অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাৰ্ধক্য ৰোধত যোগাভ্যাসৰ ভূমিকা

বাৰ্ধক্য ৰোধত যোগাভ্যাসৰ ভূমিকা

 

প্ৰাচীন কালৰে পৰা আমাৰ দেশৰ ঋষি-মুনিসকলে যোগসাধনা কৰি দীৰ্ঘ জীৱনৰ অধিকাৰী হৈছিল।

সাম্প্ৰতিক কালত সেই পুৰণি কৌশল পুনৰুদ্ধাৰ কৰি নিয়মীয়া অনুশীলনৰ জৰিয়তে অসাধ্য সাধন কৰি ৰোগ-ব্যাধিৰ আক্ৰমণ সমূলে প্ৰতিহত কৰি নিৰোগী জীৱন-যাপন কৰাৰ উপৰিও বাৰ্ধক্য ৰোধ কৰিবলৈ সক্ষম হৈছে।

যোগ আন্দোলনত বাবা ৰামদেৱে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰি সৰ্বসাধাৰণ লোকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ ইয়াৰ উপকাৰিতাৰ ভূ পাই আমাৰ দেশৰ বাদে আন দেশৰ লোকো সন্মোহিত হৈ যোগাভ্যাসৰ ওপৰত পৰম গুৰুত্ব আৰোপ কৰিছে।

ইয়াৰ ফলত বিগত ২০১৫ চনৰ পৰা সমগ্ৰ পৃথিৱীতে ২১ জুনৰ দিনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে উদযাপিত কৰি যোগৰ নিয়মীয়া অনুশীলনৰ প্ৰতি সকলো লোক আগবাঢ়ি আহিছে।

স্বাস্থ্য তথা কল্যাণ বিশেষজ্ঞসকলৰ মতে যোগাভ্যাসে মানুহক অমৰত্ব দান কৰিব নোৱাৰে অথচ এই প্ৰাচীন বিষয়টোৱে দেহ মন তথা আত্মা সংযোজিত কৰি বাৰ্ধক্যৰ বিপক্ষে যুঁজ দিবলৈ সমৰ্থ কৰে। ইয়াৰ পৰিণতিত দেহ-মন উভয়ৰে পৰা বাৰ্ধক্য আঁতৰি পৰিবলৈ বাধ্য হয়।

নতুন দিল্লীৰ মেক্স হেলথ কেয়াৰ নামৰ প্ৰতিষ্ঠানৰ স্বাস্থ্য জীৱনশৈলী তথা কল্যাণ পৰামৰ্শদাতা প্ৰীতি ৰাওৰ মতে ভাৰতবৰ্ষ তথা বিদেশত লাভ কৰা অভিজ্ঞতাই স্পষ্ট কৰিছে যে নিয়মিতভাৱে যোগ, প্ৰাণায়াম তথা ধ্যানৰ অনুশীলনে সুস্বাস্থ্য অক্ষুণ্ণ ৰাখি বাৰ্ধক্য বিলম্বিত কৰে।

দেখা যায় যে নিয়মীয়াকৈ যোগ অনুশীলন কৰিলে জীৱনশৈলীজনিত চিৰকলীয়া ৰোগ, যেনে-

*উচ্চ ৰক্তচাপ,

*মধুমেহ,

*প্ৰজনন বিকাৰ,

*হৰমোনৰ ভাৰসাম্যহীনতা,

*শ্বাস তথা কলিজাৰ বিকাৰ আদিৰ লগত মোকাবিলা কৰাত সহায় হয়।

তাৰোপৰি যিবোৰ লোক অস্বাভাৱিক-

*মেদবহুলতা,

*উৎকন্ঠা,

*কোষ্ঠকাঠিন্য তথা পাচন বিকাৰত ভোগে, বিশেষজ্ঞৰ মতে যোগ অনুশীলন কৰি এইক্ষেত্ৰত তাৎপৰ্যপূৰ্ণভাৱে উপকাৰ লাভ কৰিব পাৰি।

বহু বছৰৰ পৰা দেখা দিয়া কলিজাৰ বিকাৰৰ পৰা অত্যধিক কলেষ্টেৰললৈ, মধুমেহৰ পৰা উচ্চ ৰক্তচাপলৈ, এই ধৰণৰ স্বাস্থ্য সমস্যাৰ পৰা ৰেহাই পাবলৈ যোগাভ্যাসে সহায় কৰে।

বয়সীয়া লোকৰ অতি সাধাৰণ সমস্যাৰ সৃষ্টি কৰে সন্ধিবাত নামৰ বেমাৰে। এই ক্ষেত্ৰত যোগাভ্যাস অগতিৰ গতি স্বৰূপ হৈ বেমাৰ নিৰাময় কৰাৰ উপৰিও দেহ অধিক সক্ৰিয় তথা নমনীয় হোৱাত সহায় কৰে।

নতুন দিল্লীস্থ ‘এক্টিভ অৰ্থো’ নামৰ প্ৰতিষ্ঠানৰ এগৰাকী অভিজ্ঞ সুচিকিৎসক নিধি অৰোৰাৰ সুনাম সৰ্বজন বিদিত।

এই প্ৰতিষ্ঠানটো জাৰ্মেনীৰ অস্থি চিকিৎসা বিশেষজ্ঞ গাৰ্ড মিউচিলেগে প্ৰতিষ্ঠা কৰিছিল, য’ত অস্থি, স্নায়ুৰোগ তথা স্ত্ৰীৰোগৰ সুচিকিৎসাৰ ব্যৱস্থা আছে।

আৰোৰাৰ মতে যিবোৰ লোক অষ্টিঅ’পৰছিছ নামৰ অস্থি বিকাৰ প্ৰৱণ অথবা ইতিমধ্যে এই বিকাৰত আক্ৰান্ত, তেওঁলোকে প্ৰতিদিনে নিয়মীয়াকৈ যোগ অনুশীলন কৰিলে হাড়ৰ ঘনত্ব বৃদ্ধি পায়।

যোগাভ্যাসে শৰীৰত তেজ চলাচলৰ উন্নতি সাধন কৰি কোষবোৰলৈ অক্সিজেনৰ যোগন বৃদ্ধি কৰে।

বয়স বঢ়াৰ লগে লগে শৰীৰ নিশকতীয়া হৈ পৰে, যি অৱস্থা প্ৰতিহত কৰি দেহৰ উন্নতি সাধন কৰিবলৈ নিয়মীয়া যোগাভ্যাস অপৰিহাৰ্য বুলি সক্ষমতা বিশেষজ্ঞ তথা পৰিপুষ্টি বিজ্ঞানী ছোনিয়া বাজাজে উল্লেখ কৰে।

সোঁ তথা বাওঁ মগজুৰ ভাৰসাম্য ৰক্ষাত প্ৰাণায়ামে সহায় কৰে, যাৰ পৰিণতিত আৱেগ তথা যুক্তিনিৰ্ভৰ চিন্তাৰ মাজৰ ভাৰসাম্য বৃদ্ধি পায়।

যোগ অন্তৰ্ভুক্ত ধ্যানৰ অনুশীলন কৰিলে আত্মদৰ্শন সহজসাধ্য হৈ পৰে, পৰিণতিত জীৱনলৈ অধিক স্পষ্টতা আহি মনোযোগ বৃদ্ধি কৰে।

বিজ্ঞানীয়ে প্ৰমাণ পোৱা মতে নিয়মীয়া যোগ অনুশীলনে স্মৰণ শক্তি বৃদ্ধি কৰে।

নিয়মিতভাৱে প্ৰতিদিনে ত্ৰিছ মিনিট সৰল তথা শ্বাসজনিত ব্যায়াম তথা ধ্যানৰ অনুশীলন কৰিলে শৰীৰ সদায় সষ্টম তথা চোকা মগজুৰ গৰাকী হয় বুলি বিশেষজ্ঞই মত প্ৰকাশ কৰে।

এই সমস্যাসমূহে পৰৱৰ্তীকালত আলঝেইমাৰ উন্মাদ ৰোগ তথা মগজুৰ বিকাৰত ভোগাব পাৰে। যাৰ ফলত স্মৰণ শক্তি চিৰকাললৈ দুৰ্বল হ’ব পাৰে।

যোগ অনুশীলন বাৰ্ধক্য ৰোগৰ ক্ষেত্ৰত উপযোগী। এই তথ্য সদৰী কৰে অষ্ট্ৰেলিয়াৰ এডেলেইড বিশ্ববিদ্যালয়ৰ গৱেষক তথা অধ্যয়নৰ নেতৃত্ব বহনকাৰী গ্ৰন্থকাৰ হেৰিছ আয়াৰে।

লছ এঞ্জেলছস্থিত কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষণাৰ জ্যেষ্ঠ গ্ৰন্থকাৰ তথা মানসিক ৰোগ চিকিৎসা বিভাগৰ আবাসী অধ্যাপক হেলেন লেভাৰটকীয়ে আভাস দিয়া মতে-

যদি কোনোবা অথবা তেওঁৰ আত্মীয় স্বজনে স্মৃতি শক্তি উন্নতি কৰিবলৈ প্ৰয়াস কৰে অথবা উন্মাদ ৰোগত ভোগাৰ সম্ভাৱনা নিৰাকৰণ কৰিব বিচাৰে তেনেহ’লে যোগ তথা মধ্যানৰ নিয়মীয়া অনুশীলন কৰাটো অপৰিহাৰ্য।

নিধি অৰোৰাৰ প্ৰতিবেদন অনুসৰি সাধাৰণ যোগাসন, প্ৰাণায়াম তথা ধ্যান যোগৰ শক্তিশালী আহিলা, যিবোৰে মগজুক শক্তিশালী কৰাটো নিশ্চিত।

যোগে মনোবল বৃদ্ধি কৰে আৰু স্নায়ুতন্ত্ৰ উত্তেজিত কৰে। অৰোৰাৰ মতে যোগাভ্যাসৰ ফল সুদূৰ প্ৰসাৰী, যিয়ে জীৱনশৈলীৰ পৰিৱৰ্তন সাধন কৰাটো অৱশ্যাম্ভাৱী।

লেখক: আনন্দ দেৱ গোস্বামী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate