ, কম প্ৰস্ৰাৱ, প্ৰস্ৰাৱত তেজ পৰা ইত্যাদি এই ৰোগৰ লক্ষণ।

ৰোগৰ চিকিৎসা- প্ৰস্ৰাৱত তেজ পৰিলে ৪ চামুচ তুলসী পাতৰ ৰসৰ সৈতে ৪ চামুচ দুবৰিৰ ৰস মিহলাই প্ৰতিদিন ৰাতিপুৱা খালীপেটে ৭ দিন খাব। এনেয়ে ৪ চামুচ পাথৰকুচিৰ পাতৰ ৰস খালীপেটে ৭ দিন খালে ভাল হয়।

পথ্যাপথ্য-

মিছিৰিৰ চৰবত, ঘোল আৰু ঠাণ্ডা জাতীয় খাদ্য খাব।

পুৰুষহীনতাঃ

ৰোগৰ কাৰণ-

অতিৰিক্ত হস্তমৈথুন, অধিক শুক্ৰক্ষৰণ, বেছি স্ত্ৰী-সংসৰ্গৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

স্ত্ৰী-সংসৰ্গৰ সময়ত পুৰুষাংগ উত্তেজিত নহয়।

ৰোগৰ চিকিৎসা-

অশ্বগন্ধা, শিমলু মূল চূৰ্ণ, তালমূলী চূৰ্ণ, কাবাব চেনি চূৰ্ণ প্ৰতিবিধৰে ২ চামুচকৈ লৈ তাৰ সৈতে ২ চামুচ মৌ মিহলাই ২৫০ গ্ৰাম গাখীৰৰ লগত ৰাতি শোৱাৰ আগতে ২ মাহ খালে উপকাৰ পোৱা যায়।

পথ্যাপথ্য-

পুষ্টিকৰ খাদ্য খাব। প্ৰতিদিন গা ধুব। এমাহ স্ত্ৰী-সংসৰ্গৰ পৰা বিৰত থাকিব।

চিফিলিচ (গৰ্মী ৰোগ)ঃ

ৰোগৰ কাৰণ-

বেশ্যালয় গমন, পায়ুমন্থন, চিফিলিচ আক্ৰান্ত ব্যক্তিৰ সৈতে সহবাস, পিতৃ-মাতৃ এই ৰোগত আক্ৰান্ত হোৱা ইত্যাদি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

পুৰুষাংগৰ আগভাগত, স্ত্ৰীৰ যোনিমুখত প্ৰথমে এটি ফোঁহাৰ নিচিনা হয়। সেইটো খজুৱায়। তাৰপাছত সেইটোত যেতিয়া পানী জমা হয়, তেতিয়া সেইটো বিষাবলৈ ধৰে। তাৰ পাছত তাত ঘা হয় আৰু তেজ পুঁজ ওলাবলৈ ধৰে।

ৰোগৰ চিকিৎসা-

নিমপাত সিজোৱা পানীৰে ঘা হোৱা ঠাই পৰিষ্কাৰ কৰি তাত কৰ্পূৰ তেল এমাহ লগালে এই ৰোগ ভাল হয়। এই সময়ত যৌন সংগমৰ পৰা বিৰত থাকিব লাগিব।

পথ্যাপথ্য-

মাছ, মাংস, কণী আৰু গুৰুপাকী কোনো খাদ্য নাখাব।

গণোৰিয়া (প্ৰমেহ)ঃ

ৰোগৰ কাৰণ-

অতিৰিক্ত সংগম, বেশ্যালয় গমন, ইন্দ্ৰিয়াৰ উত্তেজনা বলেৰে বন্ধ কৰি ৰখা, গণোৰিয়া আক্ৰান্ত স্ত্ৰী অথবা পুৰুষৰ সৈতে সহবাস ইত্যাদি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

মূত্ৰনলী পিৰপিৰাই থাকে, প্ৰস্ৰাৱৰ সময়ত জ্বালা কৰে, যৌনাংগৰ পৰা পুঁজ, তেজ মিহলি পুঁজ ওলায়।

ৰোগৰ চিকিৎসা-

৪ চামুচ গুলঞ্চৰ ৰস, চাৰি চামুচ কাবাব চেনি চূৰ্ণ, ২৫০ গ্ৰাম গাখীৰৰ সৈতে মিহলাই ৪৫ দিন খালে এই ৰোগ ভাল হয়।

পথ্যাপথ্য-

কণী, মাংস, পিঁয়াজ, জলকীয়া আৰু গুৰুপাকী খাদ্য নাখাব। গাখীৰ, চৰবত, ঘোল খাব।

ধাতু দুৰ্বলঃ

ৰোগৰ কাৰণ-

অতিৰিক্ত হস্তমৈথুন, গণোৰিয়া, ঘোঁৰাত উঠা, ক্ৰিমি আৰু অৰ্শ ৰোগ থাকিলে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

যুৱতী বা তিৰোতা দৰ্শন, স্পৰ্শন, মলত্যাগ কৰাৰ সময়ত বল দিলে অলপ উত্তেজনাতে বীৰ্যস্খলন হয়। এই ৰোগ হ’লে চকু বহি যায়, চকুৰ কোণ ক’লা পৰে, স্বপ্নদোষ হয়, কোষ্ঠকাঠিন্য হয়, শাৰীৰিক দুৰ্বলতা হয়, স্মৃতিশক্তি হ্ৰাস পায়।

ৰোগৰ চিকিৎসা-

অশ্বগন্ধা, শিমলু মূল চূৰ্ণ, কাবাব চেনি চূৰ্ণ প্ৰতিবিধৰে ২ চামুচকৈ লৈ ২৫০ গ্ৰাম গাখীৰৰ লগত ১ চামুচ চেনি মিহলাই প্ৰতিদিন ৰাতিপুৱা আৰু দুপৰীয়া খালে শুক্ৰক্ষৰণ বন্ধ হ’ব।

পথ্যাপথ্য-

হস্তমৈথুন, কুসংসৰ্গ, দিবানিদ্ৰা, উত্তেজক দ্ৰব্য পান বা ভোজন প্ৰভৃতি ত্যাগ কৰিব লাগিব। সকলো ধৰণৰ লঘু অথচ পুষ্টিকৰ খাদ্য খাব।

একশিৰাঃ

ৰোগৰ কাৰণ-

অণ্ডকোষত চাপ লাগিলে বা আঘাত লাগিলে তাত পানী জমা হয়। অমাৱস্যা আৰু পূৰ্ণিমা তিথিত সেই অণ্ডকোষ বেছি ফুলে।

ৰোগৰ চিকিৎসা-

এই ৰোগৰ সকলোতকৈ ভাল চিকিৎসা হ’ল যোগ ব্যায়াম আৰু অপাৰেশ্যন।

কম ঋতুস্ৰাৱঃ

ৰোগৰ কাৰণ-

শৰীৰ দুৰ্বল হোৱাৰ কাৰণে কিছুমান মহিলাৰ ঋতুস্ৰাৱ যিমান পৰিমাণৰ হ’ব লাগে সিমান নহয়। ইও এটা ৰোগ।

ৰোগৰ চিকিৎসা-

১৫ গ্ৰাম হিং, শুঁঠ চূৰ্ণ আৰু খুচবু একেলগে পানীৰে সানি লৈ বড়ি কৰি ৰ’দত শুকাই ৰাখিব। পিছদিনা ৰাতিপুৱা তাৰে এটি বড়ি পানীৰে সৈতে খাব।

পথ্যাপথ্য-

ভিটামিনযুক্ত পুষ্টিকৰ খাদ্য খাব।

বেছি ঋতুস্ৰাৱঃ

ৰোগৰ কাৰণ-

অতি বেছি সহবাস, উত্তেজক দ্ৰব্য সেৱন, বাৰে বাৰে গৰ্ভৱতী হোৱা, জৰায়ুৰ পীড়া ইত্যাদি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

এমাহৰ ভিতৰতে দুবাৰ ঋতুস্ৰাৱ, অতিৰিক্ত স্ৰাৱ, ৬-৭ দিনতো স্ৰাৱ বন্ধ নোহোৱা ইত্যাদি কাৰণে কঁকালৰ বিষ, মূৰৰ বিষ, ক্ষুধামান্দ্য, ভৰিৰ পতা ঠাণ্ডা পৰা, ঠাণ্ডা ঠাণ্ডা ভাব হ’ল এই ৰোগৰ লক্ষণ।

ৰোগৰ চিকিৎসা-

আমলখি, ৰসঞ্জন, শিলিখা প্ৰত্যেকৰে ১৫ গ্ৰামকৈ লৈ চূৰ্ণ কৰি একাপ চাউল ধোৱা পানীৰে সৈতে মিহলাই, লগতে ২ চামুচ মৌৰে সেৱন কৰিলে এই ৰোগ নিৰাময় হয়।

পথ্যাপথ্য-

প্ৰতিদিন ৰাতিপুৱা আধা কাপকৈ দুবৰিৰ ৰস খাব। গৰম আৰু উত্তেজক খাদ্য পৰিহাৰ কৰিব।

অনিয়মিত ঋতুঃ

ৰোগৰ কাৰণ-

স্বাস্থ্যহীনা আৰু ৰুগ্ন মহিলাসকলৰ নিয়মিত ঋতু (মাহেকীয়া) নহয়, ঋতু ২৮ দিনৰ অন্তৰত হোৱা উচিত।

ৰোগৰ লক্ষণ-

এবাৰ ঠিক সময়ত হ’লে মাজতে এমাহ বা দুমাহ নহয়, আকৌ হঠাৎ এদিন হয়। ইয়াকে কোৱা হয় অনিয়মিত ঋতু।

ৰোগৰ চিকিৎসা-

৪-৫টা জবাফুলৰ কলি পানীৰে বটি তাৰে সৈতে পুৰণি কুঁহিয়াৰৰ গুড় মিহলাই ঋতুকালীন সময়ত ৭ দিন খালে নিয়মিত ঋতু হয়।

পথ্যাপথ্য-

পুষ্টিকৰ আৰু ভিটামিনযুক্ত খাদ্য খাব।

বাধক বেদনাঃ

ৰোগৰ কাৰণ-

জৰায়ু আৰু ডিম্বকোষৰ পীড়া, পুষ্টিকৰ খাদ্যৰ অভাৱ, অধিক পৰিশ্ৰম, কোষ্ঠকাঠিন্য প্ৰভৃতি কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

মাহেকীয়াৰ সময়ত তলপেটত অসহ্য বিষ, কঁকাল আৰু ৰাজহাড়ত বেদনা, বুকু ধৰফৰ কৰা, মূৰৰ বিষ ইত্যাদি এই ৰোগৰ লক্ষণ।

ৰোগৰ চিকিৎসা-

৫ গ্ৰাম ওলটকম্বলৰ মূলৰ ছাল চূৰ্ণৰ সৈতে ৫-৬টা জালুকৰ গুড়ি মিহলাই ঋতুকালীন সময়ত একেৰাহে ৭ দিন খালে এই ৰোগ উপশম হয়।

পথ্যাপথ্য-

তলপেটত গৰম পানীৰে সেক দিব আৰু গৰম পানী খাব। লঘু আহাৰ কৰিব।

সূতিকাঃ

ৰোগৰ কাৰণ-

জৰায়ু দূষণৰ ফলত প্ৰসৱৰ পিছৰে পৰা এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

প্ৰৱলভাৱে কঁপি কঁপি জ্বৰ আহে, খুব পানীৰ পিয়াহ লাগে, মূৰৰ বিষ হয়, স্তনৰ গাখীৰ বন্ধ হৈ যায়।

ৰোগৰ চিকিৎসা-

চই, পিপলি, চিতামূল, শুঁঠ, পিপলি মূল, প্ৰতিবিধৰে ১০ গ্ৰামকৈ লৈ ১০ কাপ পানীৰে সিদ্ধ কৰিব। সেই পানী দুকাপ হ’লেই নমাই থ’ব আৰু সেই পানী প্ৰতিদিন ৰাতিপুৱা খালে সূতিকা ৰোগ ভাল হয়।

স্তন ৰোগঃ

ৰোগৰ লক্ষণ-

স্তন ফুলি উঠে, স্তনৰ বৃত্ত ৰক্তবৰ্ণ হয়, প্ৰচণ্ড বিষ হয়, গৰম আৰু কঠিন হয়।

ৰোগৰ চিকিৎসা-

১০ গ্ৰাম ধতুৰা পাত আৰু ১০ গ্ৰাম আদা বটি স্তনৰ ওপৰত প্ৰলেপ দিলে এই ৰোগ ভাল হয়।

বগাস্ৰাৱঃ

ৰোগৰ কাৰণ-

অতিৰিক্ত ৰতিক্ৰিয়া, উত্তেজক দ্ৰব্য সেৱন, অপৰিষ্কাৰ হৈ থকা, খুব বেছি ঠাণ্ডা লগা আৰু হীন স্বাস্থ্যৰ কাৰণে এই ৰোগ হয়।

ৰোগৰ লক্ষণ-

জৰায়ুৰ পৰা বগা বগা স্ৰাৱ ওলায়। শৰীৰ দুৰ্বল হয়, স্বভাৱ খিটখিটীয়া হয়, মূৰ বিষায়, অজীৰ্ণ ৰোগত ভোগে।

ৰোগৰ চিকিৎসা-

(১) ২-৪টা ডালিমৰ ফুল বটি তাৰ সৈতে বগা চন্দন ঘঁহি মিহলাই অলপ পানীৰ লগত প্ৰতিদিন ৰাতিপুৱা ৭ দিন খালে ৰোগ ভাল হয়।

(২) ৪ চামুচ কেঁচা হালধীৰ ৰসৰ সৈতে ৪ চামুচ দুবৰিৰ ৰস মিহলাই খালে ৰোগ উপশম হয়।

(৩) অৰ্জুন গছৰ ছাল ১০ গ্ৰাম ৰাতি তিয়াই থৈ ৰাতিপুৱা সেই পানী ছেকি খালে ভাল ফল পোৱা যায়।

(৪) ৫ গ্ৰাম আমলখি পানীত তিয়াই থৈ পিছদিনা ৰাতিপুৱা সেই পানী খালে উপাকৰ পোৱা যায়।

(৫) বেড়েলাৰ মূল বটি তাৰ সৈতে কুশৰ মূল, শ্বেত বেড়েলাৰ মূল, তন্দলোদৰৰ সৈতে সেৱন কৰিলে এই ৰোগত ভাল ফল পোৱা যায়।

বন্ধ্যাত্বঃ

ৰোগৰ কাৰণ-

স্বামীৰ অক্ষমতা, স্ত্ৰীৰ জৰায়ুৰ দোষ, শ্বেত প্ৰদৰ, বাধক, জনন অংগ ক্ষুদ্ৰতা, জৰায়ু, ডিম্বকোষ, ডিম্ববাহী নলী প্ৰভৃতিত টিউমাৰ থকাৰ কাৰণে কিছুমান তিৰোতাৰ সন্তান নহয়।

ৰোগৰ চিকিৎসা-

ৰক্তবেড়েলা, শ্বেত বেড়েলা, নাগেশ্বৰৰ মূল, কাকড়া শৃঙ্গী, যষ্টীমধু প্ৰতিবিধৰে ৫ গ্ৰামকৈ গুড়ি লৈ তাৰ লৰত ২ চামুচ মৌ, ২ চামুচ চেনি, ২৫০ গ্ৰাম গাখীৰেৰে প্ৰতিদিন ৰাতিপুৱা ৪৫ দিন খালে উপকাৰ পোৱা যায়।

পথ্যাপথ্য-

দুই সপ্তাহ একেৰাহে সহবাসত লিপ্ত হ’ব লাগিব আৰু পুষ্টিকৰ খাদ্য খাব লাগিব। নিয়মিত স্নান কৰিব।

জন্ম নিয়ন্ত্ৰণঃ

ব্যৱস্থা-

৪টা লবঙ্গ, ৪টা জালুক আৰু কেইটুকুৰামান জ্বলা পাণৰ শিপা বটি মাহেকীয়াৰ সময়ত ৭ দিন ৰাতিপুৱা খালে জন্ম নিয়ন্ত্ৰণত ফলৱতী হ’ব পৰা যায়।

উৎসঃ স্বামী ৰামদেৱৰ মুখনিঃসৃত আয়ুৰ্বেদিক ঔষধ দৰ্শন, তথ্যসংগ্ৰহ ও সম্পাদনাঃ এন. গোস্বামী

শেহতীয়া উন্নীতকৰণ: : 11/22/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate